হাৰমাইনি জিন গ্ৰেইঞ্জাৰ (Hermione Jean Granger; ) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস-শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। শৃংখলাৰ প্ৰথম উপন্যাস হেৰী পটাৰ এণ্ড দ্য ফিল'ছফাৰ্চ ষ্ট'ন ৰ পৰা পৰৱৰ্তী প্ৰতিখন উপন্যাসতে তেওঁৰ উপস্থিতি আছে। শৃংখলাটিত হেৰী পটাৰ আৰু ৰন ৱিজলিয়ে তেওঁক ছোৱালীৰ স্নানাগাৰত এটা বৃহৎ ট্ৰ'লৰ পৰা ৰক্ষা কৰে আৰু তেতিয়াৰে পৰা তেওঁলোক অত্যন্ত ঘনিষ্ঠ বন্ধু হৈ পৰে। তেওঁ প্ৰায়ে নিজৰ প্ৰত্যুৎপন্নমতিতা,প্ৰখৰ স্মৃতিশক্তি আৰু অভিধান প্ৰমাণ জ্ঞান ব্যৱহাৰ কৰি ভাল পায়। ৰাউলিঙে কৈছে যে, তেওঁ হাৰমাইনিৰ মাজেৰে তেওঁৰ নিজৰ সৰুকালৰ চৰিত্ৰক প্ৰকাশ কৰিছে১।
চাৰিত্ৰিক বিকাশ
হাৰমাইনি গ্ৰেইঞ্জাৰ মাগোলৰ ঘৰত জন্মলাভ কৰা হগৱাৰ্টছ বিদ্যালয়ৰ গ্ৰীফিন্দৰ হাউচৰ ছাত্ৰী। তেওঁ হেৰী পটাৰ আৰু ৰণ ৱিজলীৰ ঘনিষ্ঠতম বান্ধৱী। শৃংখলাটোৰ স্ৰষ্টা জে. কে. ৰাউলিংৰ বক্তব্য অনুসৰি হাৰমাইনিৰ জন্ম হয় ১৯৭৯ চনৰ ১৯ ছেপ্টেম্বৰত আৰু হগৱাৰ্টছত ভৰ্ত্তি হওঁতে তেওঁৰ বয়স ১২ বছৰৰ ওচৰা-ওচৰি আছিল। তেওঁ বিদ্যাশিক্ষাত মেধাৱী তথা আগৰণুৱা আৰু ৰাউলিঙৰ বৰ্ণনা অনুসৰি "এক যুক্তিবাদী, স্পষ্টবাদী আৰু সৎ" চৰিত্ৰ২। ৰাউলিঙে লগতে কয় যে হাৰমাইনিৰ দন্ত চিকিৎসক পিতৃ-মাতৃ নিজৰ বিষম কন্যাক লৈ বিমূঢ় যদিও একে সময়তে যথেষ্ট গৌৰৱাম্বিতও৩। তেওঁলোক দুয়োজনেই যাদু জগতৰ বিষয়ে ভালদৰে অৱগত আৰু তেওঁলোকে হাৰমাইনিৰ সৈতে ডায়েগন এলিতো (Diagon Alley) পদাৰ্পণ কৰিছে। লেখিকাই লুনা লাভগুড (Luna Lovegood) চৰিত্ৰটোক "হাৰমাইনি-বিৰোধী" বৰ্ণাইছে কিয়নো চৰিত্ৰ দুটা অতিশয় বিপৰীতধৰ্মী৪। হগৱাৰ্টছত হাৰমাইনিৰ প্ৰতিদ্বন্দ্ব্বী হৈছে পেন্সি পাৰ্কিনছন নামৰ দুৰ্বল লোকৰ মনত ভয় জন্মাই ভাল পোৱা এক চৰিত্ৰ যি ৰাউলিঙে বিদ্যালয়ত পঢ়ি থাকোঁতেই সন্মুখীন হোৱা এজনী ছোৱালীৰ ওপৰত আধাৰিত৫।
ৰাউলিঙে দাবী কৰে যে হাৰমাইনিৰ চৰিত্ৰটো লেখিকাৰ নিজৰ জীৱনৰদ্বাৰাই বহু পৰিমাণে প্ৰভাৱিত। তেওঁ কয়, "মই হাৰমায়নিক মোৰ দৰে অংকন কৰিবলৈ ওলোৱা নাছিলো কিন্তু তাই...তাই ছোৱালীকালত মই যেনে আছিলোঁ তাৰ এক পৰিবৰ্দ্ধিত ৰূপ"২। ৰাউলিঙে আনে তেওঁক "সৰ্বজান্তা কণমাণিজনী" বুলি কোৱাৰ কথা সোঁৱৰে৬। ইয়াৰোপৰি লেখিকাগৰাকীয়ে কয় যে তেওঁৰ দৰেই হাৰমাইনিৰ অধ্যয়নশীলতাৰ মাজতো "এক সুৰক্ষাবিহীন যেন ভাৱ আৰু বিফলতাৰ ভয় সোমাই আছে"২। পঞ্চমখন গ্ৰন্থত এই কথা প্ৰকাশ পায় যে বাছনি টুপীটোৱে হাৰমাইনিক ৰাৱেনক্ল হাউচৰ বাবে নিৰ্বাচিত কৰিবলৈহে বিবেচনা কৰিছিল। শেষত, ৰাউলিঙৰ মতে, অভিধান প্ৰমাণ জ্ঞানৰ কাৰণে, এক বৰ্ণনাকাৰী চৰিত্ৰৰ বাবে এলবাছ ডাম্বলডোৰৰ পিচতে হাৰমাইনিয়েই উপযুক্ত৭। হেৰী পটাৰ ব্ৰহ্মাণ্ডৰ বৰ্ণনা কৰিবলৈ তেওঁক সদায়েই এক কাহিনী কওঁতা হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ৰাউলিঙে এয়াও দাবী কৰে যে তেওঁৰ প্ৰথম নাৰীবাদী চেতনা হাৰমাইনিয়েই ধাৰণ কৰে, "যি উজ্জ্বলতম চৰিত্ৰ" আৰু এক "অতিশয় শক্তিশালী নাৰী চৰিত্ৰ। "৮
হাৰমাইনিৰ নামটো উইলিয়াম ছেক্সপিয়েৰৰ দ্য ৱিণ্টাৰছ টেলৰ (The Winter's Tale) পৰা লোৱা হৈছে৯। ৰাউলিঙে দাবী কৰে যে নামটো তেওঁ অসাধাৰণ হোৱাটো বিচাৰিছিল, কিয়নো যদিহে অতি কমসংখ্যক ছোৱালীৰ নাম হাৰমাইনি হয়, তেন্তে অতি কমসংখ্যক ছোৱালীহে নামটোৰ বাবে ইতিকিংৰ বলি হ'ব লগাত পৰিব আৰু এনে বোধ হয় যে "নিজকে বুধিয়ক বুলি প্ৰমাণ কৰিব বিচৰা এহাল বৃত্তিগত দন্তচিকিৎসকে...তাইক আনে সহজে উচ্চাৰণ কৰিব নোৱাৰা এটা অসাধাৰণ নাম ৰাখে। " হাৰমাইনিৰ পূৰ্বকল্পিত শেষনাম আছিল 'পাকল', কিন্তু ৰাউলিঙে অনুভৱ কৰে যে সেই নামটোৱে "তেওঁক মুঠেই শোভা পোৱা নাছিল", আৰু সেয়ে গ্ৰন্থসমূহত কম জটিল 'গ্ৰেইঞ্জাৰ' নামটো ৰখা হয়১।
২০০৪ চনত ৰাউলিঙে এই কথা নিশ্চিত কৰে যে হাৰমাইনি পিতৃ-মাতৃৰ একমাত্ৰ সন্তান১০।
ভূমিকা
হেৰী পটাৰ এণ্ড দ্য ফিল'ছফাৰ্চ ষ্ট'ন
হাৰমাইনিৰ প্ৰথম আৱিৰ্ভাৱ হয় হেৰী পটাৰ এণ্ড দা ফিল'ছফাৰ্চ ষ্ট'ন''ত য'ত তেওঁ ভৱিষ্যতৰ বন্ধু হেৰী আৰু ৰণক হগৱাৰ্টছ এক্সপ্ৰেছত লগ পায়। প্ৰথমাৱস্থাত হাৰমাইনিয়ে অনবৰতে নিজৰ জ্ঞানৰ কথা জহাই ফুৰি সকলোকে বিৰিক্ত কৰে বাবে হেৰী আৰু ৰণ তাইৰ পৰা আঁতৰি আছিল,বিশেষকৈ তেতিয়াৰ পৰা যেতিয়া তাই ৰণৰ লেভিটেচন(Levitation) যাদুৰ মন্ত্ৰৰ উচ্চাৰণ সঠিক নহয় বুলি কৈছিল।১১কিন্তু এবাৰ দুয়োৱে হাৰমাইনিক বৃহদাকায় ট্ৰ'ল (এক প্ৰকাৰৰ দৈত্য)ৰ পৰা ৰক্ষা কৰে আৰু তাই ইমানেই কৃতজ্ঞ হয় যে সিহঁত দুয়োকে শাস্তিৰ পৰা বচাবলৈ তাই নিজে মিছা মাতে আৰু তেতিয়াৰে পৰা তিনিও অভিন্ন বন্ধু হৈ পৰে।১২হাৰমাইনিৰ যুক্তিপূৰ্ণ চিন্তাৰ দ্বাৰা তিনিও ফিল'ছফাৰ্চ ষ্ট'ন উদ্ধাৰ কৰিবলৈ যাঁওতে এটা বৃহৎ সাথঁৰ সমাধান কৰে আৰু 'ব্লুবেল জুই' (bluebell flame)ৰ সহায়ত এজোপা 'ডেভিলছ স্নেয়াৰ'কো পৰাস্ত কৰে যিটো মন্ত্ৰ তাই আগতে প্ৰফেছৰ স্নেইপৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল।১৩ ফিল'ছফাৰ্চ ষ্ট'ন থকা কোঠাটোত সোমোৱাটো হাৰমাইনিৰে বুদ্ধি আছিল। প্ৰফেছৰ চেভেৰাছ স্নেইপৰ প্ৰতি থকা হেৰীৰ সন্দেহক তাই সমৰ্থন জনাইছিল আৰু নিজেও এই সন্দেহ পুহি ৰাখিছিল। তাই পুথিভঁৰালত বহুখিনি অধ্যয়ন কৰিছিল যিয়ে তাইক 'ডেভিলছ স্নেয়াৰ' জোপাক পৰাস্ত কৰাত সহায় কৰিছিল আৰু ৰসায়ন সম্বন্ধীয় সাঁথৰটো সমাধা কৰাঁতেও বহুখিনি সহায় কৰিছিল। ৰাউলিঙে নিজৰ ৱেবচাইটত কৈছে যে তেওঁৰ সম্পাদকে তেওঁক ট্ৰ'ল সম্বন্ধীয় দৃশ্যটি গুচাবলৈ অনুৰোধ কৰাত তেওঁ এই বুলি কৈ নাকচ কৰিছিল যে"ফিল'ছফাৰ্চ ষ্ট'নৰ প্ৰথমভাগত হাৰমাইনি ইমানেই বিৰক্তিকৰ যে মই সঁচাকৈয়ে ভাবিছিলো যে হেৰী আৰু ৰণৰ লগত তাইক লগ লগাবলৈ দৰাচলতেই কিবা ডাঙৰ এটাৰ দৰকাৰ"১৪।
হেৰী পটাৰ এণ্ড দ্য ছেম্বাৰ অৱ ছিক্ৰেটছ
হাৰমাইনিয়ে (লগতে মিচেছ ৱিজলি আৰু হগৱাৰ্টছৰ কিছুমান ছাত্ৰীয়ে) ক'লা যাদুৰ পৰা প্ৰতিৰক্ষা বিষয়ৰ শিক্ষক গিল্ডেৰয় লকহাৰ্টক খুব ভাল পাই যিয়ে বিষয়টোৰ সকলো প্ৰয়োজনীয় কিতাপ নিজেই লিখে১৫। এবাৰ কুইড্ডিছ অনুশীলনৰ সময়ত এবাৰ গ্ৰীফিন্দৰ আৰু শ্লিদেৰিণ ছাত্ৰসকল মুখামুখি হঁওতে ড্ৰেকো মেলফয়ে হাৰমাইনিক 'লেতেৰা তেজ'(Mudblood) বুলি গালি পাৰে যিটো মাগলৰ ঘৰত জন্ম লোৱা যাদুকৰ সকলৰ কাৰণে এক অপমানজনক গালি। হগৱাৰ্টছৰ ৰহস্যময় গোপন কোঠা খোলা শ্লিদেৰিণৰ বংশধৰণো কোনজন তাক জানিবলৈ তিনিও মেলফয়ৰ সংগীকেইজনমানৰ ছদ্মবেশ ধাৰণ কৰিবলৈ থিৰ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পলীজুইচ ৰসায়নটো হাৰমাইনিয়ে তৈয়াৰ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ তাই নিজৰ ছদ্মবেশৰ বাবে ব্যৱহাৰ কৰা চুলিডাল মানুহৰ পৰিৱৰ্তে মেকুৰীৰ হে আছিল। যিহেতু তাই মেকুৰীৰ বেশত মানুহৰ আগত ওলাব নোৱাৰে,তাই এই অভিযানত অংশ গ্ৰহণ কৰিব নোৱাৰিলে। বহুদিন চিকিৎসাৰ পিছতহে তাই নিজৰ ৰূপত আহে। হাৰমাইনিয়ে অধ্যয়ন কৰি বাচিলিস্কৰ ৰহস্য গম পাই পিছে তাৰ বিষদৃষ্টি পৰাত হাৰমাইনিও জড়ভৰত (Patrifiy) হৈ পৰে। হাৰমাইনিৰ সংকেতৰ ভিত্তিতেই হেৰী আৰু ৰণে গোপন কোঠাৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়। বাচিলিস্ক নিধনৰ পিছত হাৰমাইনি সূস্থ হৈ পৰে যদিও সেই বছৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত নহয় বুলি জানি দুঃখিত হৈ পৰে।
হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবান
হাৰমাইনিয়ে ক্ৰুকশ্বেংকছ (Crookshanks) নামৰ মেকুৰী এটা কিনে যিয়ে সুযোগ পালেই ৰণৰ পোহনীয়া এন্দুৰ স্কেবাৰ্জ(Scabbers)ক খেদি ফুৰে১৬। শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ আগতেই প্ৰফেছৰ মেকগোনাগলে হাৰমাইনিক এটা সময়-পৰিৱৰ্তক (Time-Turner) দিয়ে যিয়ে তাইক আগৰ সময়লৈ উভতি গৈ অতিব্যস্ত শ্ৰেণী-সূচীখনৰ শ্ৰেণীসমূহত উপস্থিত থকাত সহায় কৰে যদিও শেষ অধ্যায়লৈ এয়া গম পোৱা নাযায়। পিছলৈ হেৰী হাৰমাইনিৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পৰে কাৰণ তাই মেকগোনাগলক হেৰীয়ে নতুনকৈ লাভ কৰা ফায়াৰবোল্ট ঝাড়ু পাতত ক'লা যাদু লুকাই থকা বুলি পৰীক্ষা কৰি চাবলৈ কৈ দিয়ে। ইপিনে ৰণেও তাইৰ ওপৰত খং উজাৰে কাৰণ সি ভাবে যে স্কেবাৰ্জ নিৰূদ্দেশ হোৱাৰ আঁৰত ক্ৰুকশ্বেংকছৰ হাত আছে য'ত হাৰমাইনি নিজৰ স্থিতিত অটল থাকে যে ক্ৰুকশ্বেংকছ নিৰ্দোষী। এবাৰ ৰিমাছ লুপিনৰ অনুপস্থিতিত প্ৰফেছৰ স্নেইপে গুপ্ত কলাৰ বিৰূদ্ধে প্ৰতিৰক্ষাৰ পাঠদান কৰে আৰু গ্ৰীফিন্দৰ গৃহৰ পৰা নম্বৰ কাটে কাৰণ হাৰমাইনিয়ে তাইক নৌসুধোতেই কুকুৰনেচীয়া-মানুহ (werewolf)ৰ বিষয়ে কৰা এটা প্ৰশ্নৰ উত্তৰ দিয়ে। এই বিষয়ে অধিক অধ্যয়ন কৰি তাই গম পাই যে প্ৰফেছৰ লুপিনো এজন কুকুৰনেচীয়া মানুহ। ইপিনে ক্ৰুকশ্বেংকছে স্কেবাৰ্জৰ ৰহস্য ভেদ কৰিবলৈ সমৰ্থ হয় যে সি প্ৰকৃততে পিটাৰ পেটিগ্ৰিউহে যিয়ে জেমছ আৰু লিলি পটাৰৰ লুকাই থকা স্থানটো ভলডেমৰ্টক কৈ দিয়ে আৰু ছিৰিয়াছ ব্লেকক সকলোৰে চকুত অপৰাধী সজাই দিয়ে১৭। শেষত হেৰী আৰু হাৰমাইনিয়ে সময় পৰিৱৰ্তকটোৰ সহায়ত ছিৰিয়াছ আৰু বাকবিক(Buckbeak) নামৰ গৰুড় অশ্বটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়১৭।
হেৰী পটাৰ এণ্ড দ্য গবলেট অৱ ফায়াৰ
ঘৰুৱা ভূত বা হাউচ এল্ফবোৰৰ ওপৰত হোৱা অত্যাচাৰ দেখি হাৰমাইনি দুঃখিত হয় আৰু সিহঁতৰ কল্যাণৰ বাবে S.P.E.W. বা Society for the Promotion of Elfish Welfare গঠন কৰে। ত্ৰিকোণীয় যাদুকৰী প্ৰতিযোগিতাৰ য়ুল বলত তেওঁ বুলগেৰিয়ান কুইড্ডিচ খেলুৱৈ ভিক্টৰ ক্ৰামৰ লগত নৃত্য কৰে।১৮ৰণে তাইক শত্ৰুৰ লগত মিত্ৰতা কৰা বুলি কোৱা বাবে দুয়োৰে কাজিয়া লাগে। গোটেই প্ৰতিযোগিতাৰ শৃংখলাটিত হেৰীৰ বিভিন্ন কাৰ্য্যসমূহত হাৰমাইনিয়ে পাৰ্যমানে সহায় কৰে। শেষৰ ফালে তেওঁ ৰিতা স্কিটাৰ নামৰ এজনী সাংবাদিকক ধৰা পেলাই যি এজনী অপঞ্জীয়নভুক্ত এনিমেগাছ(Animagus) আছিল যিয়ে হাৰমাইনি আৰু হেগৰিডৰ বিৰূদ্ধে নানান মিছা বাতৰি প্ৰকাশ কৰি আহিছিল১৯।
হেৰী পটাৰ এণ্ড দ্য অ'ৰ্ডাৰ অৱ ফিনিক্স
হাৰমাইনি ৰণৰ সৈতে গ্ৰীফিন্দৰ শ্ৰেণীপ্ৰমুখ নিৰ্বাচিত হয় আৰু লুনা লাভগুডৰ সৈতে তেওঁৰ বন্ধুত্ব গঢ় লৈ উঠে। পিছে হাৰমাইনিয়ে লুনাৰ দেউতাকৰদ্বাৰা প্ৰকাশিত দ্য কুইব্লাৰ (The Quibbler) আলোচনীৰ উপহাস কৰাত ["দ্য কুইব্লাৰখন অৰ্থহীন, সেয়া সকলোৱে জানে"] তেওঁলোকৰ বন্ধুত্বৰ এক কঠিন আৰম্ভণি হয়। ডেইলী প্ৰ'ফেট (Daily Prophet) নামৰ কাকতখনে হেৰীয়ে ভলডেম'ৰ্টৰ প্ৰত্যাৱৰ্ত্তনক লৈ মিছা কাহিনীৰ সৃষ্টি কৰা বুলি প্ৰকাশ কৰা বাতৰিত বিশ্বাস কৰাৰ বাবে গ্ৰীফিন্দৰ সহপাঠী লেভেণ্ডাৰ ব্ৰাউনকো (Lavender Brown) সমালোচনা কৰে। ৰণ আৰু হাৰমাইনিয়ে দুয়োৰে মাজত গঢ় লৈ উঠা প্ৰেমজনিত ভাৱনাৰ বাবে সৰু সৰু কথাতেই তৰ্ক কৰিবলৈ লয়, কিন্তু একে সময়তে হেৰীৰ প্ৰতি আনুগত্য অক্ষুণ্ণ ৰাখে। পিছত, লুনাৰ সহযোগত হাৰমাইনিয়ে ৰীতা স্কিটাৰক চতুৰালিৰে ভয় দেখুৱাই কুইব্লাৰৰ বাবে হেৰীৰ এটা সাক্ষাৎকাৰ ল'বলৈ সন্মত কৰে। ইয়াৰ জৰিয়তে ভলডেম'ৰ্টৰ প্ৰত্যাৱৰ্ত্তনৰ প্ৰকৃত ঘটনা ততালিকে সৰ্বত্ৰ বিয়পি পৰে আৰু হগৱাৰ্টছত কুইব্লাৰ নিষিদ্ধ কৰা কাৰ্যই ফল নধৰে। যাদু মন্ত্ৰালয় মন্ত্ৰণা অনুসৰি যেতিয়া বিদ্যাৰ্থীসকলক প্ৰায়োগিক অনুশীলন অবিহনেই এখন পাঠ্যপুথিৰ পৰা কেৱলমাত্ৰ প্ৰতিৰক্ষামূলক যাদুৰ মূল নীতিসমূহৰ শিক্ষা দিবলৈ থিৰাং কৰা হয় তেতিয়াই হাৰমায়নিয়ে হেৰীৰ হতুৱাই বিদ্যাৰ্থীৰ এটা সৰু গোটক প্ৰতিৰক্ষাত্মক যাদুৰ পাঠ দিয়াৰ ধাৰণা পোষণ কৰে আৰু ইয়াতেই কাহিনীয়ে নতুন গতি লাভ কৰে। তেওঁ বিপুল সঁহাৰিও লাভ কৰে আৰু সেই গোটটোৱে 'ডাম্বলডোৰৰ বাহিনী' গঠন কৰে। হাৰমাইনিয়ে মন্ত্ৰালয়ৰ ৰহস্য বিভাগত হোৱা যুদ্ধতো ভাগ লয় আৰু এণ্টনিয়' ডল'হভৰ যাদুৰ দ্বাৰা গুৰতৰভাৱে আহত হয়২০।
হেৰী পটাৰ এণ্ড দ্য হাফ ব্লাড প্ৰিন্স
ৰসায়নৰ নতুন শিক্ষক হোৰাচ স্লাগহৰ্ণে হাৰমাইনিক 'স্লাগ ক্লাব' ৰ অন্তৰ্ভুক্ত হবলৈ আমন্ত্ৰণ জনাই আৰু তাই কুইড্ডিছ অনুশীলনৰ সময়ত কৰমেক মেকলাগেন ওপৰত এটা মন্ত্ৰ মাতি দিয়াত সি এটা বল ধৰিবলৈ অসমৰ্থ হয় আৰু কুইড্ডিছ দলত ৰণৰ স্থান সুনিশ্চিত হয়। ইপিনে ৰণৰ প্ৰতি হাৰমাইনিৰ মনত অনুভূতিৰ উদ্ৰেক হয় আৰু তাই ৰণকো স্লাগহৰ্ণৰ খ্ৰীছমাৰ্চ পাৰ্টীলৈ আমন্ত্ৰণ কৰে। কিন্তু হাৰমাইনিয়ে আগতে ক্ৰামক চুমা খোৱা বুলি ভাবি ৰণ লেভেণ্ডাৰৰ লগত ব্যস্ত থাকে। তাকে দেখি হাৰমাইনিয়েও মেকলাগেনক পাৰ্টীলৈ মাতে যদিও পাৰ্টীৰ মাজতে তাৰ সংগ এৰি দিয়ে২১। ইপিনে ৰণ-হাৰমাইনিৰ আকৌ কাজিয়া লাগে আৰু সি লেভেণ্ডাৰক চুমা খোৱা দেখি তাই তাৰ ওপৰত চৰাইৰ দ্বাৰা আক্ৰমণ কৰে বাবে ৰণ দুঃখিত হয়। দুয়োৰে মাজৰ কাজিয়া তেতিয়াহে ভাঙে যেতিয়া এবাৰ বিষাক্ত মৌ-মদ খাই ৰণ মৃত্যুমুখৰ পৰা কথমপি ৰক্ষা পৰে। ডাম্বলড'ৰৰ মৃত্যুৰ পিছত দুয়ো সকলো পৰিস্থিতিতে একেলগ হৈ থকাৰ সিদ্ধান্ত কৰে২২। আকৌ এবাৰ এটা বিশেষ ৰসায়নৰ নিৰ্মাণত হেৰীয়ে তাৰ কিতাপখনত আগতে কোনোবাই লিখি থোৱা নিৰ্দেশনা অনুসৰি কাম কৰাত হাৰমাইনিতকৈও ভাল ফলাফল দেখুৱাই আৰু ইয়াত হাৰমাইনি ক্ষুদ্ধ হয়। তিনিওৰে ভিতৰত হাৰমাইনিয়েই একমাত্ৰ যিয়ে আবিৰ্ভাব পৰীক্ষাত(Apparition test) উত্তীৰ্ণ হয়।
হেৰী পটাৰ এণ্ড দ্য ডেডলী হলোজ
সপ্তম আৰু অন্তিম গ্ৰন্থখনত হাৰমাইনি ভলডেম'ৰ্টৰ বাকী থকা হ’ৰক্ৰাক্সসমূহৰ ধ্বংস অভিযানৰ হেৰীৰ সহযাত্ৰী হয়। এই অভিযানলৈ যোৱাৰ আগতে সুৰক্ষাজনিত কাৰণত হাৰমাইনিয়ে যাদুৰে নিজৰ পিতৃ-মাতৃৰ স্মৃতিৰ সালসলনি ঘটায় যাৰ ফলত তেওঁলোকে নিজৰ আচল পৰিচয় পাহৰি নিজকে ক্ৰমে ৱেণ্ডেল আৰু মণিকা ৱিলকিনছ জ্ঞান কৰে আৰু অষ্ট্ৰেলিয়ালৈ উঠি যোৱাটো তেওঁলোকৰ জীৱনৰ উচ্চাকাংক্ষা বুলি ভাবিবৰৈ লয়। হাৰমাইনিয়ে প্ৰয়াত ডাম্বলডোৰৰ ব্যক্তিগত পুস্তিকা দ্য টেলছ অফ বিডল দ্য বাৰ্ড উত্তৰাধিকাৰসূত্ৰে লাভ কৰে যি মৃত্যুৰ উপহাৰসমূহৰ কিছু ৰহস্য উন্মোচন কৰিবলৈ তাইক সহায় কৰে। তাই নিজৰ লগতে হেৰী আৰু ৰণৰ প্ৰস্থানৰ কাৰণে জা-যোগাৰ কৰে আৰু এক অনিৰ্ণেয় প্ৰসাৰণ যাদুৰে (Undetectable Extension Charm) যাৱতীয় সকলো সামগ্ৰী সৰু বেগ এটাতে সুমুৱাই লয়। গডৰিকছ হ'ল'ত হাৰমাইনিৰ যাদুৱে হেৰীৰ যাদুদণ্ডদাল দুৰ্ঘটনাক্ৰমে দুডোখৰ কৰি পেলায় যদিও ভলডেম'ৰ্টৰ সাপ নাগিনীৰ পৰা নিজৰ লগতে হেৰীৰো জীৱন ৰক্ষা কৰে। যেতিয়া মন্ত্ৰালয়ৰ নিৰ্দেশত মাগোলৰ ঘৰত জন্মলাভ কৰা যাদুকৰক ধৰি মন্ত্ৰালয়ক গটাই ফুৰা চৰহঁতৰ হাতত তিনিও ধৰা পৰে তেতিয়া হাৰমাইনিয়ে হেৰীক বচাবলৈ এক মৌ-বিন্ধা যাদুৰ সহায়ত সাময়িকভাৱে তাক ছদ্মৱেশত সজায়। তাই নিজেও নিজকে অৰ্ধতেজৰ পেনিল'প ক্লিয়েৰৱাটাৰ বুলি পৰিচয় দি সাৰি যোৱাৰ চেষ্টা কৰে যদিও পিচত চিনাক্ত হয়। তিনিওটাকে মেলফয় ভৱনলৈ লৈ যোৱা হয় য'ত বেলাট্ৰিস্ক লেষ্ট্ৰেঞ্জে পীড়িতক অভিশাপৰদ্বাৰা তাইৰ ওপৰত নিৰ্যাতন চলাই গডৰিক গ্ৰীফিন্দৰৰ তৰোৱালখন (যিখন গ্ৰীংগট ধনগুলৈ বেংকৰ বেলাট্ৰিস্ক লেষ্ট্ৰেঞ্জৰ ভ'ল্টত নিৰাপদে আছে বুলি ভবা হৈছিল) সিহঁতে কেনেকৈ পালে সেই বিষয়ে প্ৰশ্ন কৰে। পিছে হাৰমাইনিয়ে উপস্থিত বুদ্ধিৰে তৰোৱালখন নকল বুলি মিছা মাতে। তেতিয়ালৈ হেৰী আৰু ৰণ সিহঁতক বন্দী কৰি ৰখা কোঠালিৰ পৰা ওলাবলৈ সক্ষম হয় আৰু তাকে দেখি বেলাট্ৰিস্কে হাৰমায়নিৰ ডিঙি কাটি দিয়াৰ ভাবুকি দিয়ে। তেনেতে ঘৰৱা ভূত ডবি আহি আটাইকেইজন কয়দীক মেলফয় ভৱনৰ পৰা উদ্ধাৰ কৰি পলুৱাই নিয়ে।
পাছত হাৰমাইনিয়ে পলিজুচ ৰসায়নৰ সহায়ত বেলাট্ৰিস্কৰ ৰূপ লয় আৰু তিনিও গ্ৰীংগটৰ পৰা হাফল্পাফৰ পিয়লা চুৰ কৰে। তাই হেৰী আৰু ৰণৰ সৈতে হগৱাৰ্টছৰ যুদ্ধত ডাম্বলডোৰ বাহিনীৰ লগ লাগে আৰু যুদ্ধকালতেই বাচিলিস্কৰ বিহদাঁতেৰে ৰহস্যময় কোঠাত হাফল্পাফৰ পিয়লাৰূপী হ'ৰক্ৰাক্স এটা বিনষ্ট কৰে। যুঁজখনৰ মাজতেই ৰণ আৰু হাৰমাইনিয়ে তেওঁলোকৰ প্ৰথমটো চুম্বন বিনিময় কৰে২৩। যুদ্ধত বৃহৎ হলঘৰটোত হাৰমাইনিয়ে জিনী ৱিজলি আৰু লুনা লাভগুডৰ লগ লাগি বেলাট্ৰিস্কৰ সৈতে যুঁজ কৰে। অৱশ্যে বেলাট্ৰিস্কক পৰাস্ত কৰিবলৈ অসমৰ্থ হোৱা তিনিওৱে মলি ৱিজলিৰ নিৰ্দেশত আঁতৰি যায়২৪।
উপসংহাৰ
ভলডেম'ৰ্টৰ মৃত্যুৰ ১৯ বছৰ পিছত হাৰমাইনি আৰু ৰণ ৱিজলিক বিবাহিত ৰূপত দেখা যায়। তেওঁলোকৰ ৰ'জ আৰু হিউগ' নামৰ দুই সন্তান আছে২৫। হাৰমাইনিয়ে যাদুকৰী প্ৰাণীসমূহৰ সুব্যৱস্থা আৰু তত্তাৱধান বিভাগত কৰ্মজীৱনৰ শুভাৰম্ভ কৰে য'ত তেওঁ ঘৰুৱা ভূত অৰ্থাৎ হাউচ এল্ফবোৰৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ হকে কাম কৰে আৰু পিছলৈ যাদু আইন কাৰ্যকৰী বিভাগলৈ পদোন্নতি লাভ কৰে য'ত তেওঁ পূৰ্বৰ স্বেচ্ছাচাৰী নিকা তেজৰ আইনসমূহৰ বাতিলকৰণ নিশ্চিত কৰে২৬। ইণ্টাৰনেটযোগে হোৱা এক বাৰ্ত্তালাপত ৰাউলিঙে জানিবলৈ দিয়ে যে হাৰমাইনিয়ে নিজ পিতৃ-মাতৃক অষ্ট্ৰেলিয়াত বিচাৰি উলিয়ায় আৰু তেওঁলোকৰ স্মৃতিৰ সংশোধন কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনে২৭।
চলচ্চিত্ৰ ৰূপায়ণ
আটাইকেইখন হেৰী পটাৰ চলচ্চিত্ৰত হাৰমাইনিৰ চৰিত্ৰটি ইমা ৱাটছ'নে ৰূপায়ণ কৰিছে। স্কুলৰ নাটসমূহত তেওঁৰ অভিনয় দেখি মুগ্ধ হৈ তেওঁৰ অ'ক্সফ'ৰ্ড থিয়েটাৰৰ শিক্ষকে তেওঁৰ নামটো ফিল'ছ'ফাৰ্চ ষ্টোনৰ অভিনেতা নিৰ্বাচনকাৰীৰ ওচৰলৈ পঠিয়াই দিয়ে২৮। যদিও ৱাটছনে একাগ্ৰতাৰেই অডিশ্যন দিছিল,"তাই কেতিয়াও ভবা নাছিল যে তাই সুযোগটো পাব২৯। " তেওঁৰ আত্মবিশ্বাস দেখি প্ৰযোজক সকল সন্তুষ্ট হয় আৰু চৰিত্ৰটিৰ বাবে তেঁৱেই নিৰ্বাচিত হয়৩০। প্ৰথম স্ক্ৰীণটেষ্ট দেখিয়েই ৰাউলিঙে ৱাটছ'নক পছন্দ কৰে২৮। যেতিয়া ৰাউলিঙক সোধা হৈছিল যে তেওঁ অভিনেতা সকলে চৰিত্ৰসমূহৰ দাবী পূৰণ কৰিব পাৰিছে বুলি তেওঁ ভাবেনে,তেওঁ কয় "হয়,মই ভাবিছিলোঁ। বিশেষকৈ যেতিয়া প্ৰথম কথা পাতোঁ এমা ৱাটছন সম্পূৰ্ণ হাৰমাইনিৰ দৰে আছিল। প্ৰথম ফোনকলটোৰ পৰাই মই গম পাইছিলোঁ যে তাইৰ নিৰ্বাচন সম্পূৰ্ণ সঠিক আছিল"৩১। " প্ৰথম ছবিখনৰ কাৰণে ৱাটছনে যথেষ্ট সঁহাৰি পায়। আই.জি.এনে.(IGN) আনকি কয় "আত্মপ্ৰকাশৰে পৰা শেষ দৃশ্যটোলৈ হাৰমাইনিৰ চৰিত্ৰত ৱাটছনৰ অভিনয় মই ভবাতকৈ বহুত বেছি সুন্দৰ। তেওঁ দৰ্শকৰ মন-প্ৰাণ হৰে৩২। " আই.জি.এন.এ এয়াও কয় যে "হাৰমাইনিৰ নিখুঁত চিত্ৰৰূপে ইতিমধ্যেই অনুৰাগীসকলৰ মাজত জনপ্ৰিয়তা পাইছে৩৩। " হাফ ব্লাড প্ৰিন্সৰ প্ৰযোজনাৰ আগত তেওঁ উভতি নহাৰ সিদ্ধান্ত লৈছিল৩৪। কিন্তু অৱশেষত 'ধনাত্মকবোৰ ঋণাত্মকবোৰক প্ৰতিহত কৰে' আৰু তেওঁ নিৰ্ণয় কৰে যে আন কাকোৱেই তেওঁ হাৰমাইনিৰ ভূমিকাত চাব নোৱাৰে৩৫। ৱাটছনৰ মতে হাৰমাইনিয়ে "সৌন্দৰ্য্য নহয় মগজ হে শীতল কৰে" আৰু তাই "কিছু অসামাজিক" হ'লেও "তাই লাজকুৰীয়া নহয়৩৬। " চেম্বাৰ অৱ ছিক্ৰেটছৰ কাম চলি থাকোঁতে ৱাটছনে ভাবে যে তেওঁ সম্পূৰ্ণ হাৰমাইনিৰ দৰে আছিল কিন্তু তেওঁ কয় "মই যেতিয়া ডাঙৰ হৈ আহিলোঁ মই বুজিলো যে এজনী ছোৱালীৰ বাবে তাই সৰ্বশ্ৰেষ্ঠ আদৰ্শ।" ৩৭২০০৭ ত অৰ্ডাৰ অৱ ফিনিক্স মুকলি হোৱাৰ আগত তেওঁ কয় "ইয়াত চাৰিওফালে কিমান মুৰ্খ ছোৱালী আছে। কিন্তু হাৰমাইনিয়ে বুধিয়ক হ'বলৈ ভয় নকৰে। মই ভাবো কেতিয়াবা কিছুমান সপ্ৰতিভ ছোৱালীয়ে নিজকে তললৈ নমাই আৰু সেইটো বেয়া কথা। যেতিয়া মই ন-দহ বছৰীয়া আছিলো তেতিয়া মোক কিমাকাৰৰ দৰে সজালে মোৰ দুখ লাগিছিল কিন্তু এতিয়া মই সেয়া ভাল পাওঁ। ধুনীয়া হৈ থাকিবলৈ বহুত হেঁচাৰ সন্মুখীন হ'ব লাগে পিছে হাৰমাইনিয়ে বাহ্যিক ৰূপক গুৰুত্ব নিদিয়ে। তাই এজনী ল'ৰাসুলভ ছোৱালী৩৮। " চিত্ৰনাট্য লিখক ষ্টিভ ক্ল'ভছে ২০০৩ ত হোৱা এক সাক্ষাৎকাৰত এয়া প্ৰকাশ কৰে যে হাৰমাইনি তেওঁৰ প্ৰিয় চৰিত্ৰ আছিল। "তাইৰ কঠিনতা তথা মেধাশক্তি আৰু আনৰ ওপৰত যে তাই কিমান প্ৰভাৱ পেলাই সেইবিষয়ে অজ্ঞতাই মোক মোহিত কৰে আৰু মই লিখিবলৈ বাধ্য হঁও"৩৯।
চৰিত্ৰায়ণ
বাহ্যিক অৱতাৰ
হেৰী পটাৰ কিতাপ সমূহত হাৰমাইনিৰ জোপোহা চুলি আৰু বাদামী চকু থকা বুলি বৰ্ণনা কৰা হৈছে। গবলেট অৱ ফায়াৰত হাৰমাইনিৰ আগৰে পৰা ডাঙৰ আগদাঁত দুটা মেলফয়ৰ যাদু লাগি আৰু ডাঙৰ হৈ পৰে। পিছত মেদাম পমফ্ৰেই হাৰমাইনিৰ অনুৰোধ ক্ৰমে দাঁতদুটা সৰু কৰি দিয়ে। হাৰমাইনিয়ে ভাবে যে ইয়ে তাইৰ মাক-দেউতাকক দুখী কৰিলে হয়।
ব্যক্তিত্ব
হাৰমাইনিৰ চৰিত্ৰৰ দুই প্ৰধান দিশ হ'ল তাইৰ বিশাল জ্ঞান আৰু তীক্ষ্ণ বুদ্ধিমত্তা। তাই শান্ত,কিতাপ- প্ৰেমী আৰু যুক্তিতৰ্কত খুব ভাল। তাই প্ৰায়েই নিজৰ আধিপত্য দেখুৱাই যদিও তাই বৰ কৰ্মোদ্যমী আৰু বন্ধুৰ প্ৰতি দ্বায়িত্বশীল-এজনী বিশ্বাসযোগ্য বান্ধৱী। ৰাউলিঙে কৈছে যে হাৰমাইনি এনে এজনী ছোৱালী যিয়ে "কেতিয়াও কৰ্তব্যৰ পথৰ পৰা আঁতৰি নাযায় আৰু যিটো কৰিবলগীয়া তাত লক্ষ্যস্থিৰ কৰি ৰাখে৪০। " প্ৰচূৰ জ্ঞান আৰু আধিপত্য বিস্তাৰ কৰা স্বভাৱ থকাৰ সত্ত্বেও ৰাউলিঙে কয় যে তাইৰ চৰিত্ৰৰ বহুতো দুৰ্বল দিশ আছে,৪১আছে এক নিৰাপত্তাহীনতা ভাৱ। তাই "অপ্ৰয়োজনীয়ভাৱে বিদ্যালয়ৰ সকলো দিশতে সৰ্বশ্ৰেষ্ঠ হ'ব খোজে যিটোৱে তাইৰ নিজৰ মনত মিছা আত্মবিশ্বাস জগোৱাৰ উপৰিও আনকো বিৰক্ত কৰে"৪২। হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অৱ আজকাবানৰ শেষৰ ফালৰ পৰীক্ষাত এবাৰ যেতিয়া এটা ব'গাৰ্টএ(Boggart) প্ৰফেছৰ মেকগোনাগলৰ ৰূপ লৈ তাইক কয় যে তাই সকলো বিষয়তে ফেইল কৰিছে,তাই প্ৰকাশ কৰে যে তাইৰ আটাইতকৈ ডাঙৰ ভয় হ'ল ব্যৰ্থতা।
হাৰমাইনিৰ ব্যক্তিত্বৰ আন এক উল্লেখযোগ্য দিশ হ'ল আনক সহায় কৰাটো,বিশেষকৈ প্ৰতিৰক্ষাবিহীনসকলক যেনে নেভেইল লংবটম,প্ৰথম বৰ্ষীয়ানসকল,ঘৰুৱা-ভূতবোৰ,অন্যান্য মাগলৰ ঘৰত জন্ম লভাসকল,হেগৰিডৰ দৰে অৰ্ধদৈত্য বা লুপিনৰ দৰে কুকুৰনেচীয়া-মানুহক। শেষ কিতাপখন প্ৰকাশৰ পিছত ৰাউলিঙে প্ৰকাশ কৰে যে যাদু মন্ত্ৰালয়ত হাৰমাইনিৰ কাম আছিল নিৰ্বলী(ঘৰুৱা-ভূত বা মাগলৰ ঘৰত জন্মাবোৰ)ৰ অধিকাৰৰ হকে যুঁজ দিয়াটো। হাৰমাইনিয়ে তাইৰ বন্ধুসকলৰ সুৰক্ষাৰ কথা ইমান চিন্তা কৰিছিল আৰু তেওঁলোকক ইমান গুৰুত্ব দিছিল যে ৰাউলিঙৰ মতে যদি তাই হেঁপাহ জিলিকা আইনাত (Mirror of Erised) নিজকে চালেহেতেন,হেৰী,ৰণ আৰু নিজকে অক্ষত অৱস্থাত আৰু ভ'লডেম'টক ধ্বংসপ্ৰাপ্ত অৱস্থাত দেখিলেহেতেন৪৩। তাই প্ৰায়ে মেলফয়ৰ দৰে দুষ্ট ল'ৰাবোৰে কি কয় তাত মন নিদিছিল আৰু হেৰী আৰু ৰণকো মেলফয়ক হেয় প্ৰতিপন্ন কৰিবলৈ কৰা চিন্তা ভাৱনাবোৰক বাদ দিবলৈ কৈছিল। তাই এই কথাটি স্বীকাৰ কৰিছিল যে তাইৰ জন্ম মাগলৰ ঘৰত হৈছিল আৰু ডেডলী হেলোজত কয় যে তাই এজনী লেতেৰা তেজৰ ছোৱালী আৰু ইয়াক লৈ তাই গৌৰৱান্বিত৪৩।
যাদুকৰী ক্ষমতা আৰু দক্ষতা
সমগ্ৰ শৃংখলাটোতে হাৰমাইনিক এগৰাকী অসাধাৰণভাৱে প্ৰখৰ তৰুণী যাদুকৰী হিচাপে চিত্ৰায়িত কৰা হৈছে। ৰাউলিঙে কয় যে হাৰমাইনি এগৰাকী "প্ৰতিভাশালীৰ সীমনা"৪৪। তেওঁ এঘাৰটা অ'. ডব্লিউ. এল. (O. W. L. বা Ordinary Wizarding Level) আৰু দহটা চমৎকাৰ (Outstanding) লাভ কৰিছিল। তেওঁ হেৰীৰ বৰ্ষটোৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী আছিল আৰু শ্ৰেণীত শিকোৱা প্ৰতিটো যাদু ওপৰ শ্ৰেণীৰ হ'লেও সকলোতকৈ আগেয়ে ততালিকে আয়ত্ত কৰিছিল। প্ৰমাণস্বৰূপে তেওঁৰ ভুৱা গেলিয়ন মুদ্ৰাৰ (fake Galleon coins) ওপৰত এক প্ৰটিন যাদু (Protean Charm) কৰিবলৈও সক্ষম যি প্ৰকৃততে এন. ই. ডব্লিউ. টি. (N.E.W.T.) পৰ্যায়ৰ যাদুহে।৪৫ হাৰমাইনি অনুচ্চাৰিত যাদু প্ৰয়োগতো সক্ষম৪৬। হাৰমাইনি এগৰাকী অসাধাৰণ দ্বন্দ্ব্বযোদ্ধাও যি মন্ত্ৰালয়ৰ ৰহস্য বিভাগ, জেন'ফিলিয়াছ লাভগুডৰ বাসগৃহ আৰু হগৱাৰ্টছ যুদ্ধত দেখুওৱা মতে ডেথ্ ইটাৰবোৰৰো মোকাবিলা কৰিবলৈ সক্ষম। অৱশ্যে ৰাউলিঙৰ বক্তব্য অনুসাৰে প্ৰথম তিনিখন গ্ৰন্থত হাৰমাইনিয়ে হেৰীক যাদু-যুদ্ধ এখনত পৰাস্ত কৰিলেহেঁতেন, কিন্তু চতুৰ্থ গ্ৰন্থখনত হেৰী গুপ্ত কলাৰ বিপক্ষে প্ৰতিৰক্ষা বিষয়ক ইমানেই পাকৈত হৈ উঠে যে তেওঁ হাৰমাইনিকহে পৰাজিত কৰিলেহেঁতেন৪৭। আনুষ্ঠানিক শিক্ষা গ্ৰহণেৰে আয়ত্ত কৰিব নোৱাৰা বিষয়সমূহত হাৰমায়নি কেঁচা। উদাহৰণস্বৰূপে ঝাড়ুৰ সহায়ত উৰিবপৰা গুণ প্ৰথম বৰ্ষতে হেৰীৰ দৰে হাৰমায়নিৰ ফুটি উঠা নাছিল। ইয়াৰোপৰি ভৱিষ্যৎ কথন বিষয়ৰ প্ৰতি তেওঁ কোনো আসক্তি দেখুওৱা নাছিল আৰু তৃতীয় বৰ্ষতে বিষয়টো এৰি দিছিল। যাদু দবাতো তেওঁ কেঁচা আছিল কিয়নো এয়াই একমাত্ৰ বস্তু য'ত তেওঁ পৰাজিত হৈছিল।
হাৰমাইনিৰ প্ৰাণৰক্ষক (Patronus) হৈছে এটা উদ যি ৰাউলিঙৰ প্ৰিয় জন্তু৪৮। তেওঁৰ যাদুদণ্ড আঙুৰ গছৰ কাঠ আৰু অভ্যন্তৰভাগ ড্ৰেগনৰ কলিজাৰে নিৰ্মিত। চেল্ট্ৰিক কেলেণ্ডাৰ অনুসৰি হাৰমাইনিৰ কাল্পনিক জন্মমাহ ছেপ্টেম্বৰৰ পৰা আঙুৰ কাঠ সংযুক্ত কৰা হৈছে৪৯।
সঁহাৰি
দ্য আইভৰী টাৱাৰ এণ্ড হেৰী পটাৰ নামৰ হেৰী পটাৰ শৃংখলাৰ প্ৰথম আলোচনামূলক গ্ৰন্থখনিৰ (এলিজা টি ড্ৰেছাঙৰ দ্বাৰা সম্পাদিত) 'হাৰমাইনি গ্ৰেইঞ্জাৰ এণ্ড দা হেৰিটেজ অৱ জেণ্ডাৰ' নামৰ অধ্যায়টিত গোটেই শৃংখলাটিত আৰু নাৰী সম্বন্ধীয় তৰ্কত হাৰমাইনিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছে৫০। ইয়াৰে প্ৰথম অধ্যায়টিত হাৰমাইনিৰ নাম,কাল্পনিক জগতত সেই নামৰ অন্যান্য লোক আৰু নামৰ জৰিয়তে হাৰমাইনিয়ে তেওঁলোকৰ পৰা লাভ কৰা গুণৰ বিষয়ে আলোচধা কৰা হৈছে। ৰাউলিঙৰ চৰিত্ৰৰ লগত হাৰমাইনিৰ সমান্তৰালতা আৰু ৰাউলিঙৰ প্ৰভাৱ থকা হেতুকে যে হাৰমাইনিৰ চৰিত্ৰটো সবল হোৱাটো অৱশ্যম্ভাৱী তাৰ ওপৰত ড্ৰেচাঙে গুৰুত্ব দিছে। অধ্যায়টিত এয়াও কোৱা হৈছে যে মাগোলৰ ঘৰত জন্ম লাভ কৰিলেও হাৰমাইনিৰ যাদুকৰী ক্ষমতা জন্মগত। পঢ়াৰ প্ৰতি থকা তাইৰ ধাউতিয়ে হাৰমাইনিক "জ্ঞানে যে শক্তি আনে তাৰ এক উৎকৃষ্ট উদাহৰণ'' হিচাপে গঢ় দিয়াৰ উপৰিও কাহিনীভাগক গতি প্ৰদান কৰে যিহেতু তাইৰ জ্ঞানেই শেষত সকলোকে ৰক্ষা কৰে। ড্ৰেচাঙে কৈছে "হেৰী আৰু ৰণৰ ওপৰত হাৰমাইনি যিমান নিৰ্ভৰশীল,তাতকৈ হেৰী আৰু ৰণ তাইৰ ওপৰত বেছি নিৰ্ভৰশীল।" হ'লেও তেওঁ এয়াও কৈছে যে হাৰমাইনিৰ "আঁকোৰগোজ মনোভাৱ আৰু কান্দোনবোৰ তাইৰ চাৰিত্ৰিক বিকাশ সাপেক্ষে অবিশ্বাসযোগ্য আৰু কিতাপখনত তাইৰ মুখ্য ভূমিকা সাপেক্ষে সেয়া অগ্ৰহণযোগ্য"৫০।
ইউ.জি.ও. নেটৱৰ্কছে(UGO Networks) হাৰমাইনিক তেওঁলোকৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নায়কসকলৰ ভিতৰত অন্যতম বুলি অভিহিত কৰি কৈছে যে "আমি প্ৰায় সকলোৱে সৰুতে স্কুলত থাকোঁতে হাৰমাইনিৰ দৰে এজন সহপাঠী লগ পোৱা মনত পৰে যাক প্ৰথমতে পছন্দ নহয় কিন্তু তেওঁক জনাৰ পিছত বুজি পোৱা যায় যে তেওঁৰ বন্ধুত্ব ভালেই লাগিব"৫১। হাৰমাইনিৰ চাৰিত্ৰিক বিকাশক প্ৰশংসা কৰি আই.জি.এন.(IGN)এ হাৰমাইনিক তেওঁলোকৰ চৰিত্ৰ তালিকাৰ দ্বিতীয় স্থানত ৰাখিছে৫২। হ'লেও হেৰী পটাৰ এণ্ড ডেডলী হেলোজৰ এক বিশ্লেষণত ৰ'লেণ্ড মেনথ্ৰপে কয় "৭খন কিতাপ লিখা হৈ গ'ল যদিও আমি খুব অনুভূতিপ্ৰৱণ হাৰমাইনিকহে চিনি পাওঁ-যি,এটা চৰিত্ৰ নহয় এক প্ৰতিমূৰ্ত্তিহে"৫৩।
জনপ্ৰিয় সংস্কৃতিত
হাৰমাইনিক বিভিন্ন স্কেটছ আৰু এনিমেটেড শৃংখলাত ব্যংগ ৰূপত পৰিবেশিত কৰি অহা হৈছে। চেটাৰডে নাইট লাইভত (Saturday Night Live) লিণ্ডছে ল'হানে হাৰমাইনিৰ ভূমিকা পালন কৰিছে৫৪। এলিষ্টাৰ মেকগ'ৱেনে তেওঁৰ দৰ্শনী বিগ ইম্প্ৰেছনত "লুইছ পটাৰ এণ্ড দ্য ফিল'চফাৰ্ছ স্ক'ন" শীৰ্ষক এক স্কেটছ অংকন কৰে। ই নিগেলা ল'ছনক হাৰমায়নি হিচাপে প্ৰতিবিম্বিত কৰিছে৫৫। ২০০৩ চনত কমিক ৰিলিফ নামৰ দাতব্য গোটে হেৰী পটাৰ এণ্ড দ্য ছিক্ৰেট চেম্বাৰপট অফ আজাৰবাইজান নামৰ এক প্ৰতীকধৰ্মী ব্যংগ কাহিনী পৰিবেশন কৰে য'ত হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত ৰীতা স্কিটাৰৰ চৰিত্ৰ ৰূপায়িত কৰা অভিনেত্ৰী মিৰাণ্ডা ৰিকাৰ্ডচনে হাৰমাইনিৰ ভূমিকা লয়৫৬৫৭। অল ডেটতো হেৰী ব্লেডাৰ স্কেটছসমূহত হাৰমাইনিক চিত্ৰিত কৰা হৈছে য'ত চৰিত্ৰটো লিছা ফইলছৰদ্বাৰা হাৰহাইনি হিচাপে ৰূপায়িত হৈছে। উটাৰ ডেজাৰ্ট ষ্টাৰ থিয়েটাৰত ভগ্নীত্ৰয় ল'ৰা জে., এমি কে. আৰু আন্না এম. লিৱিছ ৰচিত 'হেৰী ৰেডাৰ: দুড হোৱেৰছ মাই ৱণ্ড' নাটত হাৰমাইনিক হাৰমাইনি ৰেঞ্জাৰ হিচাপে দেখুওৱা হৈছে৫৮। ২০০৮ চনত আমেৰিকান হাস্যমধুৰ ছবি য়েছ মেনত হেৰী পটাৰ বিষয়ক ভোজমেলত এলিছনে (জ'ৱে ডিচকানেল) হাৰমায়নিৰ বেশভূষাৰে কাৰ্লক (জিম কেৰি) সংগ দিয়ে।
পিয়েৰ ভেছৰ (Pierre Veys) হেৰী কভাৰ নামৰ এক ফৰাচী ব্যংগ কমিকত (পৰ্যায়ক্ৰমে স্পেনীছ ভাষা আৰু ইংৰাজী ভাষা ভাষালৈ অনূদিত) হাৰমাইনি হেৰী কভাৰৰ বান্ধৱী হৰম'ন হিচাপে অৱতীৰ্ণ হয়৫৯। নীল চিছিয়েৰেগাৰ দ্য পটাৰ পাপেট পলছ শীৰ্ষত স্কেটছসমূহতো হাৰমাইনিক দেখা যায়। ষ্টাৰকিড প্ৰডাকচনৰ এ ভেৰি পটাৰ মিউজিকেল আৰু এ ভেৰি পটাৰ ছিকুৱেল মিউজিকেলত বনি গ্ৰাছেনে হাৰমাইনিৰ ভূমিকা লয়। তেওঁৰ একমাত্ৰ একক সংগীত "দ্য কুলেষ্ট গাৰ্ল"ত তেওঁ নিজৰ বিষয়েই গীত গায়।
বাহ্যিক সংযোগ
- Hermione's entry at Harry Potter Lexicon.
Figuren der Harry-Potter-Romane#Hermine Granger
তথ্যসূত্ৰ
- ↑ Rowling, J.K. Section: Extra Stuff - Hermione Granger. jkrowling.com
- ↑ J K Rowling at the Edinburgh Book Festival, Sunday, August 15, 2004. Accio-quote.org Retrieved on 23 April 2007
- ↑ JK Rowling's World Book Day Chat, March 4, 2004 Accio-quote.org Retrieved on 23 April 2007
- ↑ Fry, Stephen, interviewer: J.K. Rowling at the Royal Albert Hall, 26 June 2003 accio-quote.org, retrieved August 14, 2007
- ↑ Jo loathes Pansy Parkinson who represents every girl who ever teased her
- ↑ J. K. Rowling Official Site – Section Extra Stuff – Hermione Granger
- ↑ Chamber of Secrets DVD: Interview with Steve Kloves and J.K. Rowling, February 2003 accio-quote.org.
- ↑ J.K. Rowling's Books That Made a Difference O, The Oprah Magazine January 2001
- ↑ Transcript of National Press Club author's luncheon, NPR Radio, October 20, 1999 Accio-quote.org Retrieved on 23 April 2007
- ↑ J K Rowling at the Edinburgh Book Festival
- ↑ Rowling (1997)
- ↑ Rowling (1997) p. 180
- ↑ Rowling (1997) p. 278
- ↑ www.jkrowling.com/textonly/en/extrastuff_view link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Rowling (1998) p. 59
- ↑ Rowling (1999) p. 78
- ↑ Rowling (1999) p. 314-435
- ↑ Rowling (2000) pp. 413-414
- ↑ Rowling (2000) p. 727
- ↑ Rowling (2003) pgg. 792, 856
- ↑ Rowling (2005) pp. 317-318
- ↑ Rowling (2005) pg. 651
- ↑ Rowling (2007) p. 625
- ↑ Rowling (2007) pp. 735-736
- ↑ Rowling (2007) p. 755
- ↑ (2007-07-31). Online Chat Transcript. Bloomsbury Publishing
- ↑ Maggie Keir: Was Hermione able to find her parents and undo the memory damage J.K. Rowling: Yes, she brought them home straight away.
- ↑ আৰ্কাইভ কপি
- ↑ When Danny met Harry".TheTimes (UK). 3 November 2001
- ↑ Kulkani, Dhananjay (23 June2004)."Emma Watson, NewTeenage Sensation!!" . Buzzle. Retrieved 3 August 2007<http://www.buzzle.com/editorials/6-22-2004-55758.asp>
- ↑ (2004-03-04). 2004: Accio Quote!, the largest archive of J.K. Rowling interviews on the web. Accio-quote.org
- ↑ (2001-11-17). Brian Linder's Review of Harry Potter and the Sorcerer's Stone - IGN. Uk.movies.ign.com
- ↑ Steve Head and Brian Linder (16November 2001)."Harry Potter and the Sorcerer's Stone Video Interviews". Retrieved 16 October 2010.^
- ↑ (2006-09-26). Hermione Gets Cold Feet - IGN. Uk.movies.ign.com
- ↑ Listfield, Emily (8 July 2007)<http://www.parade.com/articles/editions/2007/edition_07-08-2007/AEmma_Watson>
- ↑ Kip Carter. HPL: Hermione Jean Granger and the Granger family. Hp-lexicon.org
- ↑ Chambers Of Secrets | British Actress. Emmawatson.com
- ↑ www.parade.com/articles/editions/2007/edition_07
- ↑ Chamber of Secrets DVD interview with Steve Kloves and J.K. Rowling, February 2003 (Accio Quote!, the largest archive of J.K. Rowling interviews on the web). Accio-quote.org
- ↑ Posted by: sue. New Interview with J.K. Rowling for Release of Dutch Edition of "Deathly Hallows". The Leaky Cauldron
- ↑ আৰ্কাইভ কপি
- ↑ 2001: Accio Quote!, the largest archive of J.K. Rowling interviews on the web. Accio-quote.org
- ↑ (2006-08-01). 2006: Accio Quote!, the largest archive of J.K. Rowling interviews on the web. Accio-quote.org
- ↑ J. K. Rowling interview. The Connection (WBUR Radio), transcrip on Accio Quote! . 12 October 1999
- ↑ Rowling (2003) p. 398
- ↑ Rowling, J. K. (2005). Harry Potter and the Half-Blood Prince. Bloomsbury. ISBN 0747581088
- ↑ World Exclusive Interview with J K Rowling. South West News Service, transcript on Accio Quote! . 8 July 2000
- ↑ America Online chat transcript. AOL.com on Accio Quote! . 19 October 2000
- ↑ Section: Extra Suff WANDS. J. K. Rowling's Official Site
- ↑ The Ivory Tower And Harry Potter: Perspectives On A Literary Phenomenon - Google Boeken. Books.google.com
- ↑ By UGO Team January 21, 2010 Follow. (2010-01-21). Best Heroes of All Time. UGO.com
- ↑ (2011-07-12). Top 25 Harry Potter Characters - IGN. Uk.movies.ign.com
- ↑ Rowland Manthorpe. (2007-07-29). A farewell to charms | Books | The Observer. Guardian
- ↑ Saturday Night Live Transcripts. Saturday Night Live
- ↑ BBC One press release. 2001
- ↑ Harry Potter and the Secret Chamberpot of Azerbaijan. tv.com
- ↑ www.frechandsaunders.com/rnd03/lineup/0302192116 link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Calender. Desert News (Salt Lake City). 5 June 2005
- ↑ (8 June 2007). "Harry Pottrez". Bédéthèque
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰমাইনি গ্ৰেইঞ্জাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০৩১৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।