অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইলাতালম

ইলাতালম, ইলতালম বা ইলাথালম দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰটো সম্পূৰ্ণৰূপে কাঁহ বা ব্ৰঞ্জ ধাতুৰে গঢ়া হয়। ই দেখিবলৈ এটা সৰু তাল বা কৰতালৰ দৰে। ইয়াক বজাওঁতে এটা অংশ বাঁওহাতেৰে খামুচি ধৰি আনটো অংশ তাৰ ওপৰত কোবাই আঘাত কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ইলাতালম,১ ইলতালম বা ইলাথালম দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰটো সম্পূৰ্ণৰূপে কাঁহ বা ব্ৰঞ্জ ধাতুৰে গঢ়া হয়। ই দেখিবলৈ এটা সৰু তাল বা কৰতালৰ দৰে। ইয়াক বজাওঁতে এটা অংশ বাঁওহাতেৰে খামুচি ধৰি আনটো অংশ তাৰ ওপৰত কোবাই আঘাত কৰা হয়। যদিও ই আকাৰত সৰু, সাধাৰণ তালতকৈ ই যথেষ্ট ডাঠ আৰু ইয়াৰ ঝংকাৰ বা ধ্বনি অতি স্পষ্ট।

ইলাতালম কেতিয়াও কোনো অনুষ্ঠানৰ মূল বা ঘাই বাদ্য নহয়। ইয়াক কেৰালাৰ বিভিন্ন থলুৱা বাদ্য-বৃন্দ যেনে— পঞ্চবাদ্যম, চেণ্ডা মেলম, তায়াম্বাকা আৰু কাইলায়া বাথিয়াম আদিত সহযোগী বাদ্য হিচাপে সংগত কৰা হয়। ইয়াৰ উপৰি কথাকলি মঞ্চৰ দোৱাৰী বা সহযোগী গায়কসকলে তাল ৰাখিবলৈ আৰু কুঝাল পাত্তু তথা কম্বু পাত্তু বাদ্যৰ লয় দিবলৈ ইয়াৰ ব্যৱহাৰ কৰে।

ইতিহাস

যুগ্ম তালসমূহ হৈছে একপ্ৰকাৰৰ আঘাতজনিত ঘন বাদ্য। প্ৰাচীন ভাৰতীয় সংস্কৃত সাহিত্য তথা খ্ৰীষ্টাব্দৰ আৰম্ভণিতে ৰচিত 'নাট্যশাস্ত্ৰ' পুথিত ইয়াক 'ঘন বাদ্য' হিচাপে ভগাই দেখুওৱা হৈছে। প্ৰাচীন ভাৰতীয় কালৰ ঘন বাদ্যৰ নিদৰ্শনসমূহৰ ভিতৰত তাল আৰু ঘণ্টা আদি অন্যতম। পুৰণি চিত্ৰসমূহৰ মতে নৃত্যশিল্পীসকলে ভৰিত পিন্ধা জুনুকা অতি সুলভ আছিল আৰু আন কিছুমান বাদ্য হাত দি জোকাৰি বজোৱা হৈছিল।

ভাৰতীয় সাহিত্যত সংস্কৃত শব্দ 'তাল' আৰু তামিল শব্দ 'তালম'ই সংগীতৰ ছন্দময় গাঁথনি, হাতৰ চাপৰি আৰু একে সময়তে তালৰ গতি বুজোৱা ধাতৱ বাদ্যক সূচায়। ধৰ্মীয় সংগীত আৰু নৃত্যৰ সংগতত তাল সদায় এক অপৰিহাৰ্য অংগ হৈ আহিছে। সিন্ধু সভ্যতাৰ খনন কৰাৰ সময়তে আটাইতকৈ পুৰণি তালসমূহ ওলাইছিল। সম্ভৱতঃ খ্ৰীষ্টীয় ৩য়ৰপৰা ৫ম শতিকাৰ ভিতৰত ৰচিত আৰু ৰজা শুদ্ৰকৰ বুলি জনাজাত 'মৃচ্ছকটিকা' নাটকত এগৰাকী চহকী গণিকাৰ ঘৰত বজোৱা সংগীতৰ গুণ গোৱা হৈছে। তাত উল্লেখ থকা মতে নৃত্যশিল্পীসকলক ঢোল ('মৃদংগম') আৰু তাল ('কাংস্য তাল')ৰদ্বাৰা সংগত কৰা হৈছিল। ইয়াৰ উপৰি বাঁহী ('বংশী') আৰু বীণাৰ ('বীণা') মিঠা সুৰো শুনা গৈছিল।

প্ৰথম সহস্ৰাব্দৰ মাজভাগত দক্ষিণ-পূব এছিয়াৰ কিছু অংশ ভাৰতীয় সংস্কৃতিৰ ছাঁত আছিল, যাৰ বিস্তাৰ সামুদ্ৰিক বেহা-বেপাৰৰ বাটেৰে হৈছিল। এছিয়াৰ সাগৰত জাহাজ বুৰি যোৱাৰ ফলত উদ্ধাৰ হোৱা আটাইতকৈ পুৰণি বাদ্যযন্ত্ৰৰ টুকুৰাটো আছিল এটা অকলশৰীয়া তাল। ৯ম শতিকাৰ মাজভাগত সুমাত্ৰাৰ পূব পাৰত বুৰ যোৱা এই জাহাজখন ভাৰত আৰু চীনৰ মাজত হোৱা সামুদ্ৰিক বাণিজ্যৰ আটাইতকৈ পুৰণি সাখীবাদ। ৩০.৫ চেণ্টিমিটাৰ ব্যাসৰ এই চেপেটা ব্ৰঞ্জৰ তালখনৰ মাজভাগত আজিকালিৰ আৰ্হিৰ দৰেই এটা ওখ ঢিবি আৰু তাত এটা সৰু ফুটা আছে।

নামকৰণ

'ইলাতালম' শব্দটো 'তালাম' আৰু 'ইলা' (তামিল ভাষাত 'পাত') উপসৰ্গ গোট খাই তৈয়াৰ হৈছে। ই দেখিবলৈ পদুম পাতৰ দৰে (তামৰা ইলা)। সেইবাবেই ইয়াক 'ইলাতালম' (পাত-তাল) বুলি নামকৰণ কৰা হৈছে।

প্ৰসিদ্ধ ইলাতালম শিল্পীসকল

  • তৰইল শংকৰ পিল্লাই
  • তংকু মাৰাৰ
  • চেল্লাকৰা কুতপ্পন
  • চেল্লাকৰা উন্নিকৃষ্ণন
  • চেল্লাকৰা গোপী
  • মণিআমপৰম্বিল মণি
  • চেল্লাকৰা সূৰ্যন
  • পূকোড শশী
  • চেল্লাকৰা ৰামন কুট্টী
  • চেল্লাকৰা জয়ন
  • এম. পি. বিজয়ন
  • তহাঝাথেদাথ মুৰলী
  • থলনাড হৰি
  • পাঞ্জন ভেলুকুট্টী
  • ৰাজীৱ পি নায়াৰ নাৰায়মংগলম
  • ভেল্লিনেঝি বিজয়ন
  • বিনোদ চেল্লাকৰা (কুৱেইট)
  • চেল্লাকৰা মণিকণ্ঠন
  • চেল্লাকৰা প্ৰদীপ
  • উন্নিকৃষ্ণন আয়াৰুথোদি পুলাক্কাড (কেলি বাদ্যকলা: কুৱেইট)
  • থ্ৰীক্কাপুৰম সনোজ
  • কালৰিক্কল হৰি

তথ্যসূত্ৰ

  1. ↑ Bell Metal made Pair Of Manjira, Ilathalam, iskcon kirtan kartal, indi. spiceandcraft.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ বাদ‍্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলাতালম” প্ৰবন্ধৰ সংশোধন ৬২৫১৪৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।