নাভিত জমাহোৱা আৱৰ্জনা (Navel lint ) হৈছে মানুহৰ নাভিত থকা কোমল আঁহৰ এক অংশ। সাধাৰণতে দিনটোৰ আৰম্ভণি আৰু শেষত মানুহৰ নাভিৰ গহ্বৰত সৰু সৰু আঁহৰ গোট এটা জমা হয়। বহু বছৰ ধৰি মানুহে এনে হোৱাৰ কাৰণ চিন্তা কৰি আহিছে। ২০০১ চনত অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ ডাঃ কাৰ্ল ক্ৰুজেলনিকিয়ে এনে কিয় হয় সেই বিষয়ে জানিবলৈ এক সমীক্ষা কৰিছিল। এই সমীক্ষাত তেওঁ এটা সিদ্ধান্তত উপনিত হৈছিল:১
- নাভিৰ লিণ্টৰ বেছিভাগেই মানুহে পিন্ধা নিজৰ কাপোৰৰ পৰা বিচ্যুত আঁহ, কিছুমান মৃত ছালৰ কোষ আৰু শৰীৰৰ চুলিৰ সৈতে মিহলি হৈ থাকা এক অংশ।
- এই আৱৰ্জনাখিনি মানুহৰ চোলাৰ পৰা আহে। শৰীৰৰ চুলিৰ ঘৰ্ষণৰ পৰা আঁহবোৰ তালৈ গতি কৰে।
- মহিলাৰ শৰীৰৰ চুলি মিহি আৰু চুটি হোৱাৰ বাবে নাভিৰ এনে আৱৰ্জনা কম হয়।
- বয়সস্থ পুৰুষৰ চুলি বেছি হোৱাৰ বাবে এই পৰিমাণ বেছি আৰু ডাঠ হয়।
- নাভিত জমাহোৱা এনে আৱৰ্জনাৰ থূপটোৰ ৰং সাধাৰণতে নীলা-ধূসৰ হয়। এই ৰংটো সম্ভৱতঃ পিন্ধা সকলো কাপোৰৰ ৰঙৰ এক সমষ্টি।২
- নাভিত জমাহোৱা এনে আৱৰ্জনা একেবাৰে স্বাভাৱিক আৰু নিৰাপদ তথা ইয়াক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই।
অষ্ট্ৰিয়াৰ বিজ্ঞানী জৰ্জ ষ্টেইনহাউজাৰেও নাভিত জমাহোৱা এনে আৱৰ্জনাৰ ওপৰত গৱেষণা কৰিছিল।৩৪
অতিৰিক্ত সংযোগ
- Karl Kruszelnicki. (2001). The Great Bellybutton Lint Survey. Q & A with Dr K
- World record navel lint collection by Graham Barker
তথ্যসূত্ৰ
- ↑ (2001-12-11). Fluff gazing. BBC News
- ↑ Graham Barker. The Incredible World of Navel Fluff. Graham's Paddock – Barker is the Guinness world record holder for collecting Belly Button Fluff
- ↑ Sawer, Patrick. (2009-03-01). Revealed: The secrets of belly button fluff. The Daily Telegraph
- ↑ Steinhauser, Georg. (24 February 2009). The nature of navel fluff. Medical Hypotheses. পৃ. 623–625
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাভিত জমাহোৱা আৱৰ্জনা” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৩২ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।