পল্লুৰুথী সাহায্য বন্দোবস্তু (পল্লুৰুথী ৰিলীফ চেটেলমেণ্ট') হৈছে কোচিন আৱাৰা আইনৰ (কোচিন ভেগ্ৰেন্সি আইন)১২ অধীনত কেৰালাৰ এৰণাকুলম জিলাত অৱস্থিত এটা পুনৰসংস্থাপন আশ্ৰয়গৃহ, যিটো ১৯৪১ চনত কোচিনৰ মহাৰাজই অঘৰী-মাগনীসকলৰ বাবে আৰম্ভ কৰিছিল। বৰ্তমান ইয়াত মুখ্যতঃ মানসিকভাৱে অসুস্থ আৰু নিঃসহায় লোকসকলক চিকিৎসা আৰু প্ৰশিক্ষণ প্ৰদান কৰি সুস্থ কৰি তোলা হয় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক নিজ নিজ ঘৰলৈ ওভতাই পঠোৱাৰ ব্যৱস্থা কৰা হয়। 'পিপলছ কাউন্সিল ফৰ চ’চিয়েল জাষ্টিছ' (PCSJ)৩৪ (ভালাঞ্জামবালাম, দক্ষিণ কোচি)-ৰ সহযোগত কোচিন পৌৰ নিগমে (কেৰালা ৰাজ্য, ভাৰত) ইয়াৰ পৰিচালনা কৰে। ০২/০২/২০১৯ তাৰিখৰ তথ্য অনুসৰি ইয়াত ১৪৮ গৰাকী আৱাসী আছে, যাৰ ভিতৰত ১২১ গৰাকী পুৰুষ আৰু ২৮ গৰাকী মহিলা। তেওঁলোক ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোক আৰু স্থানীয় আৰক্ষী তথা সমাজকৰ্মীসকলে তেওঁলোকক পি.আৰ.এছ.-লৈ (PRS) আনিছিল।
ই কেৰালা ৰাজ্যৰ এৰণাকুলাম জিলাৰ পাল্লুৰুথী ভেলীত অৱস্থিত। ইয়াৰ কৰ্মচাৰীসকলৰ ভিতৰত এজন অধীক্ষক, স্বাস্থ্য পৰিদৰ্শক, মানসিক ৰোগ সমাজকৰ্মী আৰু নাৰ্চ, এটেনডেণ্ট তথা যত্ন লওঁতাসকলৰ এটা দল অন্তৰ্ভুক্ত হৈ আছে। আশ্ৰয়গৃহটোৰ ভিতৰত আৱাসীসকলে যথেষ্ট স্বাধীনতা উপভোগ কৰে আৰু দৈনিক কাম-কাজতো অংশগ্ৰহণ কৰে। ইয়াত মূলতঃ প্ৰশিক্ষকসহ দুটা বৃত্তিমুখী প্ৰশিক্ষণ গোট আছে আৰু এই গোটে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ লাভৰ ধন সাধাৰণতে আৱাসীসকলক দিয়া হয়।
১৯৪১ চনত কোচিনৰ মহাৰাজই মাগনীয়াৰসকলৰ বাবে এটা শিৱিৰ বা আশ্ৰয়স্থল হিচাপে পি.আৰ.এছ. (PRS) আৰম্ভ কৰিছিল। যোৱা দশকত পি.আৰ.এছ.-ৰ সামগ্ৰিক কাৰ্যপ্ৰণালীত এক উল্লেখনীয় উন্নতি হৈছে আৰু স্থানীয় তথা আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ো ইয়াৰ বিভিন্ন কাৰ্যসূচীৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছে। বহু আৱাসীৰ মানসিক পুনৰসংস্থাপন কৰাত আৰু তেওঁলোকক নিজ নিজ ঘৰলৈ ওভতাই পঠিয়াবলৈ পি.আৰ.এছ. সফল হৈছে।৫
এই আশ্ৰয়গৃহটোৰ উদ্দেশ্য আছিল নিঃসহায়, অঘৰী আৰু মাগনীসকলক আশ্ৰয় দিয়া, কিন্তু সময়ৰ লগে লগে কেৱল মানসিক ৰোগীসকলহে এই প্ৰতিষ্ঠানটোত থাকে আৰু বাকী আৱাসীসকলক হয় নিজৰ ঘৰলৈ নতুবা তেওঁলোকৰ নিজ ৰাজ্যলৈ পঠিয়াই দিয়া হয়। সেইবাবেই, এই প্ৰতিষ্ঠানটো এখন মানসিক ৰোগ চিকিৎসা আৰু পৰিচৰ্যা কেন্দ্ৰ হিচাপে জনাজাত হৈ পৰিছে। স্বেচ্ছাসেৱক আৰু চৰকাৰী বিষয়াসকলৰ সহযোগত মানসিক ৰোগীসকলক পুনৰ সংস্থাপিত কৰিবলৈ বিষয়াসকলে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে।
তথ্যসূত্ৰ
- ↑ M. D. Asthana; Sabir Ali; Council for Social Development (India). (2004). Urban poverty in India: issues and policies. Uppal Pub. House. পৃ. 69. ISBN 978-81-7658-022-9
- ↑ Kerala (India); A. Sreedhara Menon. (1982). Kerala District Gazetteers: Arnakulam. printed by the Superintendent of Govt. Presses
- ↑ www.bcfindia.org/Profile%2520of%2520P{{dead link|date=March 2018|bot=InternetArchiveBot|fix-attempted=yes}}
- ↑ Accredited Organisations - KELSA. kelsa.nic.in
- ↑ Staff Reporter. (2011). Journey home for relief centre inmates. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল্লুৰুথী সাহায্য বন্দোবস্ত” প্ৰবন্ধৰ সংশোধন ৬২৬৩৮২ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।