নিধি গয়াল (: Nidhi Goyal; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অক্ষমতা আৰু লিংগ অধিকাৰ কৰ্মী যিয়ে ৰাষ্ট্ৰসংঘৰ মহিলা কাৰ্যবাহী সঞ্চালকৰ পৰামৰ্শদাতা গোটত নিযুক্তি লাভ কৰিছে। ১২ গয়াল মুম্বাইস্থিত বেচৰকাৰী সংস্থা ৰাইজিং ফ্লেম ৩৪ৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক আৰু তেওঁ যৌনতা, লিংগ, স্বাস্থ্য আৰু বিশেষভাৱে সক্ষম মহিলা আৰু ছোৱালীৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰে। ৫তেওঁ এগৰাকী ষ্টেণ্ড-আপ কমেডিয়ানো। ৬৭৫
প্ৰাৰম্ভিক জীৱন
গয়ালৰ জন্ম আৰু ডাঙৰ-দীঘল মুম্বাইত হৈছিল। ৬ ১৫ বছৰ বয়সত তেওঁ চকুৰ দুৰাৰোগ্যত আক্রান্ত হয়, যি ৰুগৰ অপৰিবৰ্তনীয়, অৱক্ষয়ী লক্ষণ ধৰা পৰাৰ পিছত তেওঁ দৃষ্টিহীন হৈ পৰে যিয়ে তেওঁক অন্ধ কৰি পেলায়। ৮৯ তেওঁ প্ৰাৰম্ভিক কৰ্ম জীৱন গণমাধ্যমৰ যোগেদি আৰম্ভ কৰিছিল, দৃষ্টিহীন হৈ পৰাৰ পিছত প্ৰতিবন্ধী লোকৰ বাবে অধিকাৰভিত্তিক কামলৈ পৰিৱৰ্তন কৰে।। ১০ চকুৰ অৱস্থা ধৰা পৰাৰ আগতে গোৱালে এগৰাকী প্ৰতিকৃতি চিত্ৰকৰ হ'ব বিচাৰিছিল, আৰু ৪ বছৰ বয়সৰ পৰাই ছবি আঁকিছিল। ১১ দৃষ্টিশক্তিহীন ডাঙৰ ভাতৃক সফল জীৱন যাপন কৰা দেখি, তেওঁ অনুপ্ৰাণিত হৈছিল; ১২১১ আৰু আন বিশেষভাৱে সক্ষম মহিলাসকলৰ বাবে সমৰ্থন আগবঢ়াবলৈ প্ৰেৰণা পাইছিল। ১১১৩
সক্ৰিয়তা আৰু পোষকতা
বিশেষভাৱে সক্ষম মহিলাসকলৰ যৌন আৰু প্ৰজনন অধিকাৰ
গয়ালে অক্ষম মহিলা আৰু কিশোৰীসকলৰ যৌনতা, প্ৰজনন স্বাস্থ্য আৰু অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিছিল। যৌনতা বিষয়ত কাম আৰম্ভ কৰাৰ সময়ত, তেওঁ বহুতো বিতর্ক আৰু প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল।৩১৪১৫১৬১৩
গয়াল মুম্বাইস্থিত নাৰীবাদী সংস্থা Point of View-ৰ যৌনতা আৰু অক্ষমতা কাৰ্যসূচীৰ পৰিচালিকা আছিল। ১৬১৭তেওঁ sexuality and disability.org Point of View-ত থাকোঁতে, গোৱেল sexualityanddisability.org ৱেবচাইট সহ-লিখন কৰিছিল, যি অক্ষমতা, লিংগ, যৌনতা আৰু হিংসাৰ বিষয়ে অক্ষম মহিলা আৰু কিশোৰীসকলৰ বাবে এক অনলাইন উৎস। এই ৱেবচাইট দৃষ্টিহীনসকলৰ বাবে সহজলভ্য। ১৮১৯MeToo আন্দোলনত, তেওঁ অক্ষম মহিলাসকলৰ মৌনতা আৰু সমাজৰ অপ্ৰয়োজনীয় বুলি গণ্য কৰাৰ ধাৰণা, নির্ভৰশীলতা, একাকীত্বৰ ভয় আৰু সহায়ৰ অভাৱৰ বিষয়ে আলোচনা কৰিছিল।২০
নীতি আৰু আইনী পোষকতা
গয়াল আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ গৱেষণা আৰু পোষকতা সংস্থা হিউমেন ৰাইটছ ৱাচৰ (Human Rights Watch)বাবে "যৌন হিংসাৰ অদৃশ্য বলি"(Invisible Victims of Sexual Violence)" ভাৰতত বিশেষভাৱে সক্ষম মহিলা আৰু ছোৱালীৰ বাবে ন্যায়ৰ সুবিধা" শীৰ্ষক এখন প্ৰতিবেদন আগ বঢ়াইছিল।২১২২২৩ প্ৰতিবেদনখনে যৌন হিংসাৰ পৰা ৰক্ষা পোৱা বিশেষভাৱে সক্ষম মহিলা আৰু ছোৱালীসকলে আইনী সাহায্য আৰু ন্যায় লাভ কৰাৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত অৱলোকন কৰিছে।২১২৪ গয়ালে বিশ্বাস কৰে যে ভাৰতে ২০১৩ চনৰ পৰা যৌন হিংসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আইনী সংস্কাৰ সাধন কৰিছে যদিও বিশেষভাৱে সক্ষম মহিলা আৰু ছোৱালীসকলে উপযুক্ত ন্যায় নাপায় আৰু তেওঁলোক “যৌন হিংসাৰ অদৃশ্য বলি” হৈয়েই আছে।
ৰাইজিং ফ্লেমৰ সৈতে জড়িত হোৱা
গয়ালে ২০১৭ চনত প্ৰতিষ্ঠা হোৱা মুম্বাইস্থিত সংস্থা ৰাইজিং ফ্লেমৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক। ৰাইজিং ফ্লেমে বিশেষভাৱে সক্ষম লোকসকলক বিশেষকৈ মহিলা আৰু বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকলৰ উদাত্ত কণ্ঠ, সামাজিক স্থান, নেতৃত্বৰ পোষকতা আৰু অধিকাৰ ৰক্ষা কৰিবলৈ কাম কৰে। ২৫২৬২৭ ৰাইজিং ফ্লেমে MeToo আন্দোলন আৰু 'মাই টেল টু' অভিযানৰ সৈতে জড়িত হৈ আছে, যাৰ লক্ষ্য হৈছে জনপ্ৰিয় চিনেমা বা উপন্যাসৰ চৰিত্ৰৰ যোগেদি বিশেষভাৱে সক্ষম লোকসকলক নেতৃত্ব দিয়া। ৩
অন্যান্য নাগৰিক সমাজৰ গোটৰ সৈতে জড়িত হোৱা
নিধিক ৰাষ্ট্ৰসংঘৰ মহিলা কাৰ্যবাহী সঞ্চালকৰ পৰামৰ্শদাতা গোটত নিযুক্তি দিয়া হৈছে,১২ ডাচ মন্ত্ৰালয়ৰ অনুদান প্ৰদানৰ সুবিধা ভইচৰ পৰামৰ্শদাতা ব'ৰ্ডত তেওঁ অন্তভুক্ত হৈ আছে,২৮ আৰু বৰ্তমান তেওঁ সভানেত্ৰী। ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দ্বাৰা প্ৰতিবন্ধী আৰু জেষ্ঠ নাগৰিকৰ ওপৰত নিৰ্মাণ কৰা মূল গোটৰ সদস্য।[45]২৯
গয়াল লিংগ সমতা, তেওঁ লোকৰ উন্নয়ন আৰু মহিলাৰ মানৱ অধিকাৰ লাভৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আন্তঃৰাষ্ট্ৰীয় নাৰীবাদী সদস্যপদ সংস্থা এছ'চিয়েচন ফৰ উইমেনছ ৰাইটছ ইন ডেভেলপমেণ্ট(AWID)ৰ ব'ৰ্ডৰ সভানেত্ৰী। দুবছৰ ধৰি ব'ৰ্ডৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১৯ চনৰ মে' মাহত গ'য়ালে সভাপতি হয়।৩০ গয়াল হৈছে AWID ৰ ব'ৰ্ডৰ সভাপতি হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি আৰু প্ৰথমজন অক্ষম ব্যক্তি।৩১
বঁটা
গয়াল ২০১৬ চনৰ জানুৱাৰী মাহত ভাৰতৰ নেচনেল এছ'চিয়েচন ফৰ দ্য ব্লাইণ্ডে নীলম কংগা বঁটা প্ৰদান কৰে৩২ আৰু ২০১৮ চনৰ মাৰ্চ মাহত এবিপি নিউজে বছৰৰ ছুপাৰউমেন বঁটা প্ৰদান কৰে।৩৩
তথ্যসূত্ৰ
- ↑ (15 December 2016). UN Women Executive Director establishes her new Civil Society Advisory Group. UN Women
- ↑ Author Page. openDemocracy
- ↑ Blind comedian Nidhi Goyal talks about her journey. femina.in
- ↑ (2017-12-06). Nidhi Goyal: Changing Norms One Joke At A Time. Women's Web: For Women Who Do
- ↑ (2017-04-01). Meet Nidhi Goyal, India's first blind stand up comedienne. Hindustan Times
- ↑ Aranha, Jovita. (25 September 2017). Change Through Humour! Meet Nidhi Goyal, India's First-Ever Disabled Woman Comedian. The Better India
- ↑ Sengupta, Saurya. (21 July 2018). India's stand-up comics are pulling no punches. দ্য হিন্দু
- ↑ (20 March 2018). Go Goyal
- ↑ Tuli, Aanchal. (2 April 2017). Meet Nidhi Goyal, India's first blind stand up comedienne. হিন্দুস্তান টাইমছ
- ↑ Shah, Sonal. You Need To Be Strong Enough To Point To That Elephant In The Room: Nidhi Goyal, Disability And Gender Rights Activist And Comedian. ৰাষ্ট্ৰসংঘ
- ↑ (16 November 2017). Nidhi Goyal · TEDxAmityUniversity
- ↑ (9 June 2017). This Stand-Up Comedian With Disability Is An Inspiration For All
- ↑ (2017-12-19). Feminist Spaces Remain Notoriously Clueless About Disabled Women's Needs: Nidhi Goyal
- ↑ (2015-06-01). Interview: Nidhi Goyal • In Plainspeak. In Plainspeak
- ↑ (13 June 2018). In the words of Nidhi Goyal: "These spaces belong to everyone". UN Women
- ↑ Nair, Supriya. (2012-06-08). Willing and able. Mint
- ↑ Jain, Mayank. (31 July 2015). Asking questions about sex that disabled women are often afraid to pose. Scroll.in
- ↑ Gupta, Sohini Das. (2017-03-27). Disability. Mobility. Sexuality. DNA India
- ↑ (2019-09-23). Care vs Consent: For Persons with Disability, the Line is Often Thin and a Tad More Complicated. www.news18.com
- ↑ (2019-02-04). Naa Mein Naa Hai, No Means No – Guest Column by Nidhi Goyal, Disabled activist & comedian. Newz Hook – Changing Attitudes towards Disability
- ↑ (6 April 2018). Tough for disabled sexual violence victims to get legal aid: Human Rights Watch report. The New Indian Express
- ↑ (2018-04-03). Invisible Victims of Sexual Violence · Access to Justice for Women and Girls with Disabilities in India. Human Rights Watch
- ↑ Scroll Staff. (4 April 2018). Women, girls with disabilities who survive sexual violence face more barriers to get justice: Study. Scroll.in
- ↑ Chowdhury, Nilanjan. Women with disabilities: India's 'invisible victims'. www.aljazeera.com
- ↑ (2019-07-11). Rising Flame launches leadership programme for women with disabilities. Newz Hook – Changing Attitudes towards Disability
- ↑ Rising Flame – Lead. Grow. Change.
- ↑ (2019-05-21). Nominations Open: "i can lead" National leadership program for women with disabilities by Rising Flame. enabled.in
- ↑ Advisory Board. voice.global
- ↑ Team – Rising Flame
- ↑ Our Board of Directors. AWID
- ↑ Misra, Anusha. (2020-08-07). Rising Flame's Nidhi Goyal On Womxn With Disability, The RPWD Act, COVID-19 & More. Feminism In India
- ↑ Annual Report 2015 – 2016. National Association for the Blind, India
- ↑ (2018-03-08). These 3 Amazing Ladies Have Won Our Superwomen Contest! Read Their Inspiring Stories. www.abplive.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিধি গয়াল” প্ৰবন্ধৰ সংশোধন ৫৯৫১৫১ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।