নাই যাক ছেইন বুলিও কোৱা হয়, নাপিতৰ বৃত্তিগত এটা জাতি বুজোৱা সাধাৰণ শব্দ। সংস্কৃত শব্দ নাপিত (பிதை)ৰপৰা এই নামটো উদ্ভৱ হোৱা বুলি কোৱা হয়।১ আধুনিক যুগত উত্তৰ ভাৰতৰ নায়ে নিজকে নাইৰ পৰিৱৰ্তে "ছেইন" বুলি কয়।
ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে নাই জাতিক অন্য পিছপৰা শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ২, অসম৩, বিহাৰ,৪ চণ্ডীগড়,৫ ছত্তীসগঢ়৬, চণ্ডীগড়,৭ দাদৰা আৰু নগৰ হাভেলী৮, দমন আৰু দিউ৯, দিল্লী এনচিআৰ,১০ গোৱা,১১ গুজৰাট,১২ হাৰিয়ানা,১৩ হিমাচল প্ৰদেশ,১৪ ঝাৰখণ্ড,১৫ কৰ্ণাটক,১৬ মধ্য প্ৰদেশ,১৭ মহাৰাষ্ট্ৰ,১৮ ওড়িশা,১৯ পুডুছেৰী,২০ পাঞ্জাব,২১ ৰাজস্থান,২২ ত্ৰিপুৰা,২৩ উত্তৰাখণ্ড,২৪ উত্তৰ প্ৰদেশ,২৫ আৰু পশ্চিমবংগ২৬; এইবোৰ ঠাইত এওঁলোকৰ নিজা আঞ্চলিক নাম আৰু খিলঞ্জীয়া গোট আছে।
কিছুমান নাই বা নাপিত শিখ ধৰ্মৰ অনুগামী।২৭ তেওঁলোকৰ পৰম্পৰাগত ভূমিকা আছিল চুলি কটা আৰু অন্যান্য জাতি গোটৰ সদস্যসকলে উদ্যাপন কৰা জীৱনচক্ৰৰ আচাৰ-ব্যৱহাৰৰ বাৰ্তা লোৱা।২৭
বিৱৰণ
পৌৰাণিক সংযোগ
নাইসকলৰ মাজত প্ৰচলিত এক কিংবদন্তি অনুসৰি তেওঁলোক নাভিৰ পৰা উদ্বুদ্ধ বংশধৰ, যি পুৰাণিক সাহিত্যত ইক্ষ্ৱাকু বংশৰ ৰজা।২৮
অন্যান্য মতামত
তামিল অঞ্চলত নাপিত জাতিৰ কিছুমান লোকে চিকিৎসা চৰ্চা কৰিছিল আৰু আগতে “আম্বাথান’’ বুলি কোৱা হৈছিল।২৯
বৃত্তি
নাইসকলৰ পৰম্পৰাগত বৃত্তি হৈছে নাপিত বা চুলি কটা।। বিবাহ উৎসৱত পৰম্পৰা অনুসৰি কৰা কামো তেওঁলোকে কৰে।৩০৩১৩২ সমাজৰ মাজৰ শিক্ষিত লোকসকলে ব্যৱসায় আৰু সেৱাৰ দৰে অন্যান্য বিভিন্ন বৃত্তি গ্ৰহণ কৰিছে।৩৩
ছেইনৰ ধাৰণাবোৰৰ প্ৰভাৱ
নাইসকলে ভগত ছেইনৰ ধাৰণা আৰু শিক্ষা গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটোৰে ছেইনাচাৰ্য্যৰ প্ৰতিষ্ঠান স্থাপন কৰি ছেইনক দেৱীকৰণৰ জৰিয়তে চিত্ৰিত কৰা ছেইনাইজেচন হিচাপে ধাৰণা কৰিব পাৰি। জাতি ব্যৱস্থাৰ আধিপত্যবাদী মূল্যবোধ আৰু স্তৰবৃত্তক প্ৰত্যাহ্বান জনোৱা ভক্ত কবি কবীৰৰ সমসাময়িক হিচাপে পৰিগণিত হোৱা ভগত ছেইন হৈ পৰিছে নাইসকলৰ গৌৰৱ আৰু পৰিচয় গঠনৰ আটাইতকৈ শ্ৰদ্ধাৰ প্ৰতীক। তেওঁলোকৰ সাংস্কৃতিক স্বায়ত্তশাসন দৃঢ় কৰাৰ উদ্দেশ্যে ১৯৯২ চনত পূষ্কৰত নেতৃত্ব দিয়া উজ্জয়ীন মহাকুম্ভ মেলা উপলক্ষে অখিল ভাৰতীয় ছেইন ভক্তিপিঠ ট্ৰাষ্ট গঠন কৰা হয়। অচলানন্দজী মহাৰাজক প্ৰথম ছেইনাচাৰ্য কৰা হয়।৩৪
উন্নয়নৰ প্ৰচেষ্টা
ব্ৰিটিছ যুগত নাইসকলে ১৯২১ চনৰ লোকপিয়লত নিজকে ঠাকুৰ আৰু ১৯৩১ চনৰ লোকপিয়লত ব্ৰাহ্মণ বুলি দাবী কৰি নিজৰ সামাজিক মৰ্যাদা বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল।৩৫ এই জাতিৰ সদস্যসকলে ১৯৪১ চনৰ লোকপিয়লত তেওঁলোকৰ জাতিৰ নাম "নাই ব্ৰাহ্মণ" নামেৰে ৰখাৰ বাবে অনুৰোধ জনায়।৩৬ তুলনামূলকভাৱে নিম্ন বৰ্ণৰ উচ্চ বৰ্ণৰ মৰ্যাদাৰ দাবীৰ এনে প্ৰচেষ্টাক সংস্কৃতকৰণ বুলি কোৱা হয়।৩৫
তথ্যসূত্ৰ
- ↑ Rangachari, Edgar Thurston (1855-1935) K. Castes and Tribes of Southern India: Volume VII—T to Z. www.gutenberg.org
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ Central List of OBCs for the State of Bihar. National Commission for Backward Classes. পৃ. 2
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ Central List of OBCs for the State of Delhi. National Commission for Backward Classes. পৃ. 3
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ Central List of OBCs for the State of Gujarat. National Commission for Backward Classes. পৃ. 5
- ↑ Central List of OBCs for the State of Haryana. National Commission for Backward Classes. পৃ. 2
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ Central List of OBCs for the State of Madhya Pradesh. National Commission for Backward Classes. পৃ. 5
- ↑ Central List of OBCs for the State of Maharashtra. National Commission for Backward Classes. পৃ. 4
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ Central List of OBCs for the State of Punjab. National Commission for Backward Classes. পৃ. 2
- ↑ Central List of OBCs for the State of Rajasthan. National Commission for Backward Classes. পৃ. 2
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ Central List of OBCs for the State of Uttar Pradesh. National Commission for Backward Classes. পৃ. 3
- ↑ National Commission for Backward Classes. Ncbc.nic.in
- ↑ Kalsi, Sewa Singh. (1992). The Evolution of a Sikh Community in Britain: Religious and Social Change Among the Sikhs of Leeds and Bradford. Community Religions Project Department of Theology and Religious Studies, University of Leeds. পৃ. 101. ISBN 9781871363036
- ↑ Mani, Vettam. (1975). Puranic encyclopaedia: a comprehensive dictionary with special reference to the epic and Puranic literature. Delhi: Motilal Banarsidass
- ↑ Leslie, Charles M. (1998). Asian Medical Systems: A Comparative Study. Motilal Banarsidass Publishers. পৃ. 38. ISBN 978-81-208-1537-7
- ↑ K.S Singh. (1998). India's communities. Anthropological Survey of India. পৃ. 2550. ISBN 978-0-19-563354-2
- ↑ Indu Banga. (1997). Five Punjabi Centuries: Policy, Economy, Society, and Culture, C. 1500-1990: Essays for JS Grewal. Manohar. পৃ. 410. ISBN 817304175X
- ↑ Brij Mohan. (2021). Life Lessons from Gitaji on New Society. Notion Press. ISBN 978-1638326274
- ↑ K.S Singh. (1998). India's communities. Anthropological Survey of India. পৃ. 2550. ISBN 978-0-19-563354-2
- ↑ Singh, Jagpal. (2020-10-07). Caste, State and Society: Degrees of Democracy in North India. Taylor & Francis. ISBN 978-1-000-19606-1
- ↑ Fernandes Lancy; Bhatkal Satyajit. (1999). The Fractured Civilization. Popular Prakashan. পৃ. 37. ISBN 8171588816
- ↑ Shriram Maheshwari. (1996). The Census Administration Under the Raj and After. Concept Publishing Company. পৃ. 105. ISBN 9788170225850
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাই (নাপিত)” প্ৰবন্ধৰ সংশোধন ৫৭৪৭৭৮ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।