অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নীনা মালহোত্ৰা

নীনা মালহোত্ৰা:Neena Malhotra ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৯২ ব্যাচৰ এগৰাকী বিষয়া। ২০২০ চনৰ ছেপ্টেম্বৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈকে তেওঁ ইটালী, ৰিপাব্লিক অৱ ছান মেৰিনো, আৰু ৰোমত ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহৰ ভাৰতীয় ৰাষ্ট্ৰদূত আছিল আৰু তেওঁ ৰোমত থাকি কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১১ মে’ ২০২৬ ৩৬৯ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

নীনা মালহোত্ৰা:Neena Malhotra ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৯২ ব্যাচৰ এগৰাকী বিষয়া। ২০২০ চনৰ ছেপ্টেম্বৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈকে তেওঁ ইটালী, ৰিপাব্লিক অৱ ছান মেৰিনো, আৰু ৰোমত ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহৰ ভাৰতীয় ৰাষ্ট্ৰদূত আছিল আৰু তেওঁ ৰোমত থাকি কাৰ্যনিৰ্বাহ কৰিছিল।১২ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০২৪ চনৰ অক্টোবৰ মাহত ছুইডেন ৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি লাভ কৰে।৩

কৰ্ম জীৱন

মালহোত্ৰাই নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে নিউয়ৰ্ক আৰু পেৰিছত সেৱা আগবঢ়াইছে। ২০২০ চনৰ আৰম্ভণিতে মালহোট্ৰাক যুটীয়া সচিব (পূব আৰু দক্ষিণ আফ্ৰিকা)ৰ পৰা অতিৰিক্ত সচিব (ভাৰত-প্ৰশান্ত মহাসাগৰীয়)লৈ স্থানান্তৰ কৰা হয়।৪ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ৫ ঘোষণা কৰা হয় যে মালহোট্ৰা ইটালী, ৰিপাব্লিক অৱ ছান মেৰিনো আৰু ৰোমত ৰাষ্ট্ৰসংঘৰ সংগঠনসমূহৰ ভাৰতীয় ৰাষ্ট্ৰদূত হ'ব।৬ তেওঁ নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (আই এ আৰ আই)ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।৭

বিতৰ্ক

২০০৬ চনৰ পৰা ২০০৯ চনলৈকে নীনা মালহোত্ৰাই নিউয়ৰ্কৰ কনছুলেট জেনেৰেলত প্ৰেছ কাউন্সেলাৰ হিচাপে কাম কৰিছিল। ২০১০ চনত, তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে নিউয়ৰ্কৰ ছাউথাৰ্ণ ডিষ্ট্ৰিক্ট কোৰ্টত দাসত্ব সম্পৰ্কীয় এটা গোচৰ ৰজু কৰিছিল তেওঁলোকৰে শান্তি গুৰুঙ নামৰ এগৰাকী গৃহ সহায়িকাই। গোচৰটোত অভিযোগ কৰা হৈছে যে, গুৰুঙক মজিয়াত মাটিত শুবলৈ বাধ্য কৰা হৈছিল, যদিও খালী কোঠা আছিল। প্ৰতিদিনে ১৬ ঘণ্টাৰ কঠোৰ গৃহকৰ্ম কৰিবলৈ বাধ্য কৰা হৈছিল। নীনা মালহোত্রাক প্ৰতিদিনে মালিচ কৰিবলৈ বাধ্য কৰা হৈছিল,যিটো কামে গুৰুঙক "অতি অস্বস্তিকৰ" কৰি তুলিছিল। ৮লগতে মালহোত্ৰা পৰিয়ালে ভাবুকি দিছিল যে যদি তাই পলাই যায় আৰু ঘূৰি নাহে তেন্তে আমেৰিকাৰ চৰকাৰী সংস্থাসমূহে তাইক নিৰ্যাতন চলাব।৯ গুৰুঙৰ মতে দৈনন্দিন গালি-গালাজ খাই জীৱন-যাপন কৰিব লগাত পৰিছিল। তাই প্ৰায়ে ভোকত আছিল, যথেষ্ট ওজন কমিছিল, জাৰত লবলৈ পৰ্যাপ্ত কাপোৰ নাছিল আৰু শাৰীৰিক ৰোগত আক্ৰান্ত হৈছিল।৯এই ঘটনাই কূটনৈতিক জগতত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল।৯

গোচৰ অনুসৰি নীনা মালহোত্ৰাই গুৰুঙৰ বাবে এ-৩ ভিছা লাভ কৰিবলৈ আমেৰিকা চৰকাৰৰ আগত ভুল তথ্য প্ৰকাশ কৰিছিল। নতুন দিল্লীত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতাবাসত জমা দিয়া চুক্তিপত্ৰত গুৰুঙক প্ৰতি ঘণ্টাত $7 (USD) দিয়া হ'ব বুলি দেখুৱোৱা হৈছিল। কিন্তু বাস্তৱতে, মালহোত্রাই গুৰুঙক কেৱল ৫,০০০ ভাৰতীয় টকা (~$108) মাহিলী দৰমহা দিব বুলি কোৱা হৈছিল। তেওঁক "পাতলীয়া ৰন্ধা-বঢ়া, লঘু পৰিষ্কাৰ, আৰু কেতিয়াবা বাসভৱন পাৰ্টিত সহায় কৰাৰ" নামত তিনিবছৰ চাকৰি কৰিবলৈ দিয়া হৈছিল। এই সকলো ক্ষেত্ৰতে গুৰুঙে অভিযোগ কৰিছিল যে তেওঁ প্ৰতিশ্ৰুতি দিয়া মজুৰি লাভ কৰা নাছিল।৯ এই অভিযোগসমূহে নীনা মালহোত্রাৰ বিৰুদ্ধে গম্ভীৰ নৈতিক আৰু আইনী বিতৰ্ক সৃষ্টি কৰিছিল।৯

আমেৰিকাৰ জিলা ন্যায়াধীশ আৰু ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত ভিক্টৰ মাৰেৰ'ই এই গোচৰৰ সভাপতিত্ব কৰিছিল।১০ মাৰেৰ'ই শান্তি গুৰুঙৰ সপক্ষে ৰায়দান কৰে আৰু ২০১২ চনত আমেৰিকাৰ দণ্ডাধীশ ন্যায়াধীশ ফ্ৰেংক মাছৰ তথ্যৰ ভিত্তিত মালহোত্ৰাপৰিয়ালৰ বিৰুদ্ধে ১,৪৫৮,৩৩৫ মাৰ্কিন ডলাৰৰ ৰায়দান কৰে।১১৯ ২০১৬ চনৰ হিচাপত এই ৰায়দানৰ বেতন দিয়া হোৱা নাই।১২ গুৰুঙক প্ৰতিনিধিত্ব কৰিছিল গিবছন, ডান এণ্ড ক্ৰাচাৰৰ মিচেল এলান কাৰ্লিনে।৯ ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তদন্তৰ দ্বাৰা মালহোত্ৰাক সকলো অভিযোগৰ পৰা মুক্ত কৰা হয়৯ আৰু দিল্লী উচ্চ ন্যায়ালয়ে দাসীগৰাকী আৰু তেওঁৰ উকীলসকলক ভাৰতত কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাত বাধা দিয়ে।১৩ প্ৰভু দয়াল আৰু দেৱানী খব্ৰাগাড়েককে ধৰি আমেৰিকাত ভাৰতীয় কূটনীতিবিদসকলৰ সৈতে একেধৰণৰ পৰিস্থিতিৰ সৈতে অন্যান্য কিছুমান একেধৰণৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি কব পাৰি যে আমেৰিকাত ভাৰতীয় কূটনীতিবিদসকলক লক্ষ্য কৰি লোৱা যেন অনুভব হয়।[উদ্ধৃতিৰ প্ৰয়োজন]।১৪

২০১৩ চনত পাছপ’ৰ্ট আৰু ভিছা বিভাগৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে মালহোত্ৰাই সমকামিতাৰ ভিত্তিত আমেৰিকাৰ কূটনৈতিক পত্নীৰ বাবে ভিছা অস্বীকাৰ কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্ধৃতিৰে আন এজন ভাৰতীয় কূটনৈতিক বিষয়াই কয় যে সমকামী দম্পতীক পৰিয়ালৰ সদস্য হিচাপে ভিছা দিয়াটো পূৰ্বতে সাধাৰণ প্ৰথা আছিল।১৫

মালহোত্ৰক এম ই এয়ে আৰ্কাইভ আৰু ৰেকৰ্ড ব্যৱস্থাপনা বিভাগলৈ বদলি কৰে।১৫

তথ্যসূত্ৰ

  1. ↑ (4 September 2020). Dr Neena Malhotra Named India's Next Envoy To Italy. BW Businessworld
  2. ↑ Embassy of India, Rome, Italy: Ambassador's Profile. indianembassyrome.gov.in
  3. ↑ Neena Malhotra nominated as India's Ambassador to Sweden. ANI News
  4. ↑ (31 January 2020). Ministry of External Affairs undertakes path breaking restructuring exercise. Economic Times
  5. ↑ News Desk. (2020-09-03). Dr. Neena Malhotra appointed as the next Ambassador to Italy. IndiaTIES
  6. ↑ News Desk. (2020-09-03). Dr. Neena Malhotra appointed as the next Ambassador to Italy. IndiaTIES
  7. ↑ www.fao.org/fileadmin/user_upload/gsb/Files/Subs
  8. ↑ (21 December 2013). Proposal to ensure increased wages for domestic helps revived. Indian Express
  9. ↑ Shanti Gurung v. Jogesh Malhotra, et al.
  10. ↑ Federal Judicial Center: Victor Marrero
  11. ↑ US court asks Indian diplomat to pay $1.5m to 'tortured' maid. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ Vandenberg, Martina E.; Bessell, Sarah. (2016). Diplomatic Immunity and the Abuse of Domestic Workers: Criminal and Civil Remedies in the United States. Duke Journal of Comparative & International Law. পৃ. 598
  13. ↑ DHNS. Diplomat gets clean chit in slavery case. Deccan Herald
  14. ↑ (2012-03-17). HC restrains maid from pursuing ‘slavery’ case against Indian diplomats in US. The Indian Express
  15. ↑ IFS officer denies visa to spouse of gay American diplomat, moved out. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীনা মালহোত্ৰা” প্ৰবন্ধৰ সংশোধন ৬০৫৮৩৫ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।