অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নাওমি চণ্ডা

নাওমি চণ্ডা (: Naomi Chanda ) উত্তৰ জাম্বিয়াৰ চিনছালিত বাস কৰা জাম্বিয়াৰ এগৰাকী কৃষক আৰু কৃষি প্ৰশিক্ষক। তেওঁ জলবায়ু-স্মাৰ্ট কৃষি কৌশল শিকোৱাৰ বাবে কেম্পেইন ফৰ ফিমেল এডুকেশ্যন (কেমফেড)ৰ সৈতে কাম কৰে আৰু তেওঁৰ সম্প্ৰদায়ৰ পদক্ষেপৰ জৰিয়তে মহিলাৰ শিক্ষা আৰু সৱলীকৰণত সহায় কৰে।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৬ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

নাওমি চণ্ডা (: Naomi Chanda ) উত্তৰ জাম্বিয়াৰ চিনছালিত বাস কৰা জাম্বিয়াৰ এগৰাকী কৃষক আৰু কৃষি প্ৰশিক্ষক। তেওঁ জলবায়ু-স্মাৰ্ট কৃষি কৌশল শিকোৱাৰ বাবে কেম্পেইন ফৰ ফিমেল এডুকেশ্যন (কেমফেড)ৰ সৈতে কাম কৰে আৰু তেওঁৰ সম্প্ৰদায়ৰ পদক্ষেপৰ জৰিয়তে মহিলাৰ শিক্ষা আৰু সৱলীকৰণত সহায় কৰে। যাৰ বাবে তেওঁক ২০২৪ চনত বিবিচিৰ ১০০ গৰাকী প্ৰেৰণাদায়ক মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

চণ্ডাৰ জন্ম উত্তৰ জাম্বিয়াত হৈছিল আৰু শিশুকালতে পিতৃৰ মৃত্যু হোৱাৰ পিছত চণ্ডাক তেওঁৰ মাতৃয়ে চিনছালি জিলাত ডাঙৰ-দীঘল কৰে।১ নাওমীৰ শিক্ষাৰ খৰচ—যেনে স্কুল ফীচ, ইউনিফৰ্ম আৰু আন প্ৰয়োজনীয় সামগ্ৰী সমূহৰ—যোগান ধৰিবলৈ তেওঁৰ মাতৃয়ে বহু অসুবিধাৰ সন্মুখীন হৈছিল।১ আৰ্থিক সংকটৰ বাবে তেওঁক শিক্ষাদিয়াত মাক বিপদত পৰিছিল যদিও, তেওঁ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত অধ্যয়ন অব্যাহত ৰাখিছিল।১২

মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁলোকৰ আৰ্থিক অৱস্থা আৰু অধিক সংকটজনক হৈ পৰিছিল, তেতিয়া আন্তৰাষ্টীয় বেচৰকাৰী অলাভজনক সংস্থা কেমফেদ (Camfed)-এ আগবঢ়াই দিয়া আৰ্থিক সহায় তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠে।১ এই সহায়ৰ অন্তৰ্গত আছিল স্কুল ফীচ, ইউনিফৰ্ম আৰু অধ্যয়নৰ সামগ্ৰী, যাৰ ফলত তেওঁ নিজৰ আকাংক্ষিত শিক্ষা সম্পূৰ্ণ কৰিব পাৰিছিল।১

কৰ্ম জীৱন

২০১৬ চনত মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত চণ্ডাই সংস্থাটোৰ সহায়ত শিক্ষিত মহিলাৰ নেটৱৰ্ক কেমফেড এছ'চিয়েচনত যোগদান কৰে।১ প্ৰথমতে তেওঁ এগৰাকী শিকাৰু গাইড হিচাপে প্ৰশিক্ষণ লৈছিল, তেওঁৰ সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলক জীৱন দক্ষতা আৰু আত্মবিকাশৰ অধিবেশন প্ৰদান কৰিছিল।১ "মোৰ উন্নত পৃথিৱী" পাঠ্যক্ৰমৰ অংশ এই কাৰ্যসূচী সমূহৰ লক্ষ্য আছিল ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস, সমস্যা সমাধানৰ ক্ষমতা আৰু তেওঁলোকৰ অধিকাৰ আৰু দায়িত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।১

চণ্ডাই স্থানীয় মুখীয়ালে প্ৰদান কৰা মাটিত স্থাপন কৰা চিনছালিৰ কেমফেডৰ জলবায়ু-স্মাৰ্ট প্ৰদৰ্শনী ফাৰ্মত কৃষি গাইড হিচাপে বিস্তৃত সম্প্ৰদায়ৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিজৰ মনোযোগ সম্প্ৰসাৰিত কৰে।১ এই ফাৰ্মখনে যুৱতীসকলক বহনক্ষম কৃষি কৌশলৰ প্ৰশিক্ষণ দিয়াৰ কেন্দ্ৰ হিচাপে কাম কৰে।১ চন্দা আৰু তেওঁৰ সহযোগীসকলে খৰাং প্ৰতিৰোধী শস্য ৰোপণ কৰা, ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গোবৰ ব্যৱহাৰ কৰা আৰু কৃষি পৰিবেশগত কৌশলসমূহ একত্ৰিত কৰা আদি পদ্ধতিৰ প্ৰচাৰ কৰে।১২

চণ্ডাই ১৫০ গৰাকীতকৈও অধিক মহিলা আৰু ছোৱালীক জলবায়ু পৰিৱৰ্তনৰ সৈতে কৃষি পদ্ধতিৰ লগত খাপ খুৱাবলৈ প্ৰশিক্ষণ দিছে।২৩ তেওঁ স্থানীয় ক্ষুদ্ৰ কৃষক আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক কৃষি কৌশল শিকোৱাৰ লগতে সম্প্ৰদায়ৰ প্ৰচাৰ কাৰ্যসূচীও পৰিচালনা কৰে।১২ এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে দীৰ্ঘদিনীয়া খৰাং আৰু অস্বাভাৱিক বৰষুণৰ দৰে পৰিৱেশগত প্ৰত্যাহ্বানৰ বিৰুদ্ধে স্থিতিস্থাপকতা গঢ়ি তোলা।২৩

কেমফেড এছ'চিয়েচনৰ ভিতৰত তেওঁৰ নেতৃত্বৰ ভূমিকাসমূহৰ ভিতৰত ২০১৯ চনত জিলা অধ্যক্ষ হিচাপে আৰু পিছলৈ ২০২২ চনত জাম্বিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো উল্লেখযোগ্য।১ এই পদসমূহত মহিলাৰ বাবে শৈক্ষিক পুনৰ প্ৰৱেশ নীতিৰ পোষকতা কৰা আৰু সম্প্ৰদায়ৰ পদক্ষেপসমূহক সমৰ্থন কৰা জড়িত আছিল১ ২০২৪ চনত চান্দাক বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।১

ব্যক্তিগত জীৱন

চণ্ডাই আৰ্থিক ভাবে দুৰ্বল মহিলাক তেওঁলোকৰ স্কুলৰ মাচুল আদায় দি আৰু ইউনিফৰ্ম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি সহায় কৰে।১ তেওঁ ঘৰুৱা সামগ্ৰীৰ এটা সৰু ব্যৱসায় চলায়, সেই ব্যৱসায়ৰ লাভৰ পৰা সমাজৰ বঞ্চিত শিশুসকলক তেওঁ সহায় কৰি আহিছে১ চণ্ডাই নিজৰ পৰিয়ালৰ ঘৰখনক মহিলাৰ বাবে আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰি আগতীয়াকৈ বিবাহৰ আশংকা থকা লোকসকলৰ বাবে নিৰাপদ স্থান প্ৰদান কৰে আৰু তেওঁলোকৰ শিক্ষা গ্ৰহণত প্ৰয়োজনীয় সহায় সহযোগিতা আগ বঢ়াই ১

তথ্যসূত্ৰ

  1. ↑ (2023-05-26). Naomi, CAMFED Association member, Zambia. Camfed
  2. ↑ Matiashe, Farai Shawn; Ufumeli, Tafadzwa. (2023-06-08). An all-female farm in remote Zambia nurtures future climate leaders. The Standard
  3. ↑ (2024-12-06). Zambia's Naomi Chanda Featured in the Latest BBC 100 Women. Zambian Digest

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাওমি চণ্ডা” প্ৰবন্ধৰ সংশোধন ৫৭৮৪২২ (১৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।