নেপালী লোককথা (ইংৰাজী: সৰহ) নেপালী জনসাধাৰণৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৰম্পৰাগত বিশ্বাসৰ এক বৈচিত্ৰময় গোট।
লোকবিশ্বাস
বনঝাক্ৰি আৰু বনঝাক্ৰিনী: নেপাল আৰু ভাৰতৰ ছিকিম, দাৰ্জিলিং, আৰু কালিম্পং আদিৰ কিৰাট জনগোষ্ঠীৰ পৰম্পৰাৰ তান্ত্ৰিক দেৱতা। এওঁলোক দুয়ো দম্পতী, আৰু সম্ভৱতঃ একেটা সত্তাৰ ভিন্ন দিশ।১ অৰণ্যৰ অলৌকিক বেজ। নেপালী ভাষাত বন শব্দৰ অৰ্থ "অৰণ্য", ঝাক্ৰিৰ অৰ্থ "তান্ত্ৰিক বা বেজ", আৰু ঝাক্ৰিনীৰ অৰ্থ "মহিলা তান্ত্ৰিক বা বেজ"। বনঝাক্ৰিনী লেমলেমেই নামেৰেও জনা যায়।
বীৰ: এটা দানৱ
বোক্সী নেপালৰ কিংবদন্তীমতে ডাইনীবিদ্যা, জৰা-ফুকা আৰু তন্ত্ৰৰ জ্ঞান থকা ব্যক্তি। তন্ত্ৰ-শাস্ত্ৰ আৰু শিৱপুৰাণৰ মতে বোক্সী বা বোক্সা হৈছে স্বাভাৱিক দেৱ বা দেৱীৰ পৰা পৃথক আৰু নিজস্ব ভাষা থকা নাৰী অথবা পুৰুষ। বোক্সীৰ এক ঐশ্বৰিক শক্তি আছে আৰু তেওঁলোক বিভিন্ন ৰোগ নিৰাময় কৰিবলৈ সক্ষম।
কিচ্কন্যা বা কিচ্কণ্ডি নেপালী লোককথা বা পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী নাৰীৰ আত্মা৷২ মৃতদেহৰ দহন নোহোৱা কোনো অংশ বিশেষকৈ হাড়ত এই আত্মা সংযুক্ত হৈ থাকে।
লাখেই বা লা-খে অথবা লাখেয় ঈশ্বৰৰ শোভাযাত্ৰাত কৰা অসুৰৰ এক নৃত্য। ই নেপালৰ পৰিচিত লোকনৃত্য৷ কোনো প্ৰাচীন ৰাজপ্ৰসাদৰ সম্মুখত থকা আৰু হিন্দু মন্দিৰেৰে সুসজ্জিত নেপালৰ কাঠমাণ্ডুৰ ঐতিহাসিক প্লাজা দৰবাৰ চৌহদত হিন্দু স্বৰ্গৰ ৰজা ইন্দ্ৰক পূজা কৰা ইন্দ্ৰ যাত্ৰাৰ অন্তিম দিনটোত এই ঠাই সদায় শ্ৰদ্ধালু লোকেৰে ভৰি থাকে। এই উছৱমুখৰ পৱিত্ৰ স্থানত লাখে নামৰ অসুৰে অদম্যভাৱে আৰু অসাৱধানতাৰে দেৱ-দেৱতাৰ মাজত নৃত্য কৰে। তেওঁৰ মূৰ্তিটোত তেওঁৰ উগ্ৰ মুখ, উজলা দাঁত আৰু ৰঙা বা ক’লা চুলিৰ কোচাৰে সজ্জিত কৰা হৈছে। সমগ্ৰ নেপাল মণ্ডলৰ পৰম্পৰাগত নেৱাৰ সংস্কৃতিত লাখেৰ স্থান বিশিষ্ট। লাখেৰ পৰম্পৰা সমগ্ৰ নেপালৰ কাঠমাণ্ডু উপত্যকা আৰু অন্যান্য ঠাই, নেৱাৰ সম্প্ৰদায়ৰ লোক বাস কৰা অঞ্চলত পোৱা যায়।৩
মুৰ্কট্টা চকু আৰু মুখ বুকুত থকা আৰু বাহুৰ তলত মূৰ থকা এবিধ মুণ্ডহীন ভূত। বিভিন্ন নেপালী সংস্কৃতি আৰু পৰম্পৰাত মুৰ্কত্তৰ বিষয়ে উল্লেখ আছে।৪৫ ইহঁতক মৃত্যুৰ পৰা অহা আত্মা হিচাপে গণ্য কৰা হয়।৬
য়েটি এছিয়াৰ হিমালয় পৰ্বতমালাত বাস কৰে বুলি বিশ্বাস কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক প্ৰাণী।
তথ্যসূত্ৰ
- ↑ Pratt, Christina. (2007). An Encyclopedia of Shamanism. Rosen Publishing. পৃ. 54–55. ISBN 978-1-4042-1040-0
- ↑ Ravindra, Smriti Jaiswal. (Mar 27, 2015). Kichkandi. Kathmandu Post
- ↑ Gurung, Anuj. (Spring 2009). A Demon Among Deities. Cultural Survival
- ↑ Wilson-Howarth, J. (2013). A Glimpse of Eternal Snows: A Journey of Love and Loss in the Himalayas. BRADT TRAVEL GUIDES. Bradt Travel Guides. ISBN 978-1-84162-435-8
- ↑ Wilson-Howarth.com - - How much is true?
- ↑ nepalese_customs_and_manners.pdf
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালী লোককথা” প্ৰবন্ধৰ সংশোধন ৬৩১৪৭২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।