ইৰাণৰপৰা মানৱ মূলধনৰ বহিঃপ্ৰৱাহ ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছৰেপৰা ইৰানৰপৰা মানৱ পুঁজিৰ বহিঃপ্ৰৱাহ এক উল্লেখযোগ্য পৰিঘটনা।১ ১৯৯০ চনৰ আৰম্ভণিতে প্ৰতি বছৰে ১ লাখ ৫০ হাজাৰতকৈ অধিক ইৰাণীয়ে ইছলামিক গণৰাজ্য এৰি থৈ যায় ২ আৰু সেই সময়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰা সকলো ইৰাণীৰ অনুমাণিক ২৫ শতাংশই বিদেশত অ'ইচিডিৰ মানদণ্ডৰ উন্নত দেশত বাস কৰিছিল।২৩ ২০০৯ চনৰ আই এম এফৰ প্ৰতিৱেদনত কোৱা হৈছে যে ইৰাণ শৈক্ষিক অভিজাত শ্ৰেণী হেৰুৱাই পেলোৱা দেশসমূহৰ তালিকাৰ শীৰ্ষত আছে; ই ১৫০,০০০ৰপৰা ১ লাখ ৮০,০০০ ভিতৰত বিশেষজ্ঞ হেৰুৱাইছিল। যিটো মোটামুটিভাৱে যথেষ্ট মূলধনী লোকচানৰ সমতুল্য। ৪৫৬ ইয়াৰ উপৰি ২০০৯ চনৰ ইৰাণৰ নিৰ্বাচনী প্ৰতিবাদৰ পিছত ৰাজনৈতিক দমনৰ ফলত ইৰাণৰ বুদ্ধিজীৱীসকলৰ গণ পলায়ন ঘটে, যাক "ক্ৰমবৰ্ধমান শৰণাৰ্থী পলায়ন" বুলি বৰ্ণনা কৰা হয়।৭ ইয়াৰ উপৰি আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই (CIA) "ব্ৰেইনড্ৰেইন প্ৰজেক্ট" নামৰ এক গোপন অভিযান চলাই আছে বুলিও বাতৰি প্ৰকাশ পাইছে, যাৰ লক্ষ্য হৈছে ইৰাণৰ পাৰমাণৱিক বিশেষজ্ঞসকলক নিজৰ পক্ষলৈ আকৰ্ষণ কৰা, যাৰ ফলত ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী দুৰ্বল হৈ পৰিছে। ৮
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ইৰাণ চৰকাৰে শিক্ষিত ব্যক্তিৰ প্ৰব্ৰজন ৰোধৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰে, যাৰ ভিতৰত চোৰাংচোৱাগিৰি বৃদ্ধি আৰু মানুহৰ চলাচলত সম্ভাৱ্য বাধা আৰোপ কৰা হয়। ৯১০
পটভূমি
২০০৩ চনত ইৰানৰ উন্নয়নৰ ওপৰত ৰাষ্ট্ৰসংঘৰ 'সাধাৰণ দেশৰ মূল্যায়ন' অনুসৰি ১৯৯১ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত ইৰাণত চাকৰি সৃষ্টিৰ ফলত "শ্ৰম বজাৰত প্ৰৱেশ কৰা লোকসকলৰ ৬০ শতাংশতকৈও কম লোকে কৰ্মসংস্থাপন লাভ কৰিছিল।" ৫
কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই অনুমান কৰিছে যে ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ ৫ কোটি ১০ লাখ ইৰাণীৰ ভিতৰত ৭৭ শতাংশই পঢ়িব আৰু লিখিব পাৰে।১১ এই জনসংখ্যাৰ এটা বৃহৎ অংশ কলেজ পৰ্যায়ত আছে বা ইয়াৰ কাষ চাপিছে। ইৰাণত 'মগজুৰ নিষ্কাশন'ৰ কাৰণসমূহ হ'ল: "বিদেশত অৰ্থনৈতিক সমৃদ্ধি আৰু উন্নত শিক্ষাৰ সুযোগ। দেশখনে নিজৰ নাগৰিকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰাৰ লগতে নিবনুৱা সমস্যাৰ উচ্চ হাৰ আৰু বৌদ্ধিক আৰু সামাজিক সুৰক্ষাৰ সাধাৰণ অভাৱ। এই সকলোবোৰ কাৰকে মগজুৰ নিষ্কাশনত অৰিহণা যোগায়। ইয়াৰ উপৰি ইৰানত থকা 'আত্ম-চেন্সৰশ্বিপ'এ মানুহক মুক্তভাৱে চিন্তা আৰু লিখাত বাধা প্ৰদান কৰে।" ই এনে এক বাধা যিয়ে বৈজ্ঞানিক আৰু সমাজ বিজ্ঞান দুয়োটাতে গৱেষণাক অত্যন্ত কঠিন কৰি তোলে।" ১২
ইৰানত বিশ্ববিদ্যালয়ৰ আসনৰ বাবে হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতাও ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতি বছৰে পৰীক্ষা দিয়া প্ৰায় ১৫ লাখ লোকৰ ভিতৰত মাত্ৰ ১১ শতাংশইহে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতো যুৱক-যুৱতীসকলে দেখিবলৈ পায় যে উপলব্ধ চাকৰিৰ সংখ্যা অতি কম। চৰকাৰী পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে শ্ৰম বজাৰত প্ৰৱেশ কৰা ২ লাখ ৭০ হাজাৰ বিশ্ববিদ্যালয়ৰ স্নাতক ছাত্ৰৰ ভিতৰত মাত্ৰ প্ৰায় ৭৫ হাজাৰ লোকেহে চাকৰি পাবলৈ সক্ষম হয়। ‘মানৱ পুঁজি’ৰ এই বহিঃগমনে প্ৰতি বছৰে চৰকাৰৰ ৩৮ বিলিয়ন ডলাৰতকৈ অধিক ব্যয় হয় আৰু এয়া তেল বিক্ৰীৰপৰা পোৱা ৰাজহৰ দুগুণ। ‘পাঁচবছৰীয়া উন্নয়ন পৰিকল্পনা’ৰ বিধানৰ অধীনত দেশে নিবনুৱা জনসাধাৰণৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে; কিন্তু এই প্ৰচেষ্টাসমূহৰ ফল এতিয়াও সাফল্যমণ্ডিত হোৱা নাই। ফলত দেশখনে ইয়াৰ 'শিক্ষিত প্ৰবাসী সম্প্ৰদায়'ৰপৰাও লাভৱান হ'ব নোৱাৰে বা দেশত উপস্থিত নিবনুৱা বিশেষজ্ঞৰ পুলৰপৰাও লাভৱান হ'ব নোৱাৰে।" ১২
ইতিহাস
এটা সূত্ৰৰ মতে,১৩ ইৰাণৰপৰা প্ৰব্ৰজন আৰম্ভ হৈছিল ইৰাণ-ইৰাক যুদ্ধৰ বাবে সৈনিক নিযুক্তিৰপৰা। চৰকাৰক নতুন সৈনিকৰ প্ৰয়োজন আছিল আৰু সেই সৈন্যসকলৰ মাজত মৃত্যুৰ হাৰ অধিক হোৱাৰ বাবে নিযুক্তি পোৱা ইৰাণী পুৰুষসকলক আন দেশলৈ পলায়ন কৰিবলৈ বাধ্য কৰাইছিল।
আন এটা সম্ভাৱ্য কাৰণ হ’ব পাৰে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত হোৱা ইৰাণৰ সাংস্কৃতিক বিপ্লৱ। ১৯৮০ চনৰ ১২ জুনত সাংস্কৃতিক বিপ্লৱে ইৰাণৰ উচ্চ শিক্ষা-ব্যৱস্থাক বৃহৎ সংস্কাৰ কৰাৰ প্ৰয়াসত এবছৰতকৈও অধিক সময় বন্ধ কৰি দিছিল। তথাপি শিক্ষিত ইৰাণীসকলে বিদেশলৈ প্ৰব্ৰজন কৰাৰ বিষয়টো ১৯৮০ চনৰ ৩১ অক্টোবৰতহে আলোচনা কৰা হৈছিল, যেতিয়া ইৰাণৰ বিপ্লৱী নেতা ৰুহোল্লাহ খোমেইনীয়ে ইয়াৰ গুৰুত্বক তুচ্ছজ্ঞান কৰিছিল: " মানুহে কয় "ব্ৰেইনৱাছিং।" এই পচি যোৱা মগজুবোৰ সাৰি যাওক। তেওঁলোকৰ বাবে শোক নকৰিবা; তেওঁলোকে জীৱনৰ নিজৰ সংজ্ঞা সৃষ্টি কৰক। প্ৰতিটো মগজু—যিটোক আপুনি "বিজ্ঞান" বুলি কয়—সন্মানৰ যোগ্য নেকি? পলাই যোৱাসকলৰ বাবে আমি বহি শোক কৰা উচিত নেকি? এই মগজুবোৰ আমেৰিকা আৰু ব্ৰিটেইনলৈ পলায়ন কৰাৰ বাবে আমি চিন্তা কৰা উচিত নেকি? এই মগজুবোৰ পলাওক, আৰু অধিক যোগ্য মগজুৱে ইয়াৰ ঠাই ল’ব। এতিয়া যেতিয়া তেওঁলোকে (ইছলামিক ৰিপাব্লিকে) পাৰ্জ চলাইছে, তেতিয়া আপুনি কিয় বিচলিত হৈছে, কিয় মানুহক হত্যা কৰিছে? আনকি এই বিপথে পৰিচালিত লোকসকলৰ পচি যোৱা মগজুৰ বিষয়েও কিয় আলোচনা কৰিছে? ইছলামক কিয় প্ৰশ্ন কৰিছে? পলায়ন কৰিছে নেকি? সিহঁতক যাবলৈ দিয়ক। সিহঁতক পলাবলৈ দিয়ক। তেওঁলোক বৈজ্ঞানিক মগজু নাছিল। সেইটোৱেই ভাল। চিন্তা নকৰিব। মাত্ৰ পলাব লাগে। ইৰান এতিয়া তেওঁলোকৰ বাসস্থান নহয়। এই বিপথে পৰিচালিত মগজুবোৰৰ আমাৰ কোনো কাম নাই। সিহঁতক পলাবলৈ দিয়ক। যদি আপুনি এই ঠাইখন আপোনাৰ থাকিবলৈ নহয় বুলি ভাবে, তেন্তে আপুনিও পলাই যোৱা উচিত। T "১৪
ইৰাণ–ইৰাক যুদ্ধৰ সময়তো এই ধাৰা অব্যাহত আছিল। ২০০৫ চনৰ নৱেম্বৰ মাহত ড° ফাৰাজী-ডানাৰ ঠাইত এজন ধৰ্মগুৰুৱে তেহৰাণ বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰৰ দায়িত্ব লয়। ইৰাণৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো ডাঙৰ শিক্ষানুষ্ঠানৰ নেতৃত্বত পৰম্পৰাগত শিক্ষাবিদসকলৰ ঠাইত এজন ধৰ্মগুৰুক আধিপত্য বিস্তাৰ কৰা হৈছিল। তেওঁ অৱশ্যে কেইবাখনো গ্ৰন্থৰ ৰচনা কৰিছে আৰু ইছলামিক ন্যায়বিজ্ঞানৰ বিশেষজ্ঞ হিচাপে বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়তো অধ্যাপনা কৰিছে।১৫
এই দেশসমূহত একাডেমীৰ গুৰুত্বপূৰ্ণ পদবীত থকা ইৰাণৰ বিভাগীয় মুৰব্বী আৰু পৰিচালকৰ দীঘলীয়া তালিকাখন নিঃসন্দেহে এই বাস্তৱতাৰ এক শক্তিশালী সূচক। ইৰাণৰপৰা অহা মগজুৰ নিষ্কাশন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংবাদ মাধ্যমত আলোচনাৰ এক উত্তপ্ত বিষয় হৈ পৰিছে।১৬১৭১৮১৯২০২১২২
কিছুমানে পৰিস্থিতিৰ বাবে সীমিত নিয়োগৰ সুযোগ বা দুৰ্বল শ্ৰম বজাৰ (যিটো বহুতে পশ্চিমীয়া অৰ্থনৈতিক নিষেধাজ্ঞাৰ বাবে দোষাৰোপ কৰে); আন কিছুমানে দেশৰ ক্ৰমান্বয়ে বাধাপ্ৰাপ্ত আৰু স্তব্ধ হৈ পৰা সামাজিক ব্যৱস্থাক দোষাৰোপ কৰে। এই পৰিস্থিতিৰ চিন হিচাপে ২০০৬ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি মাহমুদ আহমদিনেজাদে দেশৰ সকলো বিশ্ববিদ্যালয়কে তেওঁ "উদাৰ আৰু ধৰ্মনিৰপেক্ষ প্ৰভাৱ" বুলি কোৱাৰপৰা সম্পূৰ্ণৰূপে মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।২৩২৪
২০০৬ চনৰ জানুৱাৰী মাহত প্ৰকাশিত দ্য ৱাশ্বিংটন প্ৰিজমত প্ৰকাশিত এক প্ৰতিৱেদনত দাবী কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)-এ ইৰাণক উন্নয়নশীল দেশসমূহৰ ভিতৰত "মগজুৰ নিষ্কাশন"ৰ ক্ষেত্ৰত শীৰ্ষ দেশ হিচাপে স্থান দিছে; তেওঁলোকৰ অনুমান অনুসৰি প্ৰায় ১ লাখ ৮০ হাজাৰ লোকে ইৰাণ এৰি গৈছে।২৫ অৱশ্যে ইছলামিক ৰিপাব্লিক নিউজ এজেন্সীৰ এক প্ৰতিৱেদনত এই সংখ্যা ২ লাখ বুলি কোৱা হৈছে। ইৰাণৰ সংস্কৃতি আৰু উচ্চ শিক্ষা মন্ত্ৰ্যালয়ৰ মতে বৰ্তমান প্ৰায় ৫০,০০০ ইৰাণী ছাত্ৰ-ছাত্ৰীয়ে বিদেশত অধ্যয়ন কৰি আছে।২৬
ধাৰা ওলোটাই অনাৰ প্ৰচেষ্টা
শেহতীয়া বছৰবোৰত শিক্ষাবিদ আৰু উচ্চ দক্ষতাসম্পন্ন শ্ৰমিকসকলক কৰ্মসংস্থাপন আৰু গৱেষণাৰ সুযোগ প্ৰদান কৰি মগজু নিষ্কাশণ তথা মানৱ সম্পদৰ বহিঃপ্ৰৱাহৰ ৰোধৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত ইৰাণত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ বাবে আৰু গৱেষণা আৰু উন্নয়নত নিয়োজিত লোকসকলক উপকৃত কৰিবলৈ ইৰাণৰ নেচনেল ছায়েন্স ফাউণ্ডেশ্যন স্থাপন কৰা হয়।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত কাম কৰা ইৰাণীসকলৰ সুবিধাৰ্থে স্থাপন কৰা আন এটা প্ৰতিষ্ঠান হৈছে ইৰানৰ নেচনেল জিনিয়াছ ফাউণ্ডেশ্যন।২৭
ইৰাণে স্নাতক অভিলেখ বিধেয়ক উত্থাপন কৰি মগজু নিষ্কাশণ তথা বহিঃপ্ৰৱাহ ৰোধ কৰাৰ চেষ্টা কৰিছে; এই বিধেয়কখনে স্নাতক পৰ্যায়ত শিক্ষাৰ আন্তৰ্জাতিককৰণ আৰু সম্প্ৰসাৰণৰ আহ্বান জনাইছে, যাৰ ফলত স্নাতকসকলৰ সংখ্যা বৃদ্ধি পাব। ২৮
অধিক পঢ়ক
- Torbat, Akbar E. (Spring 2002). The brain drain from Iran to the United States. Middle East Journal. পৃ. 272–295
- Migration Information: Iran: A Vast Diaspora Abroad and Millions of Refugees at Home. migrationpolicy.org
- UCSC Study: Baskin School of Engineering – Baskin Engineering provides unique educational opportunities, world-class research with an eye to social responsibility and diversity
বাহ্যিক সংযোগ
- International Migration, Remittances and the Brain Drain in Group of 15 Countries
তথ্যসূত্ৰ
- ↑ Mahmoudi, Hassan. (2021-04-21). Iran Loses Highly Educated and Skilled Citizens during Long-Running "Brain Drain". migrationpolicy.org
- ↑ IMF research economist Enrica Detragiache and U.S. Bureau of Labor Statistics economist William J. Carrington in the IMF's quarterly magazine, Finance and Development (v. 36, n. 2 (July 1999)
- ↑ (2004-04-12). Clarification On The 'Brain Drain.'. Rferl.org
- ↑ Iran Faced With Growing Brain Drain: Report. payvand.com
- ↑ (2004-09-07). Iran Faces Pressure to Provide Jobs, Address Health Disparities by Yvette Collymore. Prb.org
- ↑ Harrison, Frances. (2007-01-08). Huge cost of Iranian brain drain. BBC News
- ↑ "Iran's refugee exodus is exacerbating a brain drain that has stunted the country's development for years." Thousands Flee Iran as Noose Tightens DECEMBER 11, 2009
- ↑ Sanger, David E. (June 10, 2010). Beyond Iran Sanctions, Plans B, C, D and. The New York Times
- ↑ فردا, رادیو. برخورد با دفاتر مهاجرتی برای جلوگیری از مهاجرت بیشتر نخبگان از ایران. رادیو فردا
- ↑ (20 February 2024). همکاری بنیاد نخبگان و پلیس گذرنامه؛ مهاجرت هم امنیتی شد
- ↑ World Factbook, Iran. Cia.gov
- ↑ Iran: A Vast Diaspora Abroad and Millions of Refugees at Home By Shirin Hakimzadeh. Migrationinformation.org
- ↑ Hakimzadeh, Shirin. (2006-09-01). Iran: A Vast Diaspora Abroad and Millions of Refugees at Home. migrationpolicy.org
- ↑ Interview with Ettelaat newspaper, آیت الله روح الله خمینی در ملاقات با اعضای کمیته امداد روزنامه اطلاعات، 9 آبان ماه 1358 . Link: See second paragraph
- ↑ نخستين رئيس روحانی برای دانشگاه تهران. BBC News
- ↑ 220,000 academics leave Iran in one year, brain drain rising - Moin warns. Payvand
- ↑ iranian.ws - Iranian Resources and Information.
- ↑ THE IRANIAN: Brain drain, Ahmad Anvari. iranian.com
- ↑ THE IRANIAN: Brain drain, Mohammad Ala. iranian.com
- ↑ Science & technology for global development news & analysis. SciDev.Net
- ↑ ParaPundit: Iran Has Highest Rate Of Emigration Brain Drain. parapundit.com
- ↑ Esfandiari, Golnaz. Iran: Coping With The World's Highest Rate Of Brain Drain. RadioFreeEurope/RadioLiberty
- ↑ Harrison, Frances. (20 December 2006). Mass purges at Iran universities. BBC
- ↑ Tait, Robert. (September 6, 2006). Iranian president calls for purge of liberal lecturers. The Guardian
- ↑ Washington Prism. Washington Prism
- ↑ Education System in Iran. Iranian Embassy in Oslo
- ↑ .: بنیاد ملی نخبگان
- ↑ (2007-02-11). Science and Technology and the Future Development of Societies: International Workshop Proceedings. Nap.edu. ISBN 978-0-309-11927-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰানৰ পৰা মানৱ মূলধনৰ বহিঃপ্ৰবাহ” প্ৰবন্ধৰ সংশোধন ৬২৮৬৭৪ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।