উত্তৰণৰ বিধি বা ৰিট অৱ পেচেজ হ’ল পৰিৱৰ্তনৰ এক পৰ্ব বা আচাৰ যিটো তেতিয়া সংঘটিত হয় যেতিয়া কোনো ব্যক্তিয়ে এটা গোট এৰি আন এটা গোটত প্ৰৱেশ কৰে। ইয়াৰ লগত সমাজৰ মৰ্যাদাৰ উল্লেখযোগ্য পৰিৱৰ্তন জড়িত হৈ আছে। সাংস্কৃতিক নৃতত্ত্বত এই শব্দটো হৈছে ফৰাচী শব্দ Les rites de passage,ৰ ইংৰাজীকৰণ ৰিট ডি পেচেজ, যিটো নৃতাত্ত্বিক আৰ্নল্ড ভান গেনেপে তেওঁৰ দ্য ৰাইটছ অৱ পেচেজ নামৰ গ্ৰন্থত উদ্ভাৱন কৰিছিল।১ এই শব্দটো এতিয়া নৃতত্ত্বৰ লগতে বহু আধুনিক ভাষাৰ সাহিত্য আৰু জনপ্ৰিয় সংস্কৃতিতো সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হৈছে।
মৌলিক ধাৰণা
ইংৰাজীত ভ্যান গেনেপ ৰ প্ৰথম অধ্যায়ৰ প্ৰথম বাক্যটো আৰম্ভ হয়:২
“প্ৰতিখন বৃহত্তৰ সমাজৰ ভিতৰত কেইবাটাও স্পষ্টভাৱে পৃথক গোট থাকে। ... তদুপৰি, এই সকলোবোৰ গোট সমাজত এতিয়াও সৰু সৰু উপ-গোটত বিভক্ত’’।
এখন সমাজৰ জনসংখ্যা একাধিক গোটৰ অন্তৰ্গত, কিছুমান ব্যক্তিৰ বাবে গোট ব্যক্তিতকৈ অধিক গুৰুত্বপূৰ্ণ। ভ্যান গেনেপে উপমাটো ব্যৱহাৰ কৰিছে, "কোঠা আৰু কৰিড'ৰত বিভক্ত এক প্ৰকাৰৰ ঘৰ’’ৰ মাধ্যমেৰে।৩ কোনো ব্যক্তিয়ে এটা গোট এৰি আন এটা গোটত প্ৰৱেশ কৰিলে এটা পথৰ সৃষ্টি হয়; উপমাত তেওঁক কোঠা সলনি কৰা বুলিছে।
ভ্যান গেনেপে "ধৰ্মনিৰপেক্ষ" আৰু "পবিত্ৰ গোলক"ৰ মাজত আৰু অধিক প্ৰভেদ দেখুৱাইছে। সভ্যতাসমূহ এপাত স্কেলত সজোৱা বুলি তত্ত্ব আগবঢ়াই দেখুৱাইছে যে, ইয়াৰ অৰ্থ হ'ল, নিম্ন স্তৰসমূহে "উত্তৰণৰ সৰলতম স্তৰ"ক প্ৰতিনিধিত্ব কৰে; তেওঁ অনুমান কৰে যে, “এনে সমাজৰ সামাজিক গোটসমূহৰ একেদৰেই যাদুকৰী-ধৰ্মীয় ভেটি আছে।" আধুনিক ঔদ্যোগিক সমাজৰ বহু গোটে এনে ৰীতি-নীতি পালন কৰে, যিবোৰ পূৰ্বৰ পৱিত্ৰ পৰ্যায়ৰ পৰাই অহা বুলি অনুমান কৰিব পাৰি। এই গোটসমূহৰ মাজেৰে পাৰ হ'বলৈ উৎসৱ বা জীৱন বৃত্তৰ আচাৰ-অনুষ্ঠানৰ প্ৰয়োজন হয়। ভ্যান গেনেপৰ কিতাপখনৰ বাকী অংশত ৰীতি-নীতি আৰু এক প্ৰকাৰ সংগঠনৰ বৰ্ণনালৈ দাঙি ধৰা হৈছে যদিও শেষলৈ তেওঁ সেই সকলোবোৰকে ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই৷৪ "এয়া মাত্ৰ এখন বিশাল ছবিৰ এটা মোটামুটি স্কেচ ...." তেওঁ কিছুমান সাৰ্বজনীন বিষয় বিচাৰি উলিয়াবলৈ সক্ষম হৈছে; মূলতঃ দুটা:- "পুৰুষ আৰু মহিলাৰ মাজত যৌন বিচ্ছেদ, আৰু অশ্লীল আৰু পৱিত্ৰতাৰ মাজৰ যাদুকৰী-ধৰ্মীয় পৃথকীকৰণ।" (পূৰ্বতে অনুবাদকসকলে অশ্লীল শব্দৰ বাবে ধৰ্মনিৰপেক্ষ শব্দ ব্যৱহাৰ কৰিছিল।) তেওঁ প্ৰথম প্ৰকাৰৰ লোকাচাৰৰ স্বীকৃতি দিয়াৰ কৃতিত্ব অস্বীকাৰ কৰে। তেওঁ গোট আৰু ব্যক্তিসকলে সাধাৰণতে ক্ৰমান্বয়ে সন্মুখীন হ'ব পৰা লোকাচাৰসমূহৰ ওপৰত মনোনিৱেশ কৰে: গৰ্ভাৱস্থা, প্ৰসৱ, দীক্ষা, বাগ্দান, বিবাহ, অন্ত্যেষ্টিক্ৰিয়া আদি। তেওঁ আন কিছুমানৰ কথা উল্লেখ কৰিছে, যেনে ভৌগলিক পৰিক্ৰমা, যেনে, দেশৰ সীমা অতিক্ৰম কৰি সাংস্কৃতিকভাৱে অন্য অঞ্চললৈ যোৱা, উদাহৰণস্বৰূপে, বেলেগ ধৰ্মৰ প্ৰাধান্য থকা অঞ্চল।
স্তৰ
ভ্যান গেনেপে বৰ্ণনা কৰা ধৰণে ৰীতি-নীতিৰ তিনিটা পৰ্যায় থাকে: পৃথকীকৰণ, সীমাবদ্ধতা আৰু অন্তৰ্ভুক্তি। তেওঁ কয়, "মই প্ৰস্তাৱ দিছোঁ যে, পূৰ্বৰ পৃথিৱীৰ পৰা পৃথক হোৱাৰ আচাৰ-অনুষ্ঠান, প্ৰাৰম্ভিক আচাৰ-অনুষ্ঠান, সংক্ৰমণ পৰ্যায়ৰ সময়ত নিষ্পাদন কৰা আচাৰ-অনুষ্ঠানক সীমাবদ্ধ আচাৰ-অনুষ্ঠান আৰু নতুন জগতত অন্তৰ্ভুক্ত হোৱাৰ অনুষ্ঠানবোৰক সীমাৰ পিছৰ আচাৰ-অনুষ্ঠান বুলি ক'ব পাৰি।"৫ প্ৰথম পৰ্যায়ত মানুহে বৰ্তমানৰ স্থিতিৰ পৰা আঁতৰি আহি এঠাইৰ মৰ্যাদাপূৰ্ণ স্থানৰ পৰা আন এটা স্থানলৈ যাবলৈ সাজু হয়। "প্ৰথম পৰ্যায়ত (বিচ্ছেদৰ) ব্যক্তি বা গোটৰ বিচ্ছিন্নতাক বুজায় ...পূৰ্ব নিৰ্ধাৰিত এটা সামাজিক গাঁথনিৰ পৰা।"৬ এই পৰ্যায়ত প্ৰায়ে নিজক পূৰ্বৰ নিজত্বৰ পৰা বিচ্ছিন্ন বা "কাটি পেলোৱা" দেখা যায়, যাৰ প্ৰতীকী কাৰ্য্য আৰু আচাৰ-ব্যৱহাৰত দেখা পোৱা হয়। যেনে, সদ্য সেনাবাহিনীত যোগদান কৰা ব্যক্তিৰ চুলি কটা কাৰ্য। ইয়াৰ দ্বাৰা তেওঁ বা তাই নিজ পূৰ্বৰ আত্মাক "কাটি পেলাইছে": অৰ্থাৎ অসামৰিক পৰিচয়।
পৰিৱৰ্তন(সীমিত)ৰ পৰ্যায় হ’ল কোনো পৰ্যায়ৰ মাজৰ সময়ছোৱা, য’ত কোনোবাই এক স্থান বা ৰাজ্য এৰি গৈছে যদিও এতিয়াও পৰৱৰ্তী স্থানত প্ৰৱেশ কৰা নাই বা যোগদান কৰা নাই। এই আলি-দোমোজাৰ বৈশিষ্ট্যসমূহ অৱশ্যেই অস্পষ্ট।"৭ তৃতীয় পৰ্যায়ত(অন্তৰ্ভুক্তি) অংশটো লোকাচাৰৰ বিষয়বস্তুৰ দ্বাৰা সমাপ্ত হয়।৮ অনুষ্ঠানটো সম্পূৰ্ণ কৰি তেওঁলোকে নতুন পৰিচয় গ্ৰহণ কৰি নিজৰ নতুন মৰ্যাদা লৈ পুনৰ নতুন সমাজত প্ৰৱেশ কৰে। পুনৰ অন্তৰ্ভুক্তিৰ বৈশিষ্ট্য হৈছে বিশদ লোকাচাৰ আৰু অনুষ্ঠান, যেনে; নামভৰ্তি আৰু কলেজৰ স্নাতক, আৰু বাহিৰত কিছুমান নতুন সম্পৰ্কেৰে বান্ধ খায়: এইদৰে "অন্তৰ্ভূক্তিৰ লোকাচাৰত 'পৱিত্ৰ বন্ধন', 'পৱিত্ৰ ডোল',ৰ ব্যৱহাৰ হৈ পৰে বেল্ট, আঙুঠি, ব্ৰেচলেট আৰু মুকুট।৯
সাংস্কৃতিক

বহু আফ্ৰিকান সম্প্ৰদায়ত দীক্ষাৰ লোকাচাৰক মানৱৰ বৃদ্ধি আৰু বিকাশৰ লগতে সামাজিকীকৰণৰ বাবে এক মৌলিক উপাদান হিচাপে দেখা যায়। এই লোকাচাৰসমূহে কাৰোবাক এটা গোটৰ পূৰ্ণ সদস্যপদলৈ উত্তৰণ হোৱাটো সূচায়৷১০ তদুপৰি, ই ব্যক্তিসকলক সম্প্ৰদায়ৰ সৈতে আৰু সম্প্ৰদায়ক বহল আৰু অধিক শক্তিশালী আধ্যাত্মিক জগতখনৰ সৈতে সংযোগ কৰে। দীক্ষাৰ আচাৰ-অনুষ্ঠান "এটা সম্প্ৰদায়ৰ এক স্বাভাৱিক আৰু প্ৰয়োজনীয় অংশ, ঠিক যেনেকৈ হাত-ভৰিৰ বিকাশ মানৱ শৰীৰৰ বাবে স্বাভাৱিক আৰু প্ৰয়োজনীয়"। এই ৰীতি-নীতিসমূহ ব্যক্তিগত আৰু সম্প্ৰদায়ৰ বিকাশৰ সৈতে জড়িত। ড° মনু আম্পিমে পাঁচটা পৰ্যায় চিনাক্ত কৰিছে; জন্মৰ ৰীতি, প্ৰাপ্তবয়স্ক হোৱাৰ ৰীতি, বিবাহৰ আচাৰ, বয়োজ্যেষ্ঠ আৰু পূৰ্বপুৰুষৰ লোকাচাৰ৷১১ জুলু সংস্কৃতিত নাৰীয়ে নাৰীত্বত প্ৰৱেশ কৰাটো উমহংগা অনুষ্ঠানৰ দ্বাৰা উদযাপন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Van Gennep 1909
- ↑ Van Gennep Vizedom Caffee
- ↑ Journet, Nicolas. (1 January 2001). Les rites de passage. Sciences Humaines. পৃ. 31
- ↑ Van Gennep Vizedom Caffee
- ↑ van Gennep 1977: 21
- ↑ Turner 1969: 80
- ↑ Turner 1969: 95
- ↑ Turner 1969: 80
- ↑ van Gennep 1977: 166
- ↑ African Culture Complex
- ↑ The Five Major African Initiation Rites Prof. Manu Ampim
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰণৰ বিধি” প্ৰবন্ধৰ সংশোধন ৬১৪২৪৮ (২৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।