ঈশান উদয় হ'ল ভাৰত চৰকাৰৰ অধীনস্থ বিশ্ববিদ্যালয় অনুদান আয়োগ (The University Grants Commission, UGC) আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়-এ (Ministry of Human Resource Development, MHRD) উত্তৰ-পূৱৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদান কৰা এক বিশেষ বৃত্তি। যিকোনো শাখাতে ১০+২ সফলতাৰে উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী পৰ্য্যায়ৰ উচ্চ শিক্ষাৰ নামভৰ্তি কৰে আৰু যাৰ পৰিয়ালৰ বছৰেকীয়া উপাৰ্জন ৪.৫ লাখ টকাৰ কম তেওঁলোকে এই বৃত্তিৰ বাবে আৱেদন কৰিব পাৰে। এই বৃত্তি প্ৰতি বছৰে উত্তৰ-পূৱৰ দহ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব। বৃত্তিৰ পৰিমাণ প্ৰতি মাহে ৩,৫০০ টকাৰ পৰা ৫,০০০ টকা। শেহতীয়া ভাৱে এই বৃত্তিৰ মূল্য মাহে ৭,৮০০ টকালৈ বৃদ্ধি কৰিছে। এই বৃত্তি কেৱল স্নাতক পৰ্য্যায়ৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবেহে, স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে নহয়।১
কেৱল অনলাইন যোগেহে ইয়াৰ বাবে আৱেদন পত্ৰ জমা লয়। নতুন আৱেদনকাৰী এজনৰ বাবে যাৱতীয় নথিপত্ৰসমূহ হ'ল-
- পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ।
- নতুন ডিগ্ৰীৰ বাবে নামভৰ্তি কৰা শিক্ষানুস্থানৰ মুৰব্বী আৰু বিভাগীয় মুৰব্বীৰ প্ৰমাণ পত্ৰ।
- অভিভাৱকৰ আয়ৰ নথি।
- স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ।
- আৱেদনকাৰীৰ পাছপ'ৰ্ট জোখৰ ৰঙীন আলোকছবি।
- ৫০ টকাৰ দলিলত আৱেদনকাৰীয়ে আন কোনো চৰকাৰী বৃত্তি গ্ৰহণ কৰি নথকাৰ ঘোষণাপত্ৰ।
www.ugc.ac.in/ner/ ৱেব ঠিকনাত নঠিসমূহৰ স্কেন কপি সহ আৱেদন জমা দিব লাগে।
এই বৃত্তিৰ বাবে এবাৰ নিৰ্বাচিত হ'লে গোটেই স্নাতক পাঠ্যক্ৰমৰ সময়চোৱাৰ বাবে (৩/৪/৫ বছৰৰ বাবে) জলপানি ম্যাদ প্ৰযোজ্য হয়। পঢ়ি থকাৰ প্ৰমাণ হিচাপে ৩ মাহৰ মূৰে মূৰে বিভাগীয় আৰু শিক্ষানুস্থানৰ মুৰব্বীৰ স্বাক্ষৰ থকা 'continution form' জমা দিব লাগে।
তথ্যসূত্ৰ
- ↑ Instructions. UGC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশান উদয়” প্ৰবন্ধৰ সংশোধন ২৩৪২৩৪ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।