বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কাঠৰ জোখ মাপ
কাঠৰ জোখ মাপৰ একক (ইউনিট) হ'ল কেবি (KB)। কাঠ এডাল ত্ৰিমাত্ৰিক (three dimension)। সেই তিনিটা অংশ হ'ল- কাঠডালৰ দৈৰ্ঘ্য (length), কাঠডালৰ প্ৰস্থ (breadth) আৰু কাঠডালৰ উচ্চতা (height)। প্ৰস্থ আৰু উচ্চতা বেছিভাগ ইঞ্চিত থাকে আৰু দৈৰ্ঘ্য সাধাৰণতে ফুটত ধৰা হয়।
-
কান্নুৰ সমুদ্ৰ তীৰ
কান্নুৰ সমুদ্ৰ তীৰ:Kannur Beach হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ চহৰৰ পশ্চিম দিশত অৱস্থিত পাঁচখন সমুদ্ৰ তীৰৰ এক সমষ্টি। এই সমুদ্ৰ তীৰসমূহ হৈছে— * পাইয়াম্বলম সমুদ্ৰ তীৰ মীনকুন্নু সমুদ্ৰ তীৰ আডিকাডালায়ি সমুদ্ৰ তীৰ বেবী সমুদ্ৰ তীৰ থায়্যিল সমুদ্ৰ তীৰ।
-
কাপুলানা
কাপুলানা (ইয়াক "kapulana", বা চাংগানা ভাষাত "nguvu" বা "vemba" বুলিও লিখা হয়) হ’ল এক প্ৰকাৰৰ চাৰং (sarong), যি মূলত মোজাম্বিকত আৰু দক্ষিণ-পূব আফ্ৰিকাৰ অন্যান্য অঞ্চলত পৰিধান কৰা হয়। ই প্ৰায় ২ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল এখন কাপোৰ।
-
কামিয়ানেটছ-পডিলস্কি দুৰ্গ
কামিয়ানেটছ-পডিলস্কি দুৰ্গ (Kamianets-Podilska fortetsia; twierdza w Kamieńcu Podolskim; Podolės Kameneco tvirtovė ) হৈছে পূৰ্বৰ এটা ৰুথেনিয়ান-লিথুৱানিয়ান দুৰ্গ আৰু পৰৱৰ্তী সময়ৰ তিনিটা অংশৰে গঠিত পোলেণ্ডৰ দুৰ্গ।
-
কাশ্মীৰী ঊণ
কাশ্মীৰী ঊল, যাক সাধাৰণতে কাশ্মীৰ বুলি জনা যায়, কাশ্মীৰী ছাগলী, পশমিনা ছাগলী আৰু আন কিছুমান প্ৰজাতিৰ ছাগলীৰপৰা প্ৰাপ্ত এবিধ আঁহ। শত শত বছৰ ধৰি সূতা, বস্ত্ৰ আৰু কাপোৰ তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছে।
-
কাসাভু
কাসাভু: Kasavu, (মালয়ালম: [kɐsɐʋɨ̆]) হৈছে কেৰালাৰ হস্ততাঁত বয়নশিল্পত ব্যৱহৃত এক বিশেষ কৌশল। এই কৌশলত অতি মিহি সোণ বা ৰূপৰ সূতা ব্যৱহাৰ কৰি ৰেচম আৰু কপাহী কাপোৰত পাৰি আৰু বিভিন্ন নক্সা বোৱা হয়।
-
কাহৱা
কাহৱা (:Kahwah, কহৱা, কেহৱা বা কাহৱা বুলিও অনুবাদ কৰা হয়) হৈছে কাশ্মীৰ (ভাৰত), পাকিস্তান, আফগানিস্তান,,ইৰাণ, আৰু মধ্য এছিয়াৰ কিছুমান অঞ্চলত ব্যাপকভাৱে খোৱা সেউজীয়া চাহ (Camellia sinensis)ৰ পৰম্পৰাগত প্ৰস্তুতি।
-
কাৰাকোৰাম ঘাইপথ
কাৰাকোৰাম ঘাইপথ ৰাষ্ট্ৰীয় ঘাইপথ ৩৫, এন-৩৫, আৰু চীন–পাকিস্তান বন্ধুত্ব ঘাইপথ, পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ হাছান আব্দলৰপৰা গিলগিট–বাল্টিস্তানৰ খুঞ্জেৰাব পাছলৈকে বিস্তৃত ৰাষ্ট্ৰীয় ঘাইপথ, য'ত এই পথ চীনত পাৰ হৈ চীন ৰাষ্ট্ৰীয় ঘাইপথ ৩১৪ত পৰিণত হয়।
-
কাৰ্বন পদাংক
কাৰ্বন পদাংক (carbon footprint) হৈছে সেউজ-গৃহ গেছ নিৰ্গমনৰ সূচক। কাৰ্বন ডাই অক্সাইড আৰু মিথেন গেছসহ সেউজ গৃহ গেছবোৰ জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত নিৰ্গত হয়,সাধাৰণতে ইয়াক কাৰ্বন-ডাই-অক্সাইৰ সমতুল্য হিচাপে প্ৰকাশ কৰা হয়।
-
কাৰ্বন পেপাৰ
কাৰ্বন পেপাৰ বা কাৰ্বনিক পেপাৰৰ (Carbon paper) আৱিষ্কাৰ হৈছিল কোনো লিখনিৰ প্ৰতিলিপি বাৰে বাৰে কৰি থাকিব লগা হোৱাটো কিছু অসুবিধাজনক অৱস্থাৰ পৰা হাত সাৰিবলৈ কৰা চিন্তাৰ ফলতেই। বৰ্তমান অৱশ্যে মানুহে কাৰ্বন পেপাৰক চমুৱাই কেৱল কাৰ্বন বুলিয়েই কয়।
-
কিটি পাৰ্টি
কিটি পাৰ্টি (Kitty Party) ভাৰত আৰু পাকিস্তানৰ কিছু অঞ্চলত অনানুষ্ঠানিক সঞ্চয় ক্লাৱৰ প্ৰসংগত মহিলাসকলৰ সামাজিককৰণৰ বাবে জনপ্ৰিয় আয়োজন। এয়া এক প্ৰকাৰৰ মহিলাৰ দলে সাধাৰণতে দুপৰীয়াৰ সময়ত মাহিলী আধাৰত অনুষ্ঠিত কৰে।
-
কিনচেনিয়েৰা
কিনচেনিয়েৰা (Quinceañera) হৈছে মেক্সিকো আৰু অন্যান্য লেটিন আমেৰিকাৰ সংস্কৃতিত ছোৱালীৰ ১৫ বছৰীয়া জন্মদিন ওলহ মালহেৰে পালন কৰা এক প্ৰথা। স্পেনিছ ভাষাত ১৫ বছৰীয়া জন্মদিন উদযাপন কৰা ছোৱালীজনীক কিনচেনিয়েৰা বুলি কোৱা হয়।
-
কিৰণমালা (বাংলা লোককথা)
কিৰণমালা হৈছে সাহিত্যিক দক্ষিণৰঞ্জন মিত্ৰ মজুমদাৰে সংগ্ৰহ কৰি ঠাকুৰমাৰ ঝুলী সংকল্পত প্ৰকাশিত বাংলা লোককথা। ঠাকুৰমাৰ ঝুলী বাংলা লোককথা আৰু সাধুকথাৰ সংকলন।
-
কুঁৱা
কুঁৱা (Well) হৈছে তৰল সম্পদ, সাধাৰণতে পানী, আহৰণৰ বাবে খনন পদ্ধতিৰে মাটিত সৃষ্টি কৰা গভীৰ চুঙা সদৃশ এক গঠন। আটাইতকৈ পুৰণি আৰু সাধাৰণ ধৰণৰ কুঁৱা বুলিলে পানীৰ কুঁৱাকে বুজা যায়। ইয়াক মাটিৰ তলৰ জলধাৰাত ভূগৰ্ভস্থ পানী লাভ কৰিবলৈ খন্দা হৈছিল।
-
কুৰিমাৰ
“কুৰিমাৰ ” এটা পাঞ্জাবী প্ৰবচন যাৰ আক্ষৰিক অৰ্থ হৈছে কন্যা সন্তান হত্যাকাৰী৷ “শিখ ৰিহাট মৰ্যাদা”কে ধৰি বিভিন্ন ৰিহাত-নামা বা নীতি-আদেশে এই প্ৰথা নিষিদ্ধ কৰা হৈছে৷ যদিও এই প্ৰথা বৰ্তমান বিলুপ্ত হৈছে, এই শব্দটোক বৰ্তমানৰ নাৰী শিশু বা ভ্ৰুণহত্যাৰ প্ৰথাৰ উল্লেখ হিচাপে চাব পাৰি, যাৰ ফলত ভাৰতৰ…
-
কুৱেইট টাৱাৰ
কুৱেইট টাৱাৰ ( Kuwait Towers) হৈছে কুৱেইট চহৰৰ তিনিটা পাতল টাৱাৰৰ এটা গোট, যিবোৰ পাৰ্চী উপসাগৰত প্ৰৱেশ কৰা এটা প্ৰমণ্টৰীত থিয় হৈ আছে। ৩৪টা টাৱাৰ (পানীৰ বাবে ৩৩টা আৰু সঁজুলিৰ বাবে এটা) থকা বৃহত্তৰ কুৱেইট ৱাটাৰ টাৱাৰ গোটৰ ষষ্ঠ আৰু অন্তিমটো আছিল, আৰু আন পাঁচটা গোটৰ পৰা যথেষ্ট পৃথক শৈলীত নিৰ্মাণ কৰা…
-
কৃষ্ণ বৰুৱা
কৃষ্ণ বৰুৱা (ইংৰাজী: Krishna Boruah) শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বৃহত্তৰ পাৰিজাত অঞ্চলটোৰ এজন সব্যসাচী ব্যক্তি, একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ, ঔপন্যাসিক, গল্পকাৰ, সমাজ সংগঠক। ‘এজাক ধুমুহাৰ প্ৰয়োজন’, ‘মৰহা ফুলৰ পাপৰি’ৰ দৰে বিখ্যাত উপন্যাসৰ স্ৰষ্টা বৰুৱাই অৰ্ধশতাধিক গীত ৰচনা কৰাৰ লগতে সুৰো কৰিছে।
-
কৃষ্ণচন্দ্ৰ নেপালী পোখৰেল
কৃষ্ণচন্দ্ৰ নেপালী এজন নেপালী ৰাজনীতিবিদ। তেওঁক কৃষ্ণচন্দ্ৰ নেপালী পোখৰেল বুলিও জনা যায়। তেওঁ পশ্চিম নেপালৰ গণ্ডকী প্ৰদেশৰ মুখ্যমন্ত্ৰী। সম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী পাউডেলে ১০০ তকৈও কম ভোটৰ ব্যৱধানত তেওঁৰ সমষ্টি হেৰুৱাই কৃষ্ণচন্দ্ৰ নেপালীক সৰ্বসন্মতিক্ৰমে নেপালী কংগ্ৰেছৰ গণ্ডকী প্ৰদেশৰ…
-
কেঁচি ধাম
কেঁচি ধাম (Kainchi Dham) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ কুমাঊঁ অঞ্চলৰ নৈনীতাল জিলাত অৱস্থিত এটা আধ্যাত্মিক আশ্ৰম আৰু হিন্দু মন্দিৰ চৌহদ, যাক নীম কৰোলী আশ্ৰম বুলিও জনা যায়। এই ধামখন পূজনীয় হিন্দু সন্ত নীম কৰোলী বাবাৰ সৈতে সম্পৰ্কিত হোৱা বাবে জনাজাত।
-
কেটগাট
কেটগাট (ইয়াক গাট বুলিও জনা যায়) হৈছে এবিধ ৰছী যিটো পশুৰ অন্ত্ৰৰ দেৱালত পোৱা প্ৰাকৃতিক আঁহৰপৰা তৈয়াৰ কৰা হয়। কেটগাট নিৰ্মাতাসকলে সাধাৰণতে ভেড়া বা ছাগলীৰ অন্ত্ৰ ব্যৱহাৰ কৰে, কিন্তু কেতিয়াবা গৰু, গাহৰি, ঘোঁৰা, খচ্চৰ, বা গাধৰ অন্ত্ৰও ব্যৱহাৰ কৰে।
-
কেপলাৰৰ চুপাৰন'ভা
এচ. এন. ১৬০৪ (ইংৰাজী: SN 1604) হৈছে হাতীপটি তাৰকাৰাজ্যৰ অ'ফিউচাছ নক্ষত্ৰপুঞ্জত সংঘটিত এক প্ৰকাৰৰ টাইপ আই. এ. অধিস্ফোৰণ (Type Ia supernova)। ইয়াক কেপলাৰছ ছুপাৰনোভা, কেপলাৰছ নোভা বা কেপলাৰছ ষ্টাৰ নামেৰেও জনা যায়।
-
কেভলাৰ
কেভলাৰ (পেৰা-এৰামিড) এক শক্তিশালী, তাপ-প্ৰতিৰোধী সংশ্লেষিত আঁহ, যি নোমেক্স আৰু টেকন'ৰাৰ দৰে অন্যান্য এৰামিডৰ সৈতে সম্পৰ্কিত। ১৯৬৫ চনত ডুপণ্টত ষ্টেফানী কোৱ'লেকে উন্নত কৰা, এই উচ্চ-শক্তিৰ সামগ্ৰীটো প্ৰথমবাৰৰ বাবে ১৯৭০ৰ দশকৰ আৰম্ভণিত ৰেচিং টায়াৰত তীখাৰ সলনি বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা হৈছিল।
-
কেম্পফায়াৰ ষ্ট'ৰী
কেম্পফায়াৰ ষ্ট'ৰী (Campfire story) বা বনজুইৰ কাহিনী হ’ল উত্তৰ আমেৰিকাত নিশা মুকলি জুইৰ কাষত পৰিৱেশন কৰা মৌখিক কাহিনী কথনৰ এক প্ৰকাৰ। সাধাৰণতে নিৰ্জন অৰণ্যত পৰিৱেশন কৰা এই কাহিনীবোৰ মূলত অলৌকিক বিষয়বস্তু বা নগৰীয়া কিংবদন্তিৰ সৈতে জড়িত।
-
কেৰাচিন লেম্প
হাৰিকেন চাকি বা কেৰাচিনৰ চাকি (কিছুমান দেশত পেৰাফিন লেম্প বুলিও জনা যায়) হৈছে এক প্ৰকাৰৰ পোহৰসঁজুলি যি য়ে কেৰাচিনক ইন্ধন হিচাপে ব্যৱহাৰ কৰে। হাৰিকেন চাকিবোৰত পোহৰৰ উৎস হিচাপে এটা বাতি বা মেণ্টেল থাকে, কাঁচৰ চিমনি বা গ্লোবৰ দ্বাৰা সুৰক্ষিত; চাকিবোৰ টেবুলএখনত ব্যৱহাৰ কৰা হ'ব পাৰে, বা পোৰ্টেবল…
-
কেৰেলা শাৰী
কেৰেলা শাৰী (Kerala sari, মালয়ালম: കേരള സാരി) ভাৰতৰ কেৰালা ৰাজ্যৰ মহিলাৰ সাজ।
-
কৈজাদ কোটৱাল
কৈজাদ কোটৱাল (Kaizaad Kotwal) এগৰাকী ভাৰতীয় প্ৰযোজক, পৰিচালক, অভিনেত্ৰী, লেখক আৰু ডিজাইনাৰ। ভাৰতীয় প্ৰযোজনাৰ ভেজিনা মনোলগছকে ধৰি ২০০ৰো অধিক থিয়েটাৰ আৰু চলচ্চিত্ৰ নিৰ্মাণত তেওঁ কাম কৰিছে। ১৯৯৬ চনত তেওঁ কলা-নিৰ্দেশনাৰ বাবে এমি বঁটা লাভ কৰে।
-
কোইনিয়েগ
কোইনিয়েগ (Caoineag) স্কটিছ লোককথাৰ এটা নাৰী আত্মা আৰু হাইলেণ্ডৰ এটা প্ৰকাৰৰ ভূত, যাৰ নামৰ অৰ্থ হৈছে “কান্দুৰী’’। তাই সাধাৰণতে অদৃশ্য আৰু ৰাতি জলপ্ৰপাত, নৈ বা খালত বা মুকলি পথাৰ বা পাহাৰৰ ঢালত বিলাপ কৰি নিজৰ বংশৰ মৃত্যুৰ ভৱিষ্যদ্বাণী কৰে।
-
কৌতুকা
কৌতুকা হ'ল ৰঙা আৰু হালধীয়া ৰঙৰ সূতা। ধৰ্মীয় বিশ্বাস অনুসৰি এই সূতাই সুৰক্ষা প্ৰদান কৰে, ইয়াত কেতিয়াবা কেতিয়াবা গাঠি কিছুমান দিয়া থাকে। ভাৰতীয় উপমহাদেশত এই সূতা আৰু ইয়াৰে জড়িত বিশ্বাস প্ৰচলিত হৈ আছে।
-
ক্লেফ্ট চিন হত্যাকাণ্ড
১৯৪৪ চনৰ ভিতৰত ধাৰাবাহিক অপৰাধৰ অংশ হিচাপে সংঘটিত হোৱা ক্লেফ্ট চিন হত্যাকাণ্ডৰ কথা জৰ্জ অৰৱেলৰ "ডিক্লাইন অৱ দ্য ইংলিছ মাৰ্ডাৰ" ৰচনাত উল্লেখ কৰা হৈছে। হত্যাৰ বলি হোৱা টেক্সি চালক জৰ্জ এডৱাৰ্ড হিথৰ থুঁতৰি ফাটি যোৱাৰ বাবেই ইয়াক "ক্লেফ্ট চিন মাৰ্ডাৰ" বুলি জনা গৈছিল।
-
ক্ৰিভচে দুৰ্গ
ক্ৰিভচে দুৰ্গ (Kryvche Castle) ইউক্ৰেইনৰ টাৰ্নোপিল অঞ্চলৰ ক্ৰিভচেত অৱস্থিত এটা দুৰ্গ। ১৭শ শতিকাৰ প্ৰথমাৰ্ধত কান্তস্কি পৰিয়ালে এই দুৰ্গটো নিৰ্মাণ কৰিছিল। ই ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা স্থাপত্য স্মাৰক।