অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইৰানত অপৰাধ

ইৰাণত অপৰাধ (Crime in Iran)বুলি কলে বিভিন্ন ৰূপত বিদ্যমান থকা অপৰাধক বুজায়। এইবিলাকৰ ভিতৰত তলত দিয়া ধৰণৰ হ'ব পাৰে: হত্যা, অপহৰণ, চুৰি, জালিয়াতি, ধন সৰবৰাহ, ড্ৰাগছ সৰবৰাহ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, মদৰ সৰবৰাহ, তেল সৰবৰাহ, কৰ ফাঁকি, সন্ত্ৰাসবাদ, সমকামিতা, গাইডেন্স পেট্ৰ'ল, ৰমজানৰ সময়ত খোৱা-বোৱা…

হালনাগাদ: ১১ আগষ্ট ২০২৬ ৬০৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ইৰাণত অপৰাধ (Crime in Iran)বুলি কলে বিভিন্ন ৰূপত বিদ্যমান থকা অপৰাধক বুজায়। এইবিলাকৰ ভিতৰত তলত দিয়া ধৰণৰ হ'ব পাৰে: হত্যা, অপহৰণ, চুৰি, জালিয়াতি, ধন সৰবৰাহ, ড্ৰাগছ সৰবৰাহ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, মদৰ সৰবৰাহ, তেল সৰবৰাহ, কৰ ফাঁকি, সন্ত্ৰাসবাদ, সমকামিতা, গাইডেন্স পেট্ৰ'ল,১২৩ ৰমজানৰ সময়ত খোৱা-বোৱা আৰু মদ্যপান কৰা, আৰু আন বহুতো দূষণীয় অপৰাধৰ ভিতৰত ধৰা হয়।

ড্ৰাগছ আৰু ধন সৰবৰাহ

ইৰাণত ড্ৰাগছ সৰবৰাহৰ এক ডাঙৰ আৰু স্থায়ী সমস্যা। ইৰান, আফগানিস্তান আৰু ইউৰোপৰ মাজত দক্ষিণ-পশ্চিম এছিয়াৰ হেৰ'ইন সৰবৰাহৰ এটা প্ৰধান ঘাটি।৪ ইৰাণৰ ২.৮ শতাংশ জনসংখ্যা ড্ৰাগছৰ প্ৰতি আসক্ত, যাৰ ফলত ইৰাণৰ ড্ৰাগছ আসক্তিৰ হাৰ বিশ্বৰ ভিতৰতে অন্যতম; এই হাৰ আফগানিস্তানৰ ১০–১৫% হাৰৰ সৈতে তুলনাযোগ্য।৫ প্ৰকাশিত তথ্য অনুসৰি ইৰাণে ড্ৰাগছ বিৰোধী অভিযানত প্ৰায় ৩৫০০ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক হেৰুৱাইছে। এই অভিযানত দেশখনৰ বছৰি প্ৰায় ১ বিলিয়ন ডলাৰ খৰচ হয় আৰু ইৰাণৰ অৰ্থনীতিৰ বাৰ্ষিক প্ৰায় ৮.৫ বিলিয়ন ডলাৰ লোকচান হয়। ৬ তদুপৰি শ শ ড্ৰাগছ সৰবৰাহকাৰীক মৃত্যুদণ্ড দিয়া হৈছে।৭

ইৰাণ চৰকাৰে ২০১৫ চনত অনুমান কৰিছিল যে ইৰাণত ড্ৰাগছ সৰবৰাহৰপৰা পোৱা অবৈধ ধন বছৰি ১০ ট্ৰিলিয়ন টোমান (য’ত ১ টোমান ১০০০ ৰিয়াৰ সমান) হয়। এই অবৈধ আয়ৰ কিছু অংশ দেশৰ ৰাজনীতিত নিৰ্বাচন আৰু ভোট লাভৰ ওপৰত প্ৰভাৱ পেলোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ৮

আফিং

ইৰাণৰ বেছিভাগ ড্ৰাগছ সেৱনকাৰীয়ে আফিং ব্যৱহাৰ কৰে। ইৰাণে নিজাকৈ প্ৰায় কোনো আফিং উৎপাদন নকৰে; চুবুৰীয়া দেশ আফগানিস্তানৰপৰা আফিং আমদানি কৰা হয়।৯। ২০০৬ চনত আফগানিস্তানত উৎপাদিত আফিঙৰ ৫৩ শতাংশতকৈ অধিক ইৰাণৰ জৰিয়তে দেশ এৰি থৈ যায়। ইৰাণৰ কৰ্তৃপক্ষই ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ইৰাণৰ দক্ষিণ-পূব সীমান্তত আৰক্ষী বাহিনীৰ সংখ্যা বৃদ্ধি কৰা আৰু ড্ৰাগছ সৰবৰাহৰ দোষী সাব্যস্ত হোৱাসকলৰ বাবে কঠোৰ আইন আৰু শাস্তি বলবৎ কৰা আদি অন্যতম।

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ইৰাণ আগশাৰীৰ দেশত পৰিণত হৈছে; আজিলৈকে বিশ্বৰ মুঠ আফিং জব্দৰ ৮৫ শতাংশতকৈ অধিক ইৰাণৰ কৰ্তৃপক্ষই লাভ কৰিছে। ২০০৯ চনৰপৰা ২০১০ চনৰ ভিতৰত ইৰাণী আৰক্ষীয়ে জব্দ কৰা অবৈধ ড্ৰাগছৰ পৰিমাণ ৩৪০ টন অতিক্ৰম কৰিছিল।[10] ১০

কৰ ফাঁকি

কৰ ফাঁকি দিয়া লোকসকল সাধাৰণতে অৰ্থনীতিৰ ‘ধূসৰ খণ্ড’, বা ‘চোৰাং ব্যৱসায়ৰ’ৰ কাম-কাজত জড়িত হৈ থাকে, যিবোৰ প্ৰকাশিত নোহোৱাকৈ থাকে। ইয়াৰ ফলত হোৱা লোকচান দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ২০%ৰপৰা ২৫%ৰ সমতুল্য। ২০১৪ চনত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে ছুইজাৰলেণ্ডত সংঘটিত চুইছ লিক বা HSBC কেলেংকাৰীত ইৰাণৰ নাগৰিকসকলক কৰ ফাঁকিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

মানৱ সৰবৰাহ

"আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ৰ মতে: "ইৰাণ হৈছে যৌন শোষণ আৰু বলপূৰ্বক দাসত্বৰ উদ্দেশ্যে সৰবৰাহ কৰা মহিলাসকলৰ উৎস, মুখ্যকেন্দ্ৰ আৰু গন্তব্যস্থান। ইৰাণৰ মহিলাসকলক বলপূৰ্বক বেশ্যাবৃত্তি আৰু ঋণ পৰিশোধ কৰিবলৈ বলপূৰ্বক বিবাহৰ উদ্দেশ্যে ঘৰুৱাভাৱে সৰবৰাহ কৰা হয়। ইৰাণৰ শিশুক ঘৰুৱাভাৱে ব্যৱসায় কৰা হয়, আৰু আফগান শিশুক বলপূৰ্বক বিবাহ, বাণিজ্যিক যৌন শোষণ, আৰু বেচৰকাৰী সূত্ৰ অনুসৰি ইৰাণী মহিলা আৰু ছোৱালীক বাণিজ্যিক যৌন শোষণৰ বাবে পাকিস্তান, তুৰস্ক, কাটাৰ, কুৱেইট, সংযুক্ত আৰব আমিৰশ্বাহী, ফ্ৰান্স, জাৰ্মানী আৰু যুক্তৰাজ্যলৈও সৰবৰাহ কৰা হয়। ১১

সুৰা সৰবৰাহ

ইৰাণী বিপ্লৱৰ কিছুসময়ৰ পাছতে ইৰাণে মদৰ উৎপাদন আৰু সেৱন নিষিদ্ধ কৰিবলৈ আৰম্ভ কৰে। এই নিষেধাজ্ঞাৰ পিছতো ইৰাণত সুৰাৰ চোৰাং ব্যৱসায় ব্যাপকভাৱে চলি আছে। খবৰ পোৱা গৈছে যে প্ৰতিদিনে ইৰাণলৈ ২৫ লাখ ডলাৰতকৈ অধিক মূল্যৰ মদ চোৰাংচোৱাগিৰি কৰা হয়।১২ ইৰাণলৈ মদ্য সৰবৰাহ কৰিবলৈ চেষ্টা কৰি চোৰাংচোৱাসকলে প্ৰায়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়; সীমান্ত নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱাৰ মাজত সংঘৰ্ষত সঘনাই অসংখ্য লোকৰ মৃত্যু হয়।

তেল সৰবৰাহ

ইৰাণত তেল সৰবৰাহৰ এক বৃহৎ সমস্যা হৈ পৰিছে। ইৰাণীসকলে গেছলিনৰ বাবে প্ৰতি লিটাৰত গড়ে ২৫ চেণ্ট দিয়ে, আনহাতে চুবুৰীয়া দেশসমূহত ইয়াৰ মূল্য প্ৰতি লিটাৰত এক ডলাৰতকৈও অধিক; ইয়াৰ ফলত তেলৰ চোৰাংচোৱাগিৰি চোৰাংচোৱাসকলৰ বাবে লাভজনক ব্যৱসায় হৈ পৰিছে। ইৰাণৰপৰা প্ৰতি বছৰে ১.৮ বিলিয়ন লিটাৰতকৈ অধিক শোধিত তেলৰ সামগ্ৰী আফগানিস্তান, ইৰাক, পাকিস্তান, তুৰস্ককে ধৰি চুবুৰীয়া দেশলৈ সৰবৰাহ কৰা হয়। ১৩

শাস্তি

ইৰাণত মৃত্যুদণ্ডৰ হাৰ সৰ্বাধিক। মৃত্যুদণ্ড শাস্তি দিয়া দেশৰ ভিতৰত চীনৰ পিছতে দ্বিতীয়।১৪ ইৰাণৰ আইন অনুসৰি ব্যভিচাৰ আৰু সমকামী যৌনতাক অবৈধ কাৰ্য্য বুলি গণ্য কৰা হয় আৰু কিছুমান বিশেষ পৰিস্থিতিত মৃত্যুদণ্ডৰ শাস্তি হ’ব পাৰে। ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ শাস্তি কঠোৰ হ’ব পাৰে; অবৈধ ড্ৰাগছ ৰখা, ব্যৱহাৰ বা সৰবৰাহৰ বাবে দোষী সাব্যস্ত হোৱা যিকোনো ব্যক্তিক দীৰ্ঘদিনীয়া কাৰাদণ্ড, গধুৰ জৰিমনা আৰু আনকি মৃত্যুদণ্ডৰ সন্মুখীন হ'ব পাৰে। ১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (5 May 2013). Iran: Fashion police. The Economist
  2. ↑ Erdbrink, Thomas. (7 May 2014). When Freedom Is the Right to Stay Under Wraps. The New York Times
  3. ↑ Essential Voices: Poetry of Iran and Its Diaspora, 2021
  4. ↑ Fallah, Mohammad. (1999). col1 'In the Frontline, Iran Cannot Act Alone' - drug trafficking control - Brief Article. BNET
  5. ↑ Iran has the highest drug addiction rate in the world
  6. ↑ আৰ্কাইভ কপি
  7. ↑ Drug addiction in Iran: The other religion
  8. ↑ Iran's Interior Minister warns of illegal drug profits financing election campaigns. payvand.com
  9. ↑ Analysis: Iran's drug problems expanding. UPI
  10. ↑ Iranian Police Seize 3.5 Tons of Drugs from Traffickers. Fars News Agency
  11. ↑ (10 June 2008). Trafficking in Persons Report 2008. U.S. Department of State
  12. ↑ Rough Cut Iraq: The Alcohol Smugglers. PBS
  13. ↑ (19 June 2006). Oil smuggling costs Iran 'billions of dollars'. Mail & Guardian
  14. ↑ (2009-07-04). Iran executes 20 drug traffickers. BBC
  15. ↑ Iran. U.S. Department of State

সম্পৰ্কিত শ্ৰেণী

ইৰানঅপৰাধ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰানত অপৰাধ” প্ৰবন্ধৰ সংশোধন ৬২৬২১১ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।