অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

উডুক্কু

উডুক্কু বা উডুক্কাই দক্ষিণ ভাৰতৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ। কেৰালা, তামিলনাডু আৰু শ্ৰীলংকাৰ উত্তৰ আৰু পূব অংশত ই জনপ্ৰিয়। ই ডম্বৰু আৰু এডাক্কাৰ দৰে একে। আকৃতিৰ ফালৰ পৰা ই ডম্বৰুতকৈ ডাঙৰ, কিন্তু এডাক্কাতকৈ সৰু।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

উডুক্কু বা উডুক্কাই দক্ষিণ ভাৰতৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ। কেৰালা, তামিলনাডু আৰু শ্ৰীলংকাৰ উত্তৰ আৰু পূব অংশত ই জনপ্ৰিয়। ই ডম্বৰু আৰু এডাক্কাৰ দৰে একে। আকৃতিৰ ফালৰ পৰা ই ডম্বৰুতকৈ ডাঙৰ, কিন্তু এডাক্কাতকৈ সৰু।

উডুক্কু
উডুক্কুছবি: Darshiny · CC BY-SA 3.0

নামৰ উৎপত্তি

মালয়ালম শব্দ 'উডুক্কু' বা তামিল শব্দ 'উডুক্কাই' সংস্কৃত শব্দ 'হুডুক্কঃ' (Hudukkaḥ) ৰ পৰা আহিছে। সংস্কৃতত হুডুক্কঃক এটা দুমহলীয়া ঢোল বুলি কোৱা হয়, যিয়ে 'হুডুক' শব্দ কৰে।১

পৰিচয়

উডুক্কু
উডুক্কুছবি: Fotokannan · CC BY-SA 3.0

উডুক্কু হ'ল এডাক্কাৰ এটা সৰু ৰূপ। বালিঘড়ীৰ দৰে ইয়াৰ আকৃতি।২ বাদ্যযন্ত্ৰটো প্ৰায় ৮ ৰ পৰা ১০ ইঞ্চি দীঘল। ইয়াৰ দুয়োটা মূৰৰ পৰিসৰ ৬ ৰ পৰা ৮ ইঞ্চি আৰু মাজ অংশ সৰু।৩৪ পুৰণি কালত মাটিৰে ইয়াৰ শৰীৰ তৈয়াৰ কৰা হৈছিল। পিছলৈ কাঠ বা কঁঠাল কাঠৰ এটা খালী টুকুৰাৰে ইয়াক বনোৱা হয়। কিছুমান ঠাইত পিতলৰ শৰীৰো ব্যৱহাৰ কৰা হয়।২ বাদ্যযন্ত্ৰটোৰ মুখৰ অংশ শুকান ছালেৰে ঢাকি ৰখা হয়, সাধাৰণতে ছাগলীৰ ছাল ব্যৱহাৰ কৰা হয়। মূৰৰ চাৰিওফালে সূতাৰে ছালখন টান কৰি বান্ধি ৰখা হয়। বাদ্যযন্ত্ৰটোৰ মাজভাগত ধৰি ৰাখিবলৈ এটা কাপোৰৰ ফিটা থাকে। সজ্জাৰ বাবে কপাহী সূতাৰ ৰঙীন বল ঝুমি থাকে।৩

উডুক্কু মন্দিৰৰ আচাৰ-অনুষ্ঠান বা লোকসংস্কৃতিত বজোৱা হয়।৪ কেৰালাৰ শৱৰিমালা মন্দিৰত আয়াপ্পা দেৱতাৰ উদ্দেশ্যে গোৱা 'আয়াপ্পান পাট্টু' গীতত উডুক্কু ব্যৱহাৰ কৰা হয়।৫ ইয়াক 'উডুক্কু পাট্টু' বোলে।৬ 'উডুক্কু কত্তি পাট্টু' কেৰালাৰ এটা পৰম্পৰাগত শিল্প। ইয়াত গানৰ সুৰৰ লগত উডুক্কু বজোৱা হয়।৭৮ খ্ৰীষ্টীয় ৯ম শতিকাতো শ্ৰীলংকাৰ জাফনাত উডুক্কু জনপ্ৰিয় আছিল।৯

বজোৱাৰ শৈলী

উডুক্কু মাজভাগত পথালিকৈ ধৰি বজোৱা হয়। সাধাৰণতে সোঁফালে বজোৱা হয় আৰু বাঁওহাতেৰে কাপোৰৰ ফিটাডাল ধৰি ৰখা হয়।৪ আঙুলি আৰু তলুৱা ব্যৱহাৰ কৰি ইয়াক বজোৱা হয়। ফিটাডাল টানি বা এৰি ছালখনৰ টান কম-বেছি কৰি সুৰ সলনি কৰা হয়।৪ সূতাবোৰ পোনপটীয়াকৈ টানিও বাঁওহাতেৰে সুৰ ঠিক কৰা হয়।৩

পৰিচিত বাদকসকল

  • কালিয়মুৰ্তি পুছাৰি১০
  • কাৰিভেলি্ল ৰাধাকৃষ্ণণ১১১২

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kalpadruma, Sanskrit dictionary
  2. ↑ (2014). Milapfest. Milapfest
  3. ↑ (2014). Nathalaya. Nathalaya
  4. ↑ (2014). India 9. India 9
  5. ↑ (2006). Ayyappan Arputhangal. Geethanjali
  6. ↑ (2014). India Video. India Video
  7. ↑ (2014). Chendamelam. Chendamelam
  8. ↑ (17 January 2014). Udukku Kotti Pattu. Traditions in Kerala
  9. ↑ C. Rasanayagam. (1926). Ancient Jaffna: Being a Research Into the History of Jaffna from Very Early Times to the Portug(u)ese Period. Asian Educational Services. পৃ. 390. ISBN 9788120602106
  10. ↑ (2014). Spotify. Spotify
  11. ↑ (2014). Radhakrishnan. Muziekjez
  12. ↑ (2014). Q4Music. Q4Music

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ বাদ‍্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উডুক্কু” প্ৰবন্ধৰ সংশোধন ৬২৭২৭৭ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।