উথ্ৰালিক্কাভু পূৰম (:Uthralikkavu Pooram,মালয়ালম: ഉത്രാളിക്കാവ്), হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ থ্ৰিছূৰ জিলাৰ ৱাডাক্কানচেৰীত থকা থালাপ্পিল্লি তালুকৰ শ্ৰী ৰুধিৰমহাকালিকাভু মন্দিৰত অনুষ্ঠিত এক প্ৰসিদ্ধ উৎসৱ। এই মন্দিৰত প্ৰতি বছৰে ফেব্ৰুৱাৰী–মাৰ্চ মাহত অনুষ্ঠিত হোৱা পূৰম উৎসৱৰ বাবে বিশেষভাৱে জনাজাত। জনসমাগমৰ ফালৰ পৰা এই পূৰমক থ্ৰিছূৰ পূৰমৰ পিছতেই কেৰালাৰ দ্বিতীয় সৰ্বাধিক জনসমাগম হোৱা পূৰম বুলি গণ্য কৰা হয়।১
মন্দিৰ
উথ্ৰালিক্কাভু নামৰ মন্দিৰটো ৱাডাক্কানচেৰীৰ পৰা প্ৰায় দুই কিলোমিটাৰ উত্তৰে, কডুঙাল্লুৰ–শোৰানুৰ ৰাজ্যিক ঘাইপথৰ কাষত অৱস্থিত। থ্ৰিছূৰ–শোৰানুৰ ৰেʼলপথৰ একেবাৰে ওচৰত, বিস্তৃত ধাননি পথাৰৰ মাজত, টিলা আৰু পাহাৰৰ শাৰীৰে আগুৰি থকা এই মন্দিৰ চৌহদটোৱে এক সুন্দৰ প্ৰাকৃতিক শুভা বৰ্দ্ধন কৰি মঞ্চৰ দৰে ৰূপ লৈছে, যʼত পূৰম উৎসৱ আৰু ইয়াৰ সৈতে জড়িত সুসজ্জিত হাতীৰ শোভাযাত্ৰা, আতচবাজী, বাদ্য-বাজনাৰ সমাৰোহ আদি অনুষ্ঠিত হয়।
কেৰালাৰ আন বহু মন্দিৰৰ তুলনাত এই মন্দিৰ আকাৰত সৰু আৰু জিলাখনৰ এক নিৰ্জন গ্ৰাম্য অঞ্চলত অৱস্থিত হোৱাৰ পিছতো, পূৰম উৎসৱৰ সময়ত মন্দিৰখন আৰু ইয়াৰ চৌপাশৰ গাঁও বোৰত ব্যাপক জনসমাগম হয়, সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে আৰু বিশেষ এটা ধৰ্মীয় উৎসবৰ কেন্দ্ৰবিন্দু হৈ পৰে।
উৎসৱ
উথ্ৰালিক্কাভু উৎসৱ প্ৰতি বছৰে গ্ৰীষ্ম ঋতুৰ আৰম্ভণিৰ সময়ত অনুষ্ঠিত হয়। মালয়ালম কল্লম বৰ্ষপঞ্জীৰ কুম্ভম মাহৰ দ্বিতীয় মঙলবাৰে উৎসৱৰ পতাকা উত্তোলন (কোডিয়েট্টম) অনুষ্ঠিত হয়। এই দিনটোতে আন এক গুৰুত্বপূৰ্ণ স্থানীয় উৎসৱ মাচাড মামাংগমও অনুষ্ঠিত হয়। ইয়াৰ পিছৰ সাত দিন ধৰি বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী চলি থাকে। পৰৱৰ্তী মঙলবাৰে, সমাপনী অনুষ্ঠানৰ অংশ হিচাপে, মূল উথ্ৰালিক্কাভু পূৰম উদযাপন কৰা হয়।
পূৰম হৈছে কেৰালাৰ এক হিন্দু ধৰ্মীয় উৎসৱ, য'ত সাধাৰণতে সুসজ্জিত হাতীক শৃংখলাবদ্ধ আৰু সুনিয়ন্ত্ৰিত শোভাযাত্ৰাত অংশগ্ৰহণ কৰোৱা হয়। উথ্ৰালিক্কাভু পূৰমত চুবুৰীয়া তিনিখন গাঁৱৰ মন্দিৰ—এনকাক্কাড, কুমাৰানেল্লুৰ আৰু ৱাডাক্কানচেৰী—ৰ তিনিটা দলে অংশগ্ৰহণ কৰে। প্ৰতিটো দলে সাধাৰণতে ৭ৰ পৰা ১১টা হাতী প্ৰদৰ্শন কৰে। এই হাতীবোৰক পৰম্পৰাগত নেট্টিপট্টম বা কপালৰ অলংকাৰ, আলাভাট্টম বা বৃত্তাকাৰ শোভাসামগ্ৰী আৰু ভেঞ্চামাৰম বা শুভ্ৰ চামৰেৰে সুন্দৰভাৱে সজোৱা হয়।শোভাযাত্ৰাৰ মাজত থকা হাতীটোৰ ওপৰত থিটম্প বা কোলম স্থাপন কৰা হয়, যিয়ে পূজিত দেৱ-দেৱীৰ প্ৰতীক বহন কৰে। এই ধৰণে হাতীৰ শোভাযাত্ৰাৰে উদযাপন কৰা বহু পূৰম উৎসৱ কেৰালাত আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে থ্ৰিছূৰ পূৰম, নেনমাৰা ভাল্লাঙ্গি ভেলা, আৰাট্টুপুঝা পূৰম আৰু চিনাক্কাথুৰ পূৰম আদি।
হাতীৰ শোভাযাত্ৰাৰ উপৰিও, উথ্ৰালিক্কাভু পূৰমত কুথিৰা ভেলা (কাঠৰ ঘোঁৰাৰে উলিওৱা শোভাযাত্ৰা) আৰু বিভিন্ন সম্প্ৰদায়ে আয়োজন কৰা আন বহুতো পৰম্পৰাগত অনুষ্ঠান অনুষ্ঠিত হয়। পূৰম উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে পৰম্পৰাগত বাদ্য-বাজনাৰ সমাৰোহ, যেনে পঞ্চবাদ্যম আৰু মেলম। বিশেষকৈ নাটাপ্পুৰা পঞ্চবাদ্যম মধ্য কেৰালাৰ আগশাৰীৰ পঞ্চবাদ্যম শিল্পীসকলৰ দ্বাৰা পৰিবেশিত এক উল্লেখযোগ্য বাদ্য পৰিবেশন, যাক উথ্ৰালিক্কাভু পূৰমৰ অন্যতম আকৰ্ষণ হিচাপে গণ্য কৰা হয়।২
আতচবাজী
উথ্ৰালিক্কাভু পূৰমৰ আতচবাজী কেৰালাৰ নেনমাৰা ভাল্লাঙ্গি ভেলাৰ পিছতেই দ্বিতীয় বৃহত্তম বুলি গণ্য কৰা হয়। পূৰম উৎসৱৰ আটাইতকৈ দৃষ্টিনন্দন আকৰ্ষণ হৈছে দুবাৰ অনুষ্ঠিত হোৱা বিশাল আৰু গৰ্জনময় আতচবাজী প্ৰদৰ্শনী। ইয়াৰ প্ৰথমটো পূৰমৰ দিনা সন্ধিয়া প্ৰায় ৪ বজাৰ সময়ত অনুষ্ঠিত হয় আৰু দ্বিতীয়টো পিছদিনা পুৱতি নিশা, সাধাৰণতে প্ৰায় ৪:০০ বজাত অনুষ্ঠিত হয়। এই আতচবাজী প্ৰদৰ্শনী কেৰালাৰ মন্দিৰ উৎসৱসমূহৰ ভিতৰত এক অনন্য বৈশিষ্ট্য বহন কৰে। মন্দিৰখন চাৰিওফালে পাহাৰ-টিলাৰে আগুৰি থকা নিম্নভূমিত অৱস্থিত হোৱাৰ বাবে বিস্ফোৰণৰ শব্দ বহু গুণ অধিক প্ৰতিধ্বনিত হয়, যিয়ে সমগ্ৰ প্ৰদৰ্শনীক অধিক ৰোমাঞ্চকৰ কৰি তোলে। এই মনোমোহা আতচবাজী উপভোগ কৰিবলৈ কেৰালাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ দৰ্শনাৰ্থী সমবেত হয়। নেনমাৰা ভাল্লাঙ্গি ভেলাও পূৰমৰ দৰেই উদযাপিত এক বিখ্যাত মন্দিৰ উৎসৱ, যি বিশেষকৈ ইয়াৰ জাকজমকীয়া ভেডিক্কেট্টু (আতচবাজী)ৰ বাবে সুপৰিচিত।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উথ্ৰালিক্কাভু পূৰম” প্ৰবন্ধৰ সংশোধন ৬২৫০৫৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।