অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

উকমুকৰ পোৱালি

উকমুকৰ পোৱালি অসমীয়া ভাষাৰ জতুৱা ঠাঁচ ইয়াক কেতিয়াবা ধেমেলিয়া বা খুহুটিয়া, কেতিয়াবা ব্যংগোক্তি বা কেতিয়াবা বক্ৰোক্তি হিচাবে ব্যৱহাৰ কৰা হয়। সমাৰ্থক অন্য জটুৱা ঠাঁচ হৈছে ঘোঁড়াৰ ডিম বা অশ্বডিম্ব, শিয়ালৰ শিং আদি৷ পৃথিৱীৰ অন্যান্য ভাষা, জাতি বা বিভিন্ন সমাজ বা গোটৰ মাজতো সমাৰ্থক উক্তি বা…

হালনাগাদ: ৭ জুন ২০২১ ৪২৩ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

উকমুকৰ পোৱালি অসমীয়া ভাষাৰ জতুৱা ঠাঁচ ইয়াক কেতিয়াবা ধেমেলিয়া বা খুহুটিয়া, কেতিয়াবা ব্যংগোক্তি বা কেতিয়াবা বক্ৰোক্তি হিচাবে ব্যৱহাৰ কৰা হয়। সমাৰ্থক অন্য জটুৱা ঠাঁচ হৈছে ঘোঁড়াৰ ডিম বা অশ্বডিম্ব, শিয়ালৰ শিং আদি৷

পৃথিৱীৰ অন্যান্য ভাষা, জাতি বা বিভিন্ন সমাজ বা গোটৰ মাজতো সমাৰ্থক উক্তি বা প্ৰকাশ পোৱা যায়। পশ্চিমীয়া পদাৰ্থবিদৰ মাজত প্ৰচলিত ওফোন্দা গৰু বা গোলাকাৰ গৰু (spherical cow), পূৰ্বৰ চোভিয়েট ৰাচিয়াৰ ষ্টেলিনৰ কালৰ ভুৱা কৃষিবিজ্ঞানী ট্ৰমফিম লাইছেংক' (Trofim Lysenko) -অৰ ভুৱা কৃষি গৱেষণাক উপলুঙা কৰি লাইছেংক'ইজ্‌ম্‌ আদি। অৱশ্যে এই উক্তিবোৰ প্ৰসংগ আৰু পৰিৱেশ সাপেক্ষ, উপযুক্ত পৰিৱেশ, প্ৰসংগ বা কিছুমানৰ ক্ষেত্ৰত ভাষাত প্ৰয়োগ কৰিলেহে ই অৰ্থবহ হয় আৰু হাস্যৰসাত্মক বা ব্যংগাত্মক হয়।

বিভিন্ন ব্যৱহাৰ

হাস্যৰসাত্মক: গাভৰু (লেনিয়াই), "এই তুমি এইবাৰ ভেলেণ্টাইনচ ডে'ত কি দিবাঁ?" বিৰক্ত ডেকা: "উকমুকৰ পোৱালি। "

ব্যংগাত্মক: সতীৰ্থ বৈজ্ঞানীক জনে তেখেতৰ নতুন আৱিষ্কাৰৰ বিষয়ে ভাষণ দিয়াৰ পাচত তেওঁক বাকীসকলে প্ৰশংসা কৰা দেখি ঈৰ্ষাতে কাষৰজনৰ কাণে কাণে, "এহ! বৰ উকমুকৰ পোৱালিডাল দেখুৱাইছে!" - এনে প্ৰসংগত গোলাকাৰ গৰু বা লাইছেংক'ইজম, শিয়ালৰ শিং, ফ্লাইং কাও আদিও ব্যৱহাৰ কৰিব পৰা যায়।

বক্ৰোক্তি: আপোনাৰ উকমুকৰ পোৱালিটো দেখিলোঁ। কিন্তু এইটোৱে কি কৰে বুজাই ক'বনে?

অন্যান্য সমাজত

পশ্চিমীয়া বিজ্ঞান: গোলাকাৰ গৰু

গোলাকাৰ গৰু হৈছে বাস্তৱিক জীৱনৰ জটিল প্ৰক্ৰিয়াসমূহৰ অতি সৰলীকৃত বৈজ্ঞানিক আৰ্হি বা প্ৰতিৰূপৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা এক ব্যংগোক্তি। এই খণ্ড-বাক্য ফাঁকি পশ্চিমীয়া তাত্ত্বিক পদাৰ্থবিদ (theoretical physicists) সকলৰ মাজত প্ৰচলিত এটা ব্যংগাত্মক ৰূপক।

এবাৰ এখন গাখীৰৰ পাম (farm) ত গাখীৰৰ উৎপাদন কম হোৱাত সেই পামৰ কৃষকসকলে চিন্তাম্বিত হৈ স্থানীয় বিশ্ববিদ্যালয়ৰ বিদ্বৎ সমাজৰ পৰা সহায় আৰু পৰামৰ্শৰ বাবে আবেদন জনালে। বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অনুসন্ধানৰ বাবে এজন তাত্ত্বিক পদাৰ্থবিদৰ নেতৃত্বত বহু বিষয়ৰ গৱেষক অধ্যাপকেৰে যুক্ত এটা দল গঠন কৰি দিয়া হ'ল। সেই গৱেষক অধ্যাপকৰ দলটোৱে দুসপ্তাহ ধৰি চৰজমিন অনুসন্ধান চলালে। অনুসসন্ধানৰ অন্তত বিদ্বানৰ দলটো তেওঁলোকৰ টোকাবহী তথ্যপাতিৰে ভৰাই বিশ্ববিদ্যালয়লৈ ঘূৰি গ'ল। বিস্তৃত গণনা আৰু আলোচন-বিলোচনাৰ পিছত গৱেষণাৰ ফলাফলৰ প্ৰতিবেদন লিখাৰ দায়িত্ব তাত্ত্বিক পদাৰ্থবিদজনৰ ওপৰত ন্যস্ত কৰা হ'ল। তাত্ত্বিক পদাৰ্থবিদে শীঘ্ৰেই তেওঁৰ প্ৰতিবেদন দাখিল কৰিলে; আৰু ফলাফল ঘোষণা কৰিবৰ বাবে কৃষকসকলৰ ওচৰলৈ গ'ল। তেওঁ ঘোষণা কৰিলে, "শ্ৰদ্ধাৰ কৃষকসকল, আপোনালোকৰ সমস্যাৰ সমাধান আমাৰ বিস্তৃত গৱেষণাৰ অন্তত আমি বিচাৰি পাইছোঁ। কিন্তু আমাৰ সমাধানটো গোলাকাৰ গৰুৰ ক্ষেত্ৰতহে ফলপ্ৰসূ হয়"।

সমস্যাৰ সমাধান শুনি সকলো কৃষকে মূৰে কপালে হাত দিলে।

এই কাহিনীটোত হাস্যকৰ বিষয়টো হ'ল যে, পদাৰ্থবিদসকলে গনণা আৰু বিশ্লেষণ সাধ্য কৰি তুলিবৰ বাবে প্ৰায়ে সকলো সমস্যাকে কিছুমান স্বতঃসিদ্ধ ধাৰণাৰে সংকুচিত কৰিবলৈ চেষ্টা কৰে (যদিও বহুক্ষেত্ৰত এই স্বতঃসিদ্ধ ধাৰণাসমূহে বাস্তৱক্ষেত্ৰত তেওঁলোকৰ আৰ্হি (model)ৰ প্ৰযোজ্যতা বাৰুকৈয়ে বাধাগ্ৰস্ত কৰে।

এই ফুচুৰিটোক বিভিন্ন ৰূপত পৰিবেশন কৰা হয়। ৰাছিয়াত বায়ুশূন্য অৱস্থাৰ গোলাকাৰ ঘোঁৰা নামেৰে এই ফুচুৰি জনাজাত। "বায়ুশূন্য অৱস্থাৰ গোলাকাৰ ঘোঁৰা"ৰ স্ৰষ্টাই দাবী কৰে যে, কোনো ঘোঁৰা দৌৰত ভাগ লোৱা ঘোঁৰাবোৰ যদি গোলাকাৰ হয় আৰু সিহঁতৰ দৌৰৰ পথ বায়ুশূন্য হয়, তেনে প্ৰতিযোগিতাৰ বিজয়ী ঘোঁৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে দশমিকৰ পিছৰ বহু অংকলৈকে শুদ্ধভাৱে গনণা কৰিব পৰা যায়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উকমুকৰ পোৱালি” প্ৰবন্ধৰ সংশোধন ২৮০৮৫৩ (৭ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।