অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ইৰানৰ গণমাধ্যম

ইৰাণৰ গণমাধ্যম (Mass media in Iran) ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা মালিকানাধীন যদিও সকলো চেনেল চেঞ্চৰশ্বিপৰ অধীনত। ২০১৬ চনত ইৰাণৰ ১৭৮খন বাতৰি কাকত, ৮৩খন আলোচনী, ১৫,০০০খন তথ্য ছাইট আৰু ২০ লাখ ব্লগ আছিল।

হালনাগাদ: ১৭ মে’ ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইৰাণৰ গণমাধ্যম (Mass media in Iran) ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা মালিকানাধীন যদিও সকলো চেনেল চেঞ্চৰশ্বিপৰ অধীনত। ২০১৬ চনত ইৰাণৰ ১৭৮খন বাতৰি কাকত, ৮৩খন আলোচনী, ১৫,০০০খন তথ্য ছাইট আৰু ২০ লাখ ব্লগ আছিল।১ ইছলামিক বিপ্লৱী আদালতৰ ছপা মাধ্যম নিৰীক্ষণ কৰাৰ কৰ্তৃত্ব আছে, আৰু জুৰীয়ে ধৰ্মবিৰোধী, মানহানিকাৰক বা জাতীয় স্বাৰ্থৰ বাবে ক্ষতিকাৰক সামগ্ৰী প্ৰকাশ কৰাৰ বাবে দোষী সাব্যস্ত কৰা বাতৰি কাকত বা আলোচনীৰ প্ৰকাশ স্থগিত বা অনুজ্ঞাপত্ৰ বাতিল কৰিব পাৰে।

ইৰানৰ গণমাধ্যমৰ অন্যতম মূল নিয়ন্ত্ৰণ কৰ্তৃপক্ষ হৈছে গণমাধ্যম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ সংস্থা।

বাতৰি কাকত

বিভিন্ন বাতৰি কাকত,তেহৰান,২০১১
বিভিন্ন বাতৰি কাকত,তেহৰান,২০১১ছবি: Kai Hendry from Singapore, Malaysia · CC BY 2.0

পাৰ্চী ভাষাৰ কাঘাজ-ই আখবৰ ("বাতৰিৰ কাগজ") আছিল কাজাৰ ইৰাণত প্ৰকাশিত এখন মাহেকীয়া বাতৰি কাকত। ১৮৩৭ চনৰ ১ মে’ত প্ৰথম সংখ্যা প্ৰকাশ কৰা এইখন ইৰাণত প্ৰকাশ পোৱা প্ৰথমখন কাকত আছিল। মহম্মদ শ্বাহ কাজাৰৰ নিৰ্দেশত কাকতখন সৃষ্টিৰ বাবে তেহৰাণত মিৰ্জা ছালেহ শ্বিৰাজীয়ে পৰিচালনা কৰিছিল।

ইৰানৰ বেছিভাগ বাতৰি কাকত পাৰ্চী ভাষাত প্ৰকাশ পায় যদিও ইংৰাজী ভাষা আৰু অন্যান্য ভাষাৰ বাতৰি কাকতও আছে। সৰ্বাধিক বিক্ৰী হোৱা কাকত প্ৰকাশ পায় তেহৰাণত। জনপ্ৰিয় দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতসমূহৰ ভিতৰত ইৰাণ, ইটেলাট, কায়হান, হামশ্বাহৰী, ৰিছালাট আদি অন্যতম। ইৰাণ ডেইলী আৰু তেহৰাণ টাইমছ দুয়োখন ইংৰাজী ভাষাৰ বাতৰি কাকত।২ ইৰাণৰ সৰ্ববৃহৎ মিডিয়া কোম্পানী হৈছে ইছলামিক ৰিপাব্লিক অৱ ইৰাণ ব্ৰডকাষ্টিং (IRIB)। ফাইনেন্সিয়েল ট্ৰিবিউন হৈছে ইংৰাজী ভাষাৰ মূল (অনলাইন) অৰ্থনৈতিক বাতৰি কাকত। ইৰাণ ফ্ৰণ্ট পেজ (আই এফ পি নিউজ) হৈছে ইংৰাজী ভাষাৰ এটা বাতৰি ৱেবছাইট যিয়ে পাঠকসকলক ইৰাণৰ পাৰ্চী ভাষাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ইৰাণৰ শেহতীয়া বাতৰি আৰু মতামতসমূহৰ ইংৰাজী অনুবাদ প্ৰদান কৰে। ৩

বিদেশী সম্প্ৰচাৰ

দেশখনে কেইবাটাও বিদেশী সম্প্ৰচাৰ লাভ কৰে, য'ত বিবিচি পাৰ্চী টিভি, কল ইজৰাইল, ৰেডিঅ' ফাৰ্ডাৰপৰা পাৰ্চী ভাষাৰ অনুষ্ঠান সম্প্ৰচাৰ হয়; কিন্তু এই সম্প্ৰচাৰসমূহ কেতিয়াবা ৰেডিঅ' জামিঙৰদ্বাৰা বাধাপ্ৰাপ্ত হয়।৪ ৰাষ্ট্ৰীয় আইন আৰু নিয়মৰপৰা বিচ্যুত হোৱা যিকোনো বস্তু চৰকাৰে চেঞ্চৰ কৰে।৫৬ ইৰাণৰ বেছিভাগ মানুহেই অৰ্থাৎ ৮০ শতাংশতকৈ অধিক লোকে তেওঁলোকৰ বাতৰি চৰকাৰী সংবাদ মাধ্যমৰপৰা পায়।৭ ইৰাণত ব্যক্তিগত, স্বতন্ত্ৰ সংবাদ মাধ্যম স্থাপনৰ প্ৰচেষ্টা বন্ধ বা নিৰ্মূল কৰা হৈছে আৰু ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰে ঘোষণা কৰিছে যে মধ্যপ্ৰাচ্যৰ ভিতৰত ইৰাণৰ ভিতৰতে সৰ্বাধিক কাৰাবন্দী সাংবাদিক আছে। ১৯৭৯ চনৰ ইৰাণৰ সংবিধান অনুসৰি সকলো সম্প্ৰচাৰ কেৱল চৰকাৰে কৰিব লাগিব আৰু ১৯৯৪ চনত ইছলামিক ৰিপাব্লিকে উপগ্ৰহ টেলিভিছনৰ ব্যৱহাৰ নিষিদ্ধ কৰে।৮ ইয়াৰ পিছতো ৩০ শতাংশতকৈ অধিক ইৰাণীয়ে প্ৰকৃততে উপগ্ৰহ টেলিভিছন চেনেল চায়। ৯

বাহ্যিক সংযোগ

  1. orsam.org.tr

Politics and Media in Iran

তথ্যসূত্ৰ

  1. ↑ Lettres Persanes. (23 May 2016). Lettres Persanes: suivez l'Iran depuis l'Iran
  2. ↑ Ayse, Valentine; Nash, Jason John; Leland, Rice. (January 2013). The Business Year 2013: Iran. The Business Year. পৃ. 114. ISBN 978-1-908180-11-7
  3. ↑ About Us - Iran Front Page "About Iran Front Page"
  4. ↑ Listening to Iran - World - CBC News "Listening to Iran" – Canadian Broadcasting Corporation
  5. ↑ Reporters sans frontières – Internet – Iran
  6. ↑ Molavi, Soul of Iran, Norton, (2002) p.5
  7. ↑ State Department's First Persian-Language Spokesperson Could Appear In Iranian State Media. www.payvand.com
  8. ↑ Sanati, Kimia. (4 July 2007). New TV Channel to Focus on Iraq, Shia Issues. IPS
  9. ↑ Iran's war on satellite dishes: "We just buy new ones the next day". france24.com

সম্পৰ্কিত শ্ৰেণী

গণমাধ্যমইৰান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰানৰ গণমাধ্যম” প্ৰবন্ধৰ সংশোধন ৬০৬৮৯৩ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।