জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঋষব শেট্টী
প্ৰশান্ত শ্বেট্টী (Prashanth Shetty; জন্ম: ৭ জুলাই ১৯৮৩), পেছাগতভাৱে ঋষব শেট্টী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক যি প্ৰধানকৈ কানাড়া ভাষাৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰে। শ্বেট্টীয়ে টুগলাক (২০১২) নামৰ ছবিখনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
এ কে ৰামানুজন
আত্তিপেট কৃষ্ণস্বামী ৰামানুজন (জন্ম, ১৬ মাৰ্চ ১৯২৯ – মৃত্যু,১৩ জুলাই ১৯৯৩) এজন ভাৰতীয় কবি আৰু ভাৰতীয় সাহিত্য আৰু ভাষাবিজ্ঞানৰ পণ্ডিত আছিল ৰামানুজন চিকাগো বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞানৰ অধ্যাপকও আছিল। ৰামানুজন আছিল এজন কবি, পণ্ডিত, ভাষাবিদ, লোককথাবিদ, অনুবাদক আৰু নাট্যকাৰ।
-
এ ডি লোগানাথন
মেজৰ জেনেৰেল আৰ্কট ড’ৰাইস্বামী লোগানাদন (কিছুমান ঐতিহাসিক উল্লেখত 'লোগানাথন' বুলিও বানান কৰা হয়) (১২ এপ্ৰিল ১৮৮৮ – ৯ মাৰ্চ ১৯৪৯) ভাৰতীয় জাতীয় সেনাবাহিনীৰ এজন বিষয়া আছিল (যি সেনাবাহিনী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ভাৰতৰ বিৰুদ্ধে জাপানী সাম্ৰাজ্যৰ সৈতে মিত্ৰতা কৰিছিল), আৰু আজাদ হিন্দ চৰকাৰৰ…
-
এ ললিতা
এ ললিতা (Ayyalasomayajula Lalitha)(২৭ আগষ্ট ১৯১৯ - ১৯৭৯) আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা যাক ভাৰতৰ প্ৰথমগৰাকী মহিলা অভিযন্তা হিচাপে স্মৰণ কৰা হয়। ইয়াৰোপৰি ললিতা আছিল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গিণ্ডীৰ পৰা ডিগ্ৰীপ্ৰাপ্ত প্ৰথমগৰাকী ভাৰতীয় মহিলা।
-
এইচ এম নাকভি
এইচ এম নাকভি (H.M. Naqvi; জন্ম:১৯৭৩)হৈছে বৰ্তমান কৰাচী নিবাসী এগৰাকী পাকিস্তানী ঔপন্যাসিক। তেওঁ হ’ম বয় উপন্যাসখনৰ ৰচক আৰু এই উপন্যাসখনৰ বাবে ২০১১ চনত তেওঁ দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
একন
আলিয়াউনে ডামালা বৌগা টাইম পুৰু নাক্কা লু লু লু বদাৰা আকন থিয়াম (জন্ম ১৬ এপ্ৰিল, ১৯৭৩), Akon নামেৰে জনাজাত। তেওঁ এজন চেনেগাল-আমেৰিকান গায়ক-গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক, ব্যৱসায়ী আৰু দানবীৰ ব্যক্তি। তেওঁ বিশ্ব সংগীতৰ এজন প্ৰভাৱশালী ব্যক্তি।
-
একবীৰা দেৱী
একবীৰা (একভীৰা বুলিও বানান কৰা হয়) এগৰাকী হিন্দু দেৱী; দেৱী পাৰ্বতী, যমাই দেৱী আৰু ৰেণুকা দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়। তেওঁ কোলি জনগোষ্ঠীৰ আৰু চন্দ্ৰসেনীয় কায়স্থ প্ৰভু সম্প্ৰদায়ৰো কুলদেৱী। প্ৰতি বছৰে কোলিসকলে একবীৰাক সন্মান জনায় আৰু কাৰ্লা গুহাত এই উৎসৱ পালন কৰে।
-
এচ এল ভৈৰপ্পা
সান্তাশিৱাৰা লিঙ্গন্নায়াহ ভৈৰপ্পা (জন্ম ২০ আগষ্ট ১৯৩১) এগৰাকী কানাড়া ভাষাৰ ভাৰতীয় ঔপন্যাসিক, দাৰ্শনিক আৰু চিত্ৰনাট্যকাৰ। কেৱল কৰ্ণাটকৰে নহয়, তেওঁক আধুনিক ভাৰতৰ জনপ্ৰিয় ঔপন্যাসিকসকলৰ এগৰাকী হিচাপে গণ্য কৰা হয়। তেওঁৰ উপন্যাসসমূহ বিষয়বস্তু, গাঁথনি আৰু চৰিত্ৰায়নৰ ক্ষেত্ৰত অনন্য।
-
এছ অনিতাৰ আত্মহত্যা
শন্মুগম অনিতা (৫ মাৰ্চ ২০০০ – ১ ছেপ্টেম্বৰ ২০১৭) ভাৰতৰ তামিলনাডুৰ এগৰাকী ছাত্ৰী আছিল। তামিলনাডু ৰাজ্যিক ব’ৰ্ডৰ দ্বাদশ মান পৰীক্ষাত ১১৭৬/১২০০ নম্বৰ লাভ কৰে। ৰাজ্য শিক্ষা বোৰ্ডৰ নম্বৰ বিবেচিত হোৱাহেঁতেন তেওঁৰ চিকিৎসাৰ আসন নিশ্চিত হ’লহেঁতেন।
-
এছ. মিত্ৰা কলিতা
এছ. মিত্ৰা কলিতা এগৰাকী সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক আৰু দুখন কিতাপৰ লেখিকা। তেওঁৰ প্ৰথমখন কিতাপ Suburban Sahibs নিউ জাৰ্চিত অভিবাসীসকলে কেনেদৰে আমেৰিকাৰ ৰূপান্তৰ ঘটালে সেই বিষয়ে আৰু দ্বিতীয়খন My Two Indias হৈছে গ্লোবেলাইজেচন সম্পৰ্কীয় এটা অৰ্থনৈতিক আত্মজীৱনী।
-
এছ. সোমনাথ
ড° শ্ৰীধৰ পনিকৰ সোমনাথ (Dr. Sreedhara Panicker Somanath; জন্ম: জুলাই ১৯৬৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন ভাৰতীয় মহাকাশ অভিযন্তা। তেওঁৰ অধ্যক্ষতাত ইছৰ’ই চন্দ্ৰযান-৩ নামৰ তৃতীয়টো ভাৰতীয় অন্বেষণ অভিযান চলাইছিল।
-
এডগাৰ এলান পো
এডগাৰ এলান পো (Edgar Allan Poe) (১৯ জানুৱাৰী, ১৮০৯ – ৭ অক্টোবৰ, ১৮৪৯) আছিল এজন আমেৰিকান লেখক, কবি, সম্পাদক আৰু সাহিত্য সমালোচক যি তেওঁৰ কবিতা আৰু চুটিগল্পৰ বাবে বেছিকৈ পৰিচিত, বিশেষকৈ ৰহস্য আৰু ভয়ানকতাৰ সৈতে জড়িত কাহিনীৰ বাবে।
-
এডমাণ্ড হিলাৰী
ছাৰ এডমাণ্ড পাৰ্চিভাল হিলাৰী ( Sir Edmund Percival Hillary )(জন্ম,২০ জুলাই ১৯১৯ – মৃত্যু, ১১ জানুৱাৰী ২০০৮) আছিল নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী, অভিযাত্ৰী,লেখক আৰু দানশীল ব্যক্তি।
-
এডিছন
জোচেফ এডিচন ( ইংৰাজী: Joseph Addison; ১ মে' ১৬৭২ – ১৭ মে' ১৭১৯) এজন ইংৰাজী প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, ৰাজনীতিবিদ। লেন্সেলট এডিচনৰ ডাঙৰ পুত্ৰ আছিল তেওঁ। তেওঁৰ নামটো সাধাৰণতে তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু ৰিচাৰ্ড ষ্টিলৰ নামৰ সৈতেও মনত ৰখা হয়, যাৰ সৈতে তেওঁ দ্য স্পেক্টেটৰ আলোচনী প্ৰতিষ্ঠা কৰিছিল।
-
এডৱাৰ্ড স্ন'ডেন
এডৱাৰ্ড জোচেফ স্ন'ডেন(জন্ম ২১ জুন,১৯৮১) এজন আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ। তেওঁ ক্ৰমে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এ(CIA) আৰু এচ এ(NSA)ৰ প্ৰাক্তন কৰ্মী আছিল।
-
এণ্ড্ৰিউ ৱাইলছ
ছাৰ এণ্ড্ৰিউ জন ৱাইলছ (ইংৰাজী: Sir Andrew John Wiles, জন্ম: ১১ এপ্ৰিল ১৯৫৩) এখন প্ৰখ্যাত ইংৰাজী গণিতজ্ঞ। তেওঁক বিশ্বৰ শ্ৰেষ্ঠ সংখ্যাতত্ত্ববিদ সকলৰ মাজৰ এজন বুলি গণ্য কৰা হয়।
-
এন টি ৰামা ৰাও জুনিয়ৰ
নন্দমুৰি তাৰকা ৰামা ৰাও (N. T. Rama Rao Jr.(জন্ম ২০ মে' ১৯৮৩), জনপ্ৰিয়ভাৱে এন টি আৰ জুনিয়ৰ নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক যি মূলতঃ তেলেগু চিনেমাত কাম কৰে।
-
এন স্মিথ ফ্ৰেংকলিন
এন স্মিথ ফ্ৰেংকলিন (২ অক্টোবৰ, ১৬৯৬ – ১৬ এপ্ৰিল, ১৭৬৩) আমেৰিকাৰ ঔপনিৱেশিক কাকত মুদ্ৰক আৰু প্ৰকাশক আছিল। তেওঁৰ স্বামী জেমছ ফ্ৰেংকলিনৰপৰা তেওঁ এই ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল, যি বেঞ্জামিন ফ্ৰেংকলিনৰ ভাতৃ আছিল।
-
এন. গোপালাস্বামী
এন গোপালাস্বামী (জন্ম ২১ এপ্ৰিল ১৯৪৪), ভাৰতৰ ১৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু ২০১৫ চনত পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তি। তেওঁ গুজৰাট কেডাৰৰ অন্তৰ্গত ১৯৬৬ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
-
এনি জোনছ ইলিয়ট
এনি জোনছ ইলিয়ট (১৪ জুলাই, ১৮৬৫ – ২২ অক্টোবৰ, ১৯০২) ভাৰ্জিনিয়াত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান দাড়ি থকা নাৰী আছিল। চাৰ্কাছৰ আকৰ্ষণ হিচাপে শ্ব’মেন পি টি বাৰ্নামৰ সৈতে ভ্ৰমণ কৰিছিল।
-
এন্নে ফাৰ্থ মাৰে
এন্নে ফাৰ্থ মাৰে জন্ম: ২৩ জুন, ১৯৩৫ চন, নিউজিলেণ্ডৰ ৱাংগানুই, এগৰাকী কৰ্মী, লেখিকা, আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষক হোৱাৰ লগতে এটা অলাভজনক সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।
-
এন্নে হাথাৱে
এন্নে জেকলিন হাথাৱে (জন্ম ১২ নৱেম্বৰ, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। এন্নে হাথাৱেই লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকাত একাডেমী বঁটা, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, গোল্ডেন গ্ল’ব বঁটা আৰু প্ৰাইমটাইম এমি বঁটা আদি অন্তৰ্ভুক্ত।
-
এনৰিকো ফাৰ্মি
এনৰিকো ফাৰ্মি (২৯ ছেপ্টেম্বৰ, ১৯০১ - ২৮ নৱেম্বৰ, ১৯৫৪) এজন ইটালীয় পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে পৰমাণু বিভাজন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই গৱেষণাই পৰৱৰ্তীকালত পৰমাণু বোমা আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহৃত পৰমাণু চুল্লী নিৰ্মাণৰ ভিত্তি স্থাপন কৰিছিল।
-
এপি ঢিল্লোঁ
অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয় ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে।
-
এম. এছ. গীল
মনোহৰ সিং গীল ( Manohar Singh Gill; ১৪ জুন ১৯৩৬ – ১৫ অক্টোবৰ ২০২৩) এজন ভাৰতীয় আমোলা, ৰাজনীতিবিদ আৰু সাহিত্যিক। ১৯৫৮ চনৰ পৰা ২০০১ চনলৈ ভাৰতৰ একাদশ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে অৱসৰ লোৱালৈকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এম. কামালুদ্দিন আহমেদ
এম. কামালুদ্দিন আহমেদ একাধাৰে কবি, সমালোচক,অনুবাদক তথা অধ্যাপক। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ কবি হিচাপে একবিংশ শতিকাটোৰ তেওঁ এজন উল্লেখযোগ্য কবি৷ তেখেতৰ কবিতা উত্তৰ লক্ষীমপুৰ (স্বায়ত্বশাসিত) মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগৰ…
-
এম. সাৰদা মেনন
মামবালিকালাথিল সাৰদা মেনন, চমুকৈ এম. সাৰদা মেনন, (M. Sarada Menon, জন্ম: ৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ, সামাজিক কৰ্মী আৰু চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা।
-
এমা থমাছ
এমা থমাছ নোলান ( জন্ম ৯ ডিচেম্বৰ ১৯৭১ চনত)হৈছে যুক্তৰাজ্যৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। এখেত পতি ক্ৰিষ্টোফাৰ নোলানৰ লগত অংশীদাৰ হৈ বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰাৰ বাবে বিশ্বজুৰি বিখ্যাত হৈছে। এওঁ 'নোলান'ৰ সকলো বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰি বিশ্বজুৰি ৬ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে।
-
এমিলি গ্ৰীণ বালচ
এমিলি গ্ৰীণ বালচ (Emily Greene Balch; ৮ জানুৱাৰী, ১৮৬৭ – ৯ জানুৱাৰী, ১৯৬১)এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, সমাজবিজ্ঞানী আৰু শান্তিবাদী আছিল। বালচে ৱেলেছলি কলেজত শৈক্ষিক কেৰিয়াৰৰ সৈতে দৰিদ্ৰতা, শিশু শ্ৰম, আৰু অনুপ্ৰৱেশৰ দৰে সামাজিক বিষয়সমূহৰ প্ৰতি দীৰ্ঘদিনীয়া আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ লগতে দৰিদ্ৰ…
-
এমিলি ডিকিনচন
এমিলি এলিজাবেথ ডিকিনচন (ইংৰাজী: Emily Elizabeth Dickinson) (জন্ম: ১০ ডিচেম্বৰ, ১৮৩০ - মৃত্যু: ১৫ মে’, ১৮৮৬) এগৰাকী বিশিষ্ট আমেৰিকান কবি আছিল। তেওঁৰ জীৱনকালৰ বিষয়ে নিচেই সামান্য তথ্য উপলভ্য হ'লেও, আমেৰিকান কবিতাৰ ইতিহাসত তেওঁ এগৰাকী উল্লেখযোগ্য ব্যক্তি হিচাপে পৰিগণিত।