অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এমিলি গ্ৰীণ বালচ

এমিলি গ্ৰীণ বালচ (Emily Greene Balch; ৮ জানুৱাৰী, ১৮৬৭ – ৯ জানুৱাৰী, ১৯৬১)এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, সমাজবিজ্ঞানী আৰু শান্তিবাদী আছিল। বালচে ৱেলেছলি কলেজত শৈক্ষিক কেৰিয়াৰৰ সৈতে দৰিদ্ৰতা, শিশু শ্ৰম, আৰু অনুপ্ৰৱেশৰ দৰে সামাজিক বিষয়সমূহৰ প্ৰতি দীৰ্ঘদিনীয়া আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ লগতে দৰিদ্ৰ…

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ৪৭৪ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এমিলি গ্ৰীণ বালচ (Emily Greene Balch; ৮ জানুৱাৰী, ১৮৬৭ – ৯ জানুৱাৰী, ১৯৬১)এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, সমাজবিজ্ঞানী আৰু শান্তিবাদী আছিল। বালচে ৱেলেছলি কলেজত শৈক্ষিক কেৰিয়াৰৰ সৈতে দৰিদ্ৰতা, শিশু শ্ৰম, আৰু অনুপ্ৰৱেশৰ দৰে সামাজিক বিষয়সমূহৰ প্ৰতি দীৰ্ঘদিনীয়া আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ লগতে দৰিদ্ৰ অনুপ্ৰৱেশকাৰীৰ উন্নীতকৰণ আৰু কিশোৰ অপৰাধ হ্ৰাস কৰাৰ বাবে বসতি স্থাপনৰ কামত তেওঁ আগভাগ লৈছিল।

তেওঁ ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে শান্তি আন্দোলনত সোমাই পৰে আৰু চিকাগোৰ জেন এডামছৰ সৈতে সহযোগিতা কৰিবলৈ আৰম্ভ কৰে। চুইজাৰলেণ্ডত থকা মহিলা আন্তৰ্জাতিক শান্তি আৰু স্বাধীনতা লীগ (WILPF)ৰ তেওঁ কেন্দ্ৰীয় নেত্ৰী হয়,১ যাৰ বাবে তেওঁ ১৯৪৬ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জামাইকা প্লেইন, মেছাচুচেটছৰ এটা বিশিষ্ট য়েংকি পৰিয়ালত বালচৰ জন্ম হৈছিল৷ তেওঁ ফ্ৰান্সিছ ভি আৰু এলেন (জন্ম নয়েছ) বালচৰ কন্যা। তেওঁৰ পিতৃ এজন সফল অধিবক্তা আৰু একালৰ আমেৰিকাৰ চিনেটৰ চাৰ্লছ ছামনাৰৰ সচিব আছিল।২ ৩ তেওঁ অৰ্থনীতিত ১৮৮৯ চনত ব্ৰিন মাউৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ পেৰিছত স্নাতকৰ কাম কৰিছিল আৰু Public Assistance of the Poor in France (১৮৯৩) নামেৰে গৱেষণা প্ৰকাশ কৰিছিল। শৈক্ষিক কেৰিয়াৰৰ সিদ্ধান্ত লোৱাৰ আগতে বষ্টনত তেওঁ ছেটেলমেণ্ট হাউচৱৰ্ক কৰিছিল।৪

ইয়াৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, চিকাগো বিশ্ববিদ্যালয় আৰু বাৰ্লিন বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়ন কৰে।

কৰ্মজীৱন

১৮৯৬ চনত বালচে ৱেলেছলি কলেজত অধ্যাপনা আৰম্ভ কৰে। তেওঁ অনুপ্ৰৱেশ, উপভোগ আৰু মহিলাৰ অৰ্থনৈতিক ভূমিকা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ১৯১৩ চনত বিভাগটো প্ৰতিষ্ঠা কৰা ৰাজনৈতিক অৰ্থনীতিবিদ কেথাৰিন ক'মানে পদত্যাগ কৰাৰ পিছত তেওঁক ৱেলছলিৰ অৰ্থনীতিৰ অধ্যাপিকা হিচাপে নিযুক্তি দিয়া হয়।৫ সেই বছৰতে বালচক সহযোগী অধ্যাপকৰ পৰা ৰাজনৈতিক অৰ্থনীতি, ৰাজনৈতিক আৰু সমাজ বিজ্ঞানৰ অধ্যাপকলৈ পদোন্নতি দিয়া হয়।৬

১৯২১ চনত বালচে ইউনিটেৰিয়ানবাদৰ পৰা কোৱাকাৰবাদলৈ ধৰ্মান্তৰিত হয়।৭

আন্তঃৰাষ্ট্ৰীয় শান্তি আন্দোলনৰ তেওঁ এগৰাকী আমেৰিকান নেত্ৰী হৈ পৰিছিল। ১৯১৯ চনত আন্তঃৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছত বালচে কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল। ইয়াৰ নাম সলনি কৰি উইমেনছ ইণ্টাৰনেশ্যনেল লীগ ফৰ পিছ এণ্ড ফ্ৰিডম কৰা হয় আৰু ইয়াৰ প্ৰতিষ্ঠা কৰা হয় জেনেভাত৷

লীগে তেওঁক প্ৰথম আন্তঃৰাষ্ট্ৰীয় সচিব-কোষাধ্যক্ষ হিচাপে নিযুক্তি দিছিল৷ তেওঁ সংস্থাটোৰ কাৰ্য্যকলাপ পৰিচালনা কৰিছিল। শান্তি শিক্ষাৰ ওপৰত গ্ৰীষ্মকালীন বিদ্যালয় স্থাপন কৰাত সহায় কৰিছিল আৰু ৫০খনতকৈও অধিক দেশত নতুন শাখা সৃষ্টি কৰিছিল। ড্ৰাগছ নিয়ন্ত্ৰণ, বিমান পৰিবহণ, শৰণাৰ্থী আৰু নিৰস্ত্ৰকৰণৰ ক্ষেত্ৰত তেওঁ নতুনকৈ প্ৰতিষ্ঠিত লীগ অৱ নেচনৰ সৈতে সহযোগিতা কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত তেওঁ মিত্ৰশক্তিৰ শক্তিসমূহক সমৰ্থন কৰিছিল আৰু যুদ্ধৰ প্ৰচেষ্টাক সমালোচনা কৰা নাছিল যদিও বিবেকৰ বাবে অস্বীকাৰ কৰা লোকসকলৰ অধিকাৰ সমৰ্থন কৰিছিল।৮

ন'বেল বঁটা

কলম্বিয়া বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপক জন ৰেণ্ডেল আৰু আমেৰিকাৰ শাখা উইমেনছ ইণ্টাৰনেশ্যনেল লীগ ফৰ পিছ এণ্ড ফ্ৰিডমৰ অন্যতম নেত্ৰী মাৰ্চিডিজ ৰেণ্ডেলে বালচক ন'বেল শান্তি বঁটাৰ বাবে মনোনীত কৰাৰ অভিযান আৰম্ভ কৰে। এই অভিযানত আমেৰিকাৰ পাঁচটা সংগঠনে "শান্তি বঁটাৰ বাবে এমিলি গ্ৰীণ বালচক পৃষ্ঠপোষকতা কৰা সমিতি" নামৰ এখন সমিতি গঠন কৰে। এই সংগঠনসমূহ আছিল উইমেনছ ইণ্টাৰনেশ্যনেল লীগ ফৰ পিছ এণ্ড ফ্ৰিডম, নেচনেল ফেডাৰেচন অৱ চেটেলমেণ্টছ, উইমেনছ ট্ৰেড ইউনিয়ন লীগ অৱ আমেৰিকা, নেচনেল কাউন্সিল অৱ উইমেন অৱ দ্য আমেৰিকাৰ আৰু এনএএচিপি।৯

মহিলা আন্তৰ্জাতিক শান্তি আৰু স্বাধীনতা লীগ (WILPF)ৰ সৈতে হোৱা কামৰ বাবে বালচে ১৯৪৬ চনত শান্তিৰ ন'বেল বঁটা লাভ কৰে। পুৰস্কাৰৰ ধনৰ নিজৰ অংশ তেওঁ WILPF লৈ দান কৰে। তেওঁ বঁটা গ্ৰহণ কৰি দিয়া ভাষণটোত জাতীয়তাবাদ আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বাবে কৰা প্ৰচেষ্টাৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰিছিল।১০৯৯

তথ্যসূত্ৰ

  1. ↑ Confortini, Catia C. (2021). Race, Gender, Empire, and War in the International Thought of Emily Greene Balch. Women's International Thought: A New History. Cambridge University Press. পৃ. 244–265. ISBN 978-1-108-49469-4
  2. ↑ Judith Freeman Clark. (1987). Almanac of American Women in the 20th Century. Prentice Hall. পৃ. 88. ISBN 978-0-13-022658-7
  3. ↑ 1870 United States Federal Census
  4. ↑ Abbott, Margery Post. (1 June 2001). Emily Greene Balch, Pioneering Peacemaker. Friends Journal
  5. ↑ (4 May 1913). Farewell dinner to Miss Coman. The New York Times
  6. ↑ (30 March 1913). New Wellesley dean. The New York Times
  7. ↑ Randall, Improper Bostonian, p. 60
  8. ↑ Suzanne Niemeyer, editor, Research Guide to American Historical Biography: vol. IV (1990) pp. 1806–14
  9. ↑ (April 1, 2020). Nomination Archive. NobelPrize.org
  10. ↑ including the Nobel Lecture, April 7, 1948 Toward Human Unity or Beyond Nationalism

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিশান্তিৰ ন'বেল বঁটা বিজয়ীন’বেল বঁটা বিজয়ীঅৰ্থনীতিবিদসমাজবিজ্ঞানীসমাজকৰ্মীআমেৰিকান লেখকলেখিকাকুৰি শতিকাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিলি গ্ৰীণ বালচ” প্ৰবন্ধৰ সংশোধন ৫০১৯১২ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।