এমিলি এলিজাবেথ ডিকিনচন (ইংৰাজী: Emily Elizabeth Dickinson) (জন্ম: ১০ ডিচেম্বৰ, ১৮৩০ - মৃত্যু: ১৫ মে’, ১৮৮৬) এগৰাকী বিশিষ্ট আমেৰিকান কবি আছিল। তেওঁৰ জীৱনকালৰ বিষয়ে নিচেই সামান্য তথ্য উপলভ্য হ'লেও, আমেৰিকান কবিতাৰ ইতিহাসত তেওঁ এগৰাকী উল্লেখযোগ্য ব্যক্তি হিচাপে পৰিগণিত।
ডিকিনচনৰ জন্ম আমেৰিকাৰ উত্তৰ-পূৱ ৰাজ্য মেছাচুছেটছৰ এমহাৰ্ষ্ট চহৰত হৈছিল। এক সুপ্ৰসিদ্ধ পৰিয়ালত জন্ম হ’লেও, তেওঁ জীৱনৰ বেছিভাগ সময় একাকিত্ব আৰু নিঃসঙ্গতাৰ সৈতে অতিবাহিত কৰিছিল। তেওঁ এমহাৰ্ষ্ট একাডেমীত সাত বছৰ অধ্যয়ন কৰাৰ পূৰ্বে মাউণ্ট হোলিঅ’ক মহিলা ছেমিনাৰীত ভৰ্তি হৈছিল। অৱশ্যে, পাছত তেওঁ নিজৰ জন্মস্থান এমহাৰ্ষ্টলৈ উভতি আহে। স্থানীয় লোকসকলে তেওঁক অলপ অদ্ভুত স্বভাৱৰ বুলি গণ্য কৰিছিল। তেওঁ সাধাৰণতে বগা কাপোৰ পিন্ধিবলৈ ভাল পাইছিল, লগতে অতিথিসকলৰ আগত ওলোৱা-সোমোৱা কৰিবলৈ ভাল পোৱা নাছিল। তেওঁৰ জীৱনৰ অন্তিম সময়ত, তেওঁ নিজৰ শয়নকক্ষৰ পৰা বাহিৰ ওলাবলৈ নিবিচাৰিলে। তেওঁ অবিবাহিতা আছিল আৰু তেওঁৰ বন্ধুসংখ্যাও অত্যন্ত কম আছিল। জীৱনৰ শেষ দিনবোৰ তেওঁ একাকিত্বৰ মাজতে অতিবাহিত কৰিলে।
ডিকিনচনে বহুতো কবিতা ৰচনা কৰিছিল, কিন্তু তাৰে খুব কম সংখ্যক কবিতাহে তেওঁৰ জীৱিত কালত প্ৰকাশ পাইছিল। তেওঁৰ প্ৰায় ১৮০০টা কবিতাৰ ভিতৰত এক ডজনো ছপা হোৱা নাছিল। যিবোৰ কবিতা প্ৰকাশ পাইছিল, সেইবোৰকো প্ৰকাশকৰ দ্বাৰা যথেষ্ট সংশোধন কৰা হৈছিল, কাৰণ তেওঁৰ কবিতাৰ শৈলী তেতিয়াৰ প্ৰচলিত কবিতাৰ ধাৰাৰ পৰা বেলেগ আছিল। তেওঁ শিৰোনামবিহীন আৰু চুটি বাক্যৰ কবিতা লিখিছিল, য’ত বহু ক্ষেত্ৰত গুপ্ত অৰ্থ লুকাই থাকিছিল। লগতে, তেওঁ নিজৰ বিশেষ যতি চিন আৰু আখৰ ব্যৱহাৰ কৰিছিল। তেওঁৰ কবিতাত সাধাৰণতে মৃত্যু আৰু অমৰত্বৰ দৰে বিষয়বোৰে স্থান পাইছিল। আনকি, বন্ধুসকললৈ লিখা চিঠিবোৰতো এনে ভাৱৰ প্ৰকাশ ঘটিছিল।
ডিকিনচনৰ পৰিচিত ভালেমান লোক তেওঁৰ লেখাৰ বিষয়ে অৱগত আছিল, কিন্তু তেওঁৰ মৃত্যুৰ পাছতহে তেওঁৰ কনিষ্ঠ ভগ্নী লাভিনিয়াই তেওঁৰ লেখা পাণ্ডুলিপিসমূহৰ বেছিভাগ বিচাৰি উলিয়ায়। তেওঁৰ প্ৰথম কবিতা ১৮৯০ চনত টমাছ ৱেটৱৰ্থ হিগিনচন আৰু মেবেল লুমিছ টডে সম্পাদনা কৰি প্ৰকাশ কৰিছিল। অৱশ্যে তাত যথেষ্ট সংশোধন কৰা হৈছিল। পিছত, টমাছ এইচ জনচনে ১৯৫৫ চনত "The Poems of Emily Dickinson" নামৰ সংকলনত বিনা সম্পাদনাৰে তেওঁৰ কবিতাবোৰ প্ৰকাশ কৰে। ঊনৈশ শতিকা তথা বিশ শতিকাৰ প্ৰথমভাগত ডিকিনচনৰ প্ৰতিভাই সঠিকভাৱে মান্যতা লাভ নকৰিলেও, বৰ্তমান তেওঁ বিশ্বৰ অন্যতম মহান কবি হিচাপে স্বীকৃত।
তথ্যসূত্ৰ
কবিতাৰ সঙ্কলন
- Franklin, R. W. (ed). 1999. The Poems of Emily Dickinson. Cambridge: Belknap Press.
- Johnson, Thomas H. (ed). 1960. The Complete Poems of Emily Dickinson. Boston: Little, Brown & Co.
উৎসপঞ্জি
- Bianchi, Martha Dickinson. 1970. Emily Dickinson Face to Face: Unpublished Letters with Notes and Reminiscences. Hamden, Conn.: Archon Books.
- Blake, Caesar R. (ed). 1964. The Recognition of Emily Dickinson: Selected Criticism Since 1890. Ed. Caesar R. Blake. Ann Arbor: University of Michigan Press.
- Bloom, Harold. 1999. Emily Dickinson. Broomall, PA: Chelsea House Publishers. .
- Bloom, Harold. 1994. The Western Canon: The Books and School of the Ages. New York: Harcourt Brace.
- Buckingham, Willis J. (ed). 1989. Emily Dickinson's Reception in the 1890s: A Documentary History. Pittsburgh: University of Pittsburgh Press. .
- Comment, Kristin M. 2001. "Dickinson's Bawdy: Shakespeare and Sexual Symbolism in Emily Dickinson's Writing to Susan Dickinson". Legacy. 18(2). pp. 167–181.
- Crumbley, Paul. 1997. Inflections of the Pen: Dash and Voice in Emily Dickinson. Lexington: The University Press of Kentucky. .
- D'Arienzo, Daria. 2006. "Looking at Emily", Amherst Magazine. Winter 2006. Retrieved June 23, 2009.
- Farr, Judith (ed). 1996. Emily Dickinson: A Collection of Critical Essays. Prentice Hall International Paperback Editions. .
- Farr, Judith. 2005. The Gardens of Emily Dickinson. Cambridge, Massachusetts & London, England: Harvard University Press. .
- Ford, Thomas W. 1966. Heaven Beguiles the Tired: Death in the Poetry of Emily Dickinson. University of Alabama Press.
- Franklin, R. W. 1998. The Master Letters of Emily Dickinson. University of Massachusetts Press. .
- Grabher, Gudrun, Roland Hagenbüchle and Cristanne Miller. 1998. The Emily Dickinson Handbook. Amherst: University of Massachusetts Press.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিলি ডিকিনচন” প্ৰবন্ধৰ সংশোধন ৪৭৭৬০৬ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।