এ ললিতা (Ayyalasomayajula Lalitha)(২৭ আগষ্ট ১৯১৯ - ১৯৭৯)১ আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা যাক ভাৰতৰ প্ৰথমগৰাকী মহিলা অভিযন্তা হিচাপে স্মৰণ কৰা হয়।২ ইয়াৰোপৰি ললিতা আছিল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গিণ্ডীৰ পৰা ডিগ্ৰীপ্ৰাপ্ত প্ৰথমগৰাকী ভাৰতীয় মহিলা।৩৪
প্ৰাৰম্ভিক জীৱন
ললিতাৰ জন্ম হৈছিল ১৯১৯ চনত। তেওঁৰ পিতৃৰ নাম আছিল পাপ্পু চুব্বা ৰাও। তেওঁলোকৰ সাতোটা সন্তানৰ ভিতৰত ললিতা পঞ্চমটি সন্তান আছিল।২ ল'ৰা সন্তানকেইটিক অভিযন্তা হিচাপে গঢ় দিয়াৰ মানসেৰে শিক্ষা দিয়া হৈছিল, আনহাতে ছোৱালীসন্তানকেইটিক কেৱল প্ৰাথমিক শিক্ষাহে প্ৰদান কৰা হৈছিল।১
বিবাহ
১৯৩৪ চনত মাত্ৰ পোন্ধৰ বছৰ বয়সতে ললিতা বিবাহপাশত বন্দী হৈছিল। ১৮ বছৰ বয়সত ললিতাই তেওঁৰ প্ৰথম আৰু একমাত্ৰ কন্যা সন্তান শ্যামলাৰ জন্ম দিয়ে। বিয়াৰ তিনিবছৰ পাছতেই, ১৯৩৭ চনত ললিতাৰ স্বামীৰ মৃত্যু ঘটে।২৫
শিক্ষা
অকাল বৈধৱ্যকে সাবটি জীৱনটো কটাই দিয়াৰ পৰিৱৰ্তে ললিতাই শিক্ষাগ্ৰহণ অব্যাহত ৰখাৰ কথা ভাবিলে। চেন্নাইত থকা কুইনছ্ মেৰি কলেজৰ পৰা ললিতাই ইণ্টাৰমেডিয়েট পৰীক্ষাত উত্তীৰ্ণ হ'ল। পৰীক্ষাত তেওঁ প্ৰথম স্থান পালে। তাৰপিছত ১৯৩৯ চনত তেওঁ কলেজ অৱ ইঞ্জিনিয়াৰিং (CEG), মাদ্ৰাছ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। লক্ষ্য আছিল-বৈদ্যুতিক অভিযান্ত্ৰিকত এটা ডিগ্ৰী অৰ্জন কৰা। উল্লেখযোগ্য যে, এগৰাকী ছোৱালীৰ মাতৃ, ওঠৰ বছৰতে বিধৱাৰ সাজ পিন্ধা ললিতায়েই আছিল CEGত পঢ়িবলৈ যোৱা প্ৰথমগৰাকী মহিলা শিক্ষাৰ্থী।২৬
কৰ্মজীৱন
১৯৪৪ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত, ললিতাই তেওঁৰ পিতৃক গৱেষণাত সহায় কৰে আৰু ছিমলাস্থিত কেন্দ্ৰীয় মাপদণ্ড সংস্থাত (Central Standard Organisation) কিছুদিনৰ বাবে যোগদান কৰে। পৰৱৰ্তী সময়ত ললিতাই ব্ৰিটিছ উদ্যোগ এছ'ছিয়েটেড ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰিছ (AEI)ৰ লগত সংযুক্ত হয়। তেওঁ ঠিকাসম্পৰ্কীয় কাম, ছাব-ষ্টেছনৰ নক্সা আৰু বিদ্যুৎ পৰিবাহী তাঁৰৰ আৰ্হি প্ৰস্তুত কৰিছিল। ভাৰতৰ ভাক্ৰা নাংগল বান্ধ নিৰ্মাণৰ সময়ত ললিতাই জেনেৰেটৰসম্পৰ্কীয় কৰ্মত দেখুউৱা পাৰদৰ্শিতা আৰু দক্ষতা বিশেষভাৱে স্মৰণীয়। ললিতাই AEIত তিনিটা দশক সম্পূৰ্ণ কৰি ১৯৭৭ চনত অৱসৰী জীৱনৰ পাতনি মেলে।২
১৯৫৩ চনত তেওঁ বৈদ্যুতিক অভিযন্তাৰ প্ৰতিষ্ঠানৰ পৰিষদ (IEE) এগৰাকী সহযোগী সদস্য হয়। ১৯৬৬ চনত তেওঁ পৰিষদৰ সম্পূৰ্ণ সদস্য হৈ পৰে। ৬ ১৯৬৪ চনত, নিউইয়ৰ্কত অনুষ্ঠিত হোৱা প্ৰথমখন মহিলা অভিযন্তা আৰু বৈজ্ঞানিকৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনীত (ICWES) অংশগ্ৰহণ কৰা ললিতাই আছিল প্ৰথম আৰু একমাত্ৰ ভাৰতীয় মহিলা অভিযন্তা।২
মৃত্যু
১৯৭৯ চনত ব্ৰেইন এনিউৰিজমত (Brain aneurysm) আক্ৰান্ত হৈ ললিতাই মৃত্যুক সাবটি লয়।২১
তথ্যসূত্ৰ
- ↑ (2019-06-08). Married at 15, Widowed at 18: How a Single Mom Became India's 1st Woman Engineer!. The Better India
- ↑ Muthiah, S. (2017-06-19). India’s first woman electrical engineer. The Hindu
- ↑ alltogether.swe.org/2017/05/first-indian-woman-e
- ↑ alltogether.swe.org/2017/05/first-indian-woman-e
- ↑ Tripathi, divya. (2019-08-17). Meet A. Lalitha: India's First Woman Electrical Engineer. SheThePeople TV
- ↑ (2017-05-24). The First Woman Engineer in India. All Together
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ ললিতা” প্ৰবন্ধৰ সংশোধন ৪০৬০৭০ (১৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।