অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এছ. সোমনাথ

ড° শ্ৰীধৰ পনিকৰ সোমনাথ (Dr. Sreedhara Panicker Somanath; জন্ম: জুলাই ১৯৬৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন ভাৰতীয় মহাকাশ অভিযন্তা। তেওঁৰ অধ্যক্ষতাত ইছৰ’ই চন্দ্ৰযান-৩ নামৰ তৃতীয়টো ভাৰতীয় অন্বেষণ অভিযান চলাইছিল।

হালনাগাদ: ৬ জুন ২০২৫ ৩৯৯ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ড° শ্ৰীধৰ পনিকৰ সোমনাথ (Dr. Sreedhara Panicker Somanath; জন্ম: জুলাই ১৯৬৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন ভাৰতীয় মহাকাশ অভিযন্তা। তেওঁৰ অধ্যক্ষতাত ইছৰ’ই চন্দ্ৰযান-৩ নামৰ তৃতীয়টো ভাৰতীয় অন্বেষণ অভিযান চলাইছিল। বিক্ৰম নামৰ লেণ্ডাৰখন আৰু প্ৰজ্ঞান নামৰ ৰভাৰখনে ২০২৩ চনৰ ২৩ আগষ্টত ১৮:০৪ বজাত চন্দ্ৰ দক্ষিণ মেৰু অঞ্চলৰ সমীপত অৱতৰণ কৰি চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ আৰু কোমল অৱতৰণ প্ৰদৰ্শন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয় এই অৱতৰণে ভাৰতক এক গৌৰৱান্বিত ইতিহাস লাভ কৰিলে।

শৈশৱ কাল আৰু শিক্ষা

কেৰালাৰ আলাপ্পুঝা জিলাৰ থুৰাভূৰত হিন্দী শিক্ষক ভি শ্ৰীধৰা পানিকৰ আৰু থানাম্মাৰ সন্তান হিচাপে মালয়ালী নাইৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ছোমনাথে। ছোমনাথে স্কুলীয়া শিক্ষা আৰোৰৰ ছেইণ্ট অগাস্টিন হাইস্কুলত কৰিছিল আৰু এৰ্নাকুলামৰ মহাৰাজা কলেজৰ পৰা প্ৰি-ইউনিভাৰ্চিটিৰ কাৰ্যসূচী সম্পূৰ্ণ কৰিছিল। কেৰালা বিশ্ববিদ্যালয়ৰ কোল্লামৰ থাংগল কুঞ্জু মুছালিয়াৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী আৰু বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ পৰা এৰ’স্পেচ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু গতিবিদ্যা আৰু নিয়ন্ত্ৰণত বিশেষজ্ঞতা লাভ কৰে। তেখেতে পি এইচ ডি ডিগ্ৰী লাভ কৰিছে। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ (আই আই টি মাদ্ৰাজ)ত। সোমনাথৰ বিবাহ হৈছে ভালছালৰ সৈতে, আৰু তেওঁৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।

কেৰিয়াৰ

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৮৫ চনত বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰত যোগদান কৰে ছোমনাথে।তেওঁ মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ত জড়িত আছিল। ২০১০ চনত তেওঁ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ সহযোগী সঞ্চালক আৰু জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল মাৰ্ক তৃতীয় উৎক্ষেপণ বাহনৰ প্ৰকল্প সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।২০১৪ চনৰ নৱেম্বৰ মাহলৈকে তেওঁ প্ৰপালচন এণ্ড স্পেচ অৰ্ডানেন্স এণ্টিটিৰ উপ-সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ২০১৫ চনৰ জুন মাহত তেওঁ তিৰুৱনন্তপুৰমৰ ৱালিয়ামালাত থকা লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰৰ পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰি ২০১৮ চনৰ জানুৱাৰী মাহলৈকে কাৰ্যনিৰ্বাহ কৰে। ছোমনাথে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ কে. ২০২২ চনৰ জানুৱাৰী মাহত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে, পুনৰ কে।

বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ছোমনাথে ১৮ সংখ্যক বাৰ্ষিক সমাৱৰ্তন উপলক্ষে ২৫ ছেপ্টেম্বৰত তামিলনাডুৰ এছ আৰ এম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজিৰ দ্বাৰা বিজ্ঞান বিভাগত ডক্টৰেট ডিগ্ৰী (অন’ৰিছ কাউছা) প্ৰদান কৰে। ২০২৩ চনৰ ২৩ আগষ্টত ইছৰোৰ অধ্যক্ষ হিচাপে তেওঁ ইছৰোৰ অন্যান্য উল্লেখযোগ্য জ্যেষ্ঠ বিজ্ঞানীসকলৰ সৈতে চন্দ্ৰ পৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ কোলাত অৱতৰণৰ নেতৃত্ব দিয়ে। আই আই টি মাদ্ৰাজৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ পৰা পি এইচ ডি লাভ কৰা ছোমনাথে ২০২৪ চনৰ ১৯ জুলাইত প্ৰতিষ্ঠানটোৰ ৬১ সংখ্যক সমাৱৰ্তনৰ সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

তথ্য উৎস

• ISRO website পৰা আহৰণ কৰা হৈছে;

• The Hindu News Chairman S Somnath পৰা আহৰণ কৰা

• পৰা আহৰণ কৰা Draw/isro-chairman-dr-s-somanath 6 November 2024

• CNBCTv18 পৰা আহৰণ কৰা হৈছে:13 January 2022

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ. সোমনাথ” প্ৰবন্ধৰ সংশোধন ৫১৫৪৩৩ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।