এম. কামালুদ্দিন আহমেদ একাধাৰে কবি, সমালোচক,অনুবাদক তথা অধ্যাপক। তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ কবি হিচাপে একবিংশ শতিকাটোৰ তেওঁ এজন উল্লেখযোগ্য কবি৷ তেখেতৰ কবিতা উত্তৰ লক্ষীমপুৰ (স্বায়ত্বশাসিত) মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত হৈছে৷ তেখেত সাহিত্য অকাডেমিৰ অসমীয়া উপদেষ্টা সমিতিৰ সদস্য (২০১২-২০১৭) আছিল৷ সেইদৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বৰ্ড অভ ষ্টাডিজৰ সদস্য (২০২০-২০২৩)৷ ভাৰতীয় সংবিধান স্বীকৃত আটাইবোৰ ভাষালৈ তেখেতৰ কবিতা অনুবাদ হৈছে৷ ইংৰাজী আৰু ফৰাচী ভাষালৈও কবিতাৰ অনুবাদ হৈছে৷ ১
জন্ম
তেখেতৰ জন্ম হয় ১৯৬৬ চনত দৰং জিলাৰ পাথৰিঘাটৰ তুৰাই গাঁৱত। পিতৃৰ নাম নাজিমুদ্দিন আহমেদ আৰু মাতৃৰ নাম আফ্ৰোজা বেগম ৷ পিতৃয়ে ১৯৯২ চনত জলসিঞ্চন বিভাগৰ মুখ্য সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে তাজকিয়া (মিমি)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ দুই সন্তানৰ নাম ক্ৰমে টানৱিৰ (পুত্ৰ) আৰু জাকিয়া (জীয়ৰী)৷২
শিক্ষা
- প্ৰাথমিক শিক্ষাঃ মঙলদৈ গাঁও প্ৰাথমিক বিদ্যালয়
- হাইস্কুলীয়া শিক্ষাঃ মঙলদৈ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু টংলা উচ্চ মাধ্যমিক বিদ্যালয়৷
- কলেজীয়া শিক্ষাঃ কটন কলেজৰপৰা প্ৰাক্স্নাতক কলা (১৯৮২-৮৪), একে কলেজৰপৰাই কলাৰ স্নাতক (১৯৮৪-৮৭)
- বিশ্ববিদ্যালয় শিক্ষাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয় (সাহিত্য শাখা)ৰ স্নাতকোত্তৰত ১ ম শ্ৰেণী লাভ (১৯৮৭-৮৯)
- ডক্তৰেটঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০০৫ চনত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱগোস্বামীৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ৷ বিষয়ঃ অসমীয়া কবিতাত আধুনিকতাঃ চাৰিগৰাকী কবিৰ বিশেষ উল্লেখসহ (নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, নীলমণি ফুকন, বীৰেশ্বৰ বৰুৱা)৷
কৰ্মজীৱন
- ১৯৯২ৰ পৰা ২০০৩ লৈ ডিফু চৰকাৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ৷
- ২০০৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান৷
সাহিত্যৰাজি
কবিতা সংকলন
- দুচকুত গছৰ ভৰ বাৰিষা (১৯৯৬)
- ধোঁৱাৰ মাজৰ চৰাইটো (২০০১)
- বৰষুণঃ ৰোমাণ্টিক আৰু এণ্টি-ৰোমাণ্টিক (২০০৮)
- শুক্ৰেশ্বৰত ফুল কিনোতে (২০১৪)
- পানীৰ মাজেৰে, নিৰ্বাচিত কবিতা সংকলন (২০১৭)
- দৃশ্যান্তৰ (২০১৮)
- তগৰ তুম চাহত কা খনিজ হো (২০২১)
- ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ(২০২১)
প্ৰবন্ধ সংকলন
- কাৰবিঃ বিষাদ আৰু ৰং, ২০০২
সাহিত্য সমালোচনামূলক পুথি
- আধুনিক অসমীয়া কবিতা (২০০৫) ৩
- সাহিত্যৰ অভিব্যক্তি (২০১৪)
- ৰমন্যাসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা (২০১৫)
সম্পাদিত গ্ৰন্থ
- আধুনিক অসমীয়া কবিতাৰ তিনিটা স্তৰ, ২০০৯
- আধুিনক অসমীয়া সাহিত্যৰ ঐতিহ্য আৰু লক্ষ্মীনাথ বেজবৰুৱা, ২০১৪
- দোলায়িত প্ৰস্তৰ, ২০২২ (সহযোগী সম্পাদকঃ কল্পজ্যোতি ৰায়)
অনুবাদ পুথি
- দ্বৈপায়ন হ্ৰদৰ পাৰত (২০১৮)
সম্পাদিত পত্ৰিকা
- অন্বেষণ, গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ গৱেষণা পত্ৰিকা (২০১৫)
বঁটা আৰু সন্মান
- সদৌ অসম কবি সন্মিলনৰ 'বেণু চিৰিং বঁটা'(২০১৫)
- অন্যযুগ সাহিত্য সন্মান(২০২০)
- "ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ" কবিতা সংকলনৰ বাবে অসম সাহিত্য সভাৰ 'অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা'(২০২৩)
- TIME-8 শান্তি বঁটা(২০২৩)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম. কামালুদ্দিন আহমেদ” প্ৰবন্ধৰ সংশোধন ৩৬৭৭২৩ (৩১ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।