অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এণ্ড্ৰিউ ৱাইলছ

ছাৰ এণ্ড্ৰিউ জন ৱাইলছ (ইংৰাজী: Sir Andrew John Wiles, জন্ম: ১১ এপ্ৰিল ১৯৫৩) এখন প্ৰখ্যাত ইংৰাজী গণিতজ্ঞ। তেওঁক বিশ্বৰ শ্ৰেষ্ঠ সংখ্যাতত্ত্ববিদ সকলৰ মাজৰ এজন বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৫ জুলাই ২০২৫ ২৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ছাৰ এণ্ড্ৰিউ জন ৱাইলছ (ইংৰাজী: Sir Andrew John Wiles, জন্ম: ১১ এপ্ৰিল ১৯৫৩) এখন প্ৰখ্যাত ইংৰাজী গণিতজ্ঞ। তেওঁক বিশ্বৰ শ্ৰেষ্ঠ সংখ্যাতত্ত্ববিদ সকলৰ মাজৰ এজন বুলি গণ্য কৰা হয়। সংখ্যাতত্ত্বৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৱদান আগবঢ়াইছে যদিও আন এজন গণিতজ্ঞ বাৰি মাজুৰৰ সৈতে ৱাইলছে ' ইৱাছাৱা থিয়ৰী ফৰ চাইক্লটমিক এক্সটেনছনছ দ্য ৰেছনেল ফিল্ডৰ ক্ষেত্ৰত আগবঢ়োৱা মূল ধাৰণাকে এই ক্ষেত্ৰত শ্ৰেষ্ঠ বুলি ধৰা হয়॥

জন্ম আৰু বংশ পৰিচয়

১৯৫৩ চনৰ ১১ এপ্ৰিলত ইংলেণ্ডৰ কেম্ব্ৰিজত এণ্ডৰিউ ৱাইলছৰ জন্ম হয়। দেউতাকৰ নাম মৰিছ ফাংক ৱাইলছ আৰু মাকৰ নাম পেট্ৰিটিয়া ৱাইলছ। দেউতাক অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্মতত্ত্বৰ অধ্যাপক আছিল। ১

শিক্ষা

ৱাইলছে কেম্ব্ৰিজৰ কিংছ কলেজ আৰু লেছ স্কুলত পঢ়িছিল। ১৯৭৪ চনত অক্সফোৰ্ডৰ মেৰটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮০ চনত ৱাইলছে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২

কৰ্মজীৱন

১৯৮৯ চনত পিন্দাটন বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি হয়। ১৯৮৫ - ৮৬ চনত ফ্ৰান্সৰ দুটা শৈক্ষিক প্ৰতিষ্ঠানৰ অতিথি অধ্যাপকৰ দায়িত্ব পালন কৰিছিল। ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ ৱাইলছে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত ' ৰয়েল ছ'চাইটি ৰিচাৰ্ছ প্ৰফেছাৰ ' হিচাপে কাম কৰে। তাৰ পিছত আকৌ পিন্দ্ৰাটনলৈ যায়। ২০১১ চনত তেওঁ পুনৰ অক্সফোৰ্ডৰ ৰয়েল ছ'চাইটি ৰিচাৰ্ছ প্ৰফেছাৰৰ দায়িত্ব লৈ ইংলেণ্ডলৈ ঘূৰি আহে ৩

বঁটা আৰু সন্মান

১ হোৱাইটহেড পুৰস্কাৰ ( ১৯৯৮ )

২ ফামেট পুৰস্কাৰ ( ১৯৯৫ )

৩ ৱলফ পুৰস্কাৰ ( ১৯৯৫ - ৯৬ )

৪ ৰয়েল মেডেল ( ১৯৯৬ )

৫ শ্ব' পুৰস্কাৰ ( ২০০৫ ) ৪

ৱাইলছৰ সন্মানাৰ্থে ১৯৯৯ চনত গ্ৰহানু এটাক ' এষ্টেৰইড ১৯৯৯ ৱাইলছ ' নামেৰে নামকৰণ কৰা হয়। তদুপৰি অক্সফোৰ্ড বিশ্ববিদ্যালয়ে তেওঁৰ নাম যুগমীয়া কৰি ৰাখিবৰ বাবে তেওঁলোকৰ গাণিতিক প্ৰতিষ্ঠান ভৱনটোক ৱাইলছ নামেৰে নামাকৰন কৰিছে। ৫

তথ্যসূত্ৰ

  1. ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা: অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ মে ২০১৭ পৃষ্ঠা নং ৭৮
  2. ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা: অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ মে ২০১৭ পৃষ্ঠা নং ৭৮
  3. ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা: অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ মে ২০১৭ পৃষ্ঠা নং ৭৯
  4. ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা: অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ মে ২০১৭ পৃষ্ঠা নং ৭৯
  5. ↑ বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা: অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ মে ২০১৭ পৃষ্ঠা নং ৮০

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্ড্ৰিউ ৱাইলছ” প্ৰবন্ধৰ সংশোধন ৫২৭২৭৭ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।