সান্তাশিৱাৰা লিঙ্গন্নায়াহ ভৈৰপ্পা (জন্ম ২০ আগষ্ট ১৯৩১) এগৰাকী কানাড়া ভাষাৰ ভাৰতীয় ঔপন্যাসিক, দাৰ্শনিক আৰু চিত্ৰনাট্যকাৰ। কেৱল কৰ্ণাটকৰে নহয়, তেওঁক আধুনিক ভাৰতৰ জনপ্ৰিয় ঔপন্যাসিকসকলৰ এগৰাকী হিচাপে গণ্য কৰা হয়।১ তেওঁৰ উপন্যাসসমূহ বিষয়বস্তু, গাঁথনি আৰু চৰিত্ৰায়নৰ ক্ষেত্ৰত অনন্য।২ তেওঁ কানাড়া ভাষাৰ সৰ্বাধিক বিক্ৰী হোৱা লেখকসকলৰ ভিতৰত এজন। তেওঁৰ কিতাপবোৰ হিন্দী ভাষা আৰু মাৰাঠী ভাষা ভাষালৈ অনুবাদ কৰা হৈছে।৩
তেওঁ লিখা বিষয়ৰ পৰিসৰৰ বাবে, ভৈৰাপ্পাৰ ৰচনাসমূহ সমসাময়িক কন্নড় ভাষা সাহিত্যৰ নবোদয়, নব্যা, বনদয়া বা দলিত ধাৰাৰ কোনোটোতে নপৰে। তেওঁৰ সৃষ্টশীল কামসমূহৰ কেইবাটাও মুখ্য কাম কেইবাটাও উত্তপ্ত ৰাজহুৱা বিতৰ্কৰ কেন্দ্ৰত আছিল।৪ ২০১০ চনত তেওঁক ২০তম সৰস্বতী সন্মান প্ৰদান কৰা হয়।৫ ২০১৫ চনৰ মাৰ্চ মাহত ভৈৰপ্পাক সাহিত্য অকাডেমি ফেলোশ্বিপ প্ৰদান কৰা হয়।৬ ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত পদ্মশ্ৰী আৰু ২০২৩ চনত পদ্মভূষণ অসামৰিক সন্মানেৰে পুৰস্কৃত কৰে।৭৮
সংক্ষিপ্ত জীৱনপঞ্জী
প্ৰাৰম্ভিক জীৱন
বাংগালুৰুৰ পৰা প্ৰায় ১৬২ কিলোমিটাৰ (১০১ মাইল) দূৰত্বত হাছান জিলাৰ চান্নাৰায়াপাটনা তালুকৰ সান্তেশিৱাৰা গাঁৱত এছ এল ভৈৰপ্পাৰ জন্ম হৈছিল। তেওঁ আছিল এটা পৰম্পৰাগত হয়ছালা কৰ্ণাটক ব্ৰাহ্মণ পৰিয়ালৰ সন্তান। শৈশৱৰ আৰম্ভণিতে বুবনিক প্লেগৰ বাবে তেওঁ মাক আৰু ভাতৃসকলক হেৰুৱাইছিল আৰু পঢ়িবলৈ বুলি বিভিন্নতা চাকৰি কৰিছিল। শৈশৱকালত তেওঁ গৰুৰ ৰামাস্বামী আয়েংগাৰৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বিদ্যালয়ৰ তথ্য অনুসৰি, তেওঁৰ জন্ম তাৰিখ আছিল ১৯৩১ চনৰ ২০ আগষ্ট; কিন্তু তেওঁ তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে যে, তেওঁৰ প্ৰকৃত জন্ম তাৰিখ আচলতে বেলেগ।
ভৈৰপ্পাই মহীশূৰত থাকি তেওঁৰ শিক্ষাগ্ৰহণ কৰিছিল। মহীশূৰলৈ যোৱাৰ আগতে চান্নাৰায়পাটনা তালুকত তেওঁ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। আত্মজীৱনী ভিট্টি (দেৱাল)ত তেওঁ লিখিছিল যে, উচ্চ বিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁৰ পঢ়াত যতি পৰিছিল। সম্পৰ্কীয় ভাতৃ এজনৰ পৰামৰ্শ অনুসৰি আৱেগিক হৈ তেওঁ স্কুল এৰিছিল আৰু এবছৰ তেওঁৰ সৈতে একেলগে ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ মুম্বাইলৈ গৈ ৰেলৰ কুলি হিচাপে কাম কৰিছিল। এই সময়ছোৱাত লগপোৱা সাধুৰ দল এটাই তেওঁক প্ৰভাৱিত কৰিছিল আৰু আধ্যাত্মিক সান্ত্বনা বিচাৰি তেওঁ দলটোত যোগ দিছিল। পঢ়িবলৈ বুলি পুনৰ মহীশূৰলৈ উভতি অহাৰ আগতে তেওঁ কেইমাহমান তেওঁলোকৰ সৈতে ঘূৰি ফুৰিছিল।
শিক্ষা
ভৈৰপ্পাই চান্নাৰায়াপাটনাৰ নবোদয় হাইস্কুল আৰু মহীশূৰৰ শাৰদা বিলাস হাইস্কুলত পঢ়িছিল। তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰপৰা দৰ্শনত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ৰপৰাই স্নাতক শ্ৰেণীত তেওঁ সোণৰ পদক অৰ্জন কৰিছিল। তেওঁ বৰোদাৰ মহাৰাজা চয়াজিৰাও বিশ্ববিদ্যালয়ৰপৰা ইংৰাজীত লিখা সত্য মাট্টু সৌন্দৰ্য (ট্ৰুথ এণ্ড বিউটি) গৱেষণা গ্ৰন্থৰ বাবে ডক্টৰ অৱ ফিল’চফি ডিগ্ৰী অৰ্জন কৰিছিল।৯
কৰ্মজীৱন
এছ এল ভৈৰপ্পা হুবলিৰ শ্ৰী কাড়াসিদ্ধেশ্বৰ মহাবিদ্যালয়, গুজৰাটৰ চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়; এন.চি.ই.আৰ.টি., দিল্লী; আৰু মহীশূৰৰ আঞ্চলিক শিক্ষা মহাবিদ্যালয়ৰ লজিক আৰু ফিলচফীৰ প্ৰবক্তা আছিল; য’ৰ পৰা তেওঁ ১৯৯১ চনত অৱসৰ গ্ৰহণ কৰিছিল। দুটি পুত্ৰ সন্তানৰ পিতৃ ভৈৰপ্পা তেওঁৰ পত্নীৰ সৈতে মহীশূৰত বাস কৰে।
ভৈৰপ্পাৰ ৰচনাবোৰ ইংৰাজী ভাষা, কন্নড় ভাষা আৰু সংস্কৃত ভাষা ভাষাত প্ৰকাশ হৈছে আৰু এইসমূহ ভাৰতীয় অধ্যয়ন আৰু পশ্চিমীয়া দৰ্শন পাঠ্যক্ৰমত পঢ়ুওৱা হয়।৯
স্বীকৃতি
ৰাষ্ট্ৰীয় পুৰস্কাৰ
- পদ্মভূষণ (২০২৩)১০
- বেন্দ্ৰে নেচনেল এৱাৰ্ড১১
- পদ্মশ্ৰী (২০১৬)১০
- সাহিত্য অকাডেমি ফেলোশ্বিপ (২০১৫)৬
- নেচনেল ৰিচাৰ্ছ প্ৰফেছ’ৰ, (ভাৰত চৰকাৰ, ২০১৪)১২
- সৰস্বতী সন্মান (২০১১).
- সাহিত্য অকাডেমি বঁটা (১৯৭৫)
ৰাজ্যিক পুৰস্কাৰ
- কৰ্ণাটক কেন্দ্ৰীয় বিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী (২০২০)
- Nrupatunga Award (২০১৭, কানাড়া সাহিত্য পৰিষদ আৰু বিএমটিচি বাংগালুৰু)১৩
- শ্ৰী কৃষ্ণদেৱৰায় বঁটা (তেলেগু বিজ্ঞান সমিতি, ২০১৭)১৪
- মহীশূৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী (২০১৫).১৫
- বেটাগেৰি কৃষ্ণ শৰ্মা এৱাৰ্ড (২০১৪)১৬
- ভাগবিলাসিনী পুৰস্কাৰ (দীননাথ মেমৰিয়েল ফাউণ্ডেচন, পুনে, ২০১২)১৭
- এন টি আৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা (২০০৭)১৮
- গুলবাৰ্গ বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী (২০০৭)১৯
- পম্পা বঁটা (২০০৫)২০
- সভাপতি, কনকপুৰাৰ কানাড়া সাহিত্য সন্মিলন (১৯৯৯)
- কানাড়া সাহিত্য অকাডেমি বঁটা (কৰ্ণাটক চৰকাৰ, ১৯৬৬)
তথ্যসূত্ৰ
- ↑ S L Bhyrappa. Online Webpage of India book club. The India Club
- ↑ Novelist S.L. Bhyrappa. Vikas Kamat on Kamat's Potpourri. Kamat's Potpourri
- ↑ Personalities of Mysore. Online Webpage of Dasara Committee. Mysore city corporation
- ↑ (28 January 2005). Still on top of the charts. দ্য হিন্দু
- ↑ (17 November 2011). Eminent Kannada Author S. L. Bhyrappa awarded 20th Saraswati Samman for His Novel Mandra. jagranjosh.com
- ↑ Sahitya Akademi elects S L Bhyrappa, C Narayana Reddy as fellows. NetIndian
- ↑ (2016). Padma Awards 2016. Press Information Bureau, Government of India
- ↑ (2023-01-25). Full list of 2023 Padma awards. দ্য হিন্দু
- ↑ Noted Kannada novelist Prof Bhyrappa to interact with Guwahati scribes
- ↑ Press Information Bureau
- ↑ (25 January 2020). Kannada writer S L Bhyrappa selected for Bendre national award
- ↑ Saffron' authors, ex-BJP MLC get top research post
- ↑ Bhyrappa chosen for Nrupatunga award
- ↑ Award for Dr. SL Bhyrappa
- ↑ Mysore varsity doctorate for Premji, Bhyrappa, Nagathihalli Chandrashekar
- ↑ Highs and lows
- ↑ Mysore: Writer S L Bhyrappa Chosen for Rare Honour
- ↑ (29 May 2007). T Bhyrappa given NTR literary award. দ্য হিন্দু
- ↑ Varsity honours Bhyrappa, Nagappa and Wadavati
- ↑ (21 January 2006). Change education system to protect literature: Bhyrappa. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এচ এল ভৈৰপ্পা” প্ৰবন্ধৰ সংশোধন ৬৩৯৫০৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।