অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম. সাৰদা মেনন

মামবালিকালাথিল সাৰদা মেনন, চমুকৈ এম. সাৰদা মেনন, (M. Sarada Menon, জন্ম: ৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ, সামাজিক কৰ্মী আৰু চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মামবালিকালাথিল সাৰদা মেনন, চমুকৈ এম. সাৰদা মেনন, (M. Sarada Menon, জন্ম: ৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ, সামাজিক কৰ্মী আৰু চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা। চেন্নাই ভিত্তিক বেচৰকাৰী সংগঠন চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনে চিজোফ্ৰেনিয়া আৰু অন্যান্য মানসিক বিকাৰত আক্ৰান্ত লোকসকলৰ পুনৰ্বাসনৰ বাবে কাম কৰে।১ অভাইয়াৰ বঁটা প্ৰাপ্তকৰ্তা এম. সাৰদা মাদ্ৰাজ চিকিৎসা সেৱাৰ প্ৰাক্তন বিষয়া। তেওঁ ভাৰতৰ প্ৰথম মহিলা মনোৰোগ বিশেষজ্ঞ।২ ভাৰত চৰকাৰে সমাজলৈ তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯২ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সাৰদা মেননৰ জন্ম ১৯২৩ চনৰ ৫ এপ্ৰিল তৰিখে দক্ষিণ ভাৰতীয় ৰাজ্য কৰ্ণাটকৰ উপকূলীয় চহৰ মেংগালুৰুত তেওঁৰ পিতৃ-মাতৃৰ আঠটা সন্তানৰ ভিতৰত আটাইতকৈ সৰু হিচাপে মালায়ালী পৰিয়ালত হৈছিল।২ তেওঁৰ দেউতাক এজন ন্যায়াধীশ আছিল। তেওঁৰ পিতৃ চেন্নাইলৈ বদলি হোৱাৰ পিছত সাৰদা চেফাৰ্ড স্কুলত প্ৰাৰম্ভিকশিক্ষা লাভ কৰিছিল।৪ তাৰপিছত তেওঁ খ্ৰাইষ্ট চাৰ্চ এংলো-ভাৰতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল। তাৰপিছত তেওঁ খ্ৰীষ্টান মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।৫ ১৯৫১ চনত তেওঁ মাদ্ৰাজ মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৯৫১ চনত অন্ধ্ৰপ্ৰদেশৰ পিত্তপুৰম মিছন হস্পিটেলত যোগদান কৰিছিল। মাদ্ৰাজ চিকিৎসা সেৱাত যোগদান কৰাৰ আগতে তেওঁ নতুন দিল্লীৰ আৰৱিন চিকিৎসালয়ত (বৰ্তমানৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়) আৱাসিক চিকিৎসক হিচাপে কৰ্মৰত আছিল।৬ তেওঁ একেসময়তে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছিল আৰু তেওঁ ১৯৫৭ চনত এমডি ডিগ্ৰী লাভ কৰিছিল।২ তাৰ পিছত তেওঁ বেংগালুৰুত অৱস্থিত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু বিজ্ঞান প্ৰতিষ্ঠানত মনোৰোগ বিজ্ঞানৰ দুবছৰীয়া পাঠ্যক্ৰম মানসিক চিকিৎসাবিজ্ঞানত ডিপ্লোমা সফলতাৰে সম্পূৰ্ণ কৰে আৰু এনেদৰে তেওঁ ভাৰতৰ প্ৰথম মহিলা মনোৰোগ বিশেষজ্ঞ হিচাপে পৰিগণিত হয়।২

কৰ্মজীৱন

সাৰদা মেননে ১৯৫৯ চনত কিলপাউকৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত (তেতিয়া চৰকাৰী মানসিক চিকিৎসালয় বুলি জনাজাত) যোগদান কৰিছিল আৰু ১৯৭৮ চনত প্ৰতিষ্ঠানৰ পৰা সেৱানিবৃত হৈছিল। তেওঁ ১৯৬১ চনত ইয়াৰ প্ৰথম মহিলা অধীক্ষক হৈছিল।৫ তেওঁৰ কাৰ্যকালত প্ৰতিষ্ঠানটোৱে মনোৰোগ বিভাগ আৰম্ভ কৰিছিল আৰু বহিঃৰোগীৰ সুবিধা মুকলি কৰিছিল। ইয়াৰ লগতে তেওঁ ৰাজ্যৰ সকলো জিলা চিকিৎসালয়ত আঞ্চলিক মনোৰোগ কেন্দ্ৰ স্থাপন কৰিছিল। মানসিকভাৱে অসুস্থ ৰোগীৰ পুনৰ্বাসনত সামাজিক সংগঠনৰ অংশগ্ৰহণ আৰম্ভ কৰাৰ লগতো তেওঁ জড়িত আছিল। চেন্নাইত অৱস্থিত মানসিক ভাৱে অসুস্থ লোকৰ পৰিয়ালক সহায় কৰা এক সম্প্ৰদায় ভিত্তিক সংগঠন 'আশা' তেওঁৰ উদ্যোগত আৰম্ভ কৰা হৈছিল।৭৮ ব্যক্তিগতভাবে তেওঁ তেওঁৰ বাসগৃহৰ এটা কোঠাক আশ্ৰয়লৈ ৰূপান্তৰিত কৰিছিল আৰু পিছত উপশমক যত্ন কেন্দ্ৰ খুলিবলৈ ৱাইএমচিএৰ স্থানীয় অধ্যক্ষক প্ৰভাৱিত কৰিছিল। ৱাইএমচিএ নামৰ সংগঠনটোৱে অৱশেষত থিৰুভাৰ্কাডু, মহাবলিপুৰম আৰু অন্ন নগৰত এনে তিনিটা কেন্দ্ৰ খুলিছিল।৯ ১৯৮৪ চনত তেওঁ কেইজনমান একে কামৰ লগত জড়িত লোকক একত্ৰিত কৰি এক অলাভজনক বেচৰকাৰী সংগঠন চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে। এই সংগঠননে চিজোফ্ৰেনিয়া আৰু অন্যান্য মানসিক ৰোগত আক্ৰান্ত লোকসকলৰ পুনৰ্বাসনত সহায়তা আগবঢ়ায়।১০ এই সংগঠনে বৰ্তমান সম্পূৰ্ণ গৱেষণা আধাৰলৈ বিকশিত হৈছে আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা মানসিক স্বাস্থ্য গৱেষণা আৰু প্ৰশিক্ষণৰ বাবে এক সহযোগিতা কেন্দ্ৰ হিচাপে স্বীকৃত কেইটামান ভাৰতীয় প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে।১১ সংগঠনটোৱে অস্থায়ী আশ্ৰয় আৰু মানসিক চিকিৎসা প্ৰদান কৰে, ৰোগীৰ পুনৰ্বাসনৰ লক্ষ্যৰে এটা বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰে আৰু এখন ভ্ৰাম্যমাণ চিকিৎসালয় পৰিচালনা কৰে।৬ তেওঁলোকে নিযুক্তিৰ সুবিধা প্ৰদান কৰে আৰু নিয়মীয়াকৈ সজাগতা অভিযান আৰু গৱেষণা প্ৰকল্প অনুষ্ঠিত কৰে।৬

সাৰদা মেননে চেন্নাইৰ ৰেডক্ৰছ চচাইটিৰ উপাধ্যক্ষ পদত অধিষ্ঠিত আছিল। তেওঁ কাৰাগাৰ সংস্কাৰৰ প্ৰস্তাৱ ৰখাৰ বাবে স্থাপন কৰা ৰাজ্য চৰকাৰৰ পেনেলৰ সদস্য।৫ তেওঁ চিজোফ্ৰেনিয়া আৰু অন্যান্য সংলগ্ন মানসিক বিকাৰৰ বাবে ৱৰ্ল্ড ফেল'শ্বিপৰ সৈতেও জড়িত।১২

বঁটা আৰু সন্মান

ভাৰত চৰকাৰে তেওঁক ১৯৯২ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৩ তেওঁ তামিলনাডু চৰকাৰৰ পৰা শ্ৰেষ্ঠ চিকিৎসক বঁটা, ভাৰত চৰকাৰৰ পৰা শ্ৰেষ্ঠ নিয়োগকৰ্তা বঁটা, আন্তৰ্জাতিক মনো-সামাজিক পুনৰ্বাসন সংস্থাৰ বিশেষ বঁটা, বষ্টন আৰু চেন্নাইৰ ৰোটাৰী ক্লাবৰ পৰা সন্মানৰ বাবে বঁটা লাভ কৰে।৪ ২০১৬ চনত তামিলনাডু চৰকাৰে তেওঁক অভাইয়াৰ বঁটাৰে সন্মানিত কৰে।১ তেওঁ মাদ্ৰাজ নিউৰো ট্ৰাষ্টৰ জীৱনজোৰা প্ৰাপ্তি বঁটাৰ প্ৰাপক।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (3 March 2016). Sarada Menon Chosen for Avvaiyar Award. The Indian Express
  2. ↑ (7 March 2016). Focus on Rehab of Mentally-ill. The Indian Express
  3. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  4. ↑ Radhika Menon. (2016). Healing touch. News report. Harmony India
  5. ↑ (21 May 2014). People didn’t understand mental illness. The Hindu
  6. ↑ (29 October 2011). Unconditional giver. The Hindu
  7. ↑ (2016). Aasha on MHIN. MH Innovation
  8. ↑ (2016). History - AASHA. AASHA
  9. ↑ (13 May 2013). The doctor's in, even at 90. Times of India
  10. ↑ (2016). WHO Collaborating Centre for Mental Health Research and Training. World Health Organization
  11. ↑ (2016). SCARF Schizophrenia Exchange. PatientsEngage
  12. ↑ Patricia Telesnicki. (2005). The Power of the Family Movement: Sharing the Knowledge. Newsletter. World Fellowship for Schizophrenia and Allied Disorders (WFSAD)
  13. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদসমাজকৰ্মীপদ্মভূষণ বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম. সাৰদা মেনন” প্ৰবন্ধৰ সংশোধন ৬৩৯৫১১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।