অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এছ অনিতাৰ আত্মহত্যা

শন্মুগম অনিতা (৫ মাৰ্চ ২০০০ – ১ ছেপ্টেম্বৰ ২০১৭) ভাৰতৰ তামিলনাডুৰ এগৰাকী ছাত্ৰী আছিল। তামিলনাডু ৰাজ্যিক ব’ৰ্ডৰ দ্বাদশ মান পৰীক্ষাত ১১৭৬/১২০০ নম্বৰ লাভ কৰে। ৰাজ্য শিক্ষা বোৰ্ডৰ নম্বৰ বিবেচিত হোৱাহেঁতেন তেওঁৰ চিকিৎসাৰ আসন নিশ্চিত হ’লহেঁতেন।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৫২৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

শন্মুগম অনিতা (৫ মাৰ্চ ২০০০ – ১ ছেপ্টেম্বৰ ২০১৭) ভাৰতৰ তামিলনাডুৰ এগৰাকী ছাত্ৰী আছিল। তামিলনাডু ৰাজ্যিক ব’ৰ্ডৰ দ্বাদশ মান পৰীক্ষাত ১১৭৬/১২০০ নম্বৰ লাভ কৰে। ৰাজ্য শিক্ষা বোৰ্ডৰ নম্বৰ বিবেচিত হোৱাহেঁতেন তেওঁৰ চিকিৎসাৰ আসন নিশ্চিত হ’লহেঁতেন। ২০১৭ চনৰ NEET-UG ত অনিতাই ১২.৩৩ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে ৭২০ নম্বৰৰ ভিতৰত ৮৬ নম্বৰ লাভ কৰে।১ মেৰিট তালিকাত স্থান লাভৰ বাবে ন্যূনতম যোগ্যতা কাট অফ আছিল সংৰক্ষিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৪০ শতাংশ।২

মেৰিট তালিকাত স্থান লাভৰ বাবে ন্যূনতম যোগ্যতা কাট অফ মাৰ্ক সংৰক্ষিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৪০ শতাংশ ( ৭২০ নম্বৰৰ ভিতৰত [১০৭ৰপৰা ১৩০] ) আছিল, আনহাতে সাধাৰণ শ্ৰেণীৰ বাবে ৫০ শতাংশ ( ৭২০ নম্বৰৰ ভিতৰত [১৩১ৰপৰা ৬৯৭])। অনিতাই ১২.৩৩ শতাংশ লাভ কৰাৰ বিপৰীতে ২০১৮ চনৰ নামভৰ্তিৰ বাবে সংৰক্ষিত শ্ৰেণীৰ বাবে ১৪.৯ আৰু সাধাৰণ শ্ৰেণীৰ বাবে ১৮.২ শতাংশ নম্বৰ লাভ কৰে।৩৪

চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি নম্বৰৰ পৰিৱৰ্তে শতাংশৰ জৰিয়তে গণনা কৰা NEET ৰেংকৰ ওপৰত ভিত্তি কৰি কৰা হয়।৫

২০১৭ চনৰ ১ ছেপ্টেম্বৰত ফাঁচি লগাই তেওঁ আত্মহত্যা কৰে।৬ তেওঁৰ মৃত্যুৱে তামিলনাডুত এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল য’ত চিকিৎসা ভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষাৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল। এই ব্যৱস্থাৰ বলি হৈ তেওঁ ক’জ চেলেব্ৰে হৈ পৰে।৭৮৯১০১১১২১৩

পটভূমি

অনিতা তামিলনাডুৰ গ্ৰাম্য অঞ্চলৰ আৰিয়ালুৰ জিলাৰ কুঝুমুৰ গাঁৱৰ দৰিদ্ৰ দলিত পৰিয়ালৰ আছিল। অনিতা এজন দৈনিক মজুৰি শ্ৰমিকৰ কন্যা আছিল আৰু সৰুতে মাকৰ মৃত্যু হৈছিল। আইতাকে তাইক শৌচাগাৰো নথকা ঘৰত বাস কৰি ডাঙৰ-দীঘল কৰিছিল। তামিল মাধ্যমৰ বিদ্যালয়ত পঢ়িছিল আৰু নিজৰ জিলাৰ শীৰ্ষস্থানীয়সকলৰ ভিতৰত আছিল আৰু আৰিয়ালুৰ জিলাৰ একমাত্ৰ ছাত্ৰী আছিল যিয়ে দ্বাদশ মান পৰীক্ষাত পদাৰ্থ বিজ্ঞান আৰু গণিতত ১০০% নম্বৰ লাভ কৰিছিল।১৪ অনিতাৰ সদায় ডাক্টৰ হোৱাৰ ইচ্ছা আছিল। তেওঁ দেখিছিল যে দৰিদ্ৰ গ্ৰাম্য ছাত্ৰ-ছাত্ৰীয়ে NEET পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় ব্যয়-বহুল কোচিঙৰ খৰচ বহন কৰাটো সম্ভৱ নহয় আৰু কেৱল দ্বাদশ শ্ৰেণীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ বাছনি কৰিলেহে গ্ৰাম্য ছাত্ৰ-ছাত্ৰীয়ে আসন লাভ কৰিব পাৰিব। অনিতাই কাটঅফ পূৰণ কৰি NEET ৰ জৰিয়তে আসন নিশ্চিত কৰিব নোৱাৰিলে।১৫১৬ অনিতাক মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন’লজিত এৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমৰ আসনৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও যিহেতু তেওঁ কেৱল ডাক্টৰ হ’ব বিচাৰিছিল সেয়েহে তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। গাঁৱৰ নিজৰ সমাজৰপৰা তেওঁ প্ৰথম ডাক্টৰ হ'লহেঁতেন।১৭

NEET আদালতৰ গোচৰ

তামিলনাডু চৰকাৰে প্ৰথমে ৮৫% আসন তামিলনাডু ৰাজ্যিক ব’ৰ্ডৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰাৰ কথা বিবেচনা কৰিছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে আবেদনৰ অন্তত খাৰিজ কৰে। পিছলৈ তামিলনাডু চৰকাৰেও এবছৰৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষাৰপৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে তামিলনাডু চৰকাৰৰ আবেদন খাৰিজ কৰে, কাৰণ কেন্দ্ৰীয় চৰকাৰে তামিলনাডুৰ নীটৰপৰা ৰেহাই বিচৰা অধ্যাদেশক এবছৰৰ বাবে সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰে।

পি চিদাম্বৰমৰ পত্নী জ্যেষ্ঠ অধিবক্তা নলিনী চিদাম্বৰমে প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে গোচৰ ৰুজু কৰাৰ পাছত নীটৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত নীটৰ বিৰুদ্ধে আবেদন দাখিল কৰি অনিতাই নিজকে অভিযোগ কৰে।১৮ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত য'ত কোৱা হৈছিল যে নামভৰ্তি কেৱল নীটৰ ভিত্তিতহে কৰিব লাগে, নলিনী চিদাম্বৰমে কয়, "নীটৰ বিৰুদ্ধে আৰু যিকোনো আবেদন কেৱল ঈশ্বৰৰ ওচৰতহে কৰিব পাৰি," আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত তামিলনাডু চৰকাৰে ৰাজ্যিক ব'ৰ্ডৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু একো কৰিব নোৱাৰিব।১৯

ৰায়দানৰ ৯ দিনৰ পাছত অনিতাই আত্মহত্যা কৰে।

প্ৰতিবাদ

#JusticeForAnitha protests at Jawaharlal Nehru University, New Delhi
#JusticeForAnitha protests at Jawaharlal Nehru University, New Delhiছবি: Hemalataeditor · CC BY-SA 4.0

তেওঁৰ আত্মহত্যাৰ ফলত তেওঁৰ মৃত্যুৰ পিছত সমগ্ৰ তামিলনাডুত NEETৰ বিৰুদ্ধে প্ৰতিবাদৰ সৃষ্টি হয়। অনিতাৰ পৰিয়ালে তামিলনাডু চৰকাৰৰ ক্ষতিপূৰণৰ প্ৰস্তাৱ নাকচ কৰে।২০২১২২ বৃহৎ পৰিসৰৰ প্ৰতিবাদৰ ফলত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তামিলনাডু চৰকাৰক প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ কয়।২৩

বিজেপিয়ে তেওঁৰ আত্মহত্যা বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰে। বিজেপিৰ সভাপতি তামিলিছাই সৌন্দৰজনে সমগ্ৰ ৰাজ্যৰ প্ৰতিবাদকাৰীসকলক বিজেপিৰ সহনশীলতা পৰীক্ষা নকৰিবলৈ সঁকিয়াই দিছে।২৪২৫

তথ্যসূত্ৰ

  1. ↑ (2017-09-17). Dalit girl S. Anitha, who filed case against NEET, commits suicide - …. দ্য হিন্দু
  2. ↑ (2017-09-16). NEET (UG) 2017 FAQ, see Questions 30, 61, 70
  3. ↑ Rema Nagarajan. (Apr 15, 2018). NEET: For an MBBS seat, you need just 5% in physics, 20% in biology · India News - Times of India. The Times of India
  4. ↑ (June 23, 2017). Result declared! Meet the top 3 rank holders of NEET 2017. India Today
  5. ↑ NEET MBBS merit ranking will be determined by percentile scores. www.successcds.net
  6. ↑ (2017-09-17). Tamil Nadu girl Anitha who spearheaded fight against NEET commits sui…
  7. ↑ (2 September 2017). Dozens detained as Tamil Nadu braces for the next storm — Anitha. New Indian Express
  8. ↑ (1 September 2017). 17-year-old Anitha, who led battle against NEET exemption for Tamil Nadu in SC, commits suicide. DNA
  9. ↑ (2 September 2017). Dalit student who moved SC against NEET commits suicide. Sathyanarayana. Deccan Herald
  10. ↑ (2 September 2017). 'State govt., Centre to blame for Anitha's death'. The Hindu
  11. ↑ (18 August 2017). Ariyalur Dalit girl represents Tamil Nadu's NEET angst at Supreme Court. New Indian Express
  12. ↑ (1 September 2017). Anitha had a dream, a poor Dalit village girl who would become a doctor — but it died with her. New Indian Express
  13. ↑ (1 September 2017). Medical aspirant commits suicide after failing to get admission. K Sambath Kumar. Times of India
  14. ↑ (2 September 2017). Protests in Chennai over NEET petitioner Anitha's suicide, Centre blamed. KV Lakshmana. Hindustan Times
  15. ↑ Madhav, Pramod. (1 September 2017). Tamil Nadu girl Anitha who spearheaded fight against NEET commits suicide. India Today
  16. ↑ (11 November 2017). Girl who filed case against NEET commits suicide. R Rajaram. The Hindu
  17. ↑ (4 September 2017). Imposing NEET on Tamil Nadu Could Damage the State's Model Education System. Karthick Ram Manoharan. Wire
  18. ↑ (2 September 2017). Medical aspirant commits suicide after failing to get admission. K Sambath Kumar. Times of India
  19. ↑ (2 September 2017). Medical aspirant commits suicide after failing to get admission. K Sambath Kumar. Times of India
  20. ↑ (5 September 2017). Family Of Anitha, Who Killed Herself Over NEET, Sends Back 7-Lakh Cheque. J Sam Daniel Stalin. NDTV
  21. ↑ (5 September 2017). Protests against NEET intensify after Dalit student's death in Tamil Nadu. Dharani Thangavelu. LiveMint
  22. ↑ (2 September 2017). Thousands bid tearful adieu to Dalit girl, who commits suicide over NEET. United News of India
  23. ↑ (8 September 2017). NEET: Supreme Court tells Tamil Nadu to ensure protests don't take place. Priyanka Mittal. Livemint
  24. ↑ (2017-09-04). BJP calls Anitha's suicide a 'conspiracy': 'Don't test Centre's patience,' warns Tamilisai. The News Minute
  25. ↑ Anitha suicide: Tamil Nadu BJP warns protesters not to test their patience. India Today

সম্পৰ্কিত শ্ৰেণী

দলিত মহিলাতামিলনাডুৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ অনিতাৰ আত্মহত্যা” প্ৰবন্ধৰ সংশোধন ৫৯৮০২৮ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।