প্ৰশান্ত শ্বেট্টী (Prashanth Shetty; জন্ম: ৭ জুলাই ১৯৮৩),১ পেছাগতভাৱে ঋষব শেট্টী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক যি প্ৰধানকৈ কানাড়া ভাষাৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰে।
শ্বেট্টীয়ে টুগলাক (২০১২) নামৰ ছবিখনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ উলিদাভাৰু কাণ্ডান্তে (২০১৪) ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ৰিকি (২০১৬) নামৰ ছবিখনৰ সৈতে পৰিচালনাত অভিষেক ঘটায়। তেওঁৰ পৰৱৰ্তী পৰিচালনা হৈছে কিৰিক পাৰ্টি (২০১৬) যিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু তেওঁক শ্ৰেষ্ঠ পৰিচালকৰ বাবে ফিল্মফেয়াৰ বঁটা, আৰু শ্ৰেষ্ঠ পৰিচালকৰ বাবে চিআইএমএ বঁটা লাভ কৰে।
তাৰ পিছত তেওঁ বেল বটম (২০১৯), গৰুড় গমনা বৃষভা বাহানা (২০২১) আৰু কান্তাৰা (২০২২) ছবিত অভিনয় কৰে৷ তেওঁৰ দ্বাৰা নিৰ্দেশিত, সহ-লিখিত আৰু অভিনীত অন্তিমখন ছবি হৈছে কান্তাৰা-এ লিজেণ্ড চেপটাৰ ওৱান যিখন ছবিয়ে ২ অক্টোবৰ ২০২৫ তাৰিখে মুক্তিলাভ কৰে৷ ছবিখন বৰ্তমান সময়ত সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি,২২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি,৩ ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি৪ আৰু ইয়াৰ স্থান সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ তালিকাভুক্ত।৫
প্ৰাৰম্ভিক জীৱন
১৯৮৩ চনৰ ৭ জুলাইত কৰ্ণাটকৰ উডুপি জিলাৰ কুণ্ডাপুৰা তালুকৰ কেৰাড়ী গাঁৱত বুণ্ট পৰিয়ালত ঋষব শ্বেট্টীৰ জন্ম হয়।৬৭৮৯ কুণ্ডাপুৰাত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি পিছলৈ বেংগালুৰুৰ বিজয়া কলেজত যোগদান কৰি বি.কম অধ্যয়ন কৰে। বেংগালুৰুত অধ্যয়ন কৰি থাকোঁতে গৃহ চহৰত সক্ৰিয়ভাৱে যক্ষগণ নাট কৰি তেওঁ নাট্য যাত্ৰা আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল আৰু এই নাটকসমূহৰ সফলতাই তেওঁক অভিনয়ক পেছা হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল।১০
কেৰিয়াৰ
স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শ্বেট্টীয়ে পানীৰ কেন্ বিক্ৰী, ৰিয়েল এষ্টেট বিক্ৰী, হোটেলত কাম কৰাৰ লগতে চিনেমাত চৰিত্ৰাভিনয়ৰ বাবেও চেষ্টা কৰি আছিল।১১১২ তেনেবোৰ চাকৰি কৰি থকাৰ সময়তে তেওঁ বাংগালুৰুৰ চৰকাৰী চলচ্চিত্ৰ আৰু টিভি প্ৰতিষ্ঠানৰ পৰা চলচ্চিত্ৰ পৰিচালনাৰ ডিপ্লমা লাভ কৰে।১৩ তেওঁ ক্লেপ বয় হিচাপে, তাৰ পিছত স্পট বয় হিচাপে, তাৰ পিছত সহকাৰী পৰিচালক হিচাপে ছবি জগতত কাম কৰিবলৈ আৰম্ভ কৰে। ইণ্ডাষ্ট্ৰীত কাম কৰি থাকোঁতে তেওঁ ৰক্ষিত শ্বেট্টীক লগ পাইছিল৷ পিছলৈ তেওঁলোকৰ বন্ধুত্ব হৈছিল।
তেওঁৰ প্ৰথম গুৰুত্বপূৰ্ণ অভিনয় আছিল টুগলাক (২০১২)।১৪ পৱন কুমাৰৰ লুচিয়া ছবিখনত তেওঁ আৰক্ষী বিষয়াৰ সৰু চৰিত্ৰত অভিনয় কৰিছিল আৰু তাৰ পিছত ৰক্ষিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত উলিদাভাৰু কন্দান্তেত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১৬ চনত ৰক্ষিত শ্বেট্টী অভিনীত তেওঁৰ পৰিচালনাৰ প্ৰথম ছবি ৰিকিয়ে বক্স অফিচত মজলীয়া সঁহাৰি লাভ কৰিছিল। সেই বছৰতে তেওঁ কিৰিক পাৰ্টি পৰিচালনা কৰিছিল, যিয়ে বক্স অফিচত হিট হৈছিল। ইয়াৰ পিছত শ্বেট্টীয়ে পৰিচালনা কৰিছিল চৰকাৰী হি. প্ৰা. ছালে, কাছাৰাগোডু৷ Koduge: Ramanna Raiনামৰ ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰা আৰু শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ৰমন্না ৰায়।
পৰৱৰ্তী সময়ত তেওঁ বেল বটম (২০১৯) ছবিত মুখ্য অভিনেতা হিচাপে অভিষেক ঘটায় যিয়ে সমাদৰ লাভ কৰে। ইয়াৰ পিছত ঋষব শ্বেট্টীৰ মুখ্য ভূমিকা আছিল গৰুড় গমনা বৃষভা বহানা (২০২১)৷ ঋষব শ্বেট্টী আৰু ইয়াৰ পৰিচালক ৰাজ বি শ্বেট্টীৰ অভিনয়ক সমালোচকসকলে বহুলভাৱে প্ৰশংসা কৰিছিল।১৫
ইয়াৰ পিছত তেওঁ মিছন ইম্পচিবল আৰু হৰিকথে আল্লা গিৰিকাথে (দুয়োখন ছবি ২০২২ চনত) দুখন ছবিত অভিনয় কৰে৷ প্ৰথমখন ছবি তেওঁৰ তেলেগু ছবিৰ আত্মপ্ৰকাশ। শ্বেট্টীয়ে তেওঁৰ পৰৱৰ্তী পৰিচালক কান্তাৰাৰ বাবে হোম্বলে ফিল্মছৰ সৈতে সহযোগিতা কৰে য'ত তেওঁ মুখ্য অভিনেতাও আছিল।১৬ প্ৰথমতে ইয়াক কেৱল কানাড়া ভাষাতহে মুক্তি দিয়া হৈছিল আৰু পিছলৈ ইয়াক অন্য ভাষালৈ ডাব কৰা হৈছিল, যেতিয়া ছবিখনে সমালোচনাত্মক সফলতা লাভ কৰিছিল।১৭ কান্তাৰা হৈছে বিশ্বৰ সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি। ২০২৩ চনৰ ৫৪ সংখ্যক আই এফ এফ আইত তেওঁ আই এফ এফ আইৰ বিশেষ জুৰী বঁটা লাভ কৰে।১৮
২০২৫ বৰ্ষত ঋষব শেট্টীৰ পৰিচালনা, অভিনয় আৰু সহ-লিখনেৰে কান্তাৰা: এ লেজেণ্ড-ছেপটাৰ ওৱান-এ মুক্তি লাভ কৰে৷ অক্টোবৰ মাহৰ ২ তাৰিখে মূল কানাড়া ভাষাৰ উপৰিও হিন্দী, তামিল, তেলেগু, আৰু মালয়ালম ভাষাত ছবিখন মুক্তি দিয়া হয়৷ ২০২২ চনত নিৰ্মিত ছবিখনৰ প্ৰিকুৱেল হিচাপে বিবেচিত হোৱা ছবিখন কম সময়ৰ ভিতৰতে কেইবাটাও অভিলেখৰ গৰাকী হয়৷ দ্বিতীয় সোমবাৰলৈকে ছবিখনে ৬৫০ কোটিৰ সীমা অতিক্ৰম কৰাৰ খবৰ ওলাইছে।১৯ ছবিখন বৰ্তমান সময়ত সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি, ২০২৫ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি,২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি, আৰু ইয়াৰ স্থান সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ তালিকাভুক্ত।
বঁটা আৰু মনোনয়ন


| + | ছবি | বঁটা | শিতান | ফলাফল | তথ্যসূত্ৰ |
| কিৰিক পাৰ্টি | ২০১৬ কৰ্ণাটক চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ পৰিয়াল মনোৰঞ্জনকাৰী | ২০ | ||
| ৬৪সংখ্যক ফিল্মফেয়াৰ বঁটা-দক্ষিণ | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | ২১ | |||
| দ্বিতীয় আইফা-উৎসৱম | শ্ৰেষ্ঠ পৰিচালক | ২২ | |||
| ৬ষ্ঠ ছীমা বটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | ২৩ | |||
| চৰকাৰী হি প্ৰ শালে, কাছাৰগোডু, কোডুগে: ৰমন্না ৰায় | ৬৬সংখ্যক ৰাষ্ট্ৰীয় ছবি বঁটা | শ্ৰেষ্ঠ শিশু ছবি | ২৪ | ||
| ২০১৮ কৰ্ণাটক চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ পৰিয়াল মনোৰঞ্জনকাৰী | ২৫ ২৬ | |||
| ৬৬সংখ্যক ফিল্মফেয়াৰ বঁটা-দক্ষিণ | শ্ৰেষ্ঠ ছবি-কানাড়া | ২৭ ২৮ | |||
| শ্ৰেষ্ঠ পৰিচালক-কানাড়া | |||||
| ৮ম ছীমা বটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | ২৯ ৩০ | |||
| শ্ৰেষ্ঠ ছবি-কানাড়া | |||||
| গৰুদ গমন বৃষভা বহান | ১০ম ছীমা বঁটা | শ্ৰেষ্ঠ অভিনেতা-কানাড়া | ৩১ | ||
| ৬৭সংখ্যক ফিল্মফেয়াৰ দক্ষিণ বঁটা | শ্ৰেষ্ঠ অভিনেতা-কানাড়া | ৩২ | |||
| কান্তাৰা | ৫৪সংখ্যক আইফা বঁটা | বিচাৰকৰ বিশেষ বঁটা-IFFI | ৩৩ | ||
| ১১শ ছীমা বঁটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | ৩৪ | |||
| Best Actor (Critics) | |||||
| ৬৮সংখ্যক ফিল্মফেয়াৰ দক্ষিণ বঁটা | শ্ৰেষ্ঠ পৰিচালক-কানাড়া | ৩৫ | |||
| শ্ৰেষ্ঠ অভিনেতা-কানাড়া | |||||
| ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেতা | ৩৬ | |||
| স্বাস্থ্যকৰ মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবি | |||||
| ছিলভাৰ লটাছ বঁটা | শ্ৰেষ্ঠ অভিনেতা-কানাড়া | ৬ |
তথ্যসূত্ৰ
- ↑ (18 October 2022). Do You Know The Real Name of Kantara Fame Rishab Shetty?
- ↑ Kaur, Arshdeep. (2025-10-08). Kantara Chapter 1 Box Office Day 7: Rishab Shetty's movie earns ₹400+ cr, becomes 2nd highest-grossing Kannada film. mint
- ↑ (2025-10-11). Kantara Chapter 1 box office collection day 10: Rishab Shetty's film is unstoppable, inches closer to ₹400 crore. হিন্দুস্তান টাইমছ
- ↑ (2025-10-13). Kantara Chapter 1 Box Office Collection Day 11: Rishab Shetty's Film Shoots Past Rs 400 Crore Mark, Beats Baahubali 1 In India. NDTV
- ↑ (2025-10-13). Rishab Shetty’s ‘Kantara: A Legend Chapter 1’ beats Prabhas’s ‘ Bahubali- The Beginning’ to become 12th biggest hit of Indian Cinema. হিন্দুস্তান টাইমছ
- ↑ (21 February 2019). From supplying water cans to acting in 'Bell Bottom': Rishab Shetty speaks to TNM
- ↑ (17 November 2022). INTERVIEW | Rishab Shetty: 'I believe in the practice and I have portrayed it'
- ↑ Kantara Rishab Shetty felicitated by Sharjah Karnataka Sangha and UAE Bunts community. The Times of India
- ↑ Rishab and Pragathi Shetty's glitzy Bunt wedding. The Times of India
- ↑ Shenoy, Sanjana. (2022-11-07). Kantara Actor-Director Rishab Shetty Says He Sold Water Bottles & Tea Powder To Make Ends Meet. Curly Tales
- ↑ Meet the 3 Shettys changing Kannada cinema
- ↑ (21 Oct 2022). Kantara fame Rishab Shetty on his struggle in the Kannada industry
- ↑ Sharadhaa, A. (16 January 2016). Making Ricky. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Rao, Subha J. (4 January 2022). Meet the 3 Shettys changing Kannada cinema. The Hindu
- ↑ (2022-10-20). If you liked Rishab Shetty in 'Kantara', watch his 7 best and highest-rated movies, per IMDb on ZEE5, Voot and more. GQ India
- ↑ (20 October 2022). Kantara box office collection: Rishab Shetty's film overtakes Kiccha Sudeep's Vikrant Rona, is now third-highest grossing Kannada film ever
- ↑ (5 October 2022). Rishab Shetty's 'Kantara' to release in multiple languages - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (29 November 2023). Winners at IFFI54. Press Information Bureau
- ↑ (13 October 2025). Rishab Shetty shot Kantara Chapter 1 climax with ‘swollen leg, exhausted body’. See BTS pics. Hindustan Times
- ↑ (11 April 2017). Karnataka State Film Award Winners for 2016. The Times of India
- ↑ (19 June 2017). 64th Filmfare Awards 2017 South: Kirik Party is the big winner of the night. The Times of India
- ↑ IIFA Utsavam 2017 (2016) Kannada Full Show, Nominees & Winners. Updatebro.com
- ↑ SIIMA 2017 Kannada winners list — idlebrain.com news. Idlebrain
- ↑ 66th National Film Awards. Directorate of Film Festivals
- ↑ (10 January 2020). KARNATAKA STATE FILM AWARDS 2018: RAGHAVENDRA RAJKUMAR AND MEGHANA RAJ BAG TOP HONOURS; CHECK OUT ALL WINNERS. bangalore mirror
- ↑ (10 January 2020). Karnataka State Film Awards 2018: Raghavendra Rajkumar and Meghana Raj Bag Top Honours. News18
- ↑ (13 December 2019). Nominations for the 66th Filmfare Awards (South) 2019. Filmfare
- ↑ Winners of the 66th Filmfare Awards (South) 2019. Filmfare
- ↑ (19 July 2019). SIIMA Awards 2019: Here's a complete list of nominees. The Times of India
- ↑ (17 August 2019). SIIMA Awards 2019 full winners list. Times Now
- ↑ SIIMA WINNER'S 2022
- ↑ 67th Parle Filmfare Awards South 2022 with Kamar Film Factory. Filmfare
- ↑ (29 November 2023). Winners at IFFI54. Press Information Bureau
- ↑ SIIMA WINNER'S 2023
- ↑ 67th Parle Filmfare Awards South 2022 with Kamar Film Factory. Filmfare
- ↑ Desk, DH Web. National Film Awards Live: Kannada cinema shines bright as KGF 2, Kantara bag wins, Rishab Shetty gets best actor prize. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋষব শেট্টী” প্ৰবন্ধৰ সংশোধন ৬২৬৩৫২ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।