অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এপি ঢিল্লোঁ

অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয় ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক। তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অমৃতপাল সিং "এপি" ঢিল্লোঁ (Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয়১২৩ ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক।৪ তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে। ইয়াৰ বিপৰীতে "মাঝাইল" আৰু "ব্ৰাউন মুণ্ডে" শীৰ্ষক গীত দুটিয়ে বিলবোৰ্ডৰ চাৰ্টত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। ঢিল্লোঁই তেওঁৰ ৰেকৰ্ড লেবেলৰ সতীৰ্থ শিল্পী গুৰিন্দৰ গিল, শিন্দা কাহলোঁ আৰু জিমিনক্সৰৰ সৈতে তেওঁলোকৰ ৰেকৰ্ড লেবেল, ৰান-আপ ৰেকৰ্ডছৰ অধীনত দলীয়ভাৱে কাম কৰে।৫৬

প্ৰাৰম্ভিক জীৱন

ভাৰতৰ পঞ্জাব ৰাজ্যৰ গুৰদাসপুৰ জিলাৰ মুলিয়ানৱালৰ এক পঞ্জাবী শিখ পৰিয়ালত অমৃতপাল সিং ঢিল্লোঁই জন্মগ্ৰহণ কৰিছিল।৭ তেওঁ লিটিল ফ্লাৱাৰ কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি অমৃতসৰৰ বাবা কুমা সিং জী ইঞ্জিনিয়াৰিং কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ঢিল্লোঁই কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছানিচৰ কেমোছুন কলেজৰ পৰা ব্যৱসায় প্ৰশাসন আৰু ব্যৱস্থাপনাত ডিপ্লমা ডিগ্ৰী লাভ কৰিছিল। সংগীতৰ জগতখনত মনোনিবেশ কৰাৰ পূৰ্বে তেওঁ বেষ্ট বাই নামৰ আমেৰিকাৰ কোম্পানী এটিত কিছু দিনৰ বাবে কাম কৰিছিল।৮

কৰ্মজীৱন

ঢিল্লোঁই ২০১৯ চনত, শিন্দা কাহলোঁৰ সৈতে তেওঁলোকৰ নিজা স্বতন্ত্ৰ ৰেকৰ্ড লেবেল, ৰান-আপ ৰেকৰ্ডছৰ অধীনত, "ফেক" শীৰ্ষক একক গীত এটিত কণ্ঠদানেৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ গুৰিন্দৰ গিল আৰু শিন্দা কাহলোঁৰ "ফাৰাৰ" শীৰ্ষক গীতটোৰ প্ৰযোজক হিচাপে ভিডিঅʼটোত অভিনয় কৰিছিল।

২০২০ চনত, প্ৰযোজক জিমিনক্সৰৰ সৈতে তেওঁৰ একক গীত "ডেড্লী"য়ে অফিচিয়েল চাৰ্টছ কোম্পানীয়ে প্ৰকাশ কৰা ইউ কে এছিয়ান চাৰ্টত প্ৰৱেশ কৰে আৰু ১১শ শীৰ্ষস্থান দখল কৰে।৯ লগতে, গীতটোৱে ইউকে পঞ্জাবী চাৰ্টৰ শীৰ্ষ ৫ম স্থান দখল কৰিছিল।১০ গুৰিন্দৰ গিলৰ সৈতে তেওঁৰ পৰৱৰ্তী একক গীত "ড্ৰপটপ"ও ব্ৰিটেইনৰ এছিয়ান আৰু ব্ৰিটেইনৰ পঞ্জাবী দুয়োটা চাৰ্টতে স্থান দখল কৰে।১০ ২০২০ চনৰ জুন মাহত তেওঁ গুৰিন্দৰ গিল আৰু মন্নী সান্ধুৰ সৈতে সহযোগিতা কৰি "মাঝাইল" শীৰ্ষক একক গীত এটিত কণ্ঠদান কৰে। এই গীতটিয়ে ব্ৰিটেইনৰ এছিয়ান আৰু পঞ্জাবী দুয়োটা চাৰ্টত শীৰ্ষস্থান দখল কৰে আৰু ই বৰ্তমানলৈকে তেওঁলোকৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হয়।৯১০ ২০২০ চনৰ জুলাই মাহত, তেওঁ আৰু তেওঁৰ সতীৰ্থ গুৰিন্দৰ গিলে ইণ্টেন্সৰ "এক্সকিউজ" শীৰ্ষক গীত এটিত অভিনয় কৰিছিল। এই গীতটিয়ে ইউ কে এছিয়ানত ৩য় স্থান দখল কৰিছিল আৰু ব্ৰিটেইনৰ পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰিছিল।৯১১ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত, তেওঁ গুৰিন্দৰ গিল, জিমিনক্সৰ আৰু শিন্দা কাহলোঁৰ সৈতে "ব্ৰাউন মুণ্ডে" শীৰ্ষক গীতটি মুকলি কৰে। এই সংগীত ভিডিঅ’টোত নৱ, সিদ্ধু মূ্ছে ৱালা, মানী মিউজিক, আনমোল ডালৱানী আৰু ষ্টিল বেংগলেজৰ দৰে সংগীতশিল্পীসকলেও অভিনয় কৰিছিল।১২ এই গীতটোৱে কানাডাৰ এপল মিউজিক চাৰ্টত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।১৩ লগতে গীতটোৱে ব্ৰিটেইনৰ এছিয়ান চাৰ্টত প্ৰথম স্থান দখলেৰে চাৰ্টখনত তেওঁৰ দ্বিতীয়টো শ্ৰেষ্ঠ গীত হৈ উঠে।

২০২০ চনত এপি ঢিল্লোঁই গুৰিন্দৰ গিল আৰু মানী মিউজিকৰ সৈতে তেওঁৰ প্ৰথমটো সহযোগিতামূলক এলবাম নট বাই চান্স মুকলি কৰে। ইপিৰ সাতটা গীতে নিউজিলেণ্ডৰ চাৰ্টত স্থান লাভ কৰিছিল আৰু ব্ৰিটেইনৰ অফিচিয়েল পঞ্জাবী মিউজিক চাৰ্টৰ শীৰ্ষ পাঁচটাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছিল।১৪

২০২১ চনত এপি ঢিল্লোঁ আৰু তেওঁৰ দলটোৱে "অভাৰ দ্য টপ – দ্য টেকঅʼভাৰ ট্যুৰ"ৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতৰ ৬খন ডাঙৰ চহৰত পোনপটীয়াকৈ সংগীতানুষ্ঠান পৰিৱেশন কৰে।১৫১৬ ব্ৰেণ্ড এছ’চিয়েচনৰ বাবে ঢিল্লোঁই ব’ট নামৰ ব্ৰেণ্ডটিৰ সৈতে অংশীদাৰিত্ব কৰে।১৭৪ ঢিল্লোঁই ২০২১ চনত, গুৰিন্দৰ গিল আৰু জিমিনক্সৰৰ সৈতে সহযোগিতামূলকভাৱে ইপি "হিডেন জেমছ" শীৰ্ষক ধাৰাবাহিকখন মুকলি কৰে।

২০২২ চনত, ঢিল্লোঁই দ্য বয়ছ (ছিজন ৩)ৰ প্ৰচাৰৰ বাবে এমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে সহযোগিতা কৰিছিল; যাৰ অধীনত তেওঁ ধাৰাবাহিকখনৰ ট্ৰেইলাৰত তেওঁৰ গীত ‘ইনচেন’ৰ এক বিশেষ সংস্কৰণ মুকলি কৰিছিল।১১৮

২০২৩ চনত, তেওঁৰ হিট গীত "ছামাৰ হাই"ত কণ্ঠদানেৰে কানাডাৰ এডমণ্টনত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ জুনো বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰথমজন পঞ্জাবী ভাষাৰ শিল্পী আছিল ঢিল্লোঁ।১৯

সংগীতপঞ্জী

মূল প্ৰবন্ধ: এপি ঢিল্লোঁৰ সংগীতপঞ্জী

  • নট বাই চান্স
  • দ্য ব্ৰাউনপ্ৰিণ্ট

চলচ্চিত্ৰপুঞ্জী

ৱেব ধাৰাবাহিক

বৰ্ষশিৰোনামচৰিত্ৰটোকা
২০২৩এপি ঢিল্লোঁ: ফাৰ্ষ্ট অফ এ কাইণ্ডমূল চৰিত্ৰ (5 episodes)এমাজন প্ৰাইম অৰিজিনেল২০

তথ্যসূত্ৰ

  1. ↑ Hendriques, Princia. (July 12, 2022). AP Dhillon And 'The Boys 3' Crossover Makes The Internet Go 'Bawaal'; Rapper Drops Special Version Of 'Insane'. Mashable India
  2. ↑ (October 4, 2023). India-Canada tensions: Punjabi hip-hop stars hit by row over Sikh separatism. BBC News
  3. ↑ (May 3, 2022). Watch: Dutch Singer Recreates AP Dhillon's Hit Song 'Excuses'. NDTV
  4. ↑ Khosla, Varuni. (November 19, 2021). Boat ties up with Punjabi singer AP Dhillon for brand association. Mint
  5. ↑ Punjabi Wave: How Diasporic Canadian Artists Are Redefining Global Music · Billboard Canada. ca.billboard.com
  6. ↑ Punjabi Wave: Why AP Dhillon Is Betting On Himself · Billboard Canada. ca.billboard.com
  7. ↑ Harshleen Anand. Old Clips Of AP Dhillon Singing During His College Days Just Raised 'Saada Pyaar' For Him. MensXP. December 14, 2021
  8. ↑ (August 18, 2023). AP Dhillon: You Know His Music, Now Know The Man; Everything About The 'Brown Munde' Singer. English Jagran
  9. ↑ AP Dhillon Chart history:https://www.officialcharts.com/artist/61523/ap-dhillon AP Dhillon/ Shinda Kahlon:https://www.officialcharts.com/artist/61602/ap-dhillon-shinda-kahlon/ Kahlon/Dhillon/Gill/Gminxr:https://www.officialcharts.com/artist/58654/kahlon-gill-gminxr-dhillon/ Singles on UK Asian Music Chart: * "Majhail" and "Excuses": Asian Music Chart Top 40 · Official Charts Company. www.officialcharts.com * "Deadly" and "Droptop": Asian Music Chart Top 40 · Official Charts Company. www.officialcharts.com
  10. ↑ Official Punjabi Music Chart Top 20 · Official Charts Company. www.officialcharts.com
  11. ↑ Official Punjabi Music Chart Top 20 · Official Charts Company. www.officialcharts.com
  12. ↑ Kumari, Priyanca. (September 18, 2020). Breaking Boundaries: Sidhu Moose Wala and Steel Banglez Cameo in 'Brown Munde'. BritAsia TV
  13. ↑ Top 100: Canada. Apple Music
  14. ↑ Peaks on the NZ Hot Singles Chart: * "Saada Pyaar": (December 28, 2020). NZ Hot Singles Chart. Recorded Music NZ * "Fate", "Takeover", "Chances" and "Goat": (January 4, 2021). NZ Hot Singles Chart. Recorded Music NZ * "Insane": (April 26, 2021). NZ Hot Singles Chart. Recorded Music NZ * "Ma Belle": (July 26, 2021). NZ Hot Singles Chart. Recorded Music NZ * "Desires": (November 29, 2021). NZ Hot Singles Chart. Recorded Music NZ * "Tere Te": (December 6, 2021). NZ Hot Singles Chart. Recorded
  15. ↑ Over The Top – AP Dhillon The Takeover Tour India
  16. ↑ Erin LeBlanc. Meet the Toronto woman behind the unique mansion that has hosted stars like The Weeknd and Belly. The Star. April 16, 2022
  17. ↑ (November 18, 2021). boAt partners with AP Dhillon for #LiveTheSound campaign. Financialexpress
  18. ↑ (July 12, 2022). Amazon Prime Video collaborates with A.P. Dhillon post a fantastic The Boys Season 3 finale. Firstpost
  19. ↑ (March 13, 2023). Juno Awards 2023: AP Dhillon Makes History with First Punjabi Performance at the Show
  20. ↑ (August 18, 2023). AP Dhillon: First Of A Kind Season 1. The Times of India

সম্পৰ্কিত শ্ৰেণী

কানাডাৰ ব্যক্তিপঞ্জাবী ভাষাৰ কণ্ঠশিল্পীভাৰতীয় কণ্ঠশিল্পীভাৰতীয় সংগীতজ্ঞপঞ্জাব, ভাৰতৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এপি ঢিল্লোঁ” প্ৰবন্ধৰ সংশোধন ৫৭২৫৭৭ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।