অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এছ. মিত্ৰা কলিতা

এছ. মিত্ৰা কলিতা এগৰাকী সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক আৰু দুখন কিতাপৰ লেখিকা। তেওঁৰ প্ৰথমখন কিতাপ Suburban Sahibs নিউ জাৰ্চিত অভিবাসীসকলে কেনেদৰে আমেৰিকাৰ ৰূপান্তৰ ঘটালে সেই বিষয়ে আৰু দ্বিতীয়খন My Two Indias হৈছে গ্লোবেলাইজেচন সম্পৰ্কীয় এটা অৰ্থনৈতিক আত্মজীৱনী।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এছ. মিত্ৰা কলিতা এগৰাকী সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক আৰু দুখন কিতাপৰ লেখিকা।১ তেওঁৰ প্ৰথমখন কিতাপ Suburban Sahibs নিউ জাৰ্চিত অভিবাসীসকলে কেনেদৰে আমেৰিকাৰ ৰূপান্তৰ ঘটালে সেই বিষয়ে আৰু দ্বিতীয়খন My Two Indias হৈছে গ্লোবেলাইজেচন সম্পৰ্কীয় এটা অৰ্থনৈতিক আত্মজীৱনী।২

২০১৮ চনৰ জুলাইৰ পৰা ২০২০ চনলৈকে তেওঁ CNN ডিজিটেলৰ নিউজ, অভিমত আৰু প্ৰগ্ৰামিঙৰ বাবে ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট আছিল।৩ ২০১৬ চনৰ জুনৰ পৰা ২০১৮ চনৰ জুলাইলৈকে তেওঁ CNN ডিজিটেলৰ প্ৰ'গ্ৰামিঙৰ ভাইচ প্ৰেছিডেণ্ট আছিল।৪ ২০২০ চনৰ পৰা তেওঁ The Philadelphia Inquirer ৰ বোৰ্ডৰ সদস্য।৫

২০২০ চনত তেওঁ নিউ ইয়ৰ্কাৰসকলক কোভিড-১৯ মহামাৰীৰ সময়ছোৱাত সহায় কৰিবলৈ Epicenter-NYC নামৰ এখন নিউজলেটাৰ আৰম্ভ কৰে।৫ তেওঁ ২০২১ চনৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ Nieman ভিজিটিং ফেলো আছিল।৩ তেওঁ URL Media নামৰ এটা ব্লেক আৰু ব্ৰাউন সামুদায়িক সংবাদ মাধ্যমৰ নেটৱৰ্কৰ সহ-প্ৰতিষ্ঠাতা আৰু পৰিচালক।৬৭৮

জীৱন বৃত্তান্ত

কলিতা ২০১৫ৰ পৰা ২০১৬ চনলৈকে লছ এঞ্জেলছ টাইমছত ষ্ট্ৰেটেজিক সম্পাদক (Managing Editor for Editorial Strategy) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৯

তেওঁ Quartz-ৰ এক্সিকিউটিভ সম্পাদক (at large) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেয়া আৰম্ভ কৰাৰ পূৰ্বে তেওঁ 'founding ideas editor' আছিল। তেওঁ Quartz India আৰু Quartz Africa আৰম্ভ কৰাত সহায় কৰিছিল।১ তেওঁ The Wall Street Journalত কাম কৰিছিল১০১১১২১৩ আৰু great recessionৰ সময়ৰ কভাৰেজৰ নেতৃত্ব দিছিল।১৪ তেওঁ ৰাজু নাৰিছেট্টিৰ সৈতে Livemint নামৰ এখন বাণিজ্যিক বাতৰি কাকত ভাৰতত আৰম্ভ কৰিছিল।১

তেওঁ Sara Lomax-Reese-ৰ সৈতে URL Media সহ-প্ৰতিষ্ঠা কৰে। তেওঁ Apple TVৰ "The Morning Show"ৰ তৃতীয় চিজনত কাহিনী পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।

ব্যক্তিগত জীৱন

কলিতা ব্ৰুকলিনত জন্মগ্ৰহণ কৰে আৰু লং আইলেণ্ড, পুৱাৰ্টো ৰিকো আৰু নিউ জাৰ্ছিত ডাঙৰ হয়।১ বৰ্তমান তেওঁ কুইন্সত বাস কৰে আৰু তেওঁৰ দুই কন্যা আছে।১১৫

কিতাপ

  • Suburban Sahibs: Three Immigrant Families and Their Passage From India to America১৬

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Edgar, Deirdre. (18 March 2015). L.A. Times expands leadership, adds Mitra Kalita as M.E.. Los Angeles Times
  2. ↑ S. Mitra Kalita – ONA Community Profile. Online News Association
  3. ↑ (1 December 2020). Nieman Foundation announces the 2021 Nieman Visiting Fellows. nieman.harvard.edu
  4. ↑ Doctor, Ken. (31 May 2016). Mitra Kalita leaves L.A. Times for CNN. politico.com
  5. ↑ Arvedlund, Erin. (19 October 2020). Kalita of CNN Digital to join Philadelphia Inquirer board of directors. inquirer.com. The Philadelphia Inquirer
  6. ↑ (May 2023). In an unusual alliance, Jewish media and striking journalists are uniting to cover the Pittsburgh synagogue shooting trial
  7. ↑ (29 March 2022). Women making history: 10 trailblazing leaders in local media
  8. ↑ Women to Watch: Our 2021 Year in Review
  9. ↑ Edgar, Deirdre. (31 May 2016). Managing Editor S. Mitra Kalita leaving L.A. Times. Los Angeles Times
  10. ↑ S. Mitra Kalita. (13 March 2009). Americans See 18% of Wealth Vanish. The Wall Street Journal
  11. ↑ S. Mitra Kalita. (26 May 2009). A Tale of Two School Systems. The Wall Street Journal
  12. ↑ S. Mitra Kalita. (17 November 2020). Desis in the (White) House. The Wall Street Journal
  13. ↑ S. Mitra Kalita. (15 December 2009). Who's an Indian anyway?. The Wall Street Journal
  14. ↑ Mitra Kalita - IWMF. www.iwmf.org
  15. ↑ about
  16. ↑ Major, John S. (14 December 2003). New Jersey Masala. The New York Times

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকভাৰতীয় মূলৰ ব্যক্তিআমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ. মিত্ৰা কলিতা” প্ৰবন্ধৰ সংশোধন ৫৭১১৩০ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।