নন্দমুৰি তাৰকা ৰামা ৰাও (N. T. Rama Rao Jr.(জন্ম ২০ মে' ১৯৮৩), জনপ্ৰিয়ভাৱে এন টি আৰ জুনিয়ৰ নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক যি মূলতঃ তেলেগু চিনেমাত কাম কৰে।১ ভাৰতীয় চিনেমাৰ অন্যতম পাৰিশ্ৰমিকপ্ৰাপ্ত অভিনেতাৰ ভিতৰত অন্যতম৷ তেওঁ ২০১২ চনৰ পৰা ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত অন্তৰ্ভুক্ত।২৩ সংবাদ মাধ্যমত তেওঁক মেন অৱ মাছ বুলি কোৱা হয় আৰু তেওঁ ৩০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।৪ তেওঁ কেইবাটাও বঁটা লাভ কৰিছে, য’ত আছে, তিনিটা ফিল্মফেয়াৰ এৱাৰ্ডছ চাউথ, তিনিটা চিনেএমএ এৱাৰ্ড, এটা চিআইএমএ বঁটা, এটা আইআইএফএ বঁটা আৰু দুটা নন্দী বঁটা।
তেওঁ ভাৰতীয় মেটিনি আইডল আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামা ৰাওৰ নাতি ৷৫ তেওঁ ব্ৰহ্মৰ্ষী বিশ্বামিত্ৰ (১৯৯১) আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ৰামায়ণ (১৯৯৭) ছবিত শিশু অভিনেতা হিচাপে অভিনয় কৰিছিল। তেওঁ নিন্নু চৌদালানি (২০০১) ছবিত মুখ্য অভিনেতা হিচাপে অভিষেক ঘটায় আৰু ষ্টুডেণ্ট নং: ১ (২০০১) আৰু একচন ড্ৰামা আদি (২০০২)ৰ জৰিয়তে তেওঁৰ সমাদৰ লাভ কৰে। ইয়াৰ পিছতে ছিম্হাদ্ৰী (২০০৩), ৰাখী (২০০৬), ইয়ামাডোংগা (২০০৭), আধুৰ্ছ (২০১০), বৃন্দাবনম (২০১০), আৰু বাদশ্বাহ (২০১৩)কে ধৰি ব্যৱসায়িকভাৱে সফল ছবিত তেওঁ অভিনয় কৰে।
বক্স অফিচত কিছু সময়ৰ বাবে বিপৰ্যয়ৰ অন্তত তেওঁ একচন ড্ৰামা টেম্পাৰ (২০১৫)ৰ জৰিয়তে শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায় আৰু নান্নাকু প্ৰেমাথো (২০১৬), জনথা গেৰেজ (২০১৬), জয় লাভ কুছা (২০১৭), আৰু অৰবিন্দ সমেথা বীৰা ৰাঘভা (২০১৮)ৰ সৈতে সফলতাৰ ধাৰা অব্যাহত ৰাখে। ইয়াৰ পিছত তেওঁ মেগনাম অপাছ আৰ আৰ আৰ (২০২২)ত অভিনয় কৰে, যিয়ে বিশ্বব্যাপী এক পৰিঘটনাত পৰিণত হয়, যাৰ ফলত তেওঁ প্যান ইণ্ডিয়া খ্যাতি আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে৷ য'ত তেওঁ ক্ৰিটিক্স চয়ছ ছুপাৰ এৱাৰ্ডত একচন চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনয়ন লাভ কৰে।
ৰামা ৰাও জুনিয়ৰে তেলেগু ভাষাৰ ৰিয়েলিটি টিভি শ্ব’ বিগ বছ (২০১৭)ৰ প্ৰথম ছিজন আৰু ইভাৰু মীলো কোটিছৱাৰুলু (২০২১)ৰ পঞ্চম ছিজনৰো আয়োজন কৰিছিল। এজন প্ৰশিক্ষিত কুচিপুডী নৃত্যশিল্পী, তেওঁক ভাৰতীয় চিনেমাৰ অন্যতম উন্নত নৃত্যশিল্পী হিচাপে বহুলভাৱে গণ্য কৰা হয়। ভাৰতীয় চিনেমাৰ কেইজনমান বহুভাষী ব্যক্তিৰ ভিতৰতো তেওঁ অন্যতম।
তথ্যসূত্ৰ
- ↑ Eriksen, Kaare. (18 December 2023). NTR Jr. Variety
- ↑ Forbes Releases 2018 Celebrity 100 List of the World's Highest-Paid Entertainers. Forbes
- ↑ K., Janani. (25 April 2018). Mahesh Babu, Prabhas, Allu Arjun: How much do Tollywood's highest-paid actors earn?. India Today
- ↑ (10 January 2024). Jr NTR Changes Star Tagline From 'Young Tiger' To 'Man of Masses' for Devara, Leaves Fans Ecstatic. News18
- ↑ Burns, John F. (19 January 1996). N. T. Rama Rao, 72, Is Dead; Star Status Infused His Politics. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন টি ৰামা ৰাও জুনিয়ৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫৪৭৮ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।