এইচ এম নাকভি (H.M. Naqvi; জন্ম:১৯৭৩১)হৈছে বৰ্তমান কৰাচী নিবাসী এগৰাকী পাকিস্তানী ঔপন্যাসিক। তেওঁ হ’ম বয় উপন্যাসখনৰ ৰচক আৰু এই উপন্যাসখনৰ বাবে ২০১১ চনত তেওঁ দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
সংক্ষিপ্ত জীৱনী
১৯৭৩ চনত এইচ এম নাকভিৰ লণ্ডনত জন্ম হৈছিল আৰু পিছলৈ তেওঁ পাকিস্তানৰ কৰাচীত ডাঙৰ-দীঘল হৈছিল।১ তেওঁ জৰ্জটাউন বিশ্ববিদ্যালয়ৰপৰা ১৯৯৬ চনত অৰ্থনীতি আৰু ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কেৱল দুই ডলাৰেৰে জীৱন নিৰ্বাহ কৰাৰ সময়তে তেওঁ চুটি গল্প লিখিবলৈ আৰম্ভ কৰিছিল।২ তেওঁ ৱাচিংটন ডিচিত একমাত্ৰ শ্লাম কবিতা স্থল ফিফটি্ন মিনিটচ্ ক্লাৱ পৰিচালনা কৰিছিল আৰু ১৯৯৫ চনত মিচিগানৰ এন আৰ্বাৰত অনুষ্ঠিত নেচনেল পয়েট্ৰি শ্লামত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল। এনপিআৰ আৰু বিবিচিত তেওঁৰ কবিতাৰ সম্প্ৰচাৰ হৈছে।
১৯৯৭ চনত তেওঁ বিশ্ব বেংকৰ কৰ্মচাৰী ৰূপে চাকৰিত যোগদান কৰে আৰু সম্পূৰ্ণ আঠ বছৰ পূৱ উপকূল আৰু কৰাচীত বিত্তীয় সেৱা আগবঢ়ায়। ২০০৩ চনত চাকৰি এৰি নাকভি মেছাচুচেটছৰ কেমব্ৰিজলৈ ৰাওনা হয় আৰু হাভাৰ্ডৰ ইংৰাজী বিভাগৰ শ্ৰেণীত ছাত্ৰ ৰূপে ভৰ্তি হয়; য’ত জেমছ উডৰ যুদ্ধোত্তৰ কল্প-কাহিনীৰ জৰীপ আৰু এলভিছ মিচেলৰ সমসাময়িক চলচ্চিত্ৰৰ শ্ৰেণীও আছিল।
ইয়াৰ পিছত তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লেখন কাৰ্যসূচীত অংশগ্ৰহণ কৰে, ইয়াত তেওঁ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা বিজয়ী হা জিনৰ সৈতে কাম কৰে। নিজৰ উপন্যাসখনৰ কাম কৰি থাকোঁতে তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ লেখন (Writing) বিষয়ৰ অধ্যাপক আছিল। সেইখিনি সময়ত তেওঁ ৰাতিপুৱা ছয় বজালৈকে লেখাৰ কাম আৰু দুপৰীয়া তথা গধূলি শিক্ষকতা কৰিছিল।৩
২০০৭ চনত নাকভি কৰাচীলৈ উভতি আহে। তেতিয়াৰপৰা তেওঁ সাংবাদিকতা৪ আৰু নিজৰ পৰৱৰ্তী উপন্যাসৰ কামত নিজকে নিয়োগ কৰিছে। ২০১০ চনত তেওঁ আইঅ’ৱা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় লেখন কাৰ্যসূচীৰ আবাসী অংশগ্ৰহণকাৰী আছিল।
নাকভিয়ে গ্লৱেল পষ্টত সমসাময়িক পাকিস্তানী চিত্ৰকলা, সংখ্যালঘু বিষয়ক আৰু বেলুচিস্তান সম্পৰ্কে লিখিছে আৰু ফৰ্বছৰ বাবে কৰাচীৰ ওপৰত লিখিছে।৫
হ’ম বয়
এইচ এম নাকভিৰ প্ৰথমখন উপন্যাস হ’ম বয় ২০০৯ চনত ৰেণ্ডম হাউচৰ ক্ৰাউন বুকচ ডিভিজনৰ দ্বাৰা আমেৰিকাত প্ৰকাশ হৈছিল আৰু পঢ়ুৱৈৰ প্ৰশংসা বুটলিছিল। নিউয়ৰ্ক টাইমচে এই উপন্যাসখন নিউয়ৰ্ক চহৰৰ উপন্যাস বুলি প্ৰশংসা কৰি কৈছে যে; লেখকৰ প্ৰথম উপন্যাস হিচাপে কিতাপখন সুসংহত। নাকভি এগৰাকী প্ৰাক্তন শ্লাম কবি আছিল আৰু উপন্যাসখনৰ কাব্যিক ভাষাত সেয়া পৰিস্ফূৰ্ত হৈছে আৰু হ’ম বয় হৈছে তেনে এখন উল্লেখযোগ্য আকৰ্ষণীয় উপন্যাস যি বিচলিত কৰাৰ লগে লগে আনন্দিতও কৰে।৬
২০১০ চনৰ জানুৱাৰী মাহত কিতাপখন হাৰপাৰ কলিন্সে ভাৰতত প্ৰকাশ কৰাৰ লগে লগে ই আটাইতকৈ বেছি বিক্ৰী হোৱা দহখন শ্ৰেষ্ঠ কল্প-কাহিনীৰ তালিকাত স্থান লাভ কৰে।৭ ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, কিতাপখন উপমহাদেশীয় মছলাৰে সৈতে সাংস্কৃতিক ভাৱে আধুনিক। ইয়াক প্ৰথমাৱস্থাৰ জয় মেকনাৰ্নি আৰু গেৰী শ্বেটেনগাৰ্টৰ সৈতে তুলনা কৰিব পাৰি। লেখকে ইয়াত আণ্ডাৰগ্ৰাউণ্ড মিউজিক, ড্ৰাগচ, ফেশ্বনৰ স’তে ফৈজ আহমদ ফৈজ আৰু ঘৰতে ৰন্ধা শিখ কাবাব আৰু বিৰিয়ানিক অন্তৰ্ভুক্ত কৰিছে।৮ ২০১০ চনত নাকভিয়ে জয়পুৰ সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিছিল।৯
নাকভিৰ নিজৰ দেশ পাকিস্তানতো কিতাপখনে সমাদৰ লাভ কৰিছিল। খাছ গেলেৰী, শ্বহীদ জুলফিকৰ আলি ভুট্টো ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকনল’জি, ইণ্ডাচ ভেলী স্কুল অৱ আৰ্টচ আদিত তেওঁ গ্ৰন্থখন পাঠ কৰিছিল। আৰ্ট ডুবাইত তেওঁ লণ্ডন নিবাসী পাকিস্তানী শিল্পী ফেইজা বাটৰ সৈতে আলোচনাতো অংশগ্ৰহণ কৰিছিল। ২০১০ চনত উপন্যাসখনৰ জাৰ্মান, ইটালিয়ান আৰু পতুৰ্গীজ সংস্কৰণ প্ৰকাশ পাইছে।
সৃষ্টিশীল কাম
- হ’ম বয়: আ নভেল; নিউয়ৰ্ক: Shaye Areheart Books, ২০০৯,
- The selected works of Abdullah the Cossack: a novel; নিউয়ৰ্ক, এনৱাই: ব্লেক কেট, ২০১৯,
পুৰস্কাৰ
- Ora Mary Phelam Poetry Prize১০
- দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ, হ’ম বয়, ২০১১ চন১১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ H.M. Naqvi. University of Iowa The Writing University
- ↑ Siganporia, Shahnaz; Platform Magazine (Oct. 2009), "An Elegy on a Cocktail Napkin,"
- ↑ Dawood, T.U.; Libas (Vol 22, 2009 Issue, 3), "Home Truths"
- ↑ Global Post archive
- ↑ Naqvi, H. M., Forbes (Sept. 9, 2009), "Rocking Karachi"
- ↑ Salvatore, Joseph; New York Times (Nov. 5, 2009), "Fiction Chronicle"
- ↑ New Kerala Fiction and Nonfiction Bestseller List (Feb. 2009)
- ↑ Sipahimalani, Sanjay; Indian Express (Jan. 2010), "NYC’s Metrostani"
- ↑ Krich, John, Wall Street Journal (Feb. 26, 2010), "One for the Books"
- ↑ Author website biography. hmnaqvi.com/about_author.html
- ↑ BBC News (December 15, 2010), "H M Naqvi eyes debut novel success"
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এইচ এম নাকভি” প্ৰবন্ধৰ সংশোধন ৫৪৬০৬০ (২৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।