জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সিংৰাজ আধানা
সিংৰাজ আধানা (Singhraj Adhana) এজন ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া পিষ্টল শ্বুটাৰ। তেওঁৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৬ জানুৱাৰীত হাৰিয়ানাৰ ফৰিদাবাদত। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত ৰূপৰ পদক আৰু পুৰুষৰ…
-
সীতাংশু য়শচন্দ্ৰ
সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ। তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল।
-
সুকুমাৰ সেন (ভাষাবিদ)
সুকুমাৰ সেন ( Sukumar Sen, ১৬ জানুৱাৰী ১৯০০ – ৩ মাৰ্চ ১৯৯২) এগৰাকী ভাৰতীয় ভাষাবিদ আৰু বাংলা সাহিত্যৰ ইতিহাসবিদ আছিল, যি পালি, প্ৰাকৃত আৰু সংস্কৃত ভাষা অধ্যয়নতো সুপৰিচিত আছিল।
-
সুচিত্ৰা পিল্লাই
সুচিত্ৰা পিল্লাই (Suchitra Pillai; জন্ম: ২৭ আগষ্টত ১৯৭০) হৈছে এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, মডেল, অভিযন্তা আৰু ধাৰাভাষ্যকাৰ।
-
সুনীতা ভূঞা
সুনীতা খাউণ্ড ভূঞা (জন্ম: ২৩ মে' ১৯৭০) এগৰাকী ভাৰতীয় সংগীতশিল্পী আৰু বেহেলাবাদক। তেওঁ বিশেষকৈ বেহেলাত লোক-সংগীত আৰু শাস্ত্ৰীয় সংগীতৰ লগত পাশ্চাত্য সংগীৰ লগত যুক্ত কৰাৰ বাবে বিখ্যাত। তেওঁ সংগীত চিকিৎসা বা মিউজিক থেৰাপীৰ লগতো জড়িত।
-
সুনীতি দেৱী
সুনীতি দেৱীCIE (Sunity Devi, ৩০ ছেপ্টেম্বৰ, ১৮৬৪ – ১০ নৱেম্বৰ, ১৯৩২) ব্ৰিটিছ ভাৰতৰ অধীনৰ ৰাজশাসিত ৰাজ্য কোচবিহাৰৰ মহাৰাণী আছিল।
-
সুনেত্ৰা গুপ্তা
সুনেত্ৰা গুপ্তা (Sunetra Gupta; জন্ম: ১৫ মাৰ্চ, ১৯৬৫) এগৰাকী ভাৰতীয় মূলৰ ব্ৰিটিছ সংক্ৰামক ৰোগ মহামাৰী বিজ্ঞানী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক।
-
সুন্দৰ সিং গুৰ্জাৰ
সুন্দৰ সিং গুৰ্জাৰ (Sundar Singh Gurjar) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ', শ্বট পুট আৰু ডিচকাছ থ্ৰ' এথলীট যি এফ৪৬ শাখাত প্ৰতিদ্বন্দ্বিতা কৰে। ৰাজস্থান ৰাজ্যত কাৰাউলিৰ নিবাসী তেওঁ পুৰুষৰ জেভলীন এফ৪৬ প্ৰতিযোগিতাত টকিঅ' ২০২০ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
সুবোধ সৰকাৰ
সুবোধ সৰকাৰ (Subodh Sarkar) জন্ম ১৯৫৮ চনত পশ্চিমবঙ্গৰ কৃষ্ণনগৰত। সৰকাৰ এজন বাঙালী কবি, লেখক, অনুবাদক আৰু সম্পাদক। দ্বৈপায়ন হ্ৰদেৰ ধাৰে কাব্যগ্ৰন্থৰ বাবে তেখেতে ২০১৩ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
সুভদ্ৰা কুমাৰী চৌহান
সুভদ্ৰা কুমাৰী চৌহান (১৬ অক্টোবৰ ১৯০৪- ১৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় কবি। তেখেতৰ জনপ্ৰিয় কবিতাটি হ'ল "ঝাঁসি কি ৰাণী।" সুভদ্ৰা কুমাৰী চৌহান জন্ম হৈছিল ১৯০৪ চনৰ ১৬ আগষ্ট তাৰিখে, এলাহবাদত।
-
সুমিত্ৰা চৰত ৰাম
সুমিত্ৰা চৰত ৰাম (Sumitra Charat Ram; ১৭ নৱেম্বৰ ১৯১৪- ৮ আগষ্ট ২০১১) এগৰাকী বিশিষ্ট কলা পৃষ্ঠপোষক আৰু ১৯৫২ চনত প্ৰতিষ্ঠা কৰা শ্ৰীৰাম ভাৰতীয় কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক স্বাধীনতাৰ পিছৰ যুগত তেওঁ পৰিবেশ্য কলা, বিশেষকৈ কথকৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ বাবে তেওঁ পদ্মশ্ৰী বঁটা…
-
সুমিত্ৰা দেৱী
সুমিত্ৰা দেৱী ( Sumitra Devi; ২২ জুলাই ১৯২৩ – ২৮ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত হিন্দীৰ লগতে বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত।
-
সুলভা দেশপাণ্ডে
সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে।
-
সুষমা শেঠ
সুষমা শেঠ (ইংৰাজী: Sushma Seth; জন্ম: ২০ জুন ১৯৩৬) এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। ১৯৫০ চনত তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল, আৰু দিল্লীস্থিত নাট্যগোষ্ঠী যাত্ৰীকৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৭৮ চনত তেওঁৰ প্ৰথম ছবি জুনুন মুক্তি পাইছিল।
-
সুহানী কলিতা
সুহানী কলিতা'(বেবী জীৱা নামেৰে তেলুগু চলচ্চিত্ৰত পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে তেলুগু, হিন্দী, মালায়ালম আৰু বাংলা চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০০ চনত হিন্দুস্থান - দ্য মাদাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে "নন্দী বঁটা" লাভ কৰিছিল।
-
সুৰজিৎ পাটৰ
সুৰজিৎ পাটৰ (জন্ম: সুৰজিৎ হুঞ্জন) এজন পাঞ্জাৱী ভাষা লেখক আৰু ভাৰতৰ পাঞ্জাৱৰ কবি। তেওঁৰ কবিতাসমূহে সাধাৰণ ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছে।
-
সুৰভি লক্ষ্মী
সুৰভি চি.এম. বা সুৰভি লক্ষ্মী (Surabhi C. M.; জন্ম: ৫ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় মঞ্চ, টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ২০১৬ চনত মুক্তি পোৱা মালয়ালম চলচ্চিত্ৰ ‘মিন্নামিনুঙ্গু’ত তেওঁ এগৰাকী সংগ্ৰামী মধ্যবয়সীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
সুৰভিন চাওলা
সুৰভিন চাওলা (Surveen Chawla, জন্ম ১ আগষ্ট ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল সুৰভিনে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কহি ট' হোগা আৰু কাজ্জল নামৰ জনপ্ৰিয় আৰু সফল টেলিভিছন অনুষ্ঠানৰ জৰিয়তে৷ হেইট ষ্টৰি (২০১৪), আগলি (২০১৩), পাৰ্চড (২০১৫), ২৪ (ভাৰতীয় টিভি চিৰিজ,২০১৬) আদিত আগবঢ়োৱা…
-
সূৰ্যকান্ত ত্ৰিপাঠী
সূৰ্যকান্ত ত্ৰিপাঠী (২১ ফেব্ৰুৱাৰী ১৮৯৯ – ১৫ অক্টোবৰ ১৯৬১) এজন ভাৰতীয় কবি, সাহিত্যিক, সুৰকাৰ, আৰু স্কেচ আৰ্টিষ্ট আছিল, তেওঁৰ ৰচনা সমূহ হিন্দী ভাষাৰ আছিল। তেওঁক হিন্দী সাহিত্যৰ ছায়াবাদ যুগৰ চাৰিটা মুখ্য স্তম্ভৰ এটা ৰূপে গণ্য কৰা হয়।
-
সোণম বাজৱা
সোণমপ্ৰীত বাজৱা (জন্ম: ১৬ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী ছবিত কাম কৰে। পঞ্জাবী চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী বাজৱাই দুটাকৈ পি টি চি পঞ্জাবী ফিল্ম এৱাৰ্ড লাভ কৰাৰ লগতে চাৰিটাকৈ ফিল্মফেয়াৰ এৱাৰ্ডছ পঞ্জাবীৰ বাবে মনোনয়ন লাভ কৰিছে।
-
সোণালী বসু
সোণালী বসু (Shonali Bose; জন্ম: ৩ জুন ১৯৬৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক। ২০০৫ চনত চলচ্চিত্ৰ পৰিচালনাত আত্মপ্ৰকাশ কৰা বসুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ব্ৰীজষ্টোন নেৰেটিভ বঁটা, চানডান্স মহিন্দ্ৰা গ্ল'বেল ফিল্মমেকাৰ বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে।
-
সোহিনী সেনগুপ্ত
সোহিনী সেনগুপ্ত ( Sohini Sengupta ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। সোহিনী অভিনেতা ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু স্বাতীলেখা সেনগুপ্তৰ কন্যা, যি থিয়েটাৰত সক্ৰিয় আছিল। সোহিনী বাংলা নাট্যগোষ্ঠী নান্দীকাৰৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আছিল।
-
স্কট কেলি
স্কট যোচেফ কেলি (Scott Joseph Kelly; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৬৪) হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি।
-
স্বপ্নীল কুছালে
স্বপ্নীল কুছালে (Swapnil Kusale; জন্ম: ৬ আগষ্ট ১৯৯৫) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
-
স্বামী হৰিদাস
স্বামী হৰিদাস (Swami Haridas) স্বামী হৰিদাস এজন আধ্যাত্মিক কবি আৰু শাস্ত্ৰীয় সংগীতজ্ঞ আছিল।
-
স্বৰূপম পুৰকায়স্থ
স্বৰূপম পুৰকায়স্থ (জন্ম ১৫ চেপ্তেম্বৰ ১৯৮৯) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। বলিং অল-ৰাউণ্ডাৰ পুৰকায়স্থ এজন সোঁহতীয়া বেট্ছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ।
-
সৰলা ঠকৰাল
সৰলা ঠকৰাল (Sarla Thakral, ৮ আগষ্ট ১৯১৪ – ১৫ মাৰ্চ ২০০৮) প্ৰথম ভাৰতীয় মহিলা বৈমানিক। ১৯১৪ চনৰ ৮ আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা সৰলায়ে ১৯৩৬ চনত মাত্ৰ ২১ বছৰ বয়সতে বিমানেৰ পাইলট হিচাপে লাইচেন্স অৰ্জন কৰিছিল। তাৰপিছত তেওঁ এখন জিপছি মথ বিমান এককভাবে চলাই ইতিহাস ৰচনা কৰিছিল।
-
সৰলা দেৱী
সৰলা দেৱী (Sarala Devi, ১৯ আগষ্ট ১৯০৪ – ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল।
-
সৰলা বেন
সৰলা বেন (Sarla Behn; জন্ম: কেথেৰিন মেৰী হেইলমেন; ৫ এপ্ৰিল ১৯০১ – ৮ জুলাই ১৯৮২) এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল।
-
সৰিতা যোশী
সৰিতা যোশী ( Sarita Joshi; জন্ম: ১৭ অক্টোবৰ, ১৯৪১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী। গুজৰাটী আৰু মাৰাঠী থিয়েটাৰৰ এগৰাকী আগশাৰীৰ আৰু গুৰুত্বপূ্ৰ্ণ অভিনেত্ৰী বুলি তেওঁক উল্লেখ কৰা হয়। ১৯৭০ দশকত স্বামী প্ৰবীণ যোশীৰ সৈতে কৰা গুজৰাটী নাটকৰ বাবে তেওঁ পৰিচিত।