সুনেত্ৰা গুপ্তা (Sunetra Gupta; জন্ম: ১৫ মাৰ্চ, ১৯৬৫) এগৰাকী ভাৰতীয় মূলৰ ব্ৰিটিছ সংক্ৰামক ৰোগ মহামাৰী বিজ্ঞানী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক। তেওঁ মেলেৰিয়া, ইনফ্লুৱেঞ্জা আৰু কোভিড-১৯ কে ধৰি বিবিধ সংক্ৰমিত বেমাৰৰ সংক্ৰমণ গতিবিদ্যা সংক্ৰান্তীয় গৱেষণা কৰিছে আৰু লণ্ডন প্ৰাণীতত্ত্ব বিভাগ (লণ্ডন জুল’জিকেল চ’ছাইটি)ৰ বিজ্ঞানীৰ পদক আৰু ‘ৰয়েল চছাইটি’ৰ ৰ’জালিণ্ড ফ্ৰেংকলিন বঁটা লাভ কৰিছে।
গুপ্তা এগৰাকী সাহিত্য অকাডেমি বঁটা প্ৰাপক ঔপন্যাসিকো।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ধ্ৰুৱ আৰু মৃণালিনী গুপ্তাৰ সন্তান ৰূপে ভাৰতৰ কলিকতাত সুনেত্ৰাৰ জন্ম হয়। ১তেওঁ জীৱবিজ্ঞান বিষয়ত শিক্ষা লৈছিল আৰু প্ৰিন্সট'ন বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ‘সংক্ৰামক ৰোগৰ সংক্ৰমণ গতিশীলতা’ বিষয়ক গৱেষণাপত্ৰ লিখি সুনেত্ৰাই ১৯৯২ চনত লণ্ডন ইম্পেৰিয়েল কলেজৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ২
কৰ্মজীৱন আৰু গৱেষণা
পদবী
গুপ্তা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক, য'ত তেওঁ সংক্ৰামক ৰোগ এপিডেমিঅ'লজিষ্টৰ এটা দলৰ নেতৃত্ব দিয়ে। তেওঁ মেলেৰিয়া, এইচ আই ভি, ইনফ্লুৱেঞ্জা, বেক্টেৰিয়াজনিত মেনিনজাইটিছ আৰু কোভিড-19 কে ধৰি বিভিন্ন সংক্ৰামক ৰোগৰ ওপৰত গৱেষণা কৰিছে। তেওঁ অক্সফৰ্ডৰ মেৰটন কলেজৰ এগৰাকী অতিসংখ্যাৰ সহযোগী।৩সুনেত্ৰা প্ৰিন্সট'ন বিশ্ববিদ্যালয় প্ৰেছৰ ইউৰোপীয় উপদেষ্টা মণ্ডলীতো বহে।৪
স্বীকৃতি
গুপ্তাক ২০০৭ চনৰ লণ্ডন প্ৰাণীতত্ত্ব বিভাগ (লণ্ডন জুল’জিকেল চ’ছাইটি)ৰ বিজ্ঞানীৰ পদক৫ আৰু ২০০৯ চনৰ ৰয়েল চছাইটিৰ ৰ’জালিণ্ড ফ্ৰেংকলিন বঁটা৬ প্ৰদান কৰা হৈছে। ২০১৩ চনৰ জুলাই মাহত মেডাম কুৰিৰ দৰে আগশাৰীৰ মহিলা বিজ্ঞানীৰ সৈতে সন্মানীয় ৰয়েল চ’ছাইটিৰ গ্ৰীষ্মকালীন বিজ্ঞান প্ৰদৰ্শনীত গুপ্তাৰ প্ৰতিকৃতি প্ৰদৰ্শিত হৈছিল।৭
কোভিদ-১৯
গুপ্তা কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ লকডাউন পদ্ধতিৰ সমালোচক আৰু গ্ৰেট বেৰিংটন ঘোষণাপত্ৰৰ প্ৰাথমিক লেখকসকলৰ ভিতৰত এজন আছিল, যি ব্যক্তিগত বিপদাশংকাৰ স্তৰৰ ওপৰত আধাৰ কৰি ক'ভিড-১৯ মহামাৰীৰ প্ৰতি এক গুৰুত্বপূৰ্ণ সঁহাৰি ৰখাৰ পোষকতা কৰিছিল।৮৯
কল্প-সাহিত্য
গুপ্তাই বঙালী ভাষাত তেওঁৰ প্ৰথমখন কল্প-সাহিত্যৰ কিতাপ লিখিছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাসমূহৰ অনুবাদক। ইংৰাজীত তেওঁৰ কেইবাখনো উপন্যাস প্ৰকাশ হৈছে। ২০১২ চনৰ অক্টোবৰ মাহত তেওঁৰ পঞ্চমখন উপন্যাস চ' গুড ইন ব্লেক (২০০৯) দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ‘ডি এছ চি পুৰস্কাৰ’ৰ তালিকাভুক্ত হয়। ১০ তেওঁৰ উপন্যাসে সাহিত্য অকাডেমি বঁটা, ‘চাউথাৰ্ণ আৰ্ট ফেডাৰেচন লিটাৰেচাৰ প্ৰাইজ’ আদি পোৱাৰ উপৰিও ‘ভ’ডাফোন ক্ৰছবৰ্ড বুক এৱাৰ্ড’, ‘অৰেঞ্জ প্ৰাইজ’ আদিৰ বাবে মনোনয়ন লাভ কৰিছে। ১১
ব্যক্তিগত জীৱন
সুনেত্ৰাই ১৯৯৪ চনৰপৰা ২০২০ চনলৈ আইৰিছ ভেকচিনোলজিষ্ট আদ্ৰিয়ান ভি এচ হিলৰ সৈতে বৈবাহিক জীৱন যাপন কৰিছিল। তেওঁলোকৰ দুগৰাকী কন্যা আছে।১২১৩
উপন্যাসসমূহ
- মেম'ৰিজ অৱ ৰেইন (১৯৯২)
- দ্য গ্লাচ্ব্ল'ৱাৰচ্ ব্ৰেথ (১৯৯৩)
- মুনলাইট ইনটু মাৰ্জিপণ্ট (১৯৯৫)
- আ চিন অৱ কালাৰ (১৯৯৯)
- চ' গুড ইন ব্লেক (২০০৯)
তথ্যসূত্ৰ
- ↑ (15 March 2014). Weekend Birthdays. The Guardian. পৃ. 51
- ↑ Gupta, Sunetra. (1992). Heterogeneity and the transmission dynamics of infectious diseases. Imperial College London
- ↑ Professor Sunetra Gupta: Supernumerary Fellow. College Life & People. Merton College, Oxford
- ↑ Princeton University Press, European Advisory Board
- ↑ ZSL Scientific Medal Winners. Zoological Society of London
- ↑ Surviving pandemics: a pathogen's perspective. Royal Society
- ↑ Indian woman scientist's portrait to be exhibited in Britain. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Swinford, Steven. (7 October 2020). Lift coronavirus curbs and go for herd immunity, urges coalition of scientists. The Times
- ↑ Sample, Ian. (6 October 2020). Scientists call for Covid herd immunity strategy for young. The Guardian
- ↑ biography. Sunetra Gupta
- ↑ (20 March 2000). Orange Prize longlist announced. The Guardian
- ↑ Loder, Natasha. (2000-06-22). Oxford scientist wins the battle for her reputation. Telegraph
- ↑ (2020-06-08). Corrections and clarifications. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনেত্ৰা গুপ্তা” প্ৰবন্ধৰ সংশোধন ৫০৬৬৫৭ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।