অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰূপম পুৰকায়স্থ

স্বৰূপম পুৰকায়স্থ (জন্ম ১৫ চেপ্তেম্বৰ ১৯৮৯) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। বলিং অল-ৰাউণ্ডাৰ পুৰকায়স্থ এজন সোঁহতীয়া বেট্‌ছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

স্বৰূপম পুৰকায়স্থ (জন্ম ১৫ চেপ্তেম্বৰ ১৯৮৯) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। বলিং অল-ৰাউণ্ডাৰ পুৰকায়স্থ এজন সোঁহতীয়া বেট্‌ছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ। অসম দলৰ হৈ তেওঁ অনুৰ্দ্ধ-১৪, অনুৰ্দ্ধ-১৬ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলাৰ পাছত ২০০৮ চনত তেওঁৰ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটে। ২০০৮ চনৰপৰা ২০১০ চনলৈকে তেওঁ ছখন প্ৰথম শ্ৰেণী খেল, আঠখন লিষ্ট এ খেল আৰু চাৰিখন টুৱেণ্টি২০ খেলত অংশ লয়। তাৰ পাছৰ চাৰিবছৰ তেওঁক কোনো শীৰ্ষপৰ্যায়ৰ খেলত দেখা নগ'ল।

২০১৪ চনৰ নৱেম্বৰ মাহত বিজয় হাজাৰে ট্ৰফীত তেওঁৰ অসম দললৈ প্ৰত্যাৱৰ্তন ঘটে আৰু ২০১৪-১৫ বৰ্ষৰ ৰঞ্জি ট্ৰফীতো তেওঁ অসম দলৰ হৈ খেলাৰ সুবিধা লাভ কৰে। ৰঞ্জি ট্ৰফীত প্ৰথমখন খেলত তেওঁ উইকেট লাভ নকৰে আৰু দ্বিতীয়খনত চাৰ্ভিচেজ দলৰ বিৰুদ্ধে প্ৰথম ইনিংছত তেওঁ বলিং নকৰে যদিও দ্বিতীয় ইনিংছত ২৯ ৰাণত ৫ উইকেট দখল কৰে।১ হাইদৰাবাদত অনুষ্ঠিত তৃতীয়খন খেলত হায়দৰাবাদৰ বিৰুদ্ধে তেওঁৰ বলিং প্ৰদৰ্শন আছিল প্ৰথম আৰু দ্বিতীয় ইনিংছত ক্ৰমে ৫/৫৯ আৰু ৮/২৯। এয়া আছিল তেওঁৰ প্ৰথম দহ বা ততোধিক উইকেট দখল আৰু অসমে ইনিংছ ব্যৱধানত জয়লাভ কৰে। এই প্ৰদৰ্শনৰ বাবে তেওঁ 'মেন অৱ দ্য মেচ' সন্মান লাভ কৰে।২ 'পৰ্ভৰিম'ত অনুষ্ঠিত চতুৰ্থখন খেলত গোৱাৰ বিৰুদ্ধে তেওঁৰ বলিং প্ৰদৰ্শন প্ৰথম আৰু দ্বিতীয় ইনিংছত ক্ৰমে ৫/৬৯ আৰু ৬/৭৬। অসমে এইখন খেলত ১০ উইকেটত জয়লাভ কৰে আৰু পুৰকায়স্থই দ্বিতীয়বাৰৰ বাবে 'মেন অৱ দ্য মেচ' সন্মান লাভ কৰে।৩ পঞ্চমখন খেলত অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে পুৰকায়স্থই নিজৰ অল-ৰাউণ্ড প্ৰদৰ্শনেৰে (৩/৩৫, ১০৮*, ৩/৬৯) একেলেথাৰিয়ে তৃতীয়বাৰৰ বাবে 'মেন অৱ দ্য মেচ' সন্মান লাভ কৰে আৰু অসমে পুনৰ ১০ উইকেটত জয়লাভ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Ranji Trophy, Group C: Assam v Services at Guwahati, Jan 5-7, 2015. ESPNcricinfo
  2. ↑ Ranji Trophy, Group C: Hyderabad (India) v Assam at Hyderabad (Deccan), Jan 13-16, 2015. ESNcricinfo
  3. ↑ Ranji Trophy, Group C: Goa v Assam at Porvorim, Jan 21-24, 2015. ESPNcricinfo
  4. ↑ Ranji Trophy, Group C: Assam v Andhra at Guwahati, Jan 29-Feb 1, 2015. ESPNcricinfo

সম্পৰ্কিত শ্ৰেণী

অসমৰ ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰূপম পুৰকায়স্থ” প্ৰবন্ধৰ সংশোধন ৫৭০১২১ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।