সুবোধ সৰকাৰ (Subodh Sarkar) জন্ম ১৯৫৮ চনত পশ্চিমবংগৰ কৃষ্ণনগৰত। সৰকাৰ এজন বাঙালী কবি১, লেখক, অনুবাদক আৰু সম্পাদক। দ্বৈপায়ন হ্ৰদেৰ ধাৰে কাব্যগ্ৰন্থৰ বাবে তেখেতে ২০১৩ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
জীৱনী
১৯৫৮ চনত পশ্চিমবঙ্গৰ কৃষ্ণনগৰত জন্মগ্ৰহণ কৰা সুবোধ সৰকাৰ এজন আধুনিক বাঙালী কবি। বৰ্তমান কলিকতাৰ চিটি কলেজত ইংৰাজী ভাষা ভাষা সাহিত্যৰ অধ্যাপক হিচাপে কৰ্মৰত।২ তেওঁ The Hyphenated Identities of Indian American Women Writers Writing in English বিষয়ত গৱেষণা কৰি পি.এইচডি লাভ কৰে।৩ প্ৰথম কবিতা পুথি কবিতা ৭৮-৮০ সত্তৰৰ দশকৰ শেষৰ ফালে প্ৰকাশ হৈছিল।৪ সাহিত্য অকাডেমিৰ Indian Literature পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। সুবোধ সৰকাৰে প্ৰয়াত মল্লিকা সেনগুপ্তৰ সৈতে যুগ্মভাৱে ভাষানগৰ নামৰ আলোচনী এখনো সম্পাদনা আৰম্ভ কৰিছিল।৫ ই বৰ্তমানো প্ৰকাশিত হৈ আছে। ২০১০ চনত সাহিত্য অকাডেমিয়ে আয়োজন কৰা ভাৰতীয় লেখকৰ প্ৰতিনিধি দলৰ সদস্য হিচাপে তেওঁ ৰাছিয়া আৰু তুৰস্ক ভ্ৰমণ কৰিছিল। বৰ্তমান পশ্চিমবঙ্গ চৰকাৰৰ কবিতা অকাডেমিৰ অধ্যক্ষৰ দায়িত্বত আছে।৬
প্ৰকাশিত কাব্যগ্ৰন্থ
স্ব-ৰচিত কাব্যগ্ৰন্থসমূহ হ'ল৭৮
- কবিতা ৭৮-৮০ (প্ৰকাশকঃ ৱেচিচ, কৃষ্ণনগৰ)
- ঋক্ষ মেঘ কথা (প্ৰথম প্ৰকাশঃ ১৯৮৩, প্ৰকাশকঃ অভিমান, হাওড়া)
- সোহাগ শৰ্বৰী (মল্লিকা সেনগুপ্তৰ সৈতে যৌথভাৱে। প্ৰথম প্ৰকাশঃ ১৯৮৫, প্ৰকাশকঃ অভিমান, হাওড়া)
- একা নৰকগামী (প্ৰথম প্ৰকাশঃ ১৯৮৮, প্ৰকাশকঃ প্ৰতিভাস)
- মৰণোত্তৰ জল (প্ৰথম প্ৰকাশঃ ১৯৯০, প্ৰকাশকঃ শতাব্দীৰ মুখ)
- চন্দ্ৰদোষ ওষুধে সাৰে না (প্ৰথম প্ৰকাশঃ ১৯৯১, প্ৰকাশকঃ প্ৰতিভাস)
- মৰুভূমিৰ গোলাপ (প্ৰথম প্ৰকাশঃ ১৯৯১, প্ৰকাশকঃ অমৃতলোক সাহিত্য মন্দিৰ)
- আড়াই হাত মানুষ (প্ৰথম প্ৰকাশঃ ১৯৯৩, প্ৰকাশকঃ বইপাড়া)
- ছিঃ (প্ৰথম প্ৰকাশঃ ১৯৯৩, প্ৰকাশকঃ আনন্দ পাব্লিচাৰ্ছ প্ৰাঃলিঃ)
- ৰাজনীতি কৰবেন না (প্ৰথম প্ৰকাশঃ ১৯৯৭, প্ৰকাশকঃ প্ৰতিভাস)
- ভালো জায়গাটা কোথায়? (প্ৰথম প্ৰকাশঃ ১৯৯৯)
- ধন্যবাদ, মৰীচিকা সেন (প্ৰথম প্ৰকাশঃ ১৯৯৯, প্ৰকাশকঃ কথা ও কাহিনী প্ৰাঃলিঃ)
- সব ৰাস্তা ৰোমে যায় না (প্ৰথম প্ৰকাশঃ ২০০১, প্ৰকাশকঃ পত্ৰলেখা)
- জেৰুজালেম থেকে মেদিনীপুৰ (প্ৰথম প্ৰকাশঃ ২০০১, প্ৰকাশকঃ সৃষ্টি প্ৰকাশন)
- কাল্লু (প্ৰথম প্ৰকাশঃ ২০০২, প্ৰকাশকঃ আনন্দ)
- কৃত্তিকায় সনেট ক্যাঙাৰু (প্ৰথম প্ৰকাশঃ ২০০৩, প্ৰকাশকঃ সপ্তৰ্ষি প্ৰকাশন)
- আমি কাৰো অন্ধকাৰ নই (প্ৰথম প্ৰকাশঃ ২০০৪, প্ৰকাশকঃ প্ৰতিভাস)
- মণিপুৰেৰ মা (প্ৰথম প্ৰকাশঃ ২০০৫, প্ৰকাশকঃ আনন্দ)
- যা উপনিষদ, তাই কোৰান (প্ৰথম প্ৰকাশঃ ২০০৬, প্ৰকাশকঃ আনন্দ)
- প্ৰেম ও পাইপগান (প্ৰথম প্ৰকাশঃ ২০০৮, প্ৰকাশকঃ আজকাল)
- চোদ্দ নম্বৰ ডেডবডি (প্ৰথম প্ৰকাশঃ ২০০৯)
- দ্বৈপায়ন হ্ৰদেৰ ধাৰে (প্ৰথম প্ৰকাশঃ ২০১০)
অসমীয়া ভাষালৈ অনূদিত কাব্যগ্ৰন্থ৯১০
- দ্বৈপায়ন হ্ৰদৰ পাৰত (২০১৮)
- সুবোধ সৰকাৰৰ কবিতা (২০২০)
- মই কৃষ্ণকলি মাহাতো আৰু অন্যান্য কবিতা (২০২৩)
পুৰস্কাৰ আৰু সন্মান
তেওঁ লাভ কৰা পুৰস্কাৰ আৰু সন্মান সমূহ
- ১৯৯৭ চনত শক্তি চট্টোপাধ্যায় বিনোদন বিচিত্ৰা পুৰস্কাৰ লাভ।
- ২০০০ চনত পশ্চিমবঙ্গ বাংলা অকাডেমি পুৰস্কাৰ লাভ।
- ২০১৩ চনত 'দ্বৈপায়ন হ্ৰদেৰ ধাৰে' কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ।
- ২০১৫ চনত পশ্চিমবঙ্গ চৰকাৰৰ বঙ্গভূষণ বঁটা লাভ।
- ২০১৬ চনত গৌড়বঙ্গ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি.লিট উপাধি লাভ।
- ২০১৬ চনত সম্বলপুৰ বিশ্ববিদ্যালয়ৰ পৰা গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় বঁটা লাভ।
তথ্যসূত্ৰ
- ↑ Sarangi, Jaydeep. (August 2017). In Conversation With Subodh Sarkar. Writers in Conversation
- ↑ অনুবাদ. (২০২০). সুবোধ সৰকাৰৰ কবিতা. সব্যসাচী প্ৰকাশ, জেইল ৰ'ড যোৰহাট-১. পৃ. Front flap of the dust jacket. ISBN 978-81-942204-2-8
- ↑ অনুবাদ. (২০২৩). মই কৃষ্ণকলি মাহাতো আৰু অন্যান্য কবিতা. সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১. পৃ. Front flap of the dust jacket. ISBN 978-93-88718-09-7
- ↑ সুবোধ সৰকাৰ. (২০১৪). কবিতাসমগ্ৰ ১. আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটডে. পৃ. ৫১৩-৫১৪. ISBN 978-93-5040-376-1
- ↑ অনুবাদ. (২০২০). সুবোধ সৰকাৰৰ কবিতা. সব্যসাচী প্ৰকাশ, জেইল জেইল ৰ'ড, যোৰহাট-১. পৃ. Front flap of the dust jacket. ISBN 978-81-942204-2-8
- ↑ (21 November, 2018). https://timesofindia.indiatimes.com/subodh-sarkar/articleshow/66736331.cms
- ↑ সুবোধ সৰকাৰ. (২০১৪). কবিতাসমগ্ৰ ১. আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটডে. পৃ. ৫১৩-৫১৮. ISBN 978-93-5040-376-1
- ↑ সুবোধ সৰকাৰ. (২০১৬). কবিতাসমগ্ৰ ২. আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটডে. পৃ. ৫০৭-৫১২. ISBN 978-93-5040-649-6
- ↑ অনুবাদ. (২০২০). সুবোধ সৰকাৰৰ কবিতা. সব্যসাচী প্ৰকাশ, জেইল ৰ'ড, যোৰহাট-১. ISBN 978-81-942204-2-8
- ↑ অনুবাদ. (২০২৩). মই কৃষ্ণকলি মাহাতো আৰু অন্যান্য কবিতা. সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১. ISBN 978-93-88718-09-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুবোধ সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৫৭৫১১ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।