অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুলভা দেশপাণ্ডে

সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে। তেওঁ ভূমিকা (১৯৭৭),অৰবিন্দ দেশাই কী অজীৱ দাস্তান (১৯৭৮),গমন (১৯৭৮) আদি কলাত্মক চলচ্চিত্ৰত চৰিত্ৰাভিনেত্ৰী হিচাপে অভিনয় কৰাৰ উপৰি বহুতো টিভি ধাৰাবাহিক আৰু নাটকতো অভিনয় কৰিছে।১২ ১৯৬০ চনৰ পৰীক্ষামূলক নাট্য আন্দোলনৰ এগৰাকী আগশাৰীৰ ব্যক্তি হিচাপে তেওঁ ৰংগায়ন আৰু বিজয় তেণ্ডুলকাৰ, বিজয়া মেহতা, সত্যদেৱ ডুবে আদিৰ দৰে নাট্য ব্যক্তিত্বৰ সৈতে জড়িত আছিল। ১৯৭১ চনত তেওঁ স্বামী অৰবিন্দ দেশপাণ্ডেৰ সৈতে মুম্বাইতআৱিষ্কাৰ নাট্যগোষ্ঠীৰ প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ শিশুসকলৰ বাবে চন্দ্ৰশালা নামৰ শাখা এটাও আৰম্ভ কৰে। চন্দ্ৰশালাই পেছাদাৰী ৰূপত শিশু নাট্য প্ৰদৰ্শন অব্যাহত ৰাখিছে।[4] পৰৱৰ্তী বছৰবোৰত তেওঁ জি লে জৰা, এক পেকেট উমীদ, অস্মিতা আদি টিভি ধাৰাবাহিক আৰু ইংলিছ-ভিংলিছ আদি ছবিত অভিনয় কৰে।

কৰ্মজীৱন

সুলভাই মুম্বাইৰ দাদৰৰ ছবিলদাস বয়জ হাইস্কুলত শিক্ষয়ত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তাত কাম কৰি থাকোঁতে তেওঁ বিশিষ্ট নাট্যকাৰ বিজয় তেণ্ডুলকাৰক তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেইখনমান নাটক লিখিবলৈ কয়। এনেকৈয়ে তেওঁৰ নাট্কৰ সৈতে সম্পৰ্ক হয় আৰু সময়ৰ লগে লগে তেওঁ ১৯৬০ দশকৰ পৰীক্ষামূলক নাট্য আন্দোলনৰ অন্যতম অগ্ৰণী হিচাপে পৰিগণিত হয়। তেওঁ বিজয়া মেহতা, বিজয় তেণ্ডুলকাৰ, অৰবিন্দ দেশপাণ্ডে আৰু শ্ৰীৰাম লাগুৱে প্ৰতিষ্ঠা কৰা ৰংগায়ন নাট্যগোষ্ঠীত যোগদান কৰে।৩

অতি সোনকালেই তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়। তেওঁৰ নাট মাধল্য ভিন্টী আৰু সছা অনি কাছাভৰ দৰে নাটকৰ বাবে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী হোৱাত প্ৰশংসিত হয়। ৰংগয়নৰ সৈতে বিচ্ছিন্ন হোৱাৰ পিছত তেওঁ স্বামী অৰবিন্দ দেশপাণ্ডে আৰু অৰুণ কাকাদেৰ সৈতে ১৯৭১ চনত অৱিষ্কাৰ নাট্যগোষ্ঠী গঠন কৰে। বিজয় তেণ্ডুলকাৰৰ বিশিষ্ট নাটক শান্ততাত লীলা বেনাৰেৰ চৰিত্ৰত অভিনয় কৰে। ১৯৬৭ চনত ক’ৰ্ট চালু আহে নাটকৰ যোগেদি তেওঁ নিজৰ দক্ষতা সাব্যস্ত কৰে। পিছলৈ তেওঁ ১৯৭১ চনত সত্যদেৱ ডুবে পৰিচালনা কৰা নাটকখনৰ চলচ্চিত্ৰ সংস্কৰণত পুনৰ একে চৰিত্ৰত অভিনয় কৰে, যিটো চৰিত্ৰ ছবিখনত যুগান্তৰকাৰী হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেওঁ ১৯৭০ আৰু ১৯৮০ দশকত ভাৰতীয় চলচ্চিত্ৰক উচ্চতৰ পৰ্যায়লৈকে লৈ যোৱা নৱ-তৰংগৰ হিন্দী, লগতে মাৰাঠী ভাষা চলচ্চিত্ৰ আৰু শ্যাম বেনেগাল আদিৰ দৰে পৰিচালকৰ সৈতে ব্যাপকভাৱে জড়িত হৈ পৰে।৪৫

বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (25 December 2011). Theatre guru Satyadev Dubey passes away. The Hindu
  2. ↑ (16 November 2008). Interview: 'Reaction matters to me'. দ্য হিন্দু
  3. ↑ Vijay Tendulkar. Five Plays For Children. Scholastic India. পৃ. introduction. ISBN 8184771339
  4. ↑ Rustom Bharucha. (1990). Theatre and the World: Performance and the Politics of Culture. Routledge. পৃ. 113. ISBN 0415092167
  5. ↑ (4 December 2010). Tanveer Sanman for veteran actress Sulabha Deshpande. DNA

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মঞ্চ অভিনেত্ৰীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতৰ ব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুলভা দেশপাণ্ডে” প্ৰবন্ধৰ সংশোধন ৩৮৩১৬৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।