সৰলা ঠকৰাল (Sarla Thakral, ৮ আগষ্ট ১৯১৪ – ১৫ মাৰ্চ ২০০৮১) প্ৰথম ভাৰতীয় মহিলা বৈমানিক।২৩৪ ১৯১৪ চনৰ ৮ আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা সৰলায়ে ১৯৩৬ চনত মাত্ৰ ২১ বছৰ বয়সতে বিমানেৰ পাইলট হিচাপে লাইচেন্স অৰ্জন কৰিছিল। তাৰপিছত তেওঁ এখন জিপছি মথ বিমান এককভাবে চলাই ইতিহাস ৰচনা কৰিছিল। সেইসময়ত তেওঁৰ এগৰাকী চাৰি বছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল। প্ৰাথমিক লাইচেন্স লাভ কৰাৰ পিছত তেওঁ লাহোৰ ফ্লাইং ক্লাৱৰ মালিকানাধীন বিমান এখনক প্ৰায় এক হাজাৰ ঘণ্টা উৰুৱা সম্পূৰ্ণ কৰিছিল। তেওঁৰ প্ৰথম স্বামী আছিল পি. ডি. শৰ্মা। মাত্ৰ ১৬ বছৰ বয়সতে সৰলাৰ তেওঁৰ সৈতে বিয়া হৈছিল।
পি. ডি. শৰ্মাৰ পৰিয়ালৰ ভিতৰত ইতিমধ্যে ন গৰাকী পাইলট আছিল। এয়া সৰলা ঠকৰালক পাইলট হবলৈ যথেষ্ট উৎসাহ প্ৰদান কৰিছিল। পি. ডি. শৰ্মা এয়াৰমেইল পাইলট লাইচেন্স লাভ কৰা প্ৰথম ভাৰতীয় নাগৰিক আছিল। কৰাছি আৰু লাহোৰৰ মাজত চলাচল কৰে বিমানৰ তেওঁ নিয়মীয়া পাইলট আছিল। তেওঁৰে সহধৰ্মিনী সৰলা "এ" শ্ৰেণীৰ বিমান লাইচেন্স লাভ কৰা প্ৰথম ভাৰতীয় নাৰী। সৰলাৰ প্ৰায় ১০০০ ঘণ্টাতকৈ বেছি বিমান চলোৱাৰ অভিজ্ঞতা আছিল।৫
দুৰ্ভাগ্যজনক ভাবে ১৯৩৯ চনত এক বিমান দুৰ্ঘটনাত কেপ্তেইন পি. ডি. শৰ্মাৰ মৃত্যু হয়। ইয়াৰ কিছু সময়ৰ পিছত তেওঁৰ কমবয়সী বিধৱা পত্নীয়ে নিজেৰ বাণিজ্যিক পাইলট লাইচেন্সৰ প্ৰশিক্ষণ লবলৈ আবেদন কৰাৰ চেষ্টা কৰিছিল। কিন্তু এইসময় দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু অসামৰিক পাইলটৰ প্ৰশিক্ষণ স্থগিত কৰা হৈছিল। নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিবলৈ তথা জীৱিকা অৰ্জনৰ তাগিদাত ঠকৰালে তেওঁৰ বাণিজ্যিক বৈমানিক হোৱাৰ স্বপ্ন ত্যাগ কৰে আৰু লাহোৰলৈ ঘূৰি আহে। তাৰপিছত তেওঁ লাহোৰৰ মেয়ো স্কুল অৱ আৰ্টত নামভৰ্তি কৰে। ইয়াত তেওঁ বেংগল স্কুল অফ পেইণ্টিঙৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু ফাইন আৰ্টচৰ ডিপ্লোমা অৰ্জন কৰিছিল।

সৰলা ঠকৰাল আৰ্য সমাজৰ এগৰাকী অনুগামী আছিল। স্বামী দয়ানন্দ সৰস্বতীয়ে ১৮৭৫ চনৰ ১০ এপ্ৰিলত বোম্বেত বৰ্তমানৰ মুম্বাই চহৰত আৰ্যসমাজ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰিছিল। ঊনবিংশ শতিকাৰ ভাৰতত ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত আৰ্য সমাজৰ ভূমিকা বিশেষ উল্লেখযোগ্য। স্বামী দয়ানন্দ সৰস্বতীয়ে মূৰ্তি পূজা, বহু বিবাহ, জাতি ভেদ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। বেদৰ প্ৰাধান্য স্বীকাৰ কৰি হিন্দু সমাজৰ সংস্কাৰ সাধন কৰা আৰ্য সমাজৰ মূল লক্ষ্য আছিল। একেশ্বৰবাদ মানি চলা, সমাজত নাৰীৰ মৰ্যাদা উন্নত কৰা আৰু সুৰক্ষা দিয়া, বাল্য বিবাহ বন্ধ কৰা, বিধবা বিবাহ প্ৰচলন কৰা, জাতিভেদৰ গোড়ামি ত্যাগ কৰা, শিক্ষা বিস্তাৰৰ কাৰ্যসূচী লোৱা আদি প্ৰকৃত সংস্কাৰধৰ্মী আন্দোলন জগাই তোলাত আৰ্যসমাজ যথেষ্ট কৃতকাৰ্য হৈছিল।৬ এই সমাজত ঠকৰালৰ পুনৰ্বিবাহৰ সম্ভাৱনা আছিল।
ভাৰতে স্বাধীনতা লাভ তথা দেশ বিভাজনৰ পিছত তেওঁ দুই কন্যাৰ সৈতে দিল্লীলৈ ঘূৰি আহে। ইয়াত তেওঁ আৰ. পি. ঠকৰালৰ সৈতে পৰিচয় হয় আৰু ১৯৪৮ চনত তেওঁলোকৰ বিবাহ হয়। সৰলা যি মাটি নামেও পৰিচিত আছিল, এগৰাকী সফল মহিলা ব্যৱসায়ী আৰু চিত্ৰকৰ হিচাপে পৰিগণিত হয়। তেওঁ সাজ-পাৰ পৰিচ্ছদ আৰু অলংকাৰ ডিজাইনৰ কাম আৰম্ভ কৰে।৫ ২০০৮ চনৰ ১৫ মাৰ্চ তাৰিখে তেওঁ মৃত্যূ বৰণ কৰ।১৭৮
তথ্যসূত্ৰ
- ↑ (May 14, 2015). Sarla Thakral, in a clear sky. hindi.indiatvnews.com
- ↑ (2015-07-25). First National Pilot Licences: Sarla Thakral – India. Institute for Women Of Aviation Worldwide
- ↑ (2011-03-08). Women's Day: Top 100 coolest women of all time: 72/100. CNN-IBN
- ↑ (2006-08-13). Down memory lane: First woman pilot recounts life story. NDTV
- ↑ Ramachandran, Smriti Kak. (2006-02-05). Flying colours & ground reality. The Tribune
- ↑ Kulkarni, Jayant. (2009-11-25). Remember Sarla Thakral's maiden flight of fancy. Daily News and Analysis
- ↑ Chavan, Vivek. (2007-10-17). India's First women in air – India's first lady pilot – Sarla Thakral
- ↑ Austa, Sanjay. (2003). Sarla Thakral - India's First Lady Pilot - Still Flying High
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰলা ঠকৰাল” প্ৰবন্ধৰ সংশোধন ৬২৭৪০৩ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।