অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্কট কেলি

স্কট যোচেফ কেলি (Scott Joseph Kelly; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৬৪) হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫২০ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

স্কট যোচেফ কেলি (Scott Joseph Kelly; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৬৪) হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি। ১৯৬৪ চনৰ ২১ ফেব্ৰুৱাৰীত নিউ জাৰ্ছিৰ অৰেঞ্জত তেওঁৰ একেধৰণৰ যমজ ভাতৃ মাৰ্কৰ সৈতে স্কট কেলিৰ জন্ম হয় পেট্ৰিচিয়া (মেকএভয়) আৰু ৰিচাৰ্ড কেলিৰ ঘৰত। কেলিৰ পৰিয়ালটো পশ্চিম অৰেঞ্জত বাস কৰিছিল, য’ত তেওঁৰ পিতৃ-মাতৃয়ে আৰক্ষী বিষয়া হিচাপে কাম কৰিছিল। অভিজ্ঞ মহাকাশচাৰী স্কট কেলিয়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (International Space Centre, চমুকৈ ISS) ক্ৰমে অভিযান ২৬, ৪৫ আৰু ৪৬ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

মহাকাশ abhizaan

১৯৯৯ চনৰ ডিচেম্বৰ মাহত এচ.টি.এচ.-১০৩ (STS-103) মহাকাশ ভ্ৰমণত স্পেছ চাটল্ ডিস্কভাৰীৰ (Space Shuttle Discovery) বৈমানিক হিচাপে কেলিয়ে প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল। আঠদিনীয়া এই অভিযানৰ লক্ষ্য আছিল হাবল স্পেছ টেলিস্ক’পত (Hubble Space Telescope) তৃতীয়বাৰৰ বাবে কিছু মেৰামতি কৰি তাৰ কাৰ্যদক্ষতা বৃদ্ধি কৰা। ২০০৭ চনৰ আগষ্ট মাহত এচ.টি.এচ.-১১৮ (STS-118)ৰ মিছন কমাণ্ডাৰ হিচাপে কেলিয়ে দ্বিতীয়বাৰৰ বাবে মহাকাশ ভ্ৰমণ কৰিছিল। এয়া আছিল ISSত ১২ দিনীয়া স্পেছ চাটল্ মিছন (Space Shuttle Mission)। কেলিৰ তৃতীয় মহাকাশ ভ্ৰমণ আছিল ISSত অভিযান ২৬ৰ কমাণ্ডাৰ হিচাপে। ২০১০ চনৰ ৯ অক্টোবৰত অভিযান ২৫ৰ সময়ছোৱাত স্কট কেলিয়ে ৰাছিয়ান ছ’য়ুজ মহাকাশযানেৰে ভ্ৰমণ কৰি ISSত উপস্থিত হয় আৰু অভিযান শেষ হোৱালৈকে উৰণ অভিযন্তা হিচাপে কৰ্মৰত আছিল। ১৯৯৩ চনৰ জানুৱাৰী মাহত কেলিক আমেৰিকাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হয়। ১২

২০১২ চনৰ নৱেম্বৰ মাহত ISSত এক বিশেষ বছৰজোৰা মহাকাশ অভিযানৰ বাবে মিখাইল কৰ্ণিয়েক’ৰ (Mikhail Korniyenko) সৈতে স্কট কেলিক নিৰ্বাচন কৰা হয়।৩৪৫ ২০১৫ চনৰ ২৭ মাৰ্চত অভিযান ৪৩ৰ আৰম্ভণিৰে তেওঁলোকৰ ‘মহাকাশত এবছৰ’ (Year in Space) অভিযান আৰম্ভ হয়। তাৰ পাছতেই কেলিয়ে অভিযান ৪৪ আৰু ৪৫ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত অৰ্থাত্ ISSত কেলিৰ বছৰজোৰা অভিযান সমাপ্ত হোৱাৰ লগে লগে কেলিয়ে টিম’থি কোপ্ৰাক ISSৰ দায়িত্বভাৰ প্ৰদান কৰে। ২০১৬ চনৰ ১ মাৰ্চত ছয়ুজ টি.এম.এ.-১৮এম (Soyuz TMA-18M) যানেৰে পৃথিৱীলৈ ওভতে।

‘মহাকাশত এবছৰ’ অভিযানত কেলিয়ে মহাকাশত একেৰাহে ৩৪০ দিন কটাইছিল।৬ কেলিৰ যমজ ভাতৃ মাৰ্ক কেলিয়ো এজন প্ৰাক্তন মহাকাশচাৰী। মাৰ্ক আৰু স্কট দেখিবলৈ হুবহু একে। মাৰ্ক আৰু স্কটেই আছিল মহাকাশ ভ্ৰমণ কৰা একমাত্ৰ ভাতৃদ্বয়।৩৭ ২০১৬ চনৰ ১২ মাৰ্চত কেলিয়ে ২০১৬ চনৰ এপ্ৰিল মাহত অৱসৰ ল’ব বুলি ঘোষণা কৰে।৮ ১৯৯৫ চনত কেলি আৰু তেওঁৰ ভাতৃয়ে মহাকাশচাৰী হ’বলৈ নাছাত আবেদন কৰে। ১৯৯৬ চনৰ এপ্ৰিল মাহত তেওঁ আৰু মাৰ্ক মহাকাশচাৰীৰ প্ৰাৰ্থী হ’বলৈ নিৰ্বাচিত হয়; নাছাৰ ইতিহাসত নিৰ্বাচিত হোৱা প্ৰথম আত্মীয়। ১৯৯৬ চনৰ জুলাই মাহত কেলিয়ে হিউষ্টনলৈ গুচি যায়, আৰু জনছন মহাকাশ কেন্দ্ৰত মহাকাশচাৰী গোট ১৬ত প্ৰশিক্ষণ আৰম্ভ কৰে। প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সতৰ্কতা আৰু সতৰ্কবাণী ব্যৱস্থাৰ কাম কৰিবলৈ নিযুক্তি দিয়া হয়।

সেনাবাহিনী

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কেলিক আমেৰিকাৰ নৌসেনাত এন্সাইন হিচাপে কমিচন দিয়া হয়। তেখেতে এন এ এছ পেনচাকোলাত প্ৰাৰম্ভিক বিমান বিদ্যালয় সম্পূৰ্ণ কৰে, য'ত তেওঁ টি-৩৪ মেণ্টৰ প্ৰপেলাৰ চালিত প্ৰশিক্ষক বিমান উৰুৱাইছিল, তাৰ পিছত তেওঁক জেট বিমান উৰুৱাবলৈ নিৰ্বাচিত কৰা হয়। ১৯৮৮ চনত তেওঁ টেক্সাছৰ বিভিললৈ গুচি যায় জেট প্ৰশিক্ষণ নেভাল এয়াৰ ষ্টেচন চেজ ফিল্ডত, য'ত তেওঁ টি-২ বাকাই আৰু এ-৪ স্কাইহকত প্ৰশিক্ষণ লৈছিল। ১৯৮৯ চনত তেওঁ নৌসেনাৰ বিমান পৰিচালক হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে আৰু তেওঁক এফ-১৪ টমকেট উৰুৱাবলৈ নিযুক্তি দিয়া হয়। তেওঁ ভাৰ্জিনিয়াৰ নৌসেনাৰ এয়াৰ ষ্টেচন অ'চেনাত ভিএফ-১০১ত প্ৰাৰম্ভিক এফ-১৪ প্ৰশিক্ষণৰ বাবে ৰিপৰ্ট দিয়ে। ১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁক ভি এফ-১৪৩ত নিযুক্তি দিয়া হয়, আৰু বিমানবাহক জাহাজ ইউ এছ এছ ড্ৱাইট ডি আইজেনহাৱাৰত উত্তৰ আটলাণ্টিক আৰু পাৰ্চী উপসাগৰত নিয়োজিত কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (October 12, 2010). International Space Station Expedition 25. NASA
  2. ↑ (November 26, 2010). Expedition 25 Returns Home. NASA
  3. ↑ Sanders, Craig. (2003-02-06). Twins in Outer Space. Twinstuff
  4. ↑ (November 26, 2012). NASA, Roscosmos Assign Veteran Crew to Yearlong Space Station Mission) NASA.gov. NASA
  5. ↑ Kramer, Miriam. (March 28, 2015). One-Year Crew Begins Epic Trip on International Space Station. Space.com
  6. ↑ McCarthy, Craig. (October 19, 2015). N.J. man has now spent more time in space than any other American. New Jersey On-Line LLC
  7. ↑ (July 2011). Mark Kelly's Official NASA Bio. NASA
  8. ↑ www.engadget.com/2016/03/12/scott-kelly-retires/

সম্পৰ্কিত শ্ৰেণী

মহাকাশচাৰীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান মহাকাশচাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কট কেলি” প্ৰবন্ধৰ সংশোধন ৩৮৩১৯৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।