সিংৰাজ আধানা (Singhraj Adhana) এজন ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া পিষ্টল শ্বুটাৰ। তেওঁৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৬ জানুৱাৰীত হাৰিয়ানাৰ ফৰিদাবাদত।১ তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত ৰূপৰ পদক২ আৰু পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।৩৪৫
কৃতিত্ব
- ফ্ৰান্সৰ চেটৌৰৌত ২০১৮ বিশ্বকাপত পি৪ দলীয় ইভেণ্টত স্বৰ্ণ পদক আৰু পি৪ ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক।১
- ইণ্ডোনেছিয়াৰ জাকাৰ্টাত পেৰা এছিয়ান গেমছ ২০১৮-ৰ পি৪ শাখাত ব্ৰঞ্জৰ পদক।১
- সংযুক্ত আৰৱ আমিৰাতৰ আল আইন বিশ্বকাপ ২০১৯-ত পিএল দলীয় ইভেণ্টত স্বৰ্ণ পদক আৰু পি4 ব্যক্তিগত ইভেণ্টত ৰূপৰ পদক।১
- ২০১৯ অচিজেক বিশ্বকাপত পি১ আৰু পি৪ দলীয় ইভেণ্টত ২টা স্বৰ্ণ পদক আৰু পি৪ ব্যক্তিগত আৰু পি৬ দলীয় ইভেণ্টত ২টা ব্ৰঞ্জৰ পদক।১
- অষ্ট্ৰেলিয়াৰ চিডনী বিশ্ব চেম্পিয়নশ্বিপ ২০১৯-ত পি৪ দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক।১
- সংযুক্ত আৰৱ আমিৰাতৰ আল আইন বিশ্বকাপ ২০২১-ত পি১ দলীয় ইভেণ্টত স্বৰ্ণ পদক, পি৪ দলীয় ইভেণ্টত ৰূপৰ পদক আৰু পি৪ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক।১
- ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক।১৩৪৫
- ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত ৰূপৰ পদক।২
তথ্যসূত্ৰ
- ↑ Once Forced to Sell Wife's Jewellery to Support Shooting Career, Singhraj Adhana Finally Fulfills His Paralympic Dream. News18
- ↑ (2021-09-04). Tokyo Paralympics: India's Manish Narwal bags gold, Singhraj Adhana wins silver in shooting. Zee News
- ↑ Tokyo Paralympics: Singhraj Adhana Takes Bronze in 10m Air Pistol Final. TheQuint
- ↑ Tokyo Paralympics: Singhraj Adhana shoots bronze in men's 10m air pistol - Times of India. The Times of India
- ↑ (2021-08-31). Paralympics: Singhraj Adhana wins bronze in 10m air pistol shooting. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিংৰাজ আধানা” প্ৰবন্ধৰ সংশোধন ২৯৪১১৯ (৪ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।