সুৰভিন চাওলা (Surveen Chawla, জন্ম ১ আগষ্ট ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল১ সুৰভিনে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কহি ট' হোগা আৰু কাজ্জল নামৰ জনপ্ৰিয় আৰু সফল টেলিভিছন অনুষ্ঠানৰ জৰিয়তে৷ হেইট ষ্টৰি (২০১৪), আগলি (২০১৩), পাৰ্চড (২০১৫), ২৪ (ভাৰতীয় টিভি চিৰিজ,২০১৬) আদিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে সুৰভিন চাওলা ভাৰতীয় দৰ্শক সমাজৰ ওচৰত পৰিচিত৷ ২০১৮ চনত সুৰভিনে হিন্দী ভাষাৰ ৱেব চিৰিজ হক চেত অভিনয় কৰিছিল৷ সুৰভিনে অভিনয় কৰা শেহতীয়া ৱেব চিৰিজ ডিকাপলড-এ দৰ্শক সমাজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ তেখেতৰ বিপৰীতে অভিনয় কৰিছিল মাধৱনে৷
দূৰদৰ্শনত অভিষেক
কহি টো হোগি নামৰ ভাৰতীয় ধাৰাবাহিকখনৰ জৰিয়তে টেলিভিছনৰ জগতত পদাৰ্পণ কৰে৷ ২০০৮ চনত নাচৰ এটি ৰিয়েলিটি শ্ব' এক খিলাড়ি এক হাছিনাত তেওঁক দেখিবলৈ পোৱা যায়৷ ইয়াত সুৰভিনে ভাৰতীয় ক্ৰিকেটাৰ এছ. শ্ৰীশান্তৰ লগত একেলগে কাম কৰে৷ ২ ইয়াৰ আগতে সুৰভিনে ২০০৪ চনত কছৌটি জিন্দেগী কেত অভিনয় কৰিছিল৷ ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে কাজ্জল নামৰ ধাৰাবাহিকখনত কেন্দ্ৰীয় চৰিত্ৰত তেওঁ অভিনয় কৰে৷ কমেডি চাৰ্কাচ কে চুপাৰষ্টাৰচ নামৰ অনুষ্ঠানটো তেওঁ সূত্ৰধাৰ হিচাপে কাম কৰে৷৩৪ ইয়াৰ পিছত তেওঁ কানাড়া ভাষাৰ ছবি পৰমেশ পাণৱালাৰ জৰিয়তে ছবিৰ জগতত অভিষেক কৰে৷ ২০১১ চনত পাঞ্জাবী ভাষাৰ ছবি ধৰতীত অভিনয় কৰে৷ ইয়াৰ পিছত সুৰভিনে তৌৰ মিত্ৰন দি, শাদী লাভ ষ্টৰী, সিং ভাৰ্ছেছ কৌৰ আৰু ডিস্কো সিংৰ দৰে কেইবাখনো পাঞ্জাবী ছবিত চৰিত্ৰ ৰূপায়ন কৰে৷ ২০১৩ চনত মুক্তি লাভ কৰা ছাজিদ খানৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ কথাছবি হিম্মতৱালাত ধোকা ধোকা নামৰ আইটেম গীতটিত সুৰভিনক দেখা যায়৷ এইটো আছিল তেওঁৰ প্ৰথমটো আইটেম গীত৷ ৫ ২০১৩ চনত সুৰভিনক দেখা যায় তামিল ভাষাৰ কথাছবি মনদ্ৰু পেৰ মন্দদ্ৰু কড়াল, পুথিয়া থিৰুপাংগাত অভিনয় কৰে৷ ইয়াৰ পিছত অনুৰাগ কাশ্যপৰ থ্ৰিলাৰ ছবি আগলিত সুৰভিনে অভিনয় কৰে৷
২০১৪-বৰ্তমান

২০১৪ চনৰ অক্টোবৰ মাহত সুৰভিন চাওলাক জেজি বিৰ সৈতে মিটৰন ডে বুট নামৰ পাঞ্জাবী গীত এটিত দেখিবলৈ পোৱা যায়৷৬ ২০১৪ চনতেই বিশাল পাণ্ড্যাৰ প্ৰতিশোধমূলক থ্ৰিলাৰ হেইট ষ্ট'ৰি ২ মূল চৰিত্ৰ এটাত অভিনয় কৰে৷ পোনপ্ৰথমবাৰৰ বাবে এখনি নাৰীকেন্দ্ৰিক ছবিত অভিনয় কৰা এইখন ছবি বাণিজ্যিকভাৱে সফল হোৱাৰ উপৰি সমালোচকৰ দৃষ্টিতো যোগাত্মক হিচাপে ধৰা দিয়ে৷ ৭ তেওঁৰ শেহতীয়া তামিল ভাষাৰ ছবি হৈছে জয় হিন্দ ২৷৮৯ ২০১৫ চনত লীনা যাদৱৰ পৰিচালনাত মুক্তিলাভ কৰা পাৰ্চদ নামৰ বহুসমাদৃত ছবিখনত সুৰভিনে গুৰুত্বপূৰ্ণ চৰিত্ৰ এটাত অভিনয় কৰে৷ ২০১৬ চনত ঝলক দিখলা যাৰ নৱম সংস্কৰণত সুৰভিনে অংশগ্ৰহণ কৰে৷ অৱশ্যে পাছলৈ তেওঁ প্ৰতিযোগিতাৰ পৰা ভোটা আউট হৈ বাহিৰ হয়৷১০
২০১৮-১৯ চনৰ সময়ছোৱাত সুৰভিনে নেটফ্লিক্সৰ জনপ্ৰিয় ছিৰিজ ছেক্ৰেড গেমছত জ'জ' মাছকাৰেনহাছ নামৰ চৰিত্ৰটি ৰূপায়ন কৰে৷ ১১ ২০২১ চনত সুৰভিন চাওলাই নেটফ্লিক্সৰ কমেডি-ড্ৰামা ছিৰিজ ডিকাপলডৰ আৰ. মাধৱনৰ সৈতে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে৷ আঠটা খণ্ডৰ চিৰিজটোত তেওঁ শ্ৰুতি শৰ্মা আয়াৰ নামৰ চৰিত্ৰটি ৰূপায়ন কৰে৷ চিৰিজটোৰ নিৰ্মাতা আছিল মনু জোছেফ৷ ১২
ব্যক্তিগত জীৱন
২০১৫ চনত ইটালীত সুৰভিনে অক্ষয় থাক্কৰৰ লগত বৈবাহিক বান্ধোনত বান্ধ খায়৷ অৱশ্যে বিবাহৰ খবৰ তেওঁ দুবছৰৰ পাছতহে (২৭ ডিচেম্বৰ ২০১৭) টুইটাৰযোগে ৰাজহুৱাকৈ সদৰী কৰে৷ ১৩
বঁটা আৰু মনোনয়ন
| বৰ্ষ | ছবি | বঁটা | শিতান | ফলাফল | টোকা | উৎস |
|---|---|---|---|---|---|---|
| ২০১১ | ধৰতী (২০১১) | পিটিচি পাঞ্জাবী ছবি বঁটা | শ্ৰেষ্ঠ নৱাগতা | ১৪ | ||
| ২০১৫ | ডিস্কো সিং | শ্ৰেষ্ঠ অভিনেত্ৰী | ||||
| ২০১৬ | পাৰ্ছড | গ্ৰেণ্ড জুৰী বঁটাৰ বাবে ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, লছ এঞ্জেলছ | শ্ৰেষ্ঠ অভিনেত্ৰী | ৰাধিকা আপ্টে, টনিষ্ঠা চেটাৰ্জী আৰু লেহাৰ খানৰ লগত | ১৫ | |
| ২০১৭ | ষ্টাৰ স্ক্ৰীণ বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | ১৬ |
তথ্যসূত্ৰ
- ↑ Surveen Chawla's Andaman-Nicobar beach pictures will give you vacation goals - Times of India ►. The Times of India
- ↑ (21 September 2008). Colors launches 'Ek Khiladi Ek Hasina'. Business Standard
- ↑ I always look out for beauty and benefit in a role: Surveen Chawla - Times of India
- ↑ Comfortable in my skin, not showing it off: Surveen Chawla
- ↑ Meet Ajay Devgn's five item girls in Himmatwala - NDTV Movies. NDTVMovies.com
- ↑ Mitran De Boot is a Jazzy B, Dr Zeus and Kaur B hit ft. Surveen Chawla. desiblits.com
- ↑ Jay and Suvreen's scuba diving experience - Times of India
- ↑ Hungama, Bollywood. (17 November 2014). Surveen Chawla to do item number in Welcome Back? - Bollywood Hungama
- ↑ Jimmy Shergill & Surveen Chawla in latest 'Hero Naam Yaad Rakhi' - Times of India. The Times of India
- ↑ Jhalak Dikhhla Jaa 9: Arjun Bijlani & Surveen Chawla both eliminated! Nora Fatehi enters Top 5 finalists!. India.com
- ↑ www.imdb.com/title/tt6077448/?ref_=nm_flmg_act_2
- ↑ www.imdb.com/name/nm4015689/
- ↑ (27 December 2017). Actor Surveen Chawla opens up about her Italian wedding which had Punjabi Bollywood songs too
- ↑ PTC Punjabi Film Awards. Cine Punjab.com
- ↑ 2016 Indian Film Festival Of Los Angeles Announces Award Winners
- ↑ (5 December 2016). Dear Sonam Kapoor, you deserved to win your first award for Neerja at Star Screen
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰভিন চাওলা” প্ৰবন্ধৰ সংশোধন ৫৯৭৯০৮ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।