অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীতাংশু য়শচন্দ্ৰ

সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ। তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৩৭৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সীতাংশু য়শচন্দ্ৰ মেহতা (জন্ম ১৯ আগষ্ট ১৯৪১), যাক সীতাংশু য়শচন্দ্ৰ বুলি জনা যায়, এগৰাকী গুজৰাটী ভাষাৰ কবি, নাট্যকাৰ, অনুবাদক আৰু ভাৰতীয় শিক্ষাবিদ।১

তেওঁ গুজৰাটী সাহিত্য পৰিষদৰ সভাপতি আছিল। ১৯৮৭ চনত সাহিত্য অকাডেমি, ইণ্ডিয়ান একাডেমি অৱ লেটাৰচে তেওঁৰ কবিতা সংকলন জটায়ুৰ বাবে তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত, তেওঁক ২০০৬ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।২ বাখৰ কাব্য সংকলনৰ বাবে তেওঁ সৰস্বতী সন্মান লাভ কৰিছিল।

চমু জীৱনী

১৯৪১ চনৰ ১৯ আগষ্টত, কুচ ৰাজ্যৰ ভুজত (বৰ্তমান ভাৰতৰ গুজৰাটৰ কচ্ছত) তেওঁৰ জন্ম হৈছিল।৩৪৫ তেওঁৰ পৰিয়ালটো গুজৰাটৰ পেটলাদৰ আছিল। তেওঁৰ দেউতাক এজন চৰকাৰী বিষয়া আছিল। তেওঁ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা গুজৰাটী ভাষা আৰু সংস্কৃতত বি এ আৰু পিছত ১৯৬৫ চনত বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা এম এ সম্পূৰ্ণ কৰে। তেওঁ ১৯৬৫ চনৰ পৰা ১৯৬৮ চনলৈ গুজৰাটী পঢ়ুৱাইছিল। ১৯৭০ চনত, তেওঁ ফুলব্ৰাইট স্ক’লাৰশ্বিপৰ অধীনত আমেৰিকালৈ যায় আৰু ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰা নান্দনিকতা আৰু তুলনামূলক সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লয়। পিছত, ১৯৭৫ চনত তেওঁ পি এইচ ডি সম্পূৰ্ণ কৰিছিল। তেওঁ ফৰ্ড ৱেষ্ট ইউৰোপিয়ান ফেলোশ্বিপৰ অধীনত এবছৰৰ বাবে ফ্ৰান্সলৈ গৈছিল, য’ত তেওঁ পঢ়া-শুনাৰ লগতে গুজৰাটীত অনুবাদ কৰিছিল আৰু Eugène Ionesco'ৰ মেকবেথ আৰু শ্বেকছপীয়েৰৰ মেকবেথৰ মাজত তুলনামূলক অধ্যয়ন কৰিছিল। তেওঁ ১৯৭৭ চনত ৰামপ্ৰসাদ বক্সীৰ অধীনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি সম্পূৰ্ণ কৰিছিল।৩৬৭

য়শচন্দ্ৰই ১৯৬৬ চনৰ ৮ মে’ তাৰিখে অঞ্জানিবেনক বিয়া কৰাইছিল। তেওঁলোকৰ জীয়ৰী বিপাশাৰ ১৯৭১ চনত আৰু পুত্ৰ আৰণিয়াৰ ১৯৭৮ চনত জন্ম হৈছিল।৮

কৰ্মজীৱন

এম এচ বিশ্ববিদ্যালয়ৰ গুজৰাটী ভাষাৰ বিভাগীয় ঘৰ
এম এচ বিশ্ববিদ্যালয়ৰ গুজৰাটী ভাষাৰ বিভাগীয় ঘৰছবি: Gazal world · CC BY-SA 4.0

তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈ মিথিবাই মহাবিদ্যালয়ত আৰু পিছত ১৯৮৩ চনৰপৰা বৰোদাৰ মহাৰাজা ছায়াজিৰাও বিশ্ববিদ্যালয়ত গুজৰাটী ভাষা পঢ়ুৱাইছিল। সীতাংশু য়শচন্দ্ৰই তিনি বছৰ ৰাজকোটৰ সৌৰাষ্ট্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৯ তেওঁ চৰবোন বিশ্ববিদ্যালয়, লয়োলা মেৰিমাউণ্ট বিশ্ববিদ্যালয় আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ এজন এমিৰিটাছ অধ্যাপক আৰু ৰাষ্ট্ৰীয় প্ৰবক্তা আছিল। ১৯৭৭ চনত দিল্লীৰ সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা ভাৰতীয় সাহিত্যৰ বিশ্বকোষৰ মুখ্য সম্পাদক হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল।৩৭৬১০

সাহিত্য কৃতি

য়শচন্দ্ৰই প্ৰধানকৈ গুজৰাটী ভাষাত লিখিছিল। তেওঁৰ ৰচনাসমূহ হিন্দী ভাষা আৰু অন্যান্য ভাষালৈ অনূদিত হৈছে। তেওঁ কবিতা, নাটক আৰু সমালোচনাত্মক কিছু ৰচনা ইংৰাজীৰপৰা গুজৰাটীলৈ অনুবাদ কৰিছে।৩ অধিবাস্তৱতাবাদক তেওঁৰ বিশেষ শৈলী হিচাপে গণ্য কৰা হয়।৭১১১২

তেওঁৰ কবিতা সংকলনসমূহ হৈছে; Odysseus nu Halesu (১৯৭৪), জটায়ু (১৯৮৬) আৰু বাখৰ (২০০৮)। মহেন-জো-দাদো হৈছে তেওঁৰ ১৯৭০ চনৰ আগষ্টত ‘সংস্কৃতি’ আলোচনীত প্ৰকাশিত এটি কবিতা সংকলন। পিছত, ১৯৭৮ চনত, এইটো অডিঅ’ কেছেট হিচাপে মুকলি হৈছিল। ৭

তেওঁ কেইবাখনো নাটক লিখিছিল আৰু এইবোৰ অভিযোজিত কৰিছিল। তেওঁ Eugène Ionesco'ৰ দ্য লেচন ইন গুজৰাটী অভিযোজন কৰিছিল। তেওঁ থমাছ হাৰ্ডিৰ গল্প ডে আফটাৰ দ্য ফেয়াৰ গুজৰাটীত বৈশাখী কয়ল নাম দি অভিযোজন কৰিছিল আৰু পিটাৰ শ্বাফাৰৰ ইকুছক গুজৰাটীত টোখৰ নাম দি অভিযোজন কৰিছিল।৭ এইসমূহ প্ৰবীণ যোশী, ছফি ইনামদাৰ আৰু মহেন্দ্ৰ যোশীয়ে প্ৰযোজনা কৰিছিল।৯ তিনিওটা সাহিত্যিক অভিযোজন বাণিজ্যিকভাৱে সফল হৈছিল।৭ তেওঁৰ আ মানস মাদ্ৰাজী লেগে ছে (দিচ মেন লুকচ্‌ মাদ্ৰাজী, ১৯৭৮) সত্যদেৱ ডুবেই পৰিচালনা কৰিছিল।৯ কেম মাকাঞ্জি, কেয়া চল্যা? (হেল্লো মাকাঞ্জি, হোৱেৰ আৰ ইউ গোয়িং?, ১৯৮৫) এখন ৰেডিঅ’ নাটক, যিখন কোৰাছৰ নিমেশ দেশাই পৰিচালনা কৰিছিল।৯ পি এছ চাৰিৰ দ্বাৰা পৰিচালিত গ্ৰহন (ইক্লিপ্স, ১৯৮৯) ওডিপাছৰ দ্বাৰা অনুপ্ৰাণিত।৯৭

স্বীকৃতি

পদ্মশ্ৰী গ্ৰহণৰ সময়ত য়শচন্দ্ৰ।]]

১৯৮৭ চনত তেওঁ তেওঁৰ কবিতা সংকলন জটায়ুৰ বাবে গুজৰাটী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১ ১৯৮৭ চনত লাভ কৰিছিল গুজৰাটী সাহিত্যৰ সৰ্বোচ্চ বঁটা ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক। তেওঁক ২০০৬ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰা হৈছিল।১৩১৪১৫ তেওঁ মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় কবীৰ সন্মান (১৯৯৮), ভাৰতীয় ৰাষ্ট্ৰীয় থিয়েটাৰ – গুজৰাট সমাছাৰ এৱাৰ্ড, নানালাল বঁটা আৰু গুজৰাট ৰাজ্য চৰকাৰৰ কবিতা বঁটা (পয়েট্ৰি এৱাৰ্ড) লাভ কৰিছিল।১১০ তেওঁ ২০০৮ চনত আদ্য়কবি নৰসিংহ মেহতা বঁটাৰ বাবে নিৰ্বাচিত হৈছিল; কিন্তু এই বঁটা তেওঁ অস্বীকাৰ কৰিছিল।৭ ২০১৩ চনত তেওঁ সাহিত্য গৌৰৱ পুৰস্কাৰ জয় কৰে। তেওঁ তেওঁৰ কবিতা সংকলন বাখৰৰ বাবে ২০১৭ চনত সৰস্বতী সন্মান লাভ কৰিছিল।১৬

তথ্যসূত্ৰ

  1. ↑ K. Satchidanandan. (1996). Gestures: An Anthology of South Asian Poetry. Sahitya Akademi. পৃ. 303. ISBN 9788126000197
  2. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  3. ↑ (1 July 2008). Sitanshu Yashaschandra. Poetry International Rotterdam
  4. ↑ George, K. M. (1992). Modern Indian literature, an anthology. Sāhitya Akādemī. পৃ. 579. ISBN 9788172013240
  5. ↑ Labhshankar Thakar. Muse India ejournal
  6. ↑ Trustees and Governing body. Adapt Org
  7. ↑ Brahmabhatt, Prasad. (2010). અર્વાચીન ગુજરાતી સાહિત્યનો ઈતિહાસ - આધુનિક અને અનુઆધુનિક યુગ (History of Modern Gujarati Literature – Modern and Postmodern Era). Parshwa Publication. পৃ. 63–69. ISBN 978-93-5108-247-7
  8. ↑ Upadhyay, Darshana. (31 December 2007). સર્જક સિતાંશુ યશશ્ચન્દ્ર: કાવ્ય અને નાટ્ય-સાહિત્ય સંદર્ભે: એક અભ્યાસ. Department of Gujarati, Sardar Patel University. পৃ. 772–775
  9. ↑ Baradi, Hasmukh. (2004). Oxford Companion to Indian Theatre. Oxford University Press. ISBN 9780195644463
  10. ↑ World Poetry Fest Participants. Sahitya Akademi
  11. ↑ Topiwala, Chandrakant. (2001). Indian Poetry: Modernism and After: a Seminar. Sahitya Akademi. পৃ. 93. ISBN 9788126010929
  12. ↑ Emmanuel Sampath Nelson, Nalini Natarajan. (1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃ. 121–122. ISBN 9780313287787
  13. ↑ Padma Awards Directory (1954–2013). Ministry of Home Affairs
  14. ↑ (29 March 2006). Corea~ Khare given Padma awards. Mid Day
  15. ↑ (29 March 2006). President presents second set of civil investiture Awards for 2006. Press Information Bureau, Government of India
  16. ↑ PTI. (2018-04-27). Gujarati poet Sitanshu Yashaschandras "Vakhar" chosen for Saraswati Samman. India Today

সম্পৰ্কিত শ্ৰেণী

গুজৰাটৰ ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ীগুজৰাটী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীসৰস্বতী সন্মান বিজয়ীভাৰতীয় সাহিত্যিককবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতাংশু য়শচন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৫৭৫১৫ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।