সুৰজিৎ পাটৰ (জন্ম: সুৰজিৎ হুঞ্জন) এজন পাঞ্জাৱী ভাষা লেখক আৰু ভাৰতৰ পাঞ্জাৱৰ কবি।১ তেওঁৰ কবিতাসমূহে সাধাৰণ ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছে।২
সংক্ষিপ্ত জীৱনী
পাটৰ জলন্ধৰ জিলাৰ পাট্টাৰ (পাঞ্জাৱী: ਪੱਤੜ) কলন গাঁৱৰ বাসিন্দা আছিল সেইসূত্ৰেই তেওঁ পাটৰ উপাধি গ্ৰহণ কৰিছিল।৩ তেওঁ কাপুৰতলাৰ ৰণধীৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু তাৰ পিছত পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰপৰা তেওঁ গুৰু নানক বাণীত লোককাহিনীৰ ৰূপান্তৰ শীৰ্ষক সাহিত্যত পিএইচডি ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ শৈক্ষিক বৃত্তিত যোগদান কৰে আৰু লুধিয়ানাৰ পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ পৰা পাঞ্জাৱী ভাষাৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।৩ ষাঠিৰ দশকৰ মধ্যভাগৰপৰা তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে।
তেওঁ ফেড্ৰিক গাৰ্চিয়া লৰকাৰ তিনিখন ট্ৰেজেডি আৰু গিৰিশ কাৰ্নাডৰ নাগমণ্ডল পাঞ্জাৱী ভাষালৈ অনুবাদ কৰিছিল,৪ তেওঁ বেখ্ৰট আৰু নেৰুদাৰ কবিতাও অনুবাদ কৰিছিল। তেওঁ জিন গিৰাডুক্স, ইউৰিপিডছ আৰু ৰেচিনৰ নাটক অভিযোজিত কৰিছে। পাটৰে শ্বেখ ফৰিদৰ পৰা শিৱ কুমাৰ বাটালভিলৈকে পাঞ্জাৱী কবিসকলৰ ওপৰত টেলি-স্ক্ৰিপ্টও লিখিছে।
তেওঁ চণ্ডিগড়ৰ পঞ্জাৱ কলা পৰিষদৰ সভাপতি আছিল।৫ অতীতত তেওঁ লুধিয়ানাৰ পাঞ্জাৱী সাহিত্য অকাডেমিৰ সভাপতিৰ পদত অধিষ্ঠিত আছিল। তেওঁক ২০১২ চনত পদ্মশ্ৰী প্ৰদান কৰা হৈছিল।৬
সন্মান
- ১৯৭৯: পাঞ্জাৱ সাহিত্য অকাডেমি বঁটা
- ১৯৯৩: সাহিত্য অকাডেমি বঁটা (গ্ৰন্থ: Hanere Vich Sulghdi Varnmala)
- ১৯৯৯: ভাৰতীয় ভাষা পৰিষদ, কলিকতাৰ পঞ্চনাদ পুৰস্কাৰ।
- ২০০৭-২০০৮: আনদ কৱ সন্মান (Anad Kav Sanman)
- ২০০৯: কে কে বিৰলা ফাউণ্ডেচনৰ সৰস্বতী সন্মান।৭
- ২০০৯: উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ৰপৰা কবিতাৰ বাবে গংগাধৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ
- ২০১২: সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী।৮
- ২০১৪: কুসুমাগ্ৰাজ লিটাৰেৰী এৱাৰ্ড।৯
তথ্যসূত্ৰ
- ↑ Ramgarhia kom News, January-2020
- ↑ Singh, Surjit. (Spring–Fall 2006). Surjit Patar: Poet of the Personal and the Political. Journal of Punjab Studies. পৃ. 265
- ↑ Singh, Paramjeet. (2018-04-07). Legacies of the Homeland: 100 Must Read Books by Punjabi Authors. Notion Press. ISBN 978-1-64249-424-2
- ↑ Vatsyayan, Anupam. (2016-12-14). Re-visiting and Re-staging. Cambridge Scholars Publishing. ISBN 978-1-4438-5731-4
- ↑ (2017-08-23). Eminent poet Surjit Patar is new Punjab Arts Council chief. The Indian Express
- ↑ (2012-01-26). Punjabi poet Surjit Patar gets Padma Shri. The Indian Express
- ↑ Jatinder Preet. (30 April 2010). Saraswati Samman for Patar. Punjab Panorama
- ↑ (27 January 2013). Padma Awards. pib
- ↑ (7 March 2014). Punjabi litterateur Surjit Patar conferred Kusumagraj Award. Business Standard India. Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰজিৎ পাটৰ” প্ৰবন্ধৰ সংশোধন ৩৯৭৯৬০ (১৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।