স্বপ্নীল কুছালে (Swapnil Kusale; জন্ম: ৬ আগষ্ট ১৯৯৫) এগৰাকী ভাৰতীয় শ্বুটিং খেলুৱৈ। শ্বুটাৰ হিচাপে তেওঁ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।১
প্ৰাৰম্ভিক জীৱন
১৯৯৫ চনৰ ৬ আগষ্ট তাৰিখে কল্হাপুৰ জিলাৰ কামবালৱাড়ী গাঁৱত স্বপ্নীল কুছালেৰ জন্ম হৈছিল। ২০০৯ চনত তেওঁৰ পিতৃয়ে তেওঁক মহাৰাষ্ট্ৰ চৰকাৰৰ ক্ৰীড়া প্ৰবোধীনী ক্ৰীড়া কাৰ্যসূচীত নামভৰ্তি কৰাই দিয়ে। এবছৰীয়া তীব্ৰ শাৰীৰিক প্ৰশিক্ষণৰ পিছত কুছালে এটা খেল বাছি ল'বলগীয়া হয় আৰু শেষত শ্বুটিং বাছি লয়।২ ২০১৫ চনত তেওঁ পুনেত ভাৰতীয় ৰেলৱেৰ টিকট সংগ্ৰাহকৰ চাকৰিত নিযুক্তি লাভ কৰে। তাৰপিছত তেওঁ নিজৰ প্ৰথম ৰাইফল কিনে।৩
খেলুৱৈ জীৱন
২০১৫ চনত তেওঁ ২০১৫ চনত কুৱেইটত অনুষ্ঠিত হোৱা এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত ৫০ মিটাৰ ৰাইফল প্ৰ'ন ৩ত সোণৰ পদক লাভ কৰে।৪ একে বছৰতে তেওঁ তুঘলাকাবাদত অনুষ্ঠিত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপতো গগন নাৰং আৰু চেইন সিঙৰ আগত ৫০ মিটাৰ ৰাইফল প্ৰ'ন ইভেণ্টত জয়লাভ কৰে।৫ তেওঁ ২০১৭ চনত তিৰুৱনন্তপুৰমত অনুষ্ঠিত হোৱা ৬১ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৫০ মিটাৰ ৰাইফল ৩ পজিচনত সোণৰ পদক লাভ কৰি একে প্ৰদৰ্শন পুনৰাবৃত্তি কৰে।৬
২০২২ চনৰ অক্টোবৰ মাহত তেওঁ ২০২২ চনৰ কাইৰোত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত চতুৰ্থ স্থান দখল কৰি পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ভাৰতৰ বাবে অলিম্পিক কোটা বাৰ্থ লাভ কৰে।৭ ২০২৪ চনৰ মে' মাহত দিল্লী আৰু ভূপালত অনুষ্ঠিত হোৱা ট্ৰায়েলৰ পিছত ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ভাৰতীয় অলিম্পিক দলত নিৰ্বাচিত হয়।৮ চূড়ান্ত ট্ৰাইলত ৫ম স্থান দখল কৰাৰ পিছতো কুছালে প্ৰথম তিনিটা ট্ৰাইলত লাভ কৰা স্ক'ৰৰ ভিত্তিত দ্বিতীয় শ্বুটাৰ হিচাপে দলত নিৰ্বাচিত হয়।৮৯
২০২৪ চনৰ অলিম্পিকত কুছালে পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।১০ অলিম্পিকৰ ফাইনেলত ৪৫১.৪ স্ক'ৰেৰে তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।১
তথ্যসূত্ৰ
- ↑ (1 August 2024). Swapnil Kusale earns third bronze medal for India in shooting. The Hindu
- ↑ (11 January 2016). From rural obscurity to National champion: Meet Swapnil Kusale, India's 20-year old shooting prodigy. sportskeeda.com
- ↑ (1 August 2024). Ticket collector from Pune, Swapnil Kusale wins India’s third shooting bronze at Paris Olympics. The Indian Express
- ↑ Srinivasan, Kamesh. (10 November 2015). Kusale wins junior Asian shooting championship. The Hindu
- ↑ Srinivasan, Kamesh. Swapnil Kusale shoots to gold in 50-metre rifle event. Sportstar
- ↑ (25 December 2017). Swapnil regains lost crown at National Shooting Championship. The Times of India
- ↑ Sportstar, Team. (2022-10-24). Paris 2024: Full list of Olympics quota winners from India in shooting. Sportstar
- ↑ Staff, Scroll. (2024-05-17). Shooting, Olympic Trials: Anjum Moudgil, Sift Samra, Aishwary Tomar, Swapnil Kusale book Paris berth. Scroll.in
- ↑ Srinivasan, Kamesh. (2024-05-17). Olympic Selection Trials: Aishwary Pratap tops men's rifle three-position, Manu Bhaker beats Esha Singh in air pistol event. Sportstar
- ↑ (31 July 2024). Swapnil Kusale makes 3-position final, hopes to undo debacle of last year's Asian Games. ESPN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বপ্নীল কুছালে” প্ৰবন্ধৰ সংশোধন ৪৬৪৫৯৬ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।