অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুমিত্ৰা দেৱী

সুমিত্ৰা দেৱী ( Sumitra Devi; ২২ জুলাই ১৯২৩ – ২৮ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত হিন্দীৰ লগতে বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সুমিত্ৰা দেৱী ( Sumitra Devi; ২২ জুলাই ১৯২৩ – ২৮ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত হিন্দীৰ লগতে বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত। ১ ২] তেওঁৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বহুলভাবে গণ্য কৰা অভিনেত্ৰীগৰাকী ১৯৫২ চনত দাদা গুঞ্জালৰ পৰিচালনাত নিৰ্মিত হিন্দী ছবি মমতাত কৰা অভিনয়ৰ বাবে অধিক স্মৰণ কৰা হয়। ৩ তেওঁ দুবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বি এফ জে এ বঁটা লাভ কৰিছিল। ৪ তেওঁ নিজৰ সময়ৰ অন্যতম সুন্দৰী আছিল আৰু যাক প্ৰদীপ কুমাৰ, উত্তম কুমাৰৰ দৰে দিগগজ অভিনেতাই ধুনীয়া মহিলা হিচাপে স্বীকৃতি দিছিল। ৫ ৬

১৯৪৩ চনত তেওঁক নিউ থিয়েটাৰৰ কাৰ্যালয়ত সাক্ষাৎকাৰ আৰু লুক টেষ্টৰ বাবে মাতি অনা হৈছিল আৰু অৱশেষত হেমচন্দৰ চন্দৰৰ মেৰী বেহেনত (১৯৪৪) কে. এল. চাইগলৰ সৈতে কাষ্ট কৰা হৈছিল। এই ছবিখন নিৰ্মাণৰ সময়ত তেওঁক অপূৰ্ব মিত্ৰৰ বাংলা ছবি সন্ধিত (১৯৪৪) মুখ্য চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু এইখনে আছিল তেওঁৰ প্ৰথম ছবি। ছবিখনে বিপুল সফলতা লাভ কৰে আৰু ১৯৪৫ চনত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বি এফ জে এ বঁটা লাভ কৰে। ১৯৪০ দশকৰ শেষৰ ফালে তেওঁ বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হয় আৰু বছিয়তনামা (১৯৪৫), ভাই দুজ (১৯৪৭), উঁছ নীচ (১৯৪৮) আৰু বিজয় যাত্ৰা (১৯৪৮) আদি ছবিত অভিনয় কৰে। গুঞ্জলৰ মমতা (১৯৫২) ছবিখনত অকলশৰীয়া মাতৃ হিচাপে অভিনয় কৰাৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল। ৭ ফিল্মজেকে লিখিছে, "তেওঁ নিজৰ ভূমিকাক সজীৱ কৰি তুলিবলৈ তেওঁৰ সকলো বিশেষতাৰ ব্যৱহাৰ কৰিছে; তেওঁৰ শান্তি, তেওঁৰ কোমলতা, বেদনা আৰু যন্ত্ৰণা সকলোবোৰ সমাহিত হৈ পৰিছে।" দীৱানা (১৯৫২), ঘুংগৰু (১৯৫২), ময়ূৰপংখ (১৯৫৪), চোৰ বজাৰ (১৯৫৪) ৰাজযোগী ভাৰতৰী (১৯৫৪), জাগতে ৰহো (১৯৫৬) আদি ছবিত তেওঁৰ ভূমিকাৰ বাবে আৰু অধিক প্ৰশংসিত হৈছিল (১৯৫৪)।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ lyricstashan.com. Best Sumitra Devi song lyrics collection - LyricsTashan. lyricstashan.com
  2. ↑ Bangla, Jago. (2022-06-18). হাৰানো দিনেৰ স্মৰণীয় নায়িকা, বিবি পটেশ্বৰীতেই বাজিমাত সুমিত্ৰা দেবীৰ. JagoBangla
  3. ↑ GoldenFrames: Sumitra Devi, the queen bee of Bengali cinema. photogallery.indiatimes.com
  4. ↑ (2019-06-18). Sumitra Devi – The sedative and gorgeous Indian actress of 1940s to 1960s. My Words & Thoughts
  5. ↑ Best Bengali Actresses Of All Times, Who Have Created Ripples!. What's Up Kolkata
  6. ↑ Directorate of Film Festival. iffi.nic.in
  7. ↑ Ten Most Beautiful Actresses of Bengali Cinema. filmsack.jimdo.com

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমিত্ৰা দেৱী” প্ৰবন্ধৰ সংশোধন ৬৩৭৮২৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।