সোহিনী সেনগুপ্ত ( Sohini Sengupta ) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী। সোহিনী অভিনেতা ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু স্বাতীলেখা সেনগুপ্তৰ কন্যা, যি থিয়েটাৰত সক্ৰিয় আছিল। সোহিনী বাংলা নাট্যগোষ্ঠী নান্দীকাৰৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আছিল। গোষ্ঠীৰ সদস্য হিচাপে তেওঁ দেৱশংকৰ হালদাৰ, সুমন্ত গংগোপাধ্যায় আৰু পাৰ্থপ্ৰতীম দেৱৰ দৰে বিশিষ্ট নাট্য ব্যক্তিত্বসকলৰ সৈতে কাম কৰিছিল।১ নাট্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০০৭ চনত সংগীত নাটক একাডেমীৰ ওস্তাদ বিচমিল্লা খান যুৱপুৰস্কাৰেৰে সন্মানিত হয়। অপৰ্ণা সেনৰ ছবি পাৰমিতাৰ এক দিনতো (২০০০)২ তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ ২০০০ চনৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
ব্যক্তিগত জীৱন
ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু স্বাতীলেখা সেনগুপ্তৰ ঘৰত কলকাতাত সোহিনী সেনগুপ্তৰ জন্ম হৈছিল। অভিনেতা গৌতম হালদাৰৰ সৈতে তেওঁৰ বিবাহ হয় আৰু ২০০৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ২০১৩ চনত তেওঁৰ সহ-অভিনেতা সপ্তৰ্শী মৌলিকৰ সৈতে এক ব্যক্তিগত অনুষ্ঠানত পুনঃ বিবাহপাশত আৱদ্ধ হয়।৩
বঁটা আৰু সন্মান
- ১৯৯৯ – শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: (পাৰমিতাৰ এক দিন)৪
- ২০০৭ - সংগীত নাটক একাডেমী ওস্তাদ বিচমিল্লা খান যুৱ পুৰস্কাৰ : নাট্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে৫
তথ্যসূত্ৰ
- ↑ Basu, Shrabanti. Sohini Sengupta on theatre, Nandikar and more-Interview. CalcuttaTube
- ↑ (27 February 2009). My mom and me. India Today
- ↑ Sohini wanted to live in, but Saptarshi wanted a marriage. - Times of India. The Times of India
- ↑ (September 2000). 47th National Film Festival 2000. Directorate of Film Festivals. পৃ. 31
- ↑ Ustad Bismillah Khan Yuva Puraskar 2007. সংগীত নাটক একাডেমী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোহিনী সেনগুপ্ত” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৭২ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।