সুষমা শেঠ (ইংৰাজী: Sushma Seth; জন্ম: ২০ জুন ১৯৩৬)১ এগৰাকী ভাৰতীয় মঞ্চ, চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। ১৯৫০ চনত তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল, আৰু দিল্লীস্থিত নাট্যগোষ্ঠী যাত্ৰীকৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৭৮ চনত তেওঁৰ প্ৰথম ছবি জুনুন মুক্তি পাইছিল। চলচ্চিত্ৰ আৰু দূৰদৰ্শনত মাতৃ আৰু আইতাকৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।২ বি আৰ চোপ্ৰাৰ নাটক টাৱাইফ (১৯৮৫)ত আমিনা বাইৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে। তেওঁ দেৱৰাজ অংকুৰ, ৰাম গোপাল বাজাজ, মনীষ যোশী বিছমিল আৰু চন্দৰ শেখৰ শৰ্মাৰ দৰে বিখ্যাত পৰিচালকৰ সৈতে কাম কৰিছে।৩ ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি ১৯৯২ চনত মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ হীৰ ৰাঞ্জাত তেওঁ অভিনয় কৰিছিল৷৪৫
জীৱনী
দিল্লীত ডাঙৰ-দীঘল হোৱা সুষমাই নতুন দিল্লীৰ কনভেণ্ট অৱ জিছুছ এণ্ড মেৰীত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ নতুন দিল্লীৰ লেডী ইৰউইন কলেজত গৃহ বিজ্ঞানত শিক্ষক প্ৰশিক্ষণ ডিপ্লমা, নিউয়ৰ্কৰ ব্ৰায়াৰক্লিফ কলেজৰ বিজ্ঞান বিভাগত এছ’চিয়েট ডিপ্লমা আৰু পিছলৈ আমেৰিকাৰ পিটচবাৰ্গৰ কাৰ্নেগী মেলনৰ পৰা সূক্ষ্ম কলাত স্নাতক ডিগ্ৰী লাভ কৰে।৬
সুষমা শেঠ আৰু তেওঁৰ স্বামী ব্যৱসায়ী ধ্ৰুৱ শেঠৰ তিনিগৰাকী সন্তান আছে।৭ ইয়াৰ ভিতৰত দিব্যা শেঠ এগৰাকী অভিনেত্ৰী, তেওঁ মাকৰ সৈতে হাম লগ আৰু দেখ ভাই দেখত অভিনয় কৰিছিল।৮৯
তথ্যসূত্ৰ
- ↑ Sushma Seth Birthday: 42 की उम्र में सुषमा ने सिनेमा में किया था डेब्यू, कई दिग्गज कलाकारों की बनीं दादी-नानी
- ↑ Sinha, Meenakshi. (12 August 2010). I am still called Hum Log's dadi: Sushma Seth. The Times of India
- ↑ (5 February 2007). Films yes, but she roots for theatre. The Hindu
- ↑ Mudgal, Shubha. (6 April 2013). More power to Heer. mint
- ↑ Sarkar, Suparno. (28 February 2018). Sridevi funeral: Shocking similarities emerge between Hawa Hawai actress and murdered Priya Rajvansh. ibtimes.co.in
- ↑ Educational Qualifications
- ↑ Gupta, Monika & Cardozo, William M (May 2008). "The Star Mum". City Cheers
- ↑ Mishra, Garima. (7 July 2009). An episode in history. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (2 April 2021). 'Was taught to treat myself with utmost respect': Divya Seth Shah pens note on body positivity. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুষমা শেঠ” প্ৰবন্ধৰ সংশোধন ৫৫৬৯৭৭ (২৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।