সুন্দৰ সিং গুৰ্জাৰ (Sundar Singh Gurjar) এজন ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ', শ্বট পুট আৰু ডিচকাছ থ্ৰ' এথলীট যি এফ৪৬ শাখাত প্ৰতিদ্বন্দ্বিতা কৰে।১ ৰাজস্থান ৰাজ্যত কাৰাউলিৰ নিবাসী তেওঁ পুৰুষৰ জেভলীন এফ৪৬ প্ৰতিযোগিতাত টকিঅ' ২০২০ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।২৩ পঞ্চকুলাত অনুষ্ঠিত ষোড়শ পেৰা এথলেটিকছ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তিনিটা ইভেণ্টত তিনিটা সোণৰ পদক অৰ্জন কৰি তেওঁ বিশ্ব অভিলেখ গঢ়িছিল। তেওঁ পেৰা-এথলেটিকছৰ বাবে ভাৰত চৰকাৰৰ পৰা অৰ্জুন বঁটাও লাভ কৰিছে।
কেৰিয়াৰ
সুন্দৰ সিং গুৰ্জাৰে ২০১৬ চনত ডুবাইত অনুষ্ঠিত ৮ম ফাজজা আইপিচি এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত ৫৯.৩৬ মিটাৰ প্ৰদৰ্শনেৰে ২০১৬ ৰিঅ' পেৰালিম্পিকৰ বাবে 'এ' যোগ্যতা লাভ কৰিছিল।৪ পঞ্চকুলাত অনুষ্ঠিত ষোড়শ পেৰা এথলেটিকছ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ সময়ত তেওঁ ৬৮.৪২ মিটাৰেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।৫ ৯ম ফাজজা আইপিচি এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত তেওঁ তিনিটা ইভেণ্টত তিনিটা সোণৰ পদক লাভ কৰিছিল। সেই তিনিটা ইভেণ্ট আছিল জেভলীন থ্ৰ', শ্বট পুট আৰু ডিচকাছ থ্ৰ'। তেওঁ ২০১৮ এছিয়ান পেৰা গেমছত জেভলীন থ্ৰ'ত ৰূপৰ পদক আৰু ডিচকাছ থ্ৰ'ত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ জেভলীন থ্ৰ' এফ৪৬ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।৬ সেই একেটা ইভেণ্টতে আন এগৰাকী ভাৰতীয় এথলীট দেৱেন্দ্ৰ ঝাঝাৰীয়াই ৰূপৰ পদক লাভ কৰে।২
তথ্যসূত্ৰ
- ↑ SUNDAR SINGH Gurjar. Rio 2016
- ↑ Tokyo Paralympics: Devendra Jhajharia Wins Silver, Bronze For Sundar Singh Gurjar In Men's Javelin (F46)
- ↑ (2021-08-30). Tokyo Paralympics: Devendra Jhajharia wins silver, Sundar Singh Gurjar wins bronze in men's javelin throw event. Hindustan Times
- ↑ PressReader.com - Connecting People Through News. www.pressreader.com
- ↑ सुंदर सिंह ने भाला फेंकने में छोडा सबको पीछे, बनाया वर्ल्ड रिकार्ड
- ↑ Tokyo Paralympics Live Updates: Sundar Singh Gurjar secure bronze medal at Paralympics 2020. SportsTiger
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰ সিং গুৰ্জাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬১৬৩ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।