জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰিচা আহুজা
ৰিচা আহুজা এগৰাকী পূৰ্ব ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯২ চনৰ পৰা ২০০১ চনলৈকে হিন্দী, তামিল, ইংৰাজী আৰু ফৰাচী ভাষাৰ চলচ্চিত্ৰ আৰু নাটকৰ ক্ষেত্ৰত অভিনয় কৰিছিল। কিন্তু তাৰ পিছত তেওঁক চলচ্চিত্ৰ জগতত দেখিবলৈ পোৱা নগ'ল।
-
ৰিচা গংগোপাধ্যায়
ৰিচা লাংগেলা (পূৰ্বৰ নাম অন্তৰা গংগোপাধ্যায়; জন্ম: ২০ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ বৰ্তমান অৰিগনৰ পৰ্টলেণ্ডত বাস কৰে।
-
ৰিচাৰ্ড হাডছন (ভাষাবিদ)
ৰিচাৰ্ড এন্থনী হাডছন এফ বি এ ( Richard Anthony Hudson FBA; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৩৯) এগৰাকী ব্ৰিটিছ ভাষাবিদ। বাক্য গঠনৰ এক ব্যাপক তত্ত্ব শব্দ ব্যাকৰণৰ বাবে তেওঁ বেছিকৈ জনাজাত।
-
ৰিজা ছাণ্টোষ
ৰিজা ৰাকুৱেল ছাণ্টোষ (ইংৰাজী: Riza Raquel Santos; জন্ম: ৩১ আগষ্ট ১৯৮৬) এগৰাকী কানাডিয়ান প্ৰাক্তন অভিনেত্ৰী, টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। বৰ্তমান তেওঁ কেলগেৰীত মুখ্য কাৰ্যালয় থকা এটা প্ৰযুক্তি প্ৰতিষ্ঠান 'আৰ্গাইল ফক্স ইনক'ৰ উপ-সভাপতি।
-
ৰিতা পাভোন
ৰিতা ওৰি ফিলোমেনা মাৰ্ক-পাভোন (ইংৰাজী: Rita Ori Filomena Merk-Pavone; জন্ম: ২৩ আগষ্ট ১৯৪৫) এগৰাকী ইটালী-ছুইজাৰলেণ্ডৰ পপ গায়িকা, অভিনেত্ৰী আৰু শ্ব’গাৰ্ল, যিয়ে ১৯৬০ চনৰ দশকত জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
ৰিতু কাৰিধল
ৰিতু কাৰিধল (Ritu Karidhal) এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত। মংগল গ্ৰহৰ কক্ষপথত স্থাপন কৰা মংগলযান অভিযানৰ বাবে গঠন কৰা দলৰ তেওঁ উপ-পৰিচালক আছিল। তেওঁক ভাৰতৰ ৰকেট নাৰী বুলি অভিহিত কৰা হয়।
-
ৰিতু কুমাৰ
ৰিতু কুমাৰ (জন্ম: ১১ নৱেম্বৰ ১৯৪৪) এগৰাকী ভাৰতীয় ফেশ্বন ডিজাইনাৰ। ১৯৬০ চনৰ পৰা দিল্লীত পঢ়ি থকা কালৰে পৰা তেওঁ এই দিশত আছে।
-
ৰিতু বাৰ্মা
ৰিতু বাৰ্মা (ইংৰাজী: Ritu Varma; জন্ম: ১০ মাৰ্চ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে। চুটি ছবি আৰু সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পাছত, বাৰ্মাই তেলুগু ছবি পেল্লি ছুপুলুত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ৰিধিমা ঘোষ
ৰিধিমা ঘোষ এগৰাকী ভাৰতীয় বাংলা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ ২০০৭ চনত সংঘমিত্ৰা চৌধুৰীৰ ছবি ৰাতপৰিৰ ৰূপকথাৰ জৰিয়তে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত ২০০৯ চনত বাংলা ধাৰাবাহিক বৌ কথা কওৰ জৰিয়তে তেওঁ দূৰদৰ্শনত ভূমুকি মাৰে।
-
ৰিপুঞ্জয় বৰদলৈ
ৰিপুঞ্জয় বৰদলৈ (১৯৮৪) একাধাৰে বিজ্ঞানৰ নিবন্ধ লেখক, বিজ্ঞান ৰূপকৰ ৰচক, পৰিৱেশ বিজ্ঞানৰ শিশু নাটিকা লেখক, গ্ৰন্থ সমালোচক, বিজ্ঞান জনপ্ৰিয়কৰণৰ কৰ্মী, পৰিৱেশ সচেতক আৰু শিক্ষক। তেখেতে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতা কৰি আছে।
-
ৰিভকা কাৰ্মি
ৰিভকা কাৰ্মি (: Rivka Carmi; হিব্ৰু: רבקה כרמי; জন্ম ১৯৪৮ ) এগৰাকী ইজৰাইলী শিশু চিকিৎসক আৰু জিনীয় বিশেষজ্ঞ। ২০০৬ চনৰ মে’ মাহৰ পৰা ২০১৮ চনৰ ডিচেম্বৰ মাহলৈকে বেন-গুৰিয়ান ইউনিভাৰ্চিটি অৱ দ্য নেগেভ (বিজিইউ)ৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰিমি নাৎছুকাৱা
ৰিমি নাটছুকাৱা (জাপানী: 夏川 りみ, ইংৰাজী: Rimi Natsukawa; জন্ম: ৯ অক্টোবৰ ১৯৭৩) এগৰাকী জাপানী লোক-গায়িকা। ২০০১ চনত মুক্তি পোৱা তেওঁৰ একক গীত "নাডা ছ'ছ'"ৰ বাবে তেওঁ পৰিচিত।
-
ৰিমি বি চেটাৰ্জী
ৰিমি বি চেটাৰ্জী এগৰাকী ভাৰতীয় বিজ্ঞান কল্পকাহিনী লেখিকা, চিত্ৰনাট্যকাৰ, অনুবাদক, কমিক্স স্ৰষ্টা আৰু ইংৰাজী সাহিত্যৰ প্ৰাক্তন অধ্যাপিকা। তেওঁ কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেওঁৰ প্ৰথম উপন্যাস ছিগনেল ৰেড ২০০৫ চনত পেংগুইন ইণ্ডিয়াই প্ৰকাশ কৰে।
-
ৰিয়া চক্ৰৱৰ্তী
ৰিয়া চক্ৰৱৰ্তী (ইংৰাজী: Rhea Chakraborty) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভিজে যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এমটিভি ইণ্ডিয়াৰ এগৰাকী ভিজে হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ৰিয়া পিল্লাই
ৰিয়া লাইলা পিল্লাই (ইংৰাজী: Rhea Laila Pillai) এগৰাকী ব্ৰিটিছ মডেল, যি টেলিভিছন আৰু বিজ্ঞাপনৰ কামৰ বাবে পৰিচিত। ২০০৩ চনত সমাজসেৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰবীনা টেণ্ডন, অনুষ্কা শংকৰ আৰু ৰিতু বেৰীৰ সৈতে তেওঁক "বছৰটোৰ মহিলা" হিচাপে সন্মানিত কৰা হৈছিল।
-
ৰিয়া মজুমদাৰ সিংঘাল
ৰিয়া মজুমদাৰ সিংঘাল (: Rhea Mazumdar Singhal জন্ম ১৯৮২); হৈছে জৈৱ-বিঘ্নিত ডিচপ’জেবল সামগ্ৰী সৃষ্টি কৰা এগৰাকী ভাৰতীয় উদ্যোগী। তেওঁৰ বঁটাসমূহৰ ভিতৰত নাৰী শক্তিপুৰস্কাৰ অন্তভুক্ত।
-
ৰিয়া ৰাজেশ্বৰী কুমাৰী
ৰিয়া ৰাজেশ্বৰী কুমাৰী(:Ria Rajeshwari Kumari, জন্ম ১০ ডিচেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ আৰু ফেশ্বন ডিজাইনাৰ। কুমাৰী এগৰাকী ট্ৰেপ শ্বুটাৰ আৰু ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা প্ৰতিযোগিতাতে পদক লাভ কৰিছে। ২০২২ চনত হাংঝোত অনুষ্ঠিত এছিয়ান গেমছত মহিলা ট্ৰেপ টিম ইভেণ্টত ৰূপৰ পদক লাভ কৰে।
-
ৰীতা কইৰাল
ৰীতা কইৰাল বা ৰীতা কয়ৰাল (ইংৰাজী: Rita Koiral; ৩ জুলাই ১৯৫৯ – ১৯ নৱেম্বৰ ২০১৭) এগৰাকী ভাৰতীয় বাংলা অভিনেত্ৰী আছিল। তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰৰ চৰিত্ৰসমূহৰ বাবে পৰিচিত আছিল। তেওঁ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল আৰু প্ৰায়েই খলনায়িকাৰ চৰিত্ৰত তথা মনামী ঘোষৰ বিপৰীতে অভিনয় কৰিছিল।
-
ৰীতা কোঠাৰী
ৰীতা কোঠাৰী (Rita Kothari; জন্ম: ৩০ জুলাই, ১৯৬৯) এগৰাকী গুজৰাটী আৰু ইংৰাজী ভাষাৰ লেখক আৰু অনুবাদক। জন্মসূত্ৰে কোঠাৰী ভাৰতীয় গুজৰাটী। এগৰাকী সিন্ধী ৰূপে নিজা পৰিচয় আৰু স্মৃতি সংৰক্ষণৰ মানসেৰে, কোঠাৰীয়ে ভাৰত বিভাজন আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয়ক বহুকেইখন কিতাপ লিখিছে।
-
ৰীতা গৰ্গনোৱা
ৰীতা গৰ্গনোৱা (প্ৰকৃত নাম এমিলিয়া মাৰ্জেৰিটা গৰ্গন, জন্ম ইলিক; ৭ মাৰ্চ ১৯০১ – ৩ ছেপ্টেম্বৰ ১৯৩৯ৰ পিছত) তেখেত আছিল এগৰাকী গভৰ্ণৰ, আৰু দ্বিতীয় পোলেণ্ড গণৰাজ্যৰ অন্যতম কুখ্যাত অপৰাধ কাহিনীৰ মূল চৰিত্ৰ।
-
ৰীতা দেৱী
ৰীতা দেৱী বৰ্মা (Reeta Devi Varma, জন্ম: ১১ অক্টোবৰ ১৯৪২) এগৰাকী ভাৰতীয় সমাজকৰ্মী তথা দিল্লীৰ বেচৰকাৰী সংগঠন 'ইলা ন্যাস'ৰ প্ৰতিষ্ঠাপক। সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
ৰীতা বহুগুণা যোশী
ৰীতা বহুগুণা যোশী (Rita Bahuguna Joshi; জন্মঃ ২২ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এসময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১২ চনলৈকে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমৱতী নন্দন বহুগুণাৰ তেওঁ কন্যা।
-
ৰীতা বেনাৰ্জি
ৰীতা বেনাৰ্জি ( Rita Banerji; জন্ম: ১৯৬৭) এগৰাকী ভাৰতীয় লেখক, আলোকচিত্ৰ শিল্পী আৰু জেণ্ডাৰ এক্টিভিষ্ট। তেওঁৰ ‘চেক্স এণ্ড পাৱাৰ: ডিফাইনিং হিষ্ট্ৰি, চেপিং চ’ছাইটি’ শীৰ্ষক কিতাপখন ২০০৮ চনত প্ৰকাশ পাইছিল।
-
ৰীতি সিং
উপ-লেফটেনেণ্ট ৰীতি সিং ভাটিয়া ভাৰতীয় নৌসেনাৰ এগৰাকী সেৱাৰ বিষয়া। উপ-লেফটেনেণ্ট কুমুদিনী ত্যাগীৰ সৈতে যুদ্ধজাহাজৰ পৰা চলাচলৰ বাবে wings অৰ্জন কৰা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম।
-
ৰীতিকা বজিৰাণী
ৰীতিকা জিনা বজীৰাণী (৯ আগষ্ট ১৯৬২ – ১৬ জুলাই ২০০৩) এগৰাকী ভাৰতীয়-মূলৰ আমেৰিকান অভিবাসী কবি আৰু শিক্ষয়িত্ৰী আছিল।
-
ৰীমা চুলতানা ৰীমু
ৰীমা চুলতানা ৰীমু (Rima Sultana Rimu) এগৰাকী বাংলাদেশী মহিলা অধিকাৰ কৰ্মী আৰু কক্স বজাৰত লিংগৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ কৰা মানৱতাবাদী সমাজকৰ্মৰ এগৰাকী গুৰি ধৰোঁতা। ২০২০ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।
-
ৰীমা লাগু
ৰীমা লাগু (ইংৰাজী: Reema Lagoo; জন্মগত নাম: নয়ন ভদভদে; ২১ জুন ১৯৫৮ – ১৮ মে' ২০১৭) এগৰাকী ভাৰতীয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চিনেমাৰ কামৰ বাবে পৰিচিত আছিল।
-
ৰীমা সেন
ৰীমা সেন (ইংৰাজী: Reema Sen; জন্ম: ২৯ অক্টোবৰ ১৯৮১) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
ৰীমা ৰাকেশ নাথ
ৰীমা ৰাকেশ নাথ (ইংৰাজী: Reema Rakesh Nath) এগৰাকী বলীউড চলচ্চিত্ৰ লেখিকা, পৰিচালক, আৰু প্ৰযোজক৷ তেওঁ সাজন, আৰজু আৰু হম তুম্হাৰে হেঁ সনমৰ দৰে ছবিৰ চিত্ৰনাট্যৰ লিখাৰ বাবে পৰিচিত।
-
ৰীলা হোতা
ৰীলা হোতা ( Reela Hota; ରୀଲା ହୋତା) এগৰাকী ওডিচি নৃত্যাংগনা, গুৰু আৰু কৰিঅ’গ্ৰাফাৰ। যোগ গুৰু বিজয়লক্ষ্মী হোটা আৰু প্ৰাক্তন আমোলা পূৰ্ণচন্দ্ৰ হোতাৰ কন্যা ৰীলা সৰুৰে পৰা নৃত্য, যোগ আৰু আশ্ৰম জীৱনৰ সৈতে পৰিচিত আছিল।